নাৰীবাদ আৰু লোকগাথা ২০২৫
৫৯ প্ৰবন্ধ
-
টেৰুকো মিজুছিমা
টেৰুকো মিজুছিমা (১৯২০-১৯৯৬) এগৰাকী জাপানী গৃহিণী, লেখিকা, উদ্ভাৱক, সামাজিক মন্তব্যকাৰী আৰু কৰ্মী আছিল, যিয়ে ১৯৭৩ চনত বিশ্বৰ প্ৰথমবাৰৰ বাবে বেংক গঠন কৰাৰ কৃতিত্ব লাভ কৰে।
-
ডাণ্ডি বিয়ো (খেল)
ডাণ্ডি বিয়ো নেপালত খেলা এবিধ খেল, যিটো ২০১৭ চনৰ ২৩ মে'লৈকে যেতিয়া ভলীবলক ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰা হৈছিল, বাস্তৱিক ৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হৈছিল। দণ্ডি বিয়ো প্ৰায় ২ ফুট (৬১ চে.মি.) দীঘল লাঠি (ডাণ্ডি) আৰু প্ৰায় ৬ ইঞ্চি (১৫ চে.মি.) দীঘল কাঠৰ পিন (বিয়ো)ৰে খেলা হয়।
-
পইজন (খেল)
পইজন শিশুৰ পৰম্পৰাগত খেল, ই টেগ বা লুকাভাকু খেলৰ এটা ভিন্ন ৰূপ। ১৯০৯ চনত জেচি এইচ বেনক্ৰফ্টৰ গেমছ ফৰ দ্য প্লেগ্ৰাউণ্ড... নামৰ কিতাপখনত ইয়াৰ বৰ্ণনা এনেদৰে কৰা হৈছে। খেলত শিশোৱে মজিয়া বা মাটিত অংকন কৰা বহুত সৰু "বিষ" নাম দিয়া এটা বৃত্তৰ চাৰিওফালে হাত দুখন জোকাৰি জোকাৰি এটা আঙুঠি গঠন কৰে।
-
পিটা আমোৰ
গুয়াডালুপে টেৰেছা আমোৰ শ্বমিডটলিন (৩০ মে', ১৯১৮ – ৮ মে', ২০০০), যিজনে পিটা আমোৰ হিচাপে লিখিছিল, তেওঁ আছিল এগৰাকী মেক্সিকান কবি।
-
পৰস্কেভি কিৰিয়াজী
পৰস্কেভি কিৰিয়াজী (Parashqevi Qiriazi) জন্ম: ২৭ মে' ১৮৮৬ আৰু মহিলা সংস্থা Yll' i Mengjesit ৰ প্ৰতিষ্ঠাপক আছিল। পৰস্কেভি ১৯১৯ চনৰ পেৰিছ শান্তি সন্মিলনত আলবেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ সদস্য হিচাপেও অংশগ্ৰহণ কৰিছিল।
-
ফটৌমাটা বেৰী
ফটৌমাটা বেৰী ( Fatoumata Barry) জন্ম: ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা গিনিৰ এজন স্থপতিবিদ আৰু লেখক। তেওঁ গিনিৰ প্ৰথম মহিলা স্থপতিবিদ হিচাপে পৰিচিত, আৰু অৰ্ডাৰ অৱ আৰ্কিটেক্টছ অৱ গিনিৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী।
-
ফাটবাৰ্ধা গেগা
ফাটবাৰ্ধা গেগা (Fatbardha Gega, ১৯১৯–১৯৯৯) আছিল এগৰাকী আলবেনিয়ান শিক্ষাবিদ, আৰু আলবেনিয়াত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আলবেনিয়ান শিক্ষাবিজ্ঞান আৰু মানসিক চিন্তাৰ অন্যতম পৰিচিত শিক্ষাবিদ।
-
ফিলিপাইনছৰ সামৰিক বাহিনীত মহিলা
