জন মাইকেল জাম্পাৰ (জন্ম ১৯৮৫) এজন আমেৰিকান ৰসায়নবিদ আৰু কম্পিউটাৰ বিজ্ঞানী। বৰ্তমান তেওঁ গুগল ডিপমাইণ্ডত সঞ্চালক হিচাপে কাম কৰি আছে।১ জাম্পাৰ আৰু তেওঁৰ সহযোগীসকলে আলফাফ'ল্ড নামে এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিমান (মডেল) তৈয়াৰ কৰিছে যি এমিনো এচিড অনুক্ৰমৰ পৰা প্ৰটিনৰ গঠন সম্পৰ্কে উচ্চ সঠিকতাৰে পূৰ্বাভাস দিব পাৰে।২ জাম্পাৰে কয় যে আলফাফ'ল্ডৰ দলটোৱে এনেকুৱা ১০ কোটি প্ৰটিন গঠনৰ নক্সা মুকলি কৰাৰ পৰিকল্পনা কৰিছে।৩
বৈজ্ঞানিক আলোচনী নেচাৰে ২০২১ চনত নেচাৰৰ ১০ জনৰ বাৰ্ষিক তালিকাত জাম্পাৰক বিজ্ঞানৰ দহজন "গুৰুত্বপূৰ্ণ ব্যক্তি"ৰ অন্যতম হিচাপে অন্তৰ্ভুক্ত কৰিছিল।২ প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণীৰ বাবে জাম্পাৰ আৰু ডেমিছ হাছাবিছক ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ প্ৰদান কৰা হয়৪৫
শিক্ষা
জাম্পাৰে ২০০৭ চনত ভাণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ত মেজৰ সহ স্নাতক ডিগ্ৰী লাভ কৰে।৬ ২০১০ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা মাৰ্শ্বেল বৃত্তি লৈ তাত্ত্বিক ঘনীভূত বস্তুৰ পদাৰ্থ বিজ্ঞানত এম ফিল,৭ ২০১২ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০১৭ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।৮ চিকাগো বিশ্ববিদ্যালয়ত তেওঁৰ গৱেষণা উপদেষ্টা আছিল টবিন ছছনিক আৰু কাৰ্ল ফ্ৰীড।৯
কৰ্মজীৱন
জাম্পাৰৰ গৱেষণাই প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণী কৰিব পৰা এলগৰিদমৰ সন্ধান কৰে।

আলফাফল্ড ১০ হৈছে গুগলৰ মূল কোম্পানী আলফাবেট ইনকৰ্পৰেশ্যনে অধিগ্ৰহণ কৰা ডিপমাইণ্ডৰ জাম্পাৰ আৰু তেওঁৰ দলটোৱে বিকশিত কৰা এটা গভীৰ শিক্ষণ এলগৰিদম। ই প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণী কৰা এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰগ্ৰেম।
বঁটা আৰু সন্মান
২০২০ চনৰ নৱেম্বৰ মাহত আলফাফল্ডক ১৪ সংখ্যক প্ৰটিনৰ গঠনৰ পূৰ্বানুমানৰ সমালোচনাত্মক মূল্যাংকন (ক্ৰিটিকেল এচেছমেণ্ট অৱ ষ্ট্ৰাকচাৰ প্ৰেডিকচন, চমুতে CASP) প্ৰতিযোগিতাৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰা হয়।১১১২১৩ এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাই এলগৰিদমৰ মান নিৰ্ধাৰণ কৰি প্ৰটিনৰ ত্ৰিমাত্ৰিক গঠন সৰ্বোত্তমভাৱে ভৱিষ্যদ্বাণী কৰিব পৰা এলগৰিদম চিনাক্ত কৰে। আলফাফল্ডে CASPৰ গ্ল’বেল ডিষ্টেন্স টেষ্ট (GDT)ত প্ৰায় দুই তৃতীয়াংশ প্ৰটিনৰ বাবে ৯০ৰ ওপৰত স্ক’ৰ কৰি অন্যান্য এলগৰিদমসমূহক চেৰ পেলাই প্ৰতিযোগিতাত জয়লাভ কৰে। এই পৰীক্ষাত এটা গণনামূলক প্ৰগ্ৰেমে ভৱিষ্যদ্বাণী কৰা গঠনটো লেব পৰীক্ষাত নিৰ্ধাৰিত গঠনৰ সৈতে থকা সামঞ্জস্যৰ মাত্ৰা জোখা হয়, সম্পূৰ্ণ মিল হ'লে স্কৰ হয় ১০০।১৪১৫
২০২১ চনত জাম্পাৰক "জীৱবিজ্ঞান আৰু বায়মেডিচিন" শাখাত বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ বঁটাৰে সন্মানিত কৰা হয়।১৬ ২০২২ চনত জাম্পাৰে জৈৱ চিকিৎসা বিজ্ঞানৰ উইলি বঁটা১৭ আৰু ২০২৩ চনৰ বাবে প্ৰটিনৰ গঠন সঠিকভাবে ভবিষ্যদ্বাণী কৰিবলৈ সক্ষম আলফাফ'ল্ড বিকশিত কৰাৰ বাবে লাইফ চাইন্সৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰে।১৮ ২০২৩ চনত তেওঁক মৌলিক চিকিৎসা সম্পৰ্কীয় গৱেষণাৰ বাবে কানাডা গেইৰ্ডনাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা১৯ আৰু এলবাৰ্ট লেস্কাৰ বঁটা প্ৰদান কৰা হয়।২০
