নাৰীবাদ আৰু লোকগাথা ২০২৫
৫৯ প্ৰবন্ধ
-
লেডী
লেডী (Lady) ভদ্ৰ আচৰণ কৰা মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।[1] এসময়ত কেৱল উচ্চ সামাজিক শ্ৰেণী বা মৰ্যাদাৰ মহিলাক বুজাবলৈহে এই শব্দ ব্যৱহাৰ কৰা হৈছিল, প্ৰভুৰ সমকক্ষ মহিলা, এতিয়া ইয়াৰ দ্বাৰা যিকোনো প্ৰাপ্তবয়স্ক মহিলাক বুজাব পাৰি, কিয়নো ভদ্ৰলোক শব্দ পুৰুষৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
-
অল্গা প্লাম্বি
অলগা প্লাম্বি ( Ollga Plumbi), জন্ম: ১৮৯৮ চন আৰু মৃত্যু: ১৯৮৪ চন, এগৰাকী আলবেনিয়ান নাৰীবাদী, কৰ্মী আৰু ৰাজনীতিবিদ আছিল। ১৯৪৫ চনত আলবেনিয়াৰ সংসদৰ ডেপুটি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল আৰু আলবেনিয়াৰ প্ৰথম নাৰীবাদী দলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত হৈছিল।
-
আগুয়াৰা
আগুয়াৰা আমাজন অঞ্চলৰ আভা গুয়াৰানি আৰু চানে পৌৰাণিক কাহিনীত বৰ্ণিত এটা পৌৰাণিক শিয়াল। মৌখিক পৰম্পৰাত আগুয়াৰা ভাষাৰ প্ৰত্যয় টুনপা ('পবিত্ৰ') আৰু ইয়াক আগুয়াৰা-টুনপা বুলি কোৱা হয়।
-
আপেল ব্ৰেড
আপেল ব্ৰেড (Apple bread) টাইৱানৰ এবিধ জনপ্ৰিয় নিৰামিষ খাদ্য, সাধাৰণতে ব্ৰেকফাষ্টৰ বস্তু হিচাপে বা লঘু জলপান হিচাপে ইয়াক খোৱা হয়। লিউ ঝেজিয়ে উদ্ভাৱন কৰা এই ৰেচিপিটো সমগ্ৰ টাইৱানৰ স্কুলৰ কেণ্টিন, স্থানীয় গেলামালৰ দোকান, সুবিধাজনক দোকান, চুপাৰ মাৰ্কেটত বহুলভাৱে উপলব্ধ।
-
আমিনা আজিমী
আমিনা আজিমী (Amina Azimi) আফগানিস্তানত প্ৰতিবন্ধী মহিলাৰ অধিকাৰৰ হকে কাম কৰা এগৰাকী অগ্ৰণী মহিলা। ২০১২ চনত তেওঁ এন-পিচ বঁটা লাভ কৰে।
-
আমিনা জৌবিৰ
আমিনা জৌবিৰ (জন্ম ১৯৮৩) আলজেৰিয়াৰ আলজিয়াৰ্ছৰ এগৰাকী সমসাময়িক শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিবেশক। টেক ইউৰ প্লেচ শীৰ্ষক ভিডিঅ'-একচনৰ জৰিয়তে তেওঁক নাৰীবাদী অভিনেত্ৰী হিচাপে জনা যায়, যিটো তেওঁ ২০১২ চনত আলজেৰিয়াৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তীৰ সময়ত পৰিচালনা কৰিছিল, যাৰ লক্ষ্য আছিল আলজেৰিয়াৰ…
-
ইণ্ডোনেছিয়ান সেনাবাহিনীৰ মহিলা কৰ্পছ
