অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিচেল ডেভ’ৰেট

মিচেল হেনৰী ডেভ'ৰেট (; জন্ম ১৯৫৩) এজন ফৰাচী পদাৰ্থবিজ্ঞানী। তেওঁ চাণ্টা বাৰ্বাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ইয়েল বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক। তেওঁ গুগল কোৱাণ্টাম এআইত কোৱাণ্টাম হাৰ্ডৱেৰৰ মুখ্য বিজ্ঞানীৰ বিশিষ্টতা লাভ কৰিছে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মিচেল হেনৰী ডেভ'ৰেট১ (; জন্ম ১৯৫৩)২৩ এজন ফৰাচী পদাৰ্থবিজ্ঞানী। তেওঁ চাণ্টা বাৰ্বাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক৪৫ আৰু ইয়েল বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক।৬ তেওঁ গুগল কোৱাণ্টাম এআইত কোৱাণ্টাম হাৰ্ডৱেৰৰ মুখ্য বিজ্ঞানীৰ বিশিষ্টতা লাভ কৰিছে।৭ মেক্ৰস্কোপিক কোৱাণ্টাম পৰিঘটনাৰ দিশত আগবঢ়োৱা তেওঁৰ অগ্ৰণী কামৰ বাবে তেওঁ পৰিচিত।

তেওঁ জন ক্লাৰ্ক আৰু জন এম মাৰ্টিনিছৰ সৈতে অতিপৰিবাহীত মেক্ৰ'স্কোপিক কোৱাণ্টাম পৰিঘটনাৰ দিশত আগবঢ়োৱা কামৰ বাবে ২০২৫ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।৮

শিক্ষা

১৯৭৫ চনত ডেভ'ৰেটে পেৰিছৰ ইক'ল নেচনেল চুপিৰিয়েৰ ডেছ টেলিকমিউনিকেচনৰ পৰা টেলিকমিউনিকেচন অভিযন্তা হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে ৷৯২ তেওঁ অৰ্চে বিশ্ববিদ্যালয়ৰ পৰা (বৰ্তমানৰ পেৰিছ-চেক্লে বিশ্ববিদ্যালয়) কোৱাণ্টাম অপটিক্সত স্নাতক ডিপ্লমা (DEA) লাভ কৰে, তাৰ পিছত ১৯৮২ চনত ঘনীভূত পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।২৯ তেওঁ চি ই এ চেক্লেত আনাটোলে আব্ৰাগামৰ গোটত ডক্টৰেট ডিগ্ৰীৰ কাম সম্পন্ন কৰে১০

গৱেষণা

ডেভৰেটে ১৯৮২ চনৰ পৰা ১৯৮৪ চনলৈকে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত জন ক্লাৰ্কৰ গোটত পোষ্ট ডক্টৰেট গৱেষক হিচাপে কাম কৰিছিল।২ সেই সময়ৰ স্নাতক ছাত্ৰ জন এম মাৰ্টিনিছৰ সৈতে একেলগে ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে জোচেফছন জংচনৰ মেছ'স্কোপিক কোৱাণ্টাম স্তৰ প্ৰদৰ্শন কৰে।২১১ কোৱাণ্টাম তথ্যৰ দিশত এ. মাৰ্বলষ্টোনৰ সৈতে কৰা সহযোগিতামূলক তেওঁৰ কিছুমান কামে একাংশ যোগাযোগ মাধ্যমত এণটেংগলমেণ্টৰ ফলত ঘাতীয় কোৱাণ্টাম বৃদ্ধি দেখুৱাইছে।১২

বঁটা আৰু সন্মান

  • এম্পেৰ বঁটা (ডেনিয়েল এষ্টেভ [fr] ৰ সৈতে), ফৰাচী বিজ্ঞান একাডেমী, ১৯৯১
  • ডেকাৰ্টেছ-হিউজেন্স বঁটা, ৰয়েল নেদাৰলেণ্ড একাডেমী অৱ আৰ্টছ এণ্ড চাইন্স, ১৯৯৫১৩
  • নিৰ্বাচিত সদস্যপদ, আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছ, ২০০৩১৪
  • ইউৰোফিজিক্স-এজিলেণ্ট প্ৰাইজ (এষ্টেভ, নাকামুৰা আৰু জোহান মুজ), ইউৰোপীয় ফিজিকেল ছ'চাইটি, ২০০৪১৫
  • কলেজ ডি ফ্ৰান্সত অধ্যাপক পদ, ২০০৭ – ২০১২২
  • নিৰ্বাচিত সদস্যপদ, ফৰাচী বিজ্ঞান একাডেমী, ২০০৭১৬
  • জন বেল বঁটা, ২০১৩১৭
  • ফ্ৰিটজ লণ্ডন মেম'ৰিয়েল প্ৰাইজ, ২০১৪১৮
  • অলি ভি লৌনাছমা স্মৃতি পুৰস্কাৰ, ২০১৬৯
  • মাইচিয়াছ কোৱাণ্টাম বঁটা, ২০২১১৯
  • পদাৰ্থ বিজ্ঞানত কমষ্টক বঁটা, ২০২৪২০
  • পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা, ২০২৫৮

বাহ্যিক সংযোগ

উৎস: www.nobelprize.org/prizes/about/prize-announceme

তথ্যসূত্ৰ

  1. ↑ Michel Henri Devoret · American Academy of Arts and Sciences. www.amacad.org
  2. ↑ Michel Devoret. Collège de France
  3. ↑ Nobel Prize in Physics 2025. NobelPrize.org
  4. ↑ Michel Devoret · Department of Physics · UC Santa Barbara. www.physics.ucsb.edu
  5. ↑ Michel Devoret – Andrew D. White Professors-at-Large Program
  6. ↑ Michel Devoret. Yale Engineering
  7. ↑ Googler Michel Devoret awarded the Nobel Prize in Physics. Inside Google
  8. ↑ Nobel Prize. (2025-09-15). Announcement of the 2025 Nobel Prize in Physics
  9. ↑ Olli V. Lounasmaa Memorial Prize. Aalto University
  10. ↑ Hassinger, Sebastian. (2024-09-11). The New Quantum Era. "O'Reilly Media, Inc.". ISBN 978-1-0981-4938-3
  11. ↑ Hassinger, Sebastian. (2024-09-11). The New Quantum Era. "O'Reilly Media, Inc.". ISBN 978-1-0981-4938-3
  12. ↑ A. Marblestone and M. Devoret, "Exponential Quantum Enhancement for Distributed Addition with Local Nonlinearity", Quantum Information Processing, Vol. 9, No.1 (2010)
  13. ↑ Prix Descartes-Huygens/Descartes-Huygensprijs Liste des lauréat(e)s. Académie des sciences
  14. ↑ (2018-12-06). Michel Henri Devoret. American Academy of Arts & Sciences
  15. ↑ (2004-07-01). In Brief. Physics Today. পৃ. 73–74
  16. ↑ (2007-12-01). Michel Devoret. Académie des sciences
  17. ↑ Michel Devoret and Robert Schoelkopf win the John Stewart Bell Prize · Department of Physics. physics.yale.edu
  18. ↑ Fritz London Memorial Prize. phy.duke.edu
  19. ↑ John Clarke Is A Co-Recipient Of The Micius Quantum Prize · Physics. physics.berkeley.edu
  20. ↑ (2024-05-14). Noteworthy - Select Prizes and Awards to Members. American Academy of Arts & Sciences

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীন’বেল বঁটা বিজয়ীফ্ৰান্সৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচেল ডেভ’ৰেট” প্ৰবন্ধৰ সংশোধন ৬৩৪৪০৭ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।