গাৰ্ল পাৱাৰ বা কিশোৰী শক্তি (Girl Power) হৈছে এক শ্লোগান যি নাৰীৰ সৱলীকৰণ, স্বাধীনতা, আত্মবিশ্বাস আৰু শক্তিক উৎসাহিত আৰু উদযাপন কৰে। শ্লোগানটোৰ আৱিষ্কাৰৰ কৃতিত্ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাংক বেণ্ড বিকিনি কিলক দিয়া হয়১ যিয়ে ১৯৯১ চনত গাৰ্ল পাৱাৰ নামৰ এক সাময়িক পত্ৰিকা প্ৰকাশ কৰিছিল।২ ইয়াৰ পিছত ১৯৯০ ৰ দশকৰ মাজভাগত ব্ৰিটিছ কিশোৰীৰ এটা গোট, স্পাইচ গাৰ্লছএ ইয়াক মূলসুঁতিত জনপ্ৰিয় কৰি তুলিছিল।৩
ব্যুৎপত্তি
১৯৯০ চনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাংক বেণ্ড বিকিনি কিলে তেওঁলোকৰ নিজৰ স্ব-শীৰ্ষক নাৰীবাদী পত্ৰিকাৰ কাম আৰম্ভ কৰে আৰু প্ৰথমটি সংখ্যা প্ৰকাশ কৰে।৪ এবছৰ পিছত বেণ্ডটোৱে তেওঁলোকৰ বিকিনি কিল জিনেৰ দ্বিতীয় সংখ্যাটো প্ৰকাশ কৰে, আৰু বৰ্তমান গাৰ্ল পাৱাৰ উপশীৰ্ষকৰ সৈতে এই পত্ৰিকাখন প্ৰকাশ হয়।৫ বেণ্ডটোৰ মুখ্য গায়িকা কেথলিন হান্নাই কয় যে তেওঁলোক ব্লেক পাৱাৰ শ্লোগানৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।৬ ৯০ ৰ দশকৰ আৰম্ভণি আৰু মধ্য ভাগত এই শব্দটো জনপ্ৰিয় হৈ পৰে। দ্য ৰোলিং ষ্টোন এনচাইক্লোপিডিয়া অফ ৰক এণ্ড ৰোলে এই পত্ৰিকা খনক শ্লোগানটোৰ সৃষ্টিৰ কৃতিত্ব দিয়ে। এই বেণ্ডটোৱে পত্ৰিকাখনৰ ডাৱৰ বিশেষ সুনাম অৰ্জন কৰিছিল। তেওঁলোকে সংগীত জগতৰ বাহিৰৰ ক্ষেত্ৰখনৰ মহিলাকো সাহসেৰে ওলাই আহি মুক্ত ভাৱে সন্মুখীন হোৱা যৌন উৎপীড়নৰ বিষয়ে কথা পাতিবলৈ আমন্ত্ৰণ জনাইছিল।৭
ৰায়ট গ্ৰৰৰল'ৰ বানানৰ ওপৰত ভিত্তি কৰি শব্দটি কেতিয়াবা কেতিয়াবা চমকপ্ৰদভাবে গ্ৰৰৰল পাৱাৰ বুলিও উচ্চাৰিত হয়।৮৯
স্পাইচ গাৰ্লছ
ব্ৰিটিছ পপ সংগীতৰ দল স্পাইচ গাৰ্লছে ১৯৯০ ৰ দশকৰ মাজভাগত গাৰ্লছ পাৱাৰ শ্লোগানটো মূলসুঁতিৰ চেতনালৈ আনিছিল।১০১১১২ স্পাইচ গাৰ্লছৰ "নাৰী শক্তি"ৰ সংস্কৰণত মহিলাসকলৰ মাজত শক্তিশালী আৰু নিষ্ঠাৱান বন্ধুত্বৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল,১৩১৪ এই দলটোৰ সশক্তিকৰণৰ বাৰ্তাই যুৱতী, কিশোৰী আৰু প্ৰাপ্তবয়স্ক মহিলাসকলক আকৰ্ষিত কৰিছিল।১৫১৬ বিলবৰ্ড আলোচনীঅনুসৰি তেওঁলোকে প্ৰকৃত, অপ্ৰতিযোগিতামূলক নাৰী বন্ধুত্ব প্ৰদৰ্শন কৰি এইদৰে গাইছিল: "ইফ য়ু ৱানা বি মাই লাভাৰ, য়ু গটা গেট ৱিড মাই ফ্ৰেণ্ডছ। মেক ইট লাষ্ট ফৰেভাৰ, ফ্ৰেণ্ডশ্বিপ নেভাৰ এণ্ডছ।"১০
সৰ্বোপৰি, "নাৰী শক্তি"ৰ কেন্দ্ৰীভূত, ধাৰাবাহিক উপস্থাপনে বেণ্ড হিচাপে তেওঁলোকৰ আবেদনৰ কেন্দ্ৰবিন্দু গঠন কৰিছিল।১৬১৭১০১৮ "কিশোৰী শক্তি" শ্লগানটোৱে তেওঁলোকৰ যুৱ অনুৰাগীসকলৰ ক্ষেত্ৰত নাৰীবাদৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে।১৪১৯ অন্যহাতেদি, কিছুসংখ্যক সমালোচকে "গাৰ্ল পাৱাৰ"ক এক তৰাং বিজ্ঞাপন কৌশলতকৈ অধিক একো নহয় বুলি অমান্য কৰে। ইয়াৰ বিপৰীতে বাকীসকলে এই বিষয়টো সন্দৰ্ভত শাৰীৰিক অৱয়বৰ ওপৰত গুৰুত্ব আৰোপণেৰে সহজে প্ৰভাৱান্বিত হোৱা যুৱচামৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে চিন্তা প্ৰকাশ কৰে।১৫ বাক্যাংশটো লাহে লাহে এটা সাংস্কৃতিক পৰিঘটনালৈ পৰিণত হৈছিল,২০ লাখ লাখ ছোৱালীয়ে ইয়াক এক উদ্যম স্বৰূপ মন্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল১৬১৪ আনকি এই বাক্যাংশক অক্সফৰ্ড ইংৰাজী অভিধানটো স্থান দিয়া হৈছিল।২১
