নাৰীবাদ
১০৬ প্ৰবন্ধ
-
এছিয়াত নাৰী মুক্তি আন্দোলন
এছিয়াত নাৰী মুক্তি আন্দোলন (Women's liberation movement in Asia) ১৯৬০ চনৰ শেষৰ ফালে আৰম্ভ হৈ ১৯৭০ চনলৈকে চলি থকা এছিয়া মহাদেশৰ নাৰীবাদী আন্দোলন আছিল। এছিয়াত নাৰী মুক্তি আন্দোলনে পৰিয়ালৰ সৈতে নাৰীৰ সম্পৰ্ক আৰু নাৰীয়ে নিজৰ যৌনতাক প্ৰকাশ কৰাৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।
-
ক্ৰ'য়েচিয়াৰ নাৰী
ক্ৰ'ৱেচিয়াৰ নাৰীসকল (Women in Croatia) মুঠ জনসংখ্যাৰ আধা অংশৰ প্ৰতিনিধি আৰু তেওঁলোকে আধুনিক ক্ৰ'ৱেচিয়ান সংস্কৃতিত বহুলাংশে পুৰুষৰ সমান। ২০১১ চনৰ ক্ৰ'ৱেচিয়াৰ লোকপিয়ল অনুসৰি ক্ৰ'ৱেচিয়াত মুঠ জনসংখ্যাৰ ৪,২৮৪,৮৮৯গৰাকীৰ ভিতৰত ২,২১৮,৫৫৪ গৰাকী মহিলা।
-
গায়েনাৰ নাৰী
গায়েনাৰ নাৰীসকল (Women in Guyana) হৈছে গায়েনাৰ সমাজৰ এক অন্তৰ-শাখা, যাৰ সংখ্যা বিগত সময়ত পৰিৱৰ্তন ঘটি আছে। মূলতঃ ভাৰত-গায়েনী, আফ্ৰিকান-গায়েনী আৰু আমেৰিকীয় ভাৰতীয় নাৰীৰ দেশ গায়েনা ইউৰোপীয় বা চীনা বংশৰ মহিলাৰো বাসস্থান হৈ আহিছে। দেশৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতি হৈছে জেনেট জগান।
-
গাৰ্ল পাৱাৰ
গাৰ্ল পাৱাৰ বা কিশোৰী শক্তি (Girl Power) হৈছে এক শ্লোগান যি নাৰীৰ সৱলীকৰণ, স্বাধীনতা, আত্মবিশ্বাস আৰু শক্তিক উৎসাহিত আৰু উদযাপন কৰে। শ্লোগানটোৰ আৱিষ্কাৰৰ কৃতিত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাংক বেণ্ড বিকিনি কিলক দিয়া হয় যিয়ে ১৯৯১ চনত গাৰ্ল পাৱাৰ নামৰ এক সাময়িক পত্ৰিকা প্ৰকাশ কৰিছিল।
-
গো টপলেচ ডে
গো টপলেচ ডে (বিভিন্নভাৱে নেচনেল গ' টপলেছ ডে', আন্তৰ্জাতিক গ' টপলেছ ডে' বুলি জনা যায়) হৈছে আমেৰিকা, কানাডা আৰু চুইজাৰলেণ্ডত লিংগ-সমতাৰ ভিত্তিত মহিলাসকলৰ ৰাজহুৱা স্থানত টপলেছ হোৱাৰ অধিকাৰৰ সমৰ্থনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান।
-
চাইকেল চালনা আৰু নাৰীবাদ
বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ ১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান…
-
ছিষ্টাৰ-হুড
