পৰস্কেভি কিৰিয়াজী (Parashqevi Qiriazi) জন্ম: ২৭ মে' ১৮৮৬ – মৃত্যু: ১৭ ডিচেম্বৰ ১৯৭০) কিৰিয়াজী পৰিয়ালৰ এগৰাকী আলবেনিয়ান শিক্ষয়িত্ৰী আছিল যিয়ে আলবেনিয়ান বৰ্ণমালা আৰু লিখিত আলবেনিয়ান ভাষাৰ শিক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আলবেনিয়ান বৰ্ণমালাৰ ৰূপ নিৰ্ধাৰণ কৰা মানষ্টিৰৰ কংগ্ৰেছৰ মহিলা অংশগ্ৰহণকাৰী আছিল১ আৰু মহিলা সংস্থা Yll' i Mengjesit ৰ প্ৰতিষ্ঠাপক আছিল।২ পৰস্কেভি ১৯১৯ চনৰ পেৰিছ শান্তি সন্মিলনত আলবেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ সদস্য হিচাপেও অংশগ্ৰহণ কৰিছিল।৩ ১৮৯১ চনত মুকলি হোৱা কোৰ্চাত ছোৱালীৰ বাবে প্ৰথমখন আলবেনিয়ান স্কুলৰ পৰিচালক আছিল চেভাষ্টি কিৰিয়াজীৰ ভগ্নী।৪
জীৱনী
পৰস্কেভিৰ জন্ম হৈছিল মনাষ্টিৰত (বৰ্তমান বিটোলা, মানষ্টিৰ ভিলায়েট, অট্টোমান সাম্ৰাজ্যৰ (বৰ্তমানৰ উত্তৰ মেচিডোনিয়া)। যেতিয়া তেওঁৰ বয়স মাত্ৰ ১১ বছৰ আছিল তেতিয়া তেওঁ আলবেনিয়াৰ ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় ছোৱালীৰ বিদ্যালয় (আলবেনিয়ান::)ত তেওঁৰ ভাতৃ গ্জেৰাছিম কিৰিয়াজী আৰু ভগ্নী চেভাষ্টি কিৰিয়াজীক ছোৱালীক লিখিত আলবেনিয়ান ভাষা শিকোৱাত সহায় কৰিবলৈ আৰম্ভ কৰিছিল।১ যি ১৮৯১ চনৰ ১৫ অক্টোবৰত মুকলি কৰা হয়।৫
পিছলৈ কনষ্টেণ্টিনোপলৰ আমেৰিকান কলেজ ফৰ গাৰ্লছত অধ্যয়ন কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৮৮৭ চনত মুকলি হোৱা প্ৰথম আলবেনিয়ান বিদ্যালয় মেছনজেটৰ্জাত ভগ্নী চেভাষ্টিৰ সৈতে প্ৰাথমিক শিক্ষক হিচাপে কাম কৰিবলৈ কৰ্চেলৈ যায়।৬
১৯০৮ চনত তেওঁ মনাষ্টিৰৰ কংগ্ৰেছৰ অংশগ্ৰহণকাৰী আছিল আৰু তাত অংশগ্ৰহণ কৰা একমাত্ৰ মহিলা আছিল।১
১৯০৯ চনত তেওঁ প্ৰাথমিক বিদ্যালয়ৰ বাবে এটা এবেচেডাৰিয়াম প্ৰকাশ কৰে। যদিও মনাষ্টিৰৰ কংগ্ৰেছে নতুন বৰ্ণমালাৰ বিষয়ে সিদ্ধান্ত লৈছিল, তথাপিও তাইৰ এবেচেডাৰীত বৰ্ণমালাৰ দুটা সংস্কৰণ উপস্থিত আছিল, যাৰ পৰা বুজা যায় যে কংগ্ৰেছৰ সহমত এতিয়াও কিমান ভংগুৰ আছিল। কিন্তু এবেচেডাৰিয়ামৰ লগতে তেওঁ নতুন আলবেনিয়ান বৰ্ণমালাৰ প্ৰতিৰক্ষাৰ ওপৰত কিছুমান অতি পৰিচিত পদ প্ৰকাশ কৰে:৭
তেওঁ দক্ষিণ আলবেনিয়াৰ বেলেগ বেলেগ গাঁৱৰ শিশু আৰু নৈশ বিদ্যালয়ৰ বাবে পাঠদানৰ আয়োজন কৰাৰ বাবে আৰু স্থানীয় পুথিভঁৰালসমূহ সংগঠিত কৰাত সহায় কৰাৰ বাবেও পৰিচিত।৬
১৯০৯ চনত তেওঁ Yll' i Mëngjesit এছ'চিয়েচন (আলবেনিয়ান: মৰ্নিং ষ্টাৰ) প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছিল৮ আৰু পিছলৈ যেতিয়া তেওঁ আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল, তেতিয়া তেওঁ ১৯১৭ চনৰ পৰা ১৯২০ চনলৈকে একে নামৰ সাময়িকীখন প্ৰকাশ কৰি গৈছিল। ২প্ৰতি পষেকৰ মূৰে মূৰে প্ৰকাশ পোৱা আলোচনীখনত আলবেনিয়ান ৰাজনীতি, সমাজ, ইতিহাস, ভাষাবিজ্ঞান, সাহিত্য আৰু লোককথাৰ ওপৰত প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছিল।৬
