অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিজ্ঞানৰ নাৰীবাদী দৰ্শন

বিজ্ঞানৰ নাৰীবাদী দৰ্শন (Feminist philosophy of science) হৈছে নাৰীবাদী দৰ্শনৰ এটা শাখা, যি বৈজ্ঞানিক মাধ্যমৰ জৰিয়তে আহৰণ কৰা জ্ঞান সামাজিক লিংগ পৰিচয় আৰু লিংগ ভূমিকাৰ ধাৰণাসমূহৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে সেইয়া ব্যাখ্যা কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ
মহিলাক আনুষ্ঠানিক বিজ্ঞানী হিচাপে কাম কৰিবলৈ দিয়াৰ পৰিৱৰ্তে প্ৰায়ে পুৰুষ বিজ্ঞানীৰ সহায়ক হিচাপেহে কাম কৰিবলৈ দিয়া হৈছিল।
মহিলাক আনুষ্ঠানিক বিজ্ঞানী হিচাপে কাম কৰিবলৈ দিয়াৰ পৰিৱৰ্তে প্ৰায়ে পুৰুষ বিজ্ঞানীৰ সহায়ক হিচাপেহে কাম কৰিবলৈ দিয়া হৈছিল।ছবি: NASA · Public domain

বিজ্ঞানৰ নাৰীবাদী দৰ্শন (Feminist philosophy of science) হৈছে নাৰীবাদী দৰ্শনৰ এটা শাখা, যি বৈজ্ঞানিক মাধ্যমৰ জৰিয়তে আহৰণ কৰা জ্ঞান সামাজিক লিংগ পৰিচয় আৰু লিংগ ভূমিকাৰ ধাৰণাসমূহৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে সেইয়া ব্যাখ্যা কৰে। লিংগ আৰু বিজ্ঞানৰ সংযোগে বিজ্ঞানৰ ক্ষেত্ৰখনত থকা মৌলিক প্ৰশ্ন আৰু সত্যসমূহ পুনৰীক্ষণ কৰি লিংগ পক্ষপাতিত্বই বৈজ্ঞানিক ফলাফলত কেনে প্ৰভাৱ পেলাব পাৰে সেই কথা উন্মোচন কৰিবলৈ নাৰীবাদী দাৰ্শনিকক উৎসাহিত কৰে।১ বিজ্ঞানৰ নাৰীবাদী দৰ্শনৰ অৱস্থান "বিজ্ঞান দৰ্শন আৰু নাৰীবাদী বিজ্ঞানৰ পাণ্ডিত্যৰ সংযোগস্থলত"২বুলি চিহ্নিত কৰা হৈছে আৰু ১৯৮০ চনৰ পৰাই ই যথেষ্ট মনোযোগ লাভ কৰিছে।৩

ইতিহাস

১৯৬০ চনত নাৰীবাদী বিজ্ঞান অধ্যয়নৰ পৰা বিজ্ঞানৰ নাৰীবাদী দৰ্শনৰ জন্ম হৈছিল, যেতিয়া মহিলা প্ৰাইমেট'লজিষ্টসকলে পশুৰ লিংগ অনুযায়ী থকা (মতা আৰু মাইকী) আচৰণগত সংস্কাৰৰ পুনৰ মূল্যায়ন কৰিবলৈ আৰম্ভ কৰিছিল।৩কিন্তু দৰ্শনৰ এই শাখাৰ পৰা জন্ম হোৱা নাৰীবাদী সংস্কাৰে ১৯৮০ চনৰ শেষৰ ফালেহে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ পৰা আনুষ্ঠানিক সমৰ্থন লাভ কৰিছিল৷ তাৰ পিছত বিজ্ঞানৰ দৰ্শন হিচাপে ইয়াৰ প্ৰাধান্য বাঢ়িছিল। ১৯৮৬ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান (NIH)-এ চিকিৎসা আৰু ক্লিনিকেল গৱেষণাৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলা উভয়ৰে বাবে এক প্ৰয়োজনীয়তা প্ৰৱৰ্তন কৰে।৪১৯৯০ চনৰ আৰম্ভণিতে, স্বাস্থ্য প্ৰতিষ্ঠানৰ মহিলা স্বাস্থ্য গৱেষণা কাৰ্যালয় আৰু মহিলা স্বাস্থ্য পদক্ষেপৰ বাবে আগবঢ়োৱা ৬২৫ মিলিয়ন ডলাৰৰ পুঁজিয়ে ৰাজহুৱা ক্ষেত্ৰত বিজ্ঞানৰ নাৰীবাদী দৰ্শনৰ প্ৰয়োগৰ দিশত কঠোৰ সমৰ্থনৰে প্ৰতিনিধিত্ব কৰে।৩