ধাৰণাটোৰ সংক্ষিপ্ত বিৱৰণত লেখক ৰিয়ান ডৱছনে কয়, "স্পাইচ গাৰ্লছে বৰ্তমান সময়ত সম্পূৰ্ণৰূপে অলক্ষণীয় যেন লগাকৈ গাৰ্ল পাৱাৰৰ বাবে ব্ৰিটিছ সংস্কৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটাইছিল।"২২
২০১৮ চনত ৰোলিং ষ্ট'নে স্পাইচ গাৰ্লছৰ ব্ৰেণ্ডৰ "গাৰ্ল পাৱাৰ"ক মিলেনিয়াল ১০০-ত স্থান দিয়ৱ, যি হৈছে ১০০ গৰাকী এনে লোক, সংগীত, সাংস্কৃতিক স্তম্ভ আৰু আন্দোলনৰ এখন তালিকা যি সহস্ৰাব্দ প্ৰজন্মক গঢ় দিছে।২৩
সমালোচনা
ডাবলিন চিটি বিশ্ববিদ্যালয়ৰ যোগাযোগ অধ্যয়নত বি.এ.-ৰ অধ্যক্ষ ড. ডেবি গিঙে "গাৰ্ল পাৱাৰ" আদৰ্শৰ সমালোচনা কৰিছিল, আৰু ইয়াক সৰু শিশু, বিশেষকৈ কিশোৰী সকলৰ যৌনতাৰ সৈতে সম্পৰ্কিত বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।২৪ নৰ্থ কেৰোলিনা ষ্টেট ইউনিভাৰ্চিটিৰ এমি মেকক্লেৰে এই ধাৰণাটোৱে কিশোৰী শক্তিৰ ওপৰত অত্যধিক আশা ৰখাৰ বিৰুদ্ধে এক শক্তিশালী ধাৰণা হিচাপে সতৰ্কতা অৱলম্বন কৰিবলৈ কয়। তেওঁ কয়, "উপভোক্তাবাদৰ ওপৰত আধাৰিত এটা আদৰ্শ কেতিয়াও বৈপ্লৱিক সামাজিক আন্দোলন হ'ব নোৱাৰে। এইটো এটা বৈপ্লৱিক আন্দোলন যেন লাগিলেও, ই বিপদজনক মিছা কথা, ইয়াক কেৱল বিক্ৰেতাই কৌশলেৰে আমাৰ ওচৰত বিক্ৰী নকৰে কিন্তু আমি প্ৰায়ে আনন্দেৰে নিজেই নিজকে বিক্ৰী কৰোঁ।"২৫ মিডিয়াই কেতিয়াবা বৰ্তমান সময়ত ছোৱালী হোৱাৰ অৰ্থ কি তাৰ এক সংকীৰ্ণ সংজ্ঞা উপস্থাপন কৰিব পাৰে। এটা সাধাৰণ উদাহৰণ হৈছে জনপ্ৰিয় পুতলা মেটেলৰ বাৰ্বি। শেহতীয়াকৈ এই পুতলাৰ বিজ্ঞাপনৰ শ্ল'গান "আই কেন বি বাৰ্বি" য়ে "কিশোৰী শক্তি"ৰ এই ধাৰণাটোক মূৰ্ত কৰি তুলিছে য'ত সৰু ছোৱালীবোৰ ডাঙৰ হ'লে তেওঁলোকে বিচৰাধৰণে যে যিকোনো হোৱা সম্ভৱ সেই সম্পৰ্কীয় এটা মত প্ৰকাশ হৈছে। যুক্তিসঙ্গতভাৱে, ইয়াত বাৰ্বিৰ প্ৰতিচ্ছবিয়ে সংকীৰ্ণতা প্ৰকাশ কৰিবও পাৰে২৬ অৰ্থাৎ ইয়াৰ এক বিকল্পও থাকিব পাৰে যাৰ সৈতে ছোৱালী এগৰাকীয়ে নিজক ভৱিষ্যতে চিনাকি দিব পাৰিব।২৭ দা গাৰ্ডিয়ানৰ হান্না জেন পাৰ্কিনচনে এই শব্দটোক "যুৱতীসকলে নিজকে নাৰীবাদী বুলি কোৱা আৰু সমতাৰ নীতিৰ বাবে থিয় দিয়াৰ বিষয়ে অধিক আত্মবিশ্বাসী অনুভৱ কৰা" বুলি সমালোচনা কৰে আৰু ইয়াক "ছোৱালী" বা "কিশোৰী" শব্দটো অন্তৰ্ভুক্ত কৰাৰ বাবে সমালোচনা কৰি কয় যে ই প্ৰাপ্তবয়স্ক মহিলাসকলকো ছোৱালী হিচাপে উপস্থাপন কৰাত উদগনি দিয়ে।২৮
তথ্যসূত্ৰ
- ↑ Kathleen Hanna | Bikini Kill Girl Power
- ↑ Bikini Kill
- ↑ Taylor, Alex. (24 May 2019). Spice Girls: What happened to Girl Power?. BBC News
- ↑ আৰ্কাইভ কপি
- ↑ Coscarelli, Joe. (July 11, 2016). Kathleen Hanna on Hit Reset, Her Recovery and Her Feminist Path. The New York Times