১৯৯৩ চনৰ পৰা যুদ্ধক্ষেত্ৰকে ধৰি ফিলিপাইনছৰ সামৰিক বাহিনীৰ মহিলাসকলে বিভিন্ন সেৱা আগবঢ়াই আহিছে।
-
ফেট ৰাস্কেল (খাদ্য)
ফেট ৰাস্কেল ঐতিহাসিক টাৰ্ফ কেকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক প্ৰকাৰৰ কেক, ই সোৱাদ আৰু উপাদান দুয়োটা দিশতে স্কোন বা ৰক কেকৰ দৰেই। ইয়াৰ উৎপত্তি ইয়ৰ্কশ্বাৰত অন্ততঃ ১৯ শতিকাৰ আগতেই হৈছিল।
-
বণ্ডা (খাদ্য)
বণ্ডা গাঢ়কৈ ভজা দক্ষিণ ভাৰতীয় আলুৰ জলপান যাৰ বিভিন্ন অঞ্চলত বিভিন্ন মিঠা আৰু টেঙা সংস্কৰণ আছে। আটাইতকৈ সাধাৰণ হৈছে আলু বণ্ডা (আলু বণ্ডা), আৰু অন্যান্য অঞ্চল-নিৰ্দিষ্ট ভিন্নতাসমূহৰ ভিতৰত আলুৰ ঠাইত মিঠা আলু, টেপিওকা, কুটি লোৱা আনাৰস, সেউজীয়া পটল, পনীৰ বা চাউলকে ধৰি অন্যান্য উপাদানসমূহ অন্তৰ্ভুক্ত…
-
বানবুৰী কে’ক
বানবুৰী কে’ক এবিধ মছলাযুক্ত, কণী আকৃতিৰ, কিচমিচ ভৰ্তি পেষ্ট্ৰি। ১৯ শতিকাৰ মাজভাগৰ পৰাই বানবুৰী কে’ক ক্ৰমান্বয়ে এক্লেছ কেকৰ সৈতে মিল খাইছে; কিন্তু আগৰ ৰুপবোৰ আধুনিক পেষ্ট্ৰিৰ পৰা যথেষ্ট পৃথক আছিল। কিচমিচৰ উপৰিও ভৰোৱা মিশ্ৰণত সাধাৰণতে বাকলি, ব্ৰাউন চুগাৰ, ৰাম আৰু জাইফল থাকে।
-
বাবকা
বাবকা পোলেণ্ড আৰু ইউক্ৰেইনৰ ইহুদী সম্প্ৰদায়ৰ খাদ্যাভ্যাসৰ পৰা উৎপত্তি হোৱা মিঠা ফোঁপোলা ৰুটি। ইজৰাইলত (সততে ইয়াক কেৱল চেনিৰ কেক বুলি কোৱা হয়) আৰু ইহুদী প্ৰব্ৰজনকাৰীসকলৰ মাজত ই জনপ্ৰিয়।
-
বায়া মহিয়েদ্দিন
বায়া মহিয়েদ্দিন বা ফাতিমা হাদ্দাদ; (জন্ম ১৯৩১ চনৰ ১২ ডিচেম্বৰত বৰ্ডজ এল কিফানত; মৃত্যু ১৯৯৮ চনৰ ৯ নৱেম্বৰত) এজন আলজেৰিয়ান শিল্পী আছিল। তেওঁৰ কৰ্মৰাজিক কোনো বিশেষ শিল্প ধাৰাৰ অন্তৰ্গত বুলি চিনাক্ত কৰা নাছিল যদিও সমালোচকসকলে তেওঁৰ চিত্ৰকলাক অতিবাস্তৱবাদী, আদিম, সহজ-সৰল আৰু আধুনিক বুলি শ্ৰেণীভুক্ত…
-
বাৰ্বাৰা এণ্ডাৰচন
বাৰ্বাৰা লিলিয়াছ ৰোমেইন এণ্ডাৰছন, লেডী এণ্ডাৰছন হিচাপেও জনা যায়, জন্ম নাম ৰাইট, নিউজিলেণ্ডৰ এগৰাকী কল্পকাহিনী লেখিকা, যিয়ে ষাঠিৰ দশকত প্ৰথমখন কিতাপ প্ৰকাশ পোৱাৰ পিছত আন্তৰ্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত আৰু বেষ্ট চেলাৰ লেখিকা হিচাপে পৰিগণিত হৈছিল।
-
বৃন্দা সিং
