
নাৰীবাদী গ্ৰন্থ-বিপণীত নাৰীৰ বিষয়, লিংগ আৰু যৌনতাৰ সৈতে জড়িত সামগ্ৰী বিক্ৰী কৰা হয়। নাৰীবাদী সম্প্ৰদায়ৰ সংগঠন আৰু বিকাশৰ দিশসমূহ আলোচনা কৰা পুৰণি স্থানসমূহৰ ভিতৰত এনেধৰণৰ গ্ৰন্থ-বিপণী অন্যতম আছিল৷.১নাৰীবাদী গ্ৰন্থ-বিপণীৰ প্ৰসাৰৰ পূৰ্বে আমেৰিকাত গ্ৰন্থৰ বিক্ৰী শ্বেতাংগ পুৰুষৰ অধীনৰে এটা ব্যৱসায় আছিল। সেই সময়ত নাৰীবাদীসকলে উত্থাপন কৰা নাৰীকেন্দ্ৰিক সাহিত্যৰ দাবী পূৰণৰ বাবে এই কিতাপৰ বিপণীৰ নেতৃত্বৰ মাজত সজাগতা আৰু আগ্ৰহৰ অভাৱ আছিল।১কিছুমান কিতাপৰ বিপণীত মহিলা সাহিত্য বা নাৰীবাদী কিতাপৰ সৰু-সুৰা অংশ আছিল যদিও এইবোৰ সীমিত আছিল আৰু এই শ্ৰেণীক প্ৰতিনিধিত্বমূলক পৰিসৰ আৰু গভীৰতা প্ৰদান কৰা নাছিল৷ পুৰুষক কেন্দ্ৰ কৰি নিলিখা বা উত্থাপন নকৰা বিষয়ক গ্ৰন্থ বিপণীৰ এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হোৱা নাছিল।২
ইতিহাস
নাৰীবাদী গ্ৰন্থ-বিপণীসমূহে কেৱল গ্ৰন্থ ক্ৰয় কৰাৰ বাবেই নহয়,বিংশ শতিকাৰ মাজভাগৰ ক্ৰমবৰ্ধমান নাৰীবাদী আন্দোলনৰ অংশ হিচাপে মহিলা,সমকামী মহিলা আৰু নাৰীবাদীসকলৰ বাবে সম্প্ৰদায় গঢ়ি তোলাৰ স্থান হিচাপে অধিক ব্যাপকভাৱে আত্মপ্ৰকাশ কৰে।৩ এই স্বতন্ত্ৰ কিতাপৰ বিপণীসমূহে ১৯৬০ চনৰ সময়ছোৱাত আৰু তাৰ পিছত দ্বিতীয় ঢৌৰ নাৰীবাদী আন্দোলনৰ অংশ হিচাপে সমগ্ৰ আমেৰিকা আৰু বিদেশত এক নেটৱৰ্ক গঠন কৰিছিল।৪১৯৭৮ চনত ব্ৰিটেইনত মুকলি হোৱা 'চিষ্টাৰৰাইট' প্ৰথমখন নাৰীবাদী গ্ৰন্থ-বিপণী আছিল।৫ইয়াক সামূহিকভাৱে চলোৱা হৈছিল।৬৭৮
গ্ৰন্থ বিক্ৰেতা হিচাপে কাম কৰাৰ উপৰিও নাৰীবাদী গ্ৰন্থৰ বিপনীসমূহে সামাজিক পৰিৱৰ্তনৰ বাবে শিক্ষণ আৰু সংগঠনৰ স্থান হিচাপে কাম কৰিছিল।৯ বহুতো নাৰীবাদী গ্ৰন্থৰ বিপনী সামূহিকভাৱে মহিলাৰ ব’ৰ্ডে অ-শ্ৰেণীবদ্ধ গাঁথনিত চলাইছিল।নাৰীৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন সৃষ্টি কৰিবলৈ ব্যৱস্থা পৰিৱৰ্তনৰ প্ৰয়োজন আছিল। দ্বিতীয় ঢৌৰ নাৰীবাদীসকলৰ বিশ্বাসৰ সৈতে সংগতি ৰাখি এইটো আছিল পুঁজিবাদ বিৰোধী ব্যৱসায়িক আৰ্হি।১০ সমকামী আৰু উভকামী মহিলাসকলৰ বাবে সুৰক্ষিত স্থানৰ অভাৱৰ প্ৰতিক্ৰিয়াস্বৰূপে,হোমোফোবিয়া আৰু লেচবোফোবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ নাৰীবাদী গ্ৰন্থৰ বিপনীবোৰ আংশিকভাৱে সৃষ্টি কৰা হৈছিল।
লিংগ আৰু নাৰী অধ্যয়ন প্ৰতিষ্ঠা
একাডেমীত নাৰীবাদী অধ্যয়নৰ প্ৰতিষ্ঠা আৰু বিকাশৰ বাবে নাৰীবাদী গ্ৰন্থৰ বিপনীবোৰ অত্যাৱশ্যকীয় আছিল।১ নাৰীবাদী সাহিত্যক একত্ৰিত কৰা আৰু মহিলাসম্পৰ্কীয় বিষয়বোৰৰ মুকলি আলোচনাৰ বাবে স্থান প্ৰদান কৰাত, গ্ৰন্থৰ বিপনীবোৰ নাৰীবাদী বুদ্ধিজীৱীসকলক সহায় কৰিছিল।এই বুদ্ধিজীৱী আৰু কৰ্মীসকলৰ দ্বাৰা আংশিকভাৱে গুৰুত্বপূৰ্ণ জাতি আৰু লিংগ তত্ত্ব প্ৰস্তুত কৰা হৈছিল, আৰু একাডেমীত প্ৰতিষ্ঠা হ’বলগীয়া ক্ষেত্ৰখনৰ বাবে প্ৰয়োজনীয় বিষয়বস্তু বিকশিত কৰাৰ বাবে নাৰীবাদী গ্ৰন্থৰ বিপনীসমূহেই আছিল মূল চাবিকাঠি।গ্ৰন্থৰ বিপনীবোৰ জনসাধাৰণৰ বাবে মুকলি আছিল আৰু বিক্ৰী হোৱা সামগ্ৰীৰ লগতে বিপনী চলোৱা মহিলাসকলৰ জৰিয়তেও সম্পদ যোগান ধৰিছিলসেয়েহে আগতে জ্ঞান অৰ্জন নকৰা লোকসকলেও গ্ৰন্থৰ বিপনীৰ জৰিয়তে সেই সুবিধা লাভ কৰিছিল।ইয়াৰ ফলত প্ৰথমে মহিলা অধ্যয়ন আৰু তাৰ পিছত লিংগ অধ্যয়নৰ বাবে সমগ্ৰ দেশৰ শৈক্ষিক বিভাগ হিচাপে বিস্তৃত আহ্বান জনাবলৈ সক্ষম হৈছিল।১১
