ন’বেল বঁটা বিজয়ী
২১ প্ৰবন্ধ
-
অমৰ্ত্য সেন
অমৰ্ত্য সেন (Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ আৰু দাৰ্শনিক। ১৯৭২ চনৰ পৰা সেনে ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপনা আৰু কাম কৰি আহিছে৷ ১৯৯৮ চনত সেনে কল্যাণমূলক অৰ্থনীতিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰিছিল৷ ইয়াৰোপৰি সেনে সামাজিক নিৰ্বাচন…
-
ন'বেল বঁটা বিজয়ী (শান্তি)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
ওমৰ মোৱানেছ য়াঘী
ওমৰ মোৱানেছ য়াঘী (Omar Mwannes Yaghi) এজন ৰসায়নবিদ। তেওঁ ৰেটিকুলাৰ ৰসায়ন বিজ্ঞানৰ লগত জড়িত এজন অগ্ৰণী বিজ্ঞানী আৰু ধাতু–জৈৱিক কাঠামো (MOF)ৰ বিকাশৰ বাবে বেছিকৈ পৰিচিত। এই কামৰ বাবে তেওঁ ৰিচাৰ্ড ৰবছন আৰু চুছুমু কিটাগাৱাৰ ২০২৫ চনৰ ৰসায়ন বিজ্ঞান ন'বেল বঁটা লাভ কৰে।
-
চুছুমু কিটাগাৱা
চুছুমু কিটাগাৱা (Susumu Kitagawa; জন্ম: ৪ জুলাই ১৯৫১) সমন্বয় ৰসায়ন বিজ্ঞানত বিশেষজ্ঞ জাপানী ৰসায়নবিদ৷ তেওঁ জৈৱিক–অজৈৱিক সংকৰ যৌগ আৰু ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ ওপৰত গৱেষণা কৰে।
-
জন এম মাৰ্টিনিছ
জন মেথিউ মাৰ্টিনিছ (John Matthew Martinis, জন্ম- ১৯৫৮) এজন আমেৰিকীয় পদাৰ্থবিজ্ঞানী আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চাণ্টা বাৰ্বাৰাৰ পদাৰ্থ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক। তেওঁ গুগলত এটা ছুপাৰকণ্ডাক্টিং কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণৰ বাবে এটা দলৰ নেতৃত্ব দিছিল।
-
জন ক্লাৰ্ক
জন ক্লাৰ্ক এফ আৰ এছ (John Clarke: FRS; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৪২) এজন ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ। ১৯৮০ চনত ক্লাৰ্কে এটা গৱেষণা দলৰ নেতৃত্ব দিয়ে, য'ত জন এম মাৰ্টিনিছ আৰু মিচেল ডেভ'ৰেট আছিল।
-
ন'বেল বঁটা বিজয়ী ভাৰতীয়
নোবেল বঁটা প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিত বিশেষ অৱদান আগবঢ়োৱাসকলক প্ৰদান কৰা হয়। কেইবাজনো ভাৰতীয়ই নোবেল বঁটা গ্ৰহণ কৰিছে।
-
ফ্ৰেড ৰামছ্ডেল
ফ্ৰেডেৰিক জে "ফ্ৰেড" ৰামছ্ডেল (Frederick J. "Fred" Ramsdell, জন্ম:৪ ডিচেম্বৰ, ১৯৬০, আমহাৰ্ষ্ট, ইলিনয়) এজন আমেৰিকান ৰোগপ্ৰতিৰোধবিদ আৰু ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন'থেৰাপিৰ গৱেষণা সঞ্চালক।
-
মিচেল ডেভ’ৰেট
মিচেল হেনৰী ডেভ'ৰেট (; জন্ম ১৯৫৩) এজন ফৰাচী পদাৰ্থবিজ্ঞানী। তেওঁ চাণ্টা বাৰ্বাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ইয়েল বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক। তেওঁ গুগল কোৱাণ্টাম এআইত কোৱাণ্টাম হাৰ্ডৱেৰৰ মুখ্য বিজ্ঞানীৰ বিশিষ্টতা লাভ কৰিছে।
-
মেৰী ই ব্ৰুংকো
মেৰী ই ব্ৰুংক (Mary E. Brunkow (জন্ম ১৯৬১) এগৰাকী আমেৰিকান আণৱিক জীৱবিজ্ঞানী আৰু ৰোগপ্ৰতিৰোধ বিজ্ঞানী৷ পৰৱৰ্তী সময়ত তেওঁ FOXP3 নামেৰে নামাকৰণ কৰা জিনটোক স্কাৰ্ফি মাউছ ফেন'টাইপৰ কাৰণ হিচাপে সহ-চিনাক্ত কৰাৰ বাবে স্বীকৃতি লাভ কৰে, যিটো তথ্য আধুনিক নিয়ন্ত্ৰণকাৰী টি কোষ জীৱবিজ্ঞানৰ বাবে আধাৰ হৈ পৰিছিল।