২০২৪ চনত জাম্পাৰ আৰু ডেমিছ হাছাবিছক প্ৰটিনৰ গঠন সম্পৰ্কে কৰা ভৱিষ্যদ্বাণীৰ বাবে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ প্ৰদান কৰা হয়, আন আধা অংশ গণনামূলক প্ৰটিন ডিজাইনৰ বাবে ডেভিদ বেকাৰৰ হাতলৈ গৈছিল।৪৫
তথ্যসূত্ৰ
- ↑ Eisenstein, Michael. (2021). Artificial intelligence powers protein-folding predictions. Nature. Springer Nature. পৃ. 706–708
- ↑ Maxmen, Amy. (2021). Nature's 10: John Jumper: Protein predictor. Nature. Springer Nature. পৃ. 591–604
- ↑ Browne, Grace. (2021). DeepMind's AI has finally shown how useful it can be. wired.com
- ↑ The Nobel Prize in Chemistry 2024. Nobel Media AB
- ↑ Press release: The Nobel Prize in Chemistry 2024. NobelPrize.org
- ↑ Doster, Stephen. John Jumper, developer of AlphaFold, to present an Apex Lecture on August 30. Vanderbilt University
- ↑ (October 9, 2024). University of Cambridge alumni awarded 2024 Nobel Prize in Chemistry · University of Cambridge. www.cam.ac.uk
- ↑ (October 9, 2024). UChicago alum John Jumper shares Nobel Prize for model to predict protein structures · University of Chicago News. news.uchicago.edu
- ↑ Jumper, John Michael. (2017). New methods using rigorous machine learning for coarse-grained protein folding and dynamics. chicago.edu. University of Chicago
- ↑ AlphaFold. Deepmind
- ↑ (November 30, 2020). AlphaFold: a solution to a 50-year-old grand challenge in biology. Deepmind
- ↑ Sample, Ian. (December 2, 2018). Google's DeepMind predicts 3D shapes of proteins. The Guardian
- ↑ Shead, Sam. (November 30, 2020). DeepMind solves 50-year-old 'grand challenge' with protein folding A.I.. CNBC
- ↑ DeepMind's protein-folding AI has solved a 50-year-old grand challenge of biology. MIT Technology Review
- ↑ Robert F. Service, 'The game has changed.' AI triumphs at solving protein structures, Science, November 30, 2020
- ↑ BBVA Foundation Frontiers of Knowledge Award 2022. frontiersofknowledgeawards-fbbva.es
- ↑ Wiley Prize 2022. wiley.com
- ↑ Breakthrough Prizes 2023. breakthroughprize.org
- ↑ Foundation, The Gairdner. (March 30, 2023). 2023 Canada Gairdner Award Winners Announced. The Gairdner Foundation
- ↑ Admin, Lasker. AlphaFold—for predicting protein structures. Lasker Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন জাম্পাৰ” প্ৰবন্ধৰ সংশোধন ৬১২৬৯৯ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।