বৃন্দা সিং এগৰাকী ভাৰতীয় লেখিকা। তেওঁৰ দুয়োখন কিতাপ — মাৰ্কি গাৰ্ল আৰু ফাইভ মিনিটছ — মহিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিষয়বস্তুৰ ওপৰত আধাৰিত। সিঙে প্ৰথমখন গ্ৰন্থ হিচাপে প্ৰকাশ কৰিছিল মৰ্কী গাৰ্ল। পিছলৈ তেওঁ ফাইভ মিনিটচ্ প্ৰকাশ কৰে; ই এখন ৰোমাণ্টিক থ্ৰিলাৰ তেওঁৰ দ্বিতীয়খন ৰচনা হিচাপে।
-
বৰ্ষা মহেন্দ্ৰ আদলজা
বৰষা মহেন্দ্ৰ আদলজা (জন্ম ১০ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় গুজৰাটী ভাষাৰ নাৰীবাদী ঔপন্যাসিক, নাট্যকাৰ আৰু আলোচনাপন্থী, যিয়ে ১৯৯৫ চনত আনছাৰ উপন্যাসৰ বাবে গুজৰাটী ভাষাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। মঞ্চ নাটক, চিত্ৰনাট্য, ৰেডিঅ' আদিৰ বাবেও লিখে এগৰাকী নাট্যকাৰে।
-
মাদিয়া আব্দাল্লা
মাদিয়া আব্দাল্লা এগৰাকী চুডানৰ সাংবাদিক আৰু ২০১১ চনৰ পিছত চুডানৰ কমিউনিষ্ট পাৰ্টিৰ বাতৰি কাকত চুডানৰ এল মেইডানৰ প্ৰথমগৰাকী মহিলা মুখ্য সম্পাদিকা। মহিলাৰ কণ্ঠ কাকতত প্ৰকাশ কৰা চল্লিশৰ দশকৰ আৰম্ভণিতে ফাতিমা আহমেদ ইব্ৰাহিমৰ দৰে মহিলা অধিকাৰ কৰ্মীসকলৰ পদক্ষেপ অনুসৰণ কৰা সাংবাদিকতাৰ অগ্ৰণী মহিলাসকলৰ…
-
মানি (আমাজনৰ কিম্বদন্তি)
টুপি লোককথাৰ পৰা উৎপত্তি হোৱা লোককাহিনীত মানি অতি উজ্জ্বল ৰঙৰ এগৰাকী থলুৱা ছোৱালীৰ নাম। আমাজনৰ কিংবদন্তিমতে মানিৰ সৈতে তেওঁৰ কবৰৰ পৰা ওলোৱা থলুৱা প্ৰধান খাদ্য মানিয়কৰ কাল্টৰ সৈতে সম্পৰ্ক আছে।
-
মাৰুলা (কবি)
মাৰুলা (ত্ৰয়োদশ শতিকা বা তাৰ আগৰ) ভাৰতৰ এগৰাকী সংস্কৃত ভাষাৰ কবি। শাৰংগধাৰৰ পদ্ধতি আৰু জলহনাৰ সুক্তি-মুক্তাৱলীকে ধৰি মধ্যযুগৰ আৰম্ভণিৰ সংস্কৃত সংকলনসমূহত তেওঁৰ শ্লোকসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
মাৰ্গাৰেট এন্সেলট
মাৰ্গাৰেট-লুইজ ভাৰ্জিনি চাৰ্ডন এন্সেলট বা চমুকৈ মাৰ্গাৰেট এন্সেলট (১৭৯২–১৮৭৫) এগৰাকী ফৰাচী চিত্ৰশিল্পী, লেখক আৰু নাট্যকাৰ আছিল। তেওঁৰ জন্ম হৈছিল ১৭৯২ চনত আৰু মৃত্যু ১৮৭৫ চনত। তাৰিখ সঠিককৈ জনা নাযায়। ডিজনৰ এটা সংসদীয় পৰিয়ালত জন্মগ্ৰহণ কৰা এন্সেলটৰ বিবাহ নাট্যকাৰ জেক-ফ্ৰাঁছোৱা এন্সেলটৰ সৈতে হৈছিল।
-
মাৰ্চিডিজ আবাদ
মাৰ্চিডিজ আবাদ, জন্ম ১৯৬১ চনত, স্পেইনৰ বাৰ্চিলোনাত। তেওঁ এগৰাকী স্পেনিছ সাংবাদিক আৰু চুটিগল্প লেখক।
-
মাৰ্চেল ফেৰণ