ছিষ্টাৰ-হুড (Sister-hood) হৈছে ২০০৭ চনত নৰৱেৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱ অধিকাৰ কৰ্মী দীয়া খানে তেওঁৰ মেডিয়া আৰু কলা প্ৰযোজনা প্ৰতিষ্ঠান ফুউছৰ জৰিয়তে প্ৰতিষ্ঠা কৰা মুছলমান পৰম্পৰাৰ মহিলাসকলৰ কণ্ঠস্বৰৰ বাবে এক আন্তৰ্জাতিক মঞ্চ।
-
তাৰাবাই শিন্দে
তাৰাবাই শিন্দে (Tarabai Shinde, ১৮৫০-১৯১০) এগৰাকী ভাৰতীয় নাৰীবাদী, নাৰী অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ঊনবিংশ শতিকাৰ ভাৰতত পিতৃতান্ত্ৰিকতা আৰু জাতিবাদৰ প্ৰতিবাদ কৰিছিল। ১৮৮২ চনত মাৰাঠী ভাষাত প্ৰকাশিত তেওঁৰ ৰচনা 'স্ত্ৰী পুৰুষ তুলনা'ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
দুগুণ বোজা
দুগুণ বোজা (Double burden,যাক দুগুন দিন, দ্বিতীয় শ্বিফ্ট আৰু ডাবল ডিউটি বুলিও কোৱা হয়) হৈছে ধন উপাৰ্জনৰ বাবে কাম কৰা লোকৰ কামৰ বোজা, যিসকল অবৈতনিকভাৱে কৰা যথেষ্ট পৰিমাণৰ ঘৰুৱা শ্ৰমৰ বাবেও দায়বদ্ধ।এই পৰিঘটনাটোক আৰ্লি হচচাইল্ডৰ একে নামৰ কিতাপখনৰ দৰে 'দ্বিতীয় শ্বিফট্' বুলিও কোৱা হয়।
-
নব্য নাৰীবাদ
নব্য বা নতুন নাৰীবাদ (New feminism) হৈছে নাৰীবাদৰ এক প্ৰকাৰ যিয়ে নাৰী আৰু পুৰুষৰ অবিচ্ছেদ্য পৰিপূৰকতাক গুৰুত্ব দিয়ে, নাৰীতকৈ পুৰুষ বা পুৰুষৰ ওপৰত মহিলাৰ শ্ৰেষ্ঠত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু গৰ্ভধাৰণৰ পৰা স্বাভাৱিক মৃত্যুলৈকে ব্যক্তিক সন্মান কৰাৰ পোষকতা কৰে।
-
নাৰীবাদ আৰু সমতা
নাৰীবাদ হৈছে লিংগৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতাৰ এটা তত্ত্ব, অৱশ্যে সমতা লাভৰ বাবে কোনবোৰ দাবী আৰু কোনবোৰ কৌশল অতি প্ৰয়োজনীয় আৰু ন্যায্য তাৰ ভিত্তিত নাৰীবাদী আন্দোলন আৰু মতাদৰ্শৰ মাজত কেতবোৰ পাৰ্থক্যৰ সৃষ্টি কৰা হৈছে।
-
নাৰীবাদত পুৰুষ
১৯ শতিকাৰ পৰাই নাৰীবাদী আন্দোলনৰ প্ৰতিটো “ঢৌ’’ৰ ভিতৰত নাৰীবাদৰ প্ৰতি উল্লেখযোগ্য সাংস্কৃতিক আৰু ৰাজনৈতিক সঁহাৰিত পুৰুষে অংশগ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত মহিলাসকলৰ বাবে এক পৰিসৰৰ সামাজিক সম্পৰ্কত সম-সুযোগ স্থাপন কৰিব বিচৰাটোও অন্তৰ্ভুক্ত, যি সাধাৰণতে পুৰুষ বিশেষাধিকাৰৰ “কৌশলগত লাভালাভ’’ৰ লগত…
-
নাৰীবাদী গ্ৰন্থ-বিপণী