ইণ্ডোনেছিয়াৰ সেনাবাহিনীৰ যুদ্ধ, যুদ্ধ সমৰ্থন আৰু সেৱা সমৰ্থন গঠনত সক্ৰিয় সেৱাত থকা মহিলাসকলৰ আনুষ্ঠানিক প্ৰশাসনিক সংগঠন হৈছে সেনা মহিলা কৰ্পছ (Kowad)।
-
উমা আলট’নেন
উল্লা-মাইজা "উমা" আলট’নেন (২৮ আগষ্ট ১৯৪০, ভিহটি – ১৩ জুলাই ২০০৯, হেলচিংকি) এগৰাকী ফিনলেণ্ডৰ লেখক, সাংবাদিক আৰু গ্ৰীণ লীগৰ ৰাজনীতিবিদ আছিল।
-
উৰাণী ৰুম্বো
উৰাণী ৰুম্বো ( Urani Rumbo; ২০ জানুৱাৰী ১৮৯৫ – ২৬ মাৰ্চ ১৯৩৬) এগৰাকী আলবেনিয়ান নাৰীবাদী, শিক্ষয়িত্ৰী আৰু নাট্যকাৰ আছিল। তেওঁ আলবেনিয়াৰ মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে বিভিন্ন সংস্থা প্ৰতিষ্ঠা কৰিছিল, ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠন আছিল আলবেনিয়াৰ প্ৰথম বিশিষ্ট নাৰীবাদী সংগঠনসমূহৰ ভিতৰত অন্যতম…
-
এগনেচ টাইৰেল
এগনেছ টাইৰেল (Agnes Tyrrell ), যাৰ জন্ম ২০ ছেপ্টেম্বৰ ১৮৪৬ চন আৰু মৃত্যু ১৮ এপ্ৰিল ১৮৮৩ চন আছিল, তেওঁ আছিল ইংৰাজী আৰু চেক বংশৰ এগৰাকী সুৰকাৰ আৰু পিয়ানোবাদক।
-
এডেল ৰেচেলি
এডেল ৰেচেলি ( Adele Rachelli; ১৪ জুলাই ১৮৯৭ – ৩ জানুৱাৰী ১৯৯২) এগৰাকী ইটালীয় অভিযন্তা আৰু ১৯২৫ চনত মিলানত ইটালীৰ পেছাদাৰীসকলৰ বৌদ্ধিক সম্পত্তি সুৰক্ষাৰ বাবে এটা সফল পেটেণ্ট সুৰক্ষা কাৰ্যালয়ৰ সহ-প্ৰতিষ্ঠাপক আছিল। ফাৰ্মখন এতিয়াও বৰ্তি আছে।
-
এণ্টনিয়া ফেৰেইৰা
এণ্টনিয়া এডিলেইড ফেৰেইৰা, জন্ম: গ’ডিম, পেছ' দা ৰেগুয়া, ৪ জুন, ১৮১১ — মৃত্যু: গ’ডিম, পেছ' দা ৰেগুয়া, ২৬ মাৰ্চ, ১৮৯৬; যাক পৰ্তুগালত প্ৰায়ে "ফেৰেইৰিনহা" বুলি কোৱা হয়, এগৰাকী পৰ্তুগীজ ব্যৱসায়ী আছিল।
-
এন্নেমেট কুৰে এণ্ডাৰচন
এন্নেমেট কুৰে এণ্ডাৰছন ( Annemette Kure Andersen) এগৰাকী ডেনিছ কবি আৰু সাহিত্য সম্পাদক। তেওঁৰ কবিতা ইংৰাজীকে ধৰি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁৰ জন্ম হৈছিল ১৯৬২ চনত।
-
এমিলি এণ্ডাৰছন
অটিন কেৰ’লিন এমিলি এণ্ডাৰছন (১৮৯৫–১৯৭০) এগৰাকী ডেনিছ ইতিহাসবিদ আৰু আৰ্কাইভিষ্ট আছিল। তেওঁ এগৰাকী গভীৰ গৱেষক, তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ গ্ৰামছ হিষ্ট’ৰী (১৯২৬) আছিল জুটলেণ্ডৰ দক্ষিণে থকা গ্ৰামত থকা গ্ৰাম এষ্টেট ৰ বিশদ ইতিহাস যিটো তেওঁ ইয়াৰ মালিক এডলফ ব্ৰকেনহুছ শ্বেকৰ বাবে গ্ৰহণ কৰিছিল।