১৯৭৮ চনৰ আগষ্ট মাহত কেথাৰিন আৰ ষ্টিম্পছন আৰু জোয়ান বাৰ্ষ্টিনে বিজ্ঞানৰ ক্ষেত্ৰত মহিলা পণ্ডিতৰ অভাৱ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ত আলোকপাত কৰি "মহিলা, বিজ্ঞান আৰু সমাজ" শীৰ্ষক Signs পত্ৰিকাৰ বিশেষ খণ্ডত এটা সম্পাদকীয় প্ৰকাশ কৰে।৫ তেওঁলোকৰ প্ৰবন্ধটোৱে বিজ্ঞানৰ তিনিটা ক্ষেত্ৰৰ পৰিচয় দিছিল৷ সেয়া হৈছে-বিজ্ঞানত লৈংগিক পক্ষপাতিত্বৰ সমালোচনা, বিজ্ঞানত মহিলাৰ ইতিহাস তথা সমাজ বিজ্ঞানৰ তথ্য আৰু বিজ্ঞানত মহিলাৰ মৰ্যাদাৰ দিশত ৰাজহুৱা নীতিৰ বিবেচনা।১

নবৈৰ দশকৰ শেষৰ ফালে নাৰীবাদী বিজ্ঞানৰ অধ্যয়ন সুপ্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ অধ্যয়ন ক্ষেত্ৰখনৰ ভিতৰত বহুতো বিশিষ্ট পণ্ডিত অন্তৰ্ভুক্ত হৈছিল। দাৰ্শনিক জন ছিয়াৰ্লে ১৯৯৩ চনত নাৰীবাদক "অধ্যয়ন কৰিবলগীয়া ক্ষেত্ৰ"তকৈ অধিক "উন্নত হোৱাৰ কাৰণ" বুলি বিবেচনা কৰিছিল৷৬

বিজ্ঞানৰ নাৰীবাদী দৰ্শন

বস্তুনিষ্ঠতা আৰু মূল্যবোধ

বিজ্ঞানৰ নাৰীবাদী দাৰ্শনিকসকলে কয় যে, বিশুদ্ধভাৱে বস্তুনিষ্ঠ হোৱাৰ পৰিৱৰ্তে বিজ্ঞান পক্ষপাতদুষ্ট আৰু মূল্যমুক্ত নহয়।৭নাৰীবাদী দৰ্শনৰ এই শাখাটোৱে যুক্তি আগবঢ়ায় যে বৈজ্ঞানিক ফলাফলৰ সম্পূৰ্ণ অনুধাৱন আৰু ব্যাখ্যাৰ বাবে লিংগ বৈষম্যই গৱেষণা পদ্ধতিৰ বিশ্বাসযোগ্যতাক কেনেদৰে প্ৰভাৱিত কৰে-তাক লৈ প্ৰশ্ন কৰাৰ প্ৰয়োজন।৮

দৃষ্টিকোণ আৰু জ্ঞান

বিজ্ঞানত মহিলাসকলৰ প্ৰৱেশ আৰু সুযোগৰ অভাৱৰ দিশটো আঙুলিয়াই বিজ্ঞানৰ নাৰীবাদী দৰ্শনে পৰম্পৰাগতভাৱে সমালোচনা কৰি আহিছে৷ কিয়নো ইয়াৰ এটা ফলস্বৰূপে বৈজ্ঞানিক ফলাফলসমূহ "লৈংগিক মূল্যবোধৰ দ্বাৰা বিকৃত" হৈছে।৭

