অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিচাৰ্ড ৰবছন

ৰিচাৰ্ড ৰবছন (Richard Robson;জন্ম: ৪ জুন ১৯৩৭) এজন ব্ৰিটিছ আৰু অষ্ট্ৰেলিয়ান ৰসায়নবিদ আৰু মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক। ৰবছনে সমন্বয় পলিমাৰ, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ বিশেষজ্ঞ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰিচাৰ্ড ৰবছন (Richard Robson;জন্ম: ৪ জুন ১৯৩৭) এজন ব্ৰিটিছ আৰু অষ্ট্ৰেলিয়ান ৰসায়নবিদ আৰু মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক।১ ৰবছনে সমন্বয় পলিমাৰ, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ বিশেষজ্ঞ।২ তেওঁক "সংক্ৰমণ ধাতুৰ সৈতে জড়িত স্ফটিক অভিযান্ত্ৰিকীৰ অগ্ৰণী" বুলি বৰ্ণনা কৰা হৈছে।৩৪২০২৫ চনত তেওঁক ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ বাবে চুছুমু কিটাগাৱা আৰু ওমৰ এম য়াঘীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৩৭ চনৰ ৪ জুনত ইংলেণ্ডৰ পশ্চিম ইয়ৰ্কশ্বাৰৰ (বৰ্তমান নৰ্থ ইয়ৰ্কশ্বাৰ)৬ গ্লাছবাৰ্নত জন্মগ্ৰহণ কৰা ৰবছনে৭ অক্সফৰ্ডৰ ব্ৰাচেন’জ কলেজত ৰসায়ন বিজ্ঞান পঢ়ে, ১৯৫৯ চনত কলাৰ স্নাতক ৬পঢ়ি ১৯৬২ চনত ডক্তৰেট ডিগ্ৰী লাভ কৰে।৮ ৯ডাইছন পেৰিন্স লেবৰেটৰীৰ জে এ বাৰ্লট্ৰপৰ তত্বাৱধানত তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাত জৈৱিক অণুৰ আলোক ৰসায়ন বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।১০১১

গৱেষণা

ৰিচাৰ্ড ৰবছনৰ যুগান্তকাৰী গৱেষণাই সমন্বয় পলিমাৰৰ ক্ষেত্ৰত মূল নীতিসমূহ প্ৰতিষ্ঠা কৰে, বিশেষকৈ অসীম পলিমেৰিক কাঠামোৰ বাবে—তাক পিছলৈ ধাতু–জৈৱিক কাঠামো (MOF) বুলি কোৱা হয়।২১২ ১৯৭৪ চনত প্ৰথম বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ বক্তৃতাৰ বাবে স্ফটিকীয় গঠনৰ বৃহৎ কাঠৰ আৰ্হি নিৰ্মাণ কৰাৰ সময়তে এই ক্ষেত্ৰখনৰ প্ৰতি তেওঁৰ আগ্ৰহৰ সৃষ্টি হয়।১৩

১৯৯০ চনত ৰবছনে সমন্বয় পলিমাৰৰ এক নতুন শ্ৰেণী সৃষ্টি কৰে যিয়ে ৰসায়ন বিজ্ঞানৰ এক সমগ্ৰ আধুনিক ক্ষেত্ৰৰ আধাৰত থিয় দিছিল।১৪ তেওঁৰ উদ্ভাৱনী পদ্ধতিত তাম(I) ব্যৱহাৰ কৰা হৈছিল, যি টেট্ৰাহেড্ৰেল জ্যামিতিৰ অনুকূল৷ তেওঁ নিজৰ ইচ্ছানুযায়ী ডিজাইন কৰা টেট্ৰানাইট্ৰাইল জৈৱিক লিংকাৰৰ সৈতে সংযুক্ত কৰে।১৪ এই পদ্ধতিত হীৰা সদৃশ গঠনৰ স্ফটিকীয় scaffold-ৰ সৃষ্টি কৰা হৈছিল৷।১৪