- ↑ Marcus, Sara. (2010). Girls to the Front. Harper Perennial
- ↑ Bikini Kill Bio. RollingStone.com
- ↑ Gonick, Marnina. (2008). Girl Culture. Greenwood Press. পৃ. 310–314. ISBN 978-0-313-33909-7
- ↑ Leonard, Marion. (1997). Sexing The Groove: Popular Music and Gender. Routledge. পৃ. 230–55. ISBN 978-0-415-14670-8
- ↑ Spice Girls' 'Wannabe': How 'Girl Power' Reinvigorated Mainstream Feminism in the '90s. Billboard (magazine)
- ↑ (January–February 2008). From Title IX to Riot Grrrls. Harvard Magazine
- ↑ (December 30, 1997). Girl power | You've come a long way baby. BBC News
- ↑ "Girl Power is just a Nineties way of saying it." How feminism went pop during the reign of the Spice Girls. stylist.co.uk
- ↑ Girl Power!: The Spice Girls and Feminism. The 13th Floor
- ↑ (July 7, 2016). How the Spice effect still packs punch. BBC News
- ↑ “You've come a long way baby...". BBC. 30 December 1997
- ↑ কোনো কোনো ভাষ্যকাৰে স্পাইচ গাৰ্লছক ১৯৯০ ৰ দশকত মূলসুঁতিৰ নাৰীবাদক পুনৰুজ্জীৱিত কৰাৰ কৃতিত্ব দিয়ে
- ↑ (August 6, 2015). It's Time To Give The Spice Girls The Credit They Deserve. The Huffington Post
- ↑ (13 December 2012). The Spice Girls were my gateway drug to feminism. The Guardian
- ↑ Will there ever be another girl band like the Spice Girls?. New Statesman. 14 July 2016
- ↑ BBC News. Article on "Girl Power" being added to the Oxford English Dictionary. British Broadcasting Corporation. 17 January 2002
- ↑ Dawson, Ryan. "Beatlemania and Girl Power: An Anatomy of Fame". Bigger Than Jesus: Essays On Popular Music. University of Cambridge. Archived from original on 28 April 2005. Retrieved 17 February 2017
- ↑ (October 17, 2018). The Millennial 100: #2.The Spice Girls' 'Girl Power'. Rolling Stone
- ↑ Ging, Debbie. "Girl Power" doesn’t empower: why it’s time for an honest debate about the sexualisation of children in Ireland July 2007
- ↑ http://www.allacademic.com/meta/p108568_index.html
- ↑ Lamb, Sharon; Brown, Lyn Mikel. (2007). Packaging Girlhood: rescuing our daughters from marketers' schemes. St. Martin's Griffin. ISBN 9780312370053
- ↑ icanbe.barbie.com
- ↑ Hannah Jane Parkinson. (8 July 2015). Stop calling women 'girls'. It's either patronising or sexually suggestive. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাৰ্ল পাৱাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৩১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।