১৯১৪ চনত গ্ৰীকে চহৰখন দখল কৰাৰ ফলস্বৰূপে তেওঁ ভনীয়েকৰ সৈতে আলবেনিয়া এৰি ৰোমানিয়ালৈ যায়।৫
পিছলৈ তেওঁ আমেৰিকালৈ যায় আৰু আলবেনিয়ান-আমেৰিকান সম্প্ৰদায়ৰ সদস্য হয়, যাৰ হৈ ১৯১৯ চনত আলবেনিয়ানসকলৰ অধিকাৰ প্ৰতিনিধিত্ব কৰিবলৈ পেৰিছৰ শান্তি সন্মিলনত অংশগ্ৰহণ কৰে।১৯
১৯২১ চনত পৰশকেভি আলবেনিয়ালৈ উভতি যায়, তাৰ পিছত তেওঁ তাত থকা ৰাজনৈতিক পৰিঘটনাসমূহ আগ্ৰহেৰে অনুসৰণ কৰে, জাতীয় আকাংক্ষাৰ প্ৰতি দৃষ্টি হেৰুৱাই পেলোৱা নাছিল। তেখেতে তেখেতৰ ভগ্নী চেভাষ্টি আৰু ভায়েক ক্ৰিষ্টো ডাকোৰ সহযোগত টিৰানা আৰু কামেজত থকা পৰিয়ালৰ নামেৰে "কাইৰিয়াছ" নামৰ মহিলা প্ৰতিষ্ঠানটোৰ অন্যতম প্ৰতিষ্ঠাপক আৰু পৰিচালক হৈছিল।১০
তথ্যসূত্ৰ
- ↑ Parashqevi Qiriazi. www.kolonja.com
- ↑ Prifti, Peter. (1978). Socialist Albania since 1944: domestic and foreign developments, Volume 23. The MIT Press. পৃ. 90. ISBN 0-262-16070-6
- ↑ Toska, Teuta. Parashqevi Qiriazi dhe viti i saj 1919. Tirana: ISSHP, 2020
- ↑ Young, Antonia; Hodgson, John; Bland William B. (1997). Albania. Clio Press. পৃ. 48. ISBN 1-85109-260-9
- ↑ de Haan, Francisca; Daskalova Krasimira; Loutfi Anna. (2006). A Biographical Dictionary of Women's Movements and Feminisms in Central, Eastern, and South Eastern Europe, 19th and 20th Centuries. Central European University Press. পৃ. 454–457. ISBN 9789637326394
- ↑ Parashqevi Qiriazi. www.kolonja.com
- ↑ Lloshi, Xhevat. (2008). Rreth Alfabetit i Shqipes. Logosa. পৃ. 183. ISBN 978-9989-58-268-4
- ↑ Universiteti Shtetëror i Tiranës. (1975). Problems of the struggle for the complete emancipation of women. পৃ. 127
- ↑ Ingrid Sharp, Matthew Stibbe. (14 February 2011). Aftermaths of War: Women's Movements and Female Activists, 1918–1923. History of Warfare. BRILL. পৃ. 184. ISBN 978-9004191723
- ↑ Sabile Keçmezi-Basha. Parashqevi Qiriazi, diplomatja e vetme grua në Konferencën e Paqes në Paris. kosova-sot.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰস্কেভি কিৰিয়াজী” প্ৰবন্ধৰ সংশোধন ৬৩২৯৬৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।