-
শ্বিমন ছাকাগুচি
শ্বিমন ছাকাগুচি (Shimon Sakaguchi; জন্ম: ১৯ জানুৱাৰী, ১৯৫১) এজন ৰোগপ্ৰতিৰোধ বিজ্ঞানী আৰু ওছাকা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক। নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত ইয়াৰ ভূমিকা বৰ্ণনা কৰাৰ বাবে তেওঁ অধিক পৰিচিত। এই আৱিষ্কাৰ কৰ্কট আৰু স্ব-প্ৰতিৰোধী ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
-
ৰিচাৰ্ড ৰবছন
ৰিচাৰ্ড ৰবছন (Richard Robson;জন্ম: ৪ জুন ১৯৩৭) এজন ব্ৰিটিছ আৰু অষ্ট্ৰেলিয়ান ৰসায়নবিদ আৰু মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক। ৰবছনে সমন্বয় পলিমাৰ, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ বিশেষজ্ঞ।
-
এনৰিকো ফাৰ্মি
এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল।
-
এমিলি গ্ৰীণ বালচ
এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ…
-
জন জাম্পাৰ
জন মাইকেল জাম্পাৰ (জন্ম ১৯৮৫) জাম্পাৰ আৰু তেওঁৰ সহযোগীসকলে আলফাফ'ল্ড নামে এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিমান (মডেল) তৈয়াৰ কৰিছে যি এমিনো এচিড অনুক্ৰমৰ পৰা প্ৰটিনৰ গঠন সম্পৰ্কে উচ্চ সঠিকতাৰে পূৰ্বাভাস দিব পাৰে।
-
ভি এচ নাইপল
ছাৰ বিদ্যাধৰ সুৰজপ্ৰসাদ নাইপল { (জন্ম ১৭ আগষ্ট ১৯৩২ – মৃত্যু ১১ আগষ্ট ২০১৮) ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা নাইপলে ইংৰাজীত কল্পকাহিনী আৰু অকল্পকাহিনী লিখা এগৰাকী বৃটিছ লেখক।
-
মাৰিয়া ক'ৰিনা মাচাডো
মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ( María Corina Machado Parisca; জন্ম: ৭ অক্টোবৰ ১৯৬৭) এগৰাকী ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু উদ্যোগিক অভিযন্তা। তেওঁ এগৰাকী প্ৰভাৱশালী বিৰোধী নেত্ৰী। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিখাইল শ্বলখভ
মিখাইল শ্বলখভ (সম্পূৰ্ণ নাম: মিখাইল আলেক্সাণ্ডাৰভিচ শ্বলখভ,, ৰাছিয়ান: Михаил Александрович Шолохов), জন্ম ১৯০৫ – মৃত্যু ১৯৮৪) এজন ৰাছিয়াৰ ঔপন্যাসিক আৰু ১৯৬৫ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আছিল।
-
লাছলো ক্ৰাছনাহৰ্কাই
লাছলো ক্ৰাছনাহৰ্কাই ((জন্ম হৈছিল: ৫ জানুৱাৰী ১৯৫৪ চনত) হ'ল এজন হাঙ্গেৰীৰ ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা দিয়া হৈছে। সাহিত্যৰ নবেল বঁটা পোৱাৰ আগেয়ে ২০১৫ চনত তেওঁ পুৰুষৰ আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছিল।
-
শ্বিৰিন এবাদি
শ্বিৰিন এবাদি(Shirin Ebadi; জন্ম: ২১ জুন ১৯৪৭) ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী, অধিবক্তা, লেখক, শিক্ষক আৰু ইৰাণৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰতিষ্ঠাপক।
-
ৱাংগাৰি মাথাই
ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।