-
এম্পে (খেল)
এম্পে স্কুলীয়া বয়সৰ ল’ৰা-ছোৱালীয়ে খেলা এটা সহজ কিন্তু শক্তিচালিত খেল। ইয়াৰ উৎপত্তি ঘানাৰ পৰা হৈছিল আৰু ই আন চুবুৰীয়া দেশতো খেলিছিল। ইয়াক দুজন বা তাতকৈ অধিক লোকে খেলে আৰু ইয়াৰ বাবে কোনো সঁজুলিৰ প্ৰয়োজন নহয়।
-
এলজে জানোভনা পেইমুৰু
এলজে জানোভনা পেইমুৰু ( Elze Janovna Paemurru), জন্ম: ৩০ মাৰ্চ ১৯১৭ চন আৰু মত্যু: ১৪ জুন ১৯৯৫ চন, যি এলছ আৰ্নে নামেৰেও পৰিচিত; ছোভিয়েট ইউনিয়নৰ সময়ত এগৰাকী ইষ্ট'নিয়ান সুৰকাৰ, পিয়ানোবাদক আৰু শিক্ষাবিদ আছিল।
-
এলিছা এছ আমোৰে
এলিছা এছ আমোৰে ( Elisa S. Amore), ১৩ এপ্ৰিল, ১৯৮৪ চনত জন্ম লাভ কৰা এগৰাকী ইটালীৰ ঔপন্যাসিক। হেভেন এণ্ড হেলৰ বিষয়ে লিখা অতিপ্ৰাকৃতিক ৰোমাঞ্চ কাহিনী "টাচড" ছিৰিজৰ তেওঁ লেখিকা। তেওঁৰ ধাৰাবাহিকখন আন্তৰ্জাতিক সফলতা যিটো প্ৰথমে ইটালীৰ প্ৰধান প্ৰকাশক এডিট্ৰাইচ নৰ্ডে ইটালীয় ভাষাত প্ৰকাশ কৰিছিল।
-
এৰিকা এবেলাচ ডি এলবাৰ্ট
এৰিকা এবেলছ ডি আলবাৰ্ট, যি এৰিকা এবেলছ নামেৰেও পৰিচিত, (১৮৯৬–১৯৭৫) এগৰাকী অষ্ট্ৰিয়ান চিত্ৰশিল্পী আৰু গ্ৰাফিক শিল্পী আছিল।
-
কলকেনন (খাদ্য)
কলকেনন (আইৰিছ: cál ceannann, অৰ্থাৎ 'বগা মূৰৰ কবি') কবিৰ সৈতে আলু পিটিকাৰ এটা পৰম্পৰাগত আইৰিছ খাদ্য। চেণ্ট পেট্ৰিক দিৱস আৰু চেণ্ট ব্ৰিজিডৰ উৎসৱৰ দিনা ই এক জনপ্ৰিয় খাদ্য।
-
কলৰ ৰুটি
কলৰ ৰুটি পিটিকি মিহি কৰা কলৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ মিঠা ৰুটি বা কেক। ই প্ৰায়ে আৰ্দ্ৰ আৰু মিঠা দ্ৰুত ৰুটি যদিও কিছুমান ৰেচিপিত ইষ্ট সংযোগ কৰা হয়।
-
কাটিয়া কামেলি
কাটিয়া কামেলি ( Katia Kameli; জন্ম: ১৯৭৩) এগৰাকী ফৰাচী-আলজেৰিয়ান দৃশ্য-শ্ৰাব্য শিল্পী যিয়ে মূলতঃ চলচ্চিত্ৰ আৰু ভিডিঅ'ত কাম কৰে। তেওঁৰ প্ৰধান কলাত্মক কেন্দ্ৰবিন্দু হৈছে আলজেৰিয়াৰ বিভিন্ন বিষয়; আৰু তেওঁ আলজেৰিয়াৰ ইতিহাস, সংস্কৃতি আৰু ৰাজনীতিৰ সন্ধান কৰিবলৈ চলচ্চিত্ৰৰ ব্যৱহাৰ কৰিছে।
-
কেৰেন আবেই