মাৰ্চেল ফেৰন GOQ RCA (২৯ জানুৱাৰী, ১৯২৪ – ১৯ নৱেম্বৰ, ২০০১) কানাডাৰ এগৰাকী চিত্ৰশিল্পী আৰু ষ্টেইনড গ্লাছ শিল্পী আছিল, তেওঁ পল-এমিল বৰ্ডুৱাছৰ ৰিফাছ গ্ল'বেল ইস্তাহাৰৰ মূল ১৬ জন স্বাক্ষৰকাৰীৰ ভিতৰত অন্যতম আৰু ক্যুবেকৰ সমসাময়িক শিল্প জগতৰ অটোমেটিষ্টসকলৰ মাজৰ এজন প্ৰধান ব্যক্তি আছিল।
-
মেৰী এন্নে এ’ বেকেট
মেৰী এন্নে এ’ বেকেট ( Mary Anne à Beckett; ২৯ এপ্ৰিল ১৮১৫ – ১১ ডিচেম্বৰ ১৮৬৩) এগৰাকী ইংৰাজ সুৰকাৰ আছিল, প্ৰধানকৈ অপেৰাৰ বাবে পৰিচিত। লেখক গিলবাৰ্ট এ বেকেটৰ পত্নী আছিল, যিয়ে তেওঁৰ দুখন অপেৰাৰ লিব্ৰেট্টি যোগান ধৰিছিল।
-
লিলি আলমগ
লিলি আলমগ ( Lili Almog; জন্ম: ১৯৬১) নিউয়ৰ্ক চহৰত বাস কৰা আৰু কাম কৰা এগৰাকী ফটোগ্ৰাফাৰ আৰু মিক্সড মিডিয়া শিল্পী, যিয়ে বিশ্বৰ মহিলা সাংস্কৃতিক পৰিচয়ৰ অন্তৰংগ আধ্যাত্মিক প্ৰতিকৃতি নিৰ্মাণ কৰিছে।
-
লোৰা এবৰ্ণ
লোৰা এবৰ্ণ বাস্ক ( Lora Aborn Busck) এগৰাকী আমেৰিকান সুৰকাৰ আছিল। তেওঁৰ জন্ম: ৩০ মে', ১৯০৭ চন আৰু মৃত্যু: ২৫ আগষ্ট, ২০০৫ চন।
-
শ্ৰীলংকাৰ সেনাবাহিনীৰ মহিলা বাহিনী
শ্ৰীলংকা সেনাবাহিনীৰ মহিলা বাহিনী (SLAWC) শ্ৰীলংকা সেনাবাহিনীৰ এটা কৰ্পছ। ১৯৭৯ চনৰ ১ ছেপ্টেম্বৰত এই কৰ্পছটো গঠন কৰা হয়। এই কৰ্পছৰ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয় কলম্বোৰ ব'ৰেলাত আছে।
-
হেৰিট এব্ৰামছ
হেৰিট এব্ৰামছ (প্ৰায় ১৭৫৮ – ৮ মাৰ্চ ১৮২১) এগৰাকী ইংৰাজ মাৰ্গীয় গায়িকা আৰু সুৰকাৰ আছিল। বিশেষকৈ জৰ্জ ফ্ৰিডেৰিক হেণ্ডেলৰ ৰেপাৰ্টৰীত কৰা কামৰ বাবে প্ৰশংসিত এব্ৰামছে ১৭৮০ চনৰ সময়ছোৱাত লণ্ডনত সফল কনচাৰ্ট কেৰিয়াৰৰ অধিকাৰী হৈছিল।
-
হোৰিয়া নিয়াটি
হোৰিয়া নিয়াটি (জন্ম ১৯৪৮) লণ্ডনত বাস কৰা এগৰাকী আলজেৰিয়ান শিল্পী। নিয়াটি মিক্সড মিডিয়া ইনষ্টলেশ্যনত বিশেষজ্ঞ যিয়ে পশ্চিমীয়া প্ৰতিনিধিত্ব আৰু উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ মহিলাসকলৰ বস্তুনিষ্ঠকৰণক সমালোচনা কৰে।
-
ৰীম আলাছাদি
ৰীম আলাছাদি (আৰবী: ريم الأسدي) ইৰাকত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ ফেশ্বন ডিজাইনাৰ। লণ্ডন আৰু টকিঅ’ দুয়োখনতে তেওঁৰ ঘৰ আছে আৰু তেওঁ সৃষ্টি কৰা পোছাকৰ আৰ্হি জাপানত অতি জনপ্ৰিয়, তেওঁৰ শৈলীক "ব্ৰিটিছ পাংক আৰু পুনঃব্যৱহৃত সামগ্ৰীসমূহক ভিক্টোৰিয়ান-প্ৰেৰিত ভলিউমিনাছ আৰু কামুক পোছাকলৈ পৰিৱৰ্তন কৰা" বুলি…