নাৰীবাদৰ কিছুমান ধাৰা আন বিলাকৰ তুলনাত অধিক ৰক্ষণশীল বুলি বিবেচিত হয়।১২
ঐতিহাসিকভাৱে নাৰীবাদী পণ্ডিতসকলে সাধাৰণতে ৰক্ষণশীল মহিলাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু শেহতীয়া বছৰবোৰত এই মহিলাসকলৰ দৃষ্টিভংগীৰ ওপৰত অধিক গভীৰ গৱেষণাৰ প্ৰচেষ্টা চলোৱা হৈছে।
কাৰণ, প্ৰায় প্ৰতিটো নাৰীবাদী আন্দোলনত কিছুমান ৰক্ষণশীল উপাদান থাকিব পাৰে। কিন্তু এই তালিকাখনে কেৱল সেই নাৰীবাদী আন্দোলনসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিবোৰ মূলতঃ ৰক্ষণশীল।
তালিকা
এই তালিকাত এনে সংগঠন বা ব্যক্তি অন্তৰ্ভুক্ত হ’ব পাৰে য’ত নাৰীবাদৰ ৰক্ষণশীল ৰূপসমূহ অধিক সহজে চিনাক্ত কৰিব পৰা যায়, কিন্তু ই মূলতঃ বিভিন্ন ৰূপৰ তালিকা। সাধাৰণতে নিৰ্দিষ্ট নাৰীবাদী আন্দোলনৰ সৈতে জড়িত সংগঠন আৰু ব্যক্তিসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা উচিত নহয়, বৰঞ্চ সেই বিশেষ আন্দোলনৰ সৈতে জড়িত প্ৰবন্ধৰ লিংক অনুসৰণ কৰি বিচাৰি পোৱা যায়।
- ৰক্ষণশীল নাৰীবাদ (এই তালিকাত উল্লেখ কৰা বিভিন্ন ৰক্ষণশীল নাৰীবাদী আন্দোলনৰ উপৰিও):
- কেথেৰিন কাৰ্ষ্টেনে লক্ষ্য কৰিছে যে পুৰুষতকৈ মহিলাসকলে এতিয়াও তেওঁলোকৰ সফলতাৰ ক্ষেত্ৰত অধিক বাধাৰ সন্মুখীন হয়, যিয়ে লিংগ বৈষম্যৰ অস্তিত্ব স্বীকাৰ কৰে। তেওঁ নাৰীবাদক সম্পূৰ্ণৰূপে নাকচ নকৰে, বৰঞ্চ মাৰ্গাৰেট ফুলাৰৰ দৰে পৰম্পৰাগত নাৰীবাদী দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি ইয়াৰ ব্যাখ্যা কৰে।
- ২০১০ চনত চুজান বি এন্থনী তালিকাৰ এখন বৈঠকত ছাৰা পেলিনে "ৰক্ষণশীল নাৰীবাদ"ৰ সপক্ষে মাত মাতিছিল।
- ৰিচাৰ্ড এ. পছনাৰে প্ৰস্তাৱ কৰিছে যে, ৰক্ষণশীল নাৰীবাদ'ৰ অৰ্থ হ'ল মহিলাসকলে পুৰুষৰ সমান ৰাজনৈতিক, আইনী, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ যোগ্য, কিন্তু নিয়ন্ত্ৰিত বজাৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণৰ ভিতৰত।
- মাতৃত্ববাদী নাৰীবাদ
- সমতা নাৰীবাদ
- ব্যক্তিবাদী নাৰীবাদক প্ৰথমে যুৱতীসকলক আকৰ্ষণ কৰিবলৈ ডিজাইন কৰা হৈছিল, বিশেষকৈ যিসকলৰ চিন্তাধাৰাত তুলনামূলকভাৱে অধিক ৰক্ষণশীল আছিল।
- ইভানজেলিকেল প্ৰটেষ্টেণ্ট খ্ৰীষ্টান নাৰীবাদৰ দৃষ্টিভংগী
- নেচনেল উইমেনছ পাৰ্টি (আমেৰিকাত)
- New Catholic feminism, যিটো ৰক্ষণশীল কেথলিক মহিলাসকলে আকোৱালি লৈছে।
- নতুন ৰক্ষণশীল নাৰীবাদ বা বেকলেচ নাৰীবাদ
- অতীতৰ ৰক্ষণশীল নাৰীবাদ বা ঘৰুৱা নাৰীবাদ (১৯ শতিকাত জনপ্ৰিয়)
- উত্তৰ-নাৰীবাদ
- সোঁপন্থী নাৰীবাদ বা সুষম নাৰীবাদ''' যিয়ে প্ৰথম ঢৌৰ নাৰীবাদৰ আদৰ্শৰ ওপৰত নিৰ্মাণ কৰে।
- ৰাষ্ট্ৰীয় নাৰীবাদ
- সাম্ৰাজ্যবাদী নাৰীবাদ
- মহিলা ইকুইটি একচন লীগ (WAIL)
ব্ৰিটেইনত কনজাৰ্ভেটিভ পাৰ্টিৰ বহু বিশিষ্ট মহিলা নেতাই বৰ্তমান নাৰীবাদী বুলি পৰিচয় দিয়ে। এই ধাৰাটো আৰম্ভ হৈছিল থেৰেছা মে'ৰ পৰা, যেতিয়া তেওঁ ফ'চেট ছ'চাইটিৰ এটা টি-চাৰ্ট পিন্ধিছিল য'ত লিখা আছিল 'এগৰাকী নাৰীবাদীক এনেকুৱা দেখা যায়'। বৰ্তমানৰ ব্ৰিটিছ মহিলা সাংসদসকলে কৰ্মক্ষেত্ৰত সম সুযোগৰ পোষকতা কৰা আৰু পৰ্ণগ্ৰাফীৰ বিৰোধিতা কৰাকে ধৰি নিজৰ নিজৰ নীতিক সমৰ্থন কৰিবলৈ নাৰীবাদী যুক্তি ব্যৱহাৰ কৰে
তথ্যসূত্ৰ
- ↑ কাৰ্ষ্টেন, কেথৰিণ. (বসন্ত ১৯৯১). মহিলাসকলে প্ৰকৃততে কি বিচাৰে? এটা ৰক্ষণশীল নাৰীবাদী ইস্তাহাৰ. পলিছি ৰিভিউ. দ্য হেৰিটেজ ফাউণ্ডেছন. পৃ. ৪–১৫
- ↑ ব্ৰেডলি, এলান. (জুন ২৭, ২০১০). ৰক্ষণশীল নাৰীবাদ: পৰস্পৰ বিৰোধী ধাৰণা?
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদৰ ৰক্ষণশীল ৰূপ” প্ৰবন্ধৰ সংশোধন ৪৯১৪৬৭ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।