কেৰেন লিডিয়া আবেই ( Karen Lydia Aabye; ১৯ ছেপ্টেম্বৰ ১৯০৪ – ১৫ ছেপ্টেম্বৰ ১৯৮২) এগৰাকী ডেনিছ লেখিকা। ১৯৩০ চনৰ শেষৰ ফালে পেৰিছ আৰু লণ্ডনত সাংবাদিক হিচাপে কাম কৰাৰ আগতে তেওঁ কেইবাখনো ঐতিহাসিক উপন্যাসৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰিছিল য’ত দৃঢ় ইচ্ছাশক্তিৰ নাৰী তেওঁৰ মূল চৰিত্ৰ আছিল।
-
ক্লাৰা এণ্ডাৰচন
ক্লাৰা এলিজাবেথ এণ্ডাৰছন ( Clara Elisabeth Andersen) জন্ম ১৩ মে ১৮২৬ চন আৰু মৃত্যু ২৮ আগষ্ট ১৮৯৫ চন, এগৰাকী ডেনিছ নাট্যকাৰ আৰু ঔপন্যাসিক। তেওঁ ৰচনা কৰা বহু নাটকৰ বাবেই তেওঁ ১৯ শতিকাৰ আটাইতকৈ সফল ডেনিছ নাট্যকাৰ হিচাপে পৰিগণিত হয়।
-
গংগাসতী
গংগাসতী আছিল পশ্চিম ভাৰতৰ ভক্তি পৰম্পৰাৰ মধ্যযুগীয় সাধু কবি যিয়ে গুজৰাটী ভাষাত কেইবাটাও ভক্তিমূলক গীত ৰচনা কৰিছিল।
-
গাটা (খাদ্য)
গাটা এবিধ আৰ্মেনিয়ান পেষ্ট্ৰি বা মিঠা ৰুটি। আৰ্মেনিয়াত গাটাৰ বহুতো প্ৰকাৰ দেখা যায়। সাধাৰণতে, নিৰ্দিষ্ট চহৰ বা অঞ্চলৰ নিজস্ব সংস্কৰণ থাকে। ইয়াক বিভিন্ন আকৃতি, আকাৰত পোৱা যায় আৰু ইয়াক সজাই তোলা বা অলংকৃত কৰি ৰখা হ’ব পাৰে। বহু আগতে গাটা টোনিৰত বেক কৰা হৈছিল যদিও এতিয়া অভেনত বেক কৰা হয়।
-
গুঝিয়া (পিঠা)
গুঝিয়া, যাক গুঘাৰা, পেডাকিয়া, পুৰুকীয়া, কৰণজী, কজ্জিকায়ালু, সোমাছ আৰু কাৰ্জিকায়ী বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ এক জনপ্ৰিয় মিঠাই।
-
ছাৰা উইলিয়াম খ্ৰীষ্টিয়ান
চাৰা উইলিয়ামছ খ্ৰীষ্টিয়ান (২৫ আগষ্ট, ১৯১৮ – ৭ মাৰ্চ, ১৯৮০) নাছকাৰ ( NASCAR, নেচনেল এছ'চিয়েচন ফৰ ষ্টক কাৰ অটো ৰেচিং)ৰ ইতিহাসত প্ৰথমগৰাকী মহিলা চালক আছিল।
-
ছেইলা আব্দুল্লা
ছেইলা আব্দুল্লা ( Shaila Abdullah) জন্ম: ১৯৭১ চন, এগৰাকী পাকিস্তানী-আমেৰিকান গ্ৰন্থকাৰ, লেখক আৰু ডিজাইনাৰ।
-
জালেহ আমৌজগাৰ
জালেহ আমৌজগাৰ এল.ডি.এইচ. ৪ ডিচেম্বৰ, ১৯৩৯ চনত জন্মা এগৰাকী ইৰাণোলোজিষ্ট, মধ্য পাৰ্চী ভাষাৰ বিশেষজ্ঞ, আৰু এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
-
জাহিদা জাইদি
জাহিদা জাইদি ( Zahida Zaidi; ৪ জানুৱাৰী ১৯৩০ – ১১ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় পণ্ডিত, ইংৰাজী সাহিত্যৰ অধ্যাপিকা, কবি, নাট্যকাৰ, নাট্যকাৰ, আৰু সাহিত্য সমালোচক।