নাৰীবাদী গ্ৰন্থ-বিপণীত নাৰীৰ বিষয়, লিংগ আৰু যৌনতাৰ সৈতে জড়িত সামগ্ৰী বিক্ৰী কৰা হয়। নাৰীবাদী সম্প্ৰদায়ৰ সংগঠন আৰু বিকাশৰ দিশসমূহ আলোচনা কৰা পুৰণি স্থানসমূহৰ ভিতৰত এনেধৰণৰ গ্ৰন্থ-বিপণী অন্যতম আছিল৷.নাৰীবাদী গ্ৰন্থ-বিপণীৰ প্ৰসাৰৰ পূৰ্বে আমেৰিকাত গ্ৰন্থৰ বিক্ৰী শ্বেতাংগ পুৰুষৰ অধীনৰে এটা ব্যৱসায়…
-
নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন
নাৰীবাদী বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন (Feminist science and technology studies) হৈছে বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়নৰ এটা তাত্ত্বিক উপক্ষেত্ৰ৷ এইখন ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ লগত লিংগৰ ক্ৰিয়া বা সঁহাৰি সম্পৰ্কে অন্বেষণ কৰা হয়।
-
নাৰীবাদী শান্তি গৱেষণা
নাৰীবাদী শান্তি গৱেষণাই (Feminist peace research) গতানুগতিক শান্তি গৱেষণা পদ্ধতিৰ বিস্তাৰ কৰিবলৈ নাৰীবাদী কাঠামো ব্যৱহাৰ কৰে৷ লগতে ন্যায়ৰ সৈতে শান্তিৰ ধাৰণা অধিক সক্ৰিয়ভাৱে গঢ়ি তুলিবলৈ লিংগ আৰু অন্যান্য ক্ষমতাৰ গাঁথনিৰ ভূমিকা নিৰীক্ষণ কৰে।
-
নাৰীবাদৰ ইতিহাস
নাৰীবাদৰ ইতিহাসত নাৰীৰ সম অধিকাৰৰ লক্ষ্যৰে আন্দোলন আৰু মতাদৰ্শৰ আখ্যান (কালক্ৰমিক বা বিষয়ভিত্তিক) অন্তৰ্ভুক্ত কৰা হৈছে। সমগ্ৰ বিশ্বৰ নাৰীবাদীসকলে সময়ৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ কাৰণ, লক্ষ্য আৰু উদ্দেশ্যৰ ক্ষেত্ৰত পাৰ্থক্য দেখা গৈছে যদিও সংস্কৃতি আৰু দেশভেদে- বেছিভাগ পশ্চিমীয়া নাৰীবাদী ইতিহাসবিদে…
-
নাৰীবাদৰ ৰক্ষণশীল ৰূপ
নাৰীবাদৰ কিছুমান ধাৰা আন বিলাকৰ তুলনাত অধিক ৰক্ষণশীল বুলি বিবেচিত হয়। ঐতিহাসিকভাৱে নাৰীবাদী পণ্ডিতসকলে সাধাৰণতে ৰক্ষণশীল মহিলাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু শেহতীয়া বছৰবোৰত এই মহিলাসকলৰ দৃষ্টিভংগীৰ ওপৰত অধিক গভীৰ গৱেষণাৰ প্ৰচেষ্টা চলোৱা হৈছে।
-
নিহিত নাৰীবাদ
ৰাষ্ট্ৰ কৰ্তৃপক্ষই নাৰীবাদী বক্তৃতাক সহযোগিতা কৰি আৰু নাৰীবাদী কৰ্মী তথা গোটসমূহক নিজৰ এজেণ্ডাৰ বাবে যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সংঘাতত হস্তক্ষেপক বৈধতা প্ৰদান কৰাৰ প্ৰচেষ্টা হিচাপে নিহিত নাৰীবাদক (Embedded feminism) জনা যায়।
-