নাৰীবাদী গ্ৰন্থৰ বিপনীৰ সৈতে সমস্যা আৰু সঁহাৰি
বহু গ্ৰন্থৰ বিপনীয়ে ইচ্ছাকৃতভাৱে মালিকসকলৰ বাবে পৰিষদ গঠন কৰিছিল। পৰিষদখন মহিলা হোৱাৰ বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম আছিল।কিছুমান নেতৃত্বৰ ভিতৰত শ্বেতাংগ নাৰীবাদ আছিল চৰ্চিত বিষয়।১২
বৰ্ণৰ মহিলাসকলে এনে পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত পৰিচালনা কৰিছিল আৰু আন মহিলাসকলৰ অভিজ্ঞতা বৃদ্ধি কৰিছিল। উদাহৰণস্বৰুপে কিচেন টেবুল প্ৰেছ নামৰ প্ৰকাশন গোষ্ঠীটোৱে আসকলো পটভূমিৰ বৰ্ণৰ মহিলাই একান্তভাৱে লিখা সাহিত্য প্ৰস্তুত কৰিছিল, আৰু তাৰ পিছত প্ৰায়ে নাৰীবাদী গ্ৰন্থৰ বিপনীৰ জৰিয়তে জনসাধাৰণক বিক্ৰী কৰিছিল।১৩
তথ্যসূত্ৰ
- ↑ Onosaka, Junko. (2013-10-14). Feminist Revolution in Literacy: Women's Bookstores in the United States. Routledge. ISBN 9781135499150
- ↑ Travis, Trysh. (2008-09-12). The Women in Print Movement: History and Implications. Book History. পৃ. 275–300
- ↑ Hogan, Kristen Amber. (2006-01-01). Reading at Feminist Bookstores: Women's Literature, Women's Studies, and the Feminist Bookstore Network. ISBN 9780542770135
- ↑ Hogan, Kristen. (2016-04-15). The Feminist Bookstore Movement: Lesbian Antiracism and Feminist Accountability. Duke University Press Books. ISBN 9780822361299
- ↑ (15 August 1993). Closed chapter: Sisterwrite, Britain's first women's bookstore,... Chicago Tribune
- ↑ Crockett, Moya. (2019-03-08). The UK's feminist bookshops are making a triumphant comeback. Stylist
- ↑ (3 July 2020). In conversation with members of Sisterwrite Collective. The Feminist Library
- ↑ Sisterwrite Bookshop. islington.humap.site
- ↑ Liddle, Kathleen. (2005-07-12). More than a Bookstore. Journal of Lesbian Studies. পৃ. 145–159
- ↑ Love, Barbara J. (2006-09-22). Feminists Who Changed America, 1963-1975. University of Illinois Press. ISBN 9780252031892
- ↑ Mantilla, Karla. (2007). Feminist Bookstores: Where Women's Lives Matter. Off Our Backs. পৃ. 48–50
- ↑ A Woman's Place Bookstore records. www.oac.cdlib.org
- ↑ Smith, Barbara. (1989-01-01). A Press of Our Own Kitchen Table: Women of Color Press. Frontiers: A Journal of Women Studies. পৃ. 11–13
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদী গ্ৰন্থ-বিপণী” প্ৰবন্ধৰ সংশোধন ৬৩২৫০৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।