এটা সম্পূৰ্ণ দৃষ্টিকোণৰ তত্ত্বত সাতটা অংশ থাকে; যাতে এজনৰ ক্ষমতাৰ অৱস্থান সম্পূৰ্ণৰূপে বুজিব পাৰি। এণ্ডাৰছনে আলোচনী ফেমিনিষ্ট এপিষ্টেম'লজি এণ্ড ফিল'চফি অৱ চাইন্সত এইবোৰৰ বিষয়ে উল্লেখ কৰিছে।৯ তত্ত্বৰ প্ৰথমতে কৰ্তৃপক্ষৰ সামাজিক অৱস্থান উল্লেখ কৰিব লাগিব। দ্বিতীয়তে এই কৰ্তৃত্বৰ দখল কিমান ডাঙৰ, ই কিহৰ ওপৰত বিশেষাধিকাৰ দাবী কৰে-সেয়া উল্লেখ কৰিব লাগিব। তৃতীয়তে, সামাজিক স্থানৰ কি দিশটোৱে কৰ্তৃত্বৰ অনুমতি দিয়ে। চতুৰ্থতে, কৰ্তৃত্বৰ ভিত্তি, কিহে তেওঁলোকৰ বিশেষাধিকাৰৰ ন্যায্যতা প্ৰদান কৰে। পঞ্চমতে, ই কেনে ধৰণৰ জ্ঞানমূলক বিশেষাধিকাৰ আছে বুলি দাবী কৰিছে। ষষ্ঠতে, নিজৰ দৃষ্টিভংগীৰ সৈতে মিল থকা আন দৃষ্টিভংগী। শেষত, এই বিশেষাধিকাৰত প্ৰৱেশ কৰি, সামাজিক স্থান দখল কৰি দৃষ্টিভংগীৰ বিষয়ে জ্ঞাত হোৱাটো যথেষ্ট নে?

বিজ্ঞানৰ নাৰীবাদী দৰ্শনৰ প্ৰয়োগ

শেহতীয়াকৈ বিজ্ঞানৰ নাৰীবাদী দৰ্শনৰ বহু প্ৰয়োগ পৰিলক্ষিত হৈছে৷ বিশেষকৈ নাৰীবাদী জ্ঞানতত্ত্বক বিভিন্ন বৈজ্ঞানিক ক্ষেত্ৰৰ গৱেষণাৰ বাবে প্ৰয়োগ কৰা হৈছে।

প্ৰজনন জীৱবিজ্ঞানৰ ক্ষেত্ৰত নাৰীবাদী জ্ঞানতত্ত্ব বিশেষভাৱে প্ৰাসংগিক। পুৰুষ আৰু মহিলাৰ আচৰণগত সংস্কাৰে মানুহৰ নিষেচন প্ৰক্ৰিয়াৰ বৰ্ণনাত কেনে প্ৰভাৱ পেলাইছে-সেয়া এমিলি মাৰ্টিনে ব্যাখ্যা কৰিছে। তেওঁৰ মতে, ইতিহাসৰ বিভিন্ন ধাৰণাৰ বাবে জীৱবিজ্ঞানীসকলে কণী আৰু শুক্ৰাণুৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ ভুল ব্যাখ্যা কৰিছে৷ মাৰ্টিনে বিজ্ঞানৰ নাৰীবাদী দৰ্শনক প্ৰয়োগ কৰি সমাজৰ লিংগ ভূমিকা আৰু নাৰীৰ আচৰণৰ ক্ষতিকাৰক ধাৰণাসমূহৰ দ্বাৰা পক্ষপাতহীন নিষেচনৰ এক বস্তুনিষ্ঠ আৰ্হিৰ আহ্বান জনাইছে।১০

সমৰ্থকসকলে এনেধৰণৰ যুক্তিও আগবঢ়াইছে যে-বিজ্ঞানৰ নাৰীবাদী দৰ