নিৰ্মলা (উপন্যাস)
নিৰ্মলা'(হিন্দী: निर्मला) হিন্দী ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ দ্বাৰা ৰচিত এখন হিন্দী উপন্যাস। এই আৱেগিক উপন্যাসখনৰ মূল চৰিত্ৰ নিৰ্মলা নামৰ কিশোৰীজনীক বলপূৰ্বকভাৱে বিয়া পাতি দিয়ে পত্নীৰ মৃত্যু হোৱা তথা পিতৃৰ বয়সৰ এজন ব্যক্তিৰ লগত।
-
নেপালত নাৰীবাদ
নেপালত নাৰীবাদ মূলতঃ সমতা আৰু সুযোগৰ সমতাৰ ওপৰত কেন্দ্ৰীভূত। নেপালী সমাজ পৰম্পৰাগতভাৱে পিতৃতান্ত্ৰিক। নাৰীবাদী সকলে নেপালত এই অৱস্থাক সলনি কৰিবলৈ চেষ্টা কৰে। অধিকাংশ নেপালী মহিলাক সমাজিক হায়াৰাৰ্কীত তেওঁলোকৰ স্বামী আৰু পিতৃৰ তলত স্থান দিয়া হয়।
-
পেঞ্চিল পৰীক্ষা (স্তন)
পেঞ্চিল পৰীক্ষা স্তনৰ বিকাশ আৰু ব্ৰা পিন্ধাৰ প্ৰয়োজনীয়তাৰ ওপৰত এক অনানুষ্ঠানিক পৰীক্ষা। ১৯৭১ চনত এন লেণ্ডাৰছৰ এটা পৰামৰ্শৰ স্তম্ভত প্ৰকাশ পাইছিল যিটোৱে ব্ৰা সমৰ্থক আৰু বিৰোধী, বেছিভাগ পাঠকৰেই সঁহাৰি পাইছিল, তেওঁৰ শেহতীয়া স্তম্ভৰ প্ৰতি "ব্ৰালেছ মহিলাগৰাকীক গালি পৰা যিয়ে নিৰ্লজ্জভাৱে বাউন্স আৰু…
-
প্ৰতিমা গাওঁকাৰৰ মৃত্যু
২০০১ চনৰ ৯ অক্টোবৰ মাহত ভাৰতীয় আন্তঃলিংগ খেলুৱৈ আৰু সাঁতোৰবিদ প্ৰতিমা গাওঁকাৰক গোৱাৰ এটা কুঁৱাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আত্মহত্যাৰ ফলত মৃত্যু হোৱা বুলি চিনাক্ত কৰা হৈছে; লিংগ পৰীক্ষণ পৰীক্ষাৰ ব্যৰ্থতা সম্পৰ্কে প্ৰকাশ আৰু ৰাজহুৱা মন্তব্যৰ প্ৰতিক্ৰিয়াৰ কাৰণে গাওঁকাৰে এই ঘটনা সংগঠিত কৰিছিল।
-
প্ৰেৰণা গাৰ্লছ স্কুল
প্ৰেৰণা গাৰ্লছ স্কুল'(প্ৰেৰণা ছোৱালী বিদ্যালয়) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসুবিধাগ্ৰস্ত ছোৱালীৰ বাবে এখন ব্যক্তিগত, কম খৰচী, কে-১২ বিদ্যালয়। বিদ্যালয়খনে ছোৱালীৰ শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে স্বীকৃতি লাভ কৰিছে, আৰু ইয়াক ওবামা ফাউণ্ডেশ্যনৰ গাৰ্লছ অপাৰ্চনিটি এলায়েন্সৰ সৈতে জড়িত এমি…
-
পৰিৱেশ নাৰীবাদ
পৰিৱেশ নাৰীবাদ (Ecofeminism) হৈছে নাৰীবাদ আৰু ৰাজনৈতিক পৰিৱেশ বিজ্ঞানৰ এক শাখা। পৰিৱেশ নাৰীবাদী চিন্তাবিদসকলে মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিবলৈ লিংগৰ ধাৰণাটোৰ সহায় লয়। ফৰাচী লেখক ফ্ৰান্সোৱা ডি অ'বনে তেওঁৰ 'লে ফেমিনিছম অ' লা মৰ্ট' (১৯৭৪) গ্ৰন্থত এই শব্দটো উদ্ভাৱন কৰিছিল।
