অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতীয় সংগ্ৰহালয়

ভাৰতীয় সংগ্ৰহালয় (Indian Museum) ভাৰতৰ পশ্চিম বংগৰ মধ্য কলকাতাত অৱস্থিত এক বৃহৎ সংগ্ৰহালয়। স্বাধীনতাৰ পূৰ্বে ইয়াক ইম্পেৰিয়েল মিউজিয়াম অফ কলকতা বুলি কোৱা হৈছিল। সংগ্ৰহৰ আকাৰ অনুসৰি ই বিশ্বৰ নৱম পুৰণি সংগ্ৰহালয় আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহৎ সংগ্ৰহালয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় সংগ্ৰহালয় (Indian Museum) ভাৰতৰ পশ্চিম বংগৰ মধ্য কলকাতাত অৱস্থিত এক বৃহৎ সংগ্ৰহালয়। স্বাধীনতাৰ পূৰ্বে ইয়াক ইম্পেৰিয়েল মিউজিয়াম অফ কলকতা বুলি কোৱা হৈছিল।১২ সংগ্ৰহৰ আকাৰ অনুসৰি ই বিশ্বৰ নৱম পুৰণি সংগ্ৰহালয় আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহৎ সংগ্ৰহালয়।৩৪৫ ইয়াত প্ৰাচীন সামগ্ৰী, কৱচ আৰু অলংকাৰ, জীৱাশ্ম, কংকাল, মমি আৰু মোগল চিত্ৰৰ বিৰল সংগ্ৰহ আছে। ১৮১৪ চনত ভাৰতৰ কলকাতাত এছিয়াটিক ছ’চাইটি অফ বেংগলে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠাপক কিউৰেটৰ আছিল ডেনিছ উদ্ভিদবিদ নাথানিয়েল ৱালিচ।

ইয়াত ছটা খণ্ডত সাংস্কৃতিক আৰু বৈজ্ঞানিক সামগ্ৰীৰ পঁত্ৰিশটা গেলেৰী আছে; যাৰ ভিতৰত ভাৰতীয় শিল্প, পুৰাতত্ত্ব, নৃতত্ত্ব, ভূতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু অৰ্থনৈতিক উদ্ভিদ বিজ্ঞান অন্তৰ্ভূক্ত। মানৱীয় আৰু প্ৰাকৃতিক বিজ্ঞানৰ সৈতে জড়িত ভাৰতীয় আৰু ট্ৰাঞ্চ ইণ্ডিয়ান উভয় ধৰণৰ বহুতো বিৰল আৰু অনন্য নমুনা সংৰক্ষিত কৰি এই শিতানসমূহৰ গেলেৰীত প্ৰদৰ্শিত কৰা হয়। বিশেষকৈ কলা আৰু পুৰাতত্ত্ব বিভাগত আন্তঃৰাষ্ট্ৰীয় বহুতো গুৰুত্বপূৰ্ণ সংগ্ৰহ আছে।

এইটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংগঠন। ভাৰতীয় সংগ্ৰহালয়ৰ বৰ্তমানৰ সঞ্চালক হৈছে শ্ৰী অৰিজিত দত্ত চৌধুৰী, যি এন.চি.এছ.এমৰো সঞ্চালক প্ৰধান আৰু লগতে ৰাষ্ট্ৰীয় পুথিভঁৰালৰ সঞ্চালক প্ৰধানৰ অতিৰিক্ত দায়িত্বতো আছে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Indian Museum information and experience, Kolkata, Ministry of Culture, Government of India
  2. ↑ Home · Indian Museum Kolkata. indianmuseumkolkata.org
  3. ↑ (2019-06-20). Indian Museum, Kolkata: Information, History, Timings, Entry Fee, Facts. FabHotels Travel Blog
  4. ↑ indian museum address - ixigo trip planner!. www.ixigo.com
  5. ↑ (2016-12-01). Indian Museum, Kolkata: A History of Indian Sculpture. The Heritage Lab
  6. ↑ "Indian Participants - National Council of Science Museums." Ncsm.gov.in/TenderDoc/Announcement%20Brochure%20India.pdf. N.p., n.d. Web

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনভাৰতৰ পুৰাতাত্বিক সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৪৭০৮০৩ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।