সন্মান আৰু স্বীকৃতি

  • ১৯৯৮ চনত ৰবছনে দ্য ৰয়েল অষ্ট্ৰেলিয়ান কেমিকেল ইনষ্টিটিউটৰ অজৈৱিক বিভাগৰ পৰা বাৰ'ছ বঁটা লাভ কৰে৷
  • ২০০০ চনত অষ্ট্ৰেলিয়ান একাডেমী অৱ চাইন্সৰ ফেলো নিৰ্বাচিত হয়।১৫ ২
  • ২০২২ চনত তেওঁ ৰয়েল ছ'চাইটিৰ ফেলো নিৰ্বাচিত হয়।১৬
  • ২০২৫ চনত ৰসায়ন বিজ্ঞানত ন'বেল লাভ কৰে৷ তেওঁক ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ বাবে চুছুমু কিটাগাৱা আৰু ওমৰ এম য়াঘীৰ সৈতে এই বঁটা প্ৰদান কৰা হয়।

নিৰ্বাচিত গ্ৰন্থপুঞ্জী

বাহ্যিক সংযোগ

উৎস: www.nobelprize.org/prizes/about/prize-announceme

তথ্যসূত্ৰ

  1. ↑ Robson, Richard – Biographical entry – Encyclopedia of Australian Science
  2. ↑ Hoskins, Bernard F.; Robson, Richard. (1989). Infinite polymeric frameworks consisting of three dimensionally linked rod-like segments. Journal of the American Chemical Society. পৃ. 5962–5964
  3. ↑ Wise, Donald. (27 March 1998). Electrical and Optical Polymer Systems: Fundamentals: Methods, and Applications. CRC Press. পৃ. 872. ISBN 978-0-8247-0118-5
  4. ↑ Stuart R. Batten; Suzanne M. Neville; David R. Turner. (2009). Coordination Polymers: Design, Analysis and Application. Royal Society of Chemistry. পৃ. 19. ISBN 978-0-85404-837-3
  5. ↑ (8 October 2025). Nobel Prize in Chemistry 2025 Summary. The Nobel Prize
  6. ↑ Press release. NobelPrize.Org
  7. ↑ Nobel Prize in Chemistry 2025. NobelPrize.org
  8. ↑ (8 October 2025). Professor Richard Robson – Nobel Prize Winner. bnc.ox.ac.uk
  9. ↑ Richard Robson FRS. RoyalSociety.Org
  10. ↑ Williams, R. J. P.; Rowlinson, John S.; Chapman, Allan. (2008). Chemistry at Oxford: A History from 1600 To 2005. Royal Society of Chemistry. পৃ. 242. ISBN 978-1-84755-885-5
  11. ↑ Barltrop, J.A.; Robson, R. (1963). The photochemistry of some charge-transfer complexes of cyclohexene. Tetrahedron Letters. পৃ. 597–600
  12. ↑ Bruin, Tyler. (2023-11-24). Professor Richard Robson elected Fellow of the Royal Society. About us
  13. ↑ Robson, Richard. (2024). The Historical Development of the Concepts Underlying the Design and Construction of Targeted Coordination Polymers/MOFs: A Personal Account. The Chemical Letter
  14. ↑ The man who built a whole new field of chemistry. Pursuit
  15. ↑ Sharma, Deepanshu. (8 October 2025). Who is Richard Robson? Australian Chemist Who Won The Nobel Prize in Chemistry 2025. The Daily Guardian
  16. ↑ Outstanding Academy Fellows elected to Royal Society. Australian Academy of Science

সম্পৰ্কিত শ্ৰেণী

ন’বেল বঁটা বিজয়ীযুক্তৰাজ্যৰ ব্যক্তিৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচাৰ্ড ৰবছন” প্ৰবন্ধৰ সংশোধন ৬২৪২০৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।