অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লোৰা এবৰ্ণ

লোৰা এবৰ্ণ বাস্ক ( Lora Aborn Busck) এগৰাকী আমেৰিকান সুৰকাৰ আছিল। তেওঁৰ জন্ম: ৩০ মে', ১৯০৭ চন আৰু মৃত্যু: ২৫ আগষ্ট, ২০০৫ চন।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লোৰা এবৰ্ণ বাস্ক ( Lora Aborn Busck) এগৰাকী আমেৰিকান সুৰকাৰ আছিল। তেওঁৰ জন্ম: ৩০ মে', ১৯০৭ চন আৰু মৃত্যু: ২৫ আগষ্ট, ২০০৫ চন।

জীৱনী

নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰা লোৰা এবৰ্ণে এফা এলিছ পাৰফিল্ড স্কুল অৱ মিউজিকত পিয়ানো, সংগীত তত্ত্ব আৰু সুৰ-ৰচনা অধ্যয়ন আৰম্ভ কৰে। কেলিফৰ্ণিয়াত পিয়ানো আৰু কণ্ঠৰ শিক্ষা গ্ৰহণ কৰি জাজ বেণ্ডত বজাইছিল। তেওঁ অবেৰলিন কনজাৰ্ভেটৰীত পঢ়িছিল আৰু ড° জৰ্জ ডব্লিউ এণ্ড্ৰুজৰ অধীনত কম্পোজিচনৰ বিষয়ে অধ্যয়ন কৰিছিল।১

জন পামৰৰ অধীনত চিকাগোৰ আমেৰিকান কনজাৰ্ভেটৰীত অধ্যয়ন অব্যাহত ৰাখিছিল আৰু স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁ তেওঁৰ কম্পোজিচনৰ বাবে সোণৰ পদক লাভ কৰিছিল। তেওঁ কেইবাটাও কমিচনপ্ৰাপ্ত ৰচনা ৰচনা কৰিছিল, আৰু তেওঁৰ সংগীত আমেৰিকা, চীন আৰু ইউৰোপত বজোৱা আৰু ৰেকৰ্ডিং কৰা হৈছে। আমেৰিকাৰ শীৰ্ষ মহিলা সুৰকাৰৰ তালিকাত তেওঁক সন্মান জনোৱা হৈছিল।২

বহু বছৰ ধৰি এবৰ্ণ আছিল ফ্ৰেংক লয়ড ৰাইটৰ ইউনিটি টেম্পলৰ ইউনিটেৰিয়ান ইউনিভাৰ্চেলিষ্ট চাৰ্চৰ অৰ্গেনিষ্ট, সংগীতৰ পৰিচালক আৰু সুৰকাৰ-ইন-ৰেচিডেন্স। ১৯৯৯ চনত মৃত্যু হোৱা প্ৰাচীন গ্ৰন্থ বিক্ৰেতা হেৰী বাস্কক বিয়া কৰায়,৩ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে।৪ ২০০৫ চনৰ ২৫ আগষ্টত চিকাগোত এবৰ্ণৰ মৃত্যু হয়।

তেওঁৰ সন্মানত এটা প্ৰজাতিৰ মহক লোৰা অবৰ্ণৰ মথ নাম দিয়া হৈছিল।

কৰ্ম

এবৰ্ণে পাঁচটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ বেলেট, দুখন অপেৰা, চেম্বাৰ কোৱাৰৰ বাবে ৰচনা, একক কণ্ঠ আৰু সমবেত সংগীতৰ সুৰ ৰচনা কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wlaschin, Ken. (2006). Encyclopedia of American opera
  2. ↑ Biography
  3. ↑ Gibbard, M Daniel. (29 August 2005). Lora Aborn Busck 1907–2005. Chicago Tribune
  4. ↑ Who was Lora Aborn?

সম্পৰ্কিত শ্ৰেণী

সংগীতজ্ঞনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোৰা এবৰ্ণ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।