-
ফ্ৰি দ্য নিপল
ফ্ৰি দ্য নিপল হ'ল ২০১২ চনত সৃষ্টি হোৱা এক আগশাৰীৰ স্বাধীনতা অভিযান, ২০১৪ চনত একে নামৰ এখন ছবি নিৰ্মাণৰ পূৰ্বে ইয়াৰ সৃষ্টি হৈছিল। এই অভিযানে মহিলাসকলে যৌন বা অশ্লীল বুলি গণ্য কৰিলে পুৰুষক ৰাজহুৱা স্থানত টপলেছ দেখা দিয়াৰ সাধাৰণ প্ৰথাৰ ওপৰত আলোকপাত কৰে আৰু দাবী কৰে যে এই পাৰ্থক্য মহিলাৰ প্ৰতি…
-
ফ্ৰেঞ্চ গিয়ানাৰ মহিলা
ফ্ৰেঞ্চ গিয়ানা মহিলা হৈছে ফ্ৰেন্স গিয়ানাত বাস কৰা মহিলা। এই মহিলাসকলৰ কিছুমান ফ্ৰেঞ্চ গিয়ানাৰ মেৰুণ সম্প্ৰদায়ৰ। যদিও মাতৃতান্ত্ৰিক প্ৰকৃতিৰ, ফ্ৰেন্স গিয়ানাৰ কিছুমান মেৰুণ মহিলাই এসময়ত কেৱল পুৰুষ নেতাৰ কেভিটেন বা সহায়ক বা বেছিয়া হিচাপে কাম কৰিছিল।
-
বক্ষবন্ধনীহীনতা
মহিলাৰ অন্তৰ্বাসৰ অংশ হিচাপে বক্ষবন্ধনী নিপিন্ধা অৱস্থাক বক্ষবন্ধনীহীনতা বোলে। মহিলাসকলে অস্বস্তি, স্বাস্থ্য সম্পৰ্কীয় সমস্যা, তেওঁলোকৰ খৰচৰ বাবে বা সামাজিক আৰু সাংস্কৃতিক কাৰণত বক্ষবন্ধনী নিপিন্ধিবলৈ সিদ্ধান্ত ল’ব পাৰে। ২০০৬ চনলৈকে অষ্ট্ৰেলিয়াৰ প্ৰায় ১০% মহিলাই ব্ৰা পিন্ধা নাছিল।
-
বামা
ফাউষ্টিনা মেৰী ফাতিমা ৰাণী (জন্ম: ১৯৫৮) জনপ্ৰিয় ভাবে বামা আৰু বামা ফাউষ্টিনা চুছাইৰাজ এগৰাকী তামিল দলিত নাৰীবাদী, শিক্ষয়ত্ৰী আৰু ঔপন্যাসিক। তেওঁ তেওঁৰ আত্মজীৱনীমূলক উপন্যাস 'কাৰুক্কু'ৰ (১৯৯২) জৰিয়তে বিশেষভাৱে বিখ্যাত।
-
বিজ্ঞানৰ নাৰীবাদী দৰ্শন
বিজ্ঞানৰ নাৰীবাদী দৰ্শন (Feminist philosophy of science) হৈছে নাৰীবাদী দৰ্শনৰ এটা শাখা, যি বৈজ্ঞানিক মাধ্যমৰ জৰিয়তে আহৰণ কৰা জ্ঞান সামাজিক লিংগ পৰিচয় আৰু লিংগ ভূমিকাৰ ধাৰণাসমূহৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে সেইয়া ব্যাখ্যা কৰে।
-
বিদেশীয়া
বিদেশীয়া বা বহৰা বহাৰ (Bidesiya) ভিখাৰী ঠাকুৰ ৰচিত এখন ভোজপুৰী নাটক। ভিখাৰী ঠাকুৰে নাৰী সবলীকৰণ, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ ওপৰত লিখা কেইবাখনো নাটকৰ ভিতৰত ই অন্যতম। এই নাটকখন ইমানে জনপ্ৰিয় হৈছিল যে ই ভোজপুৰী অঞ্চলৰ লোকনাট্য শৈলীত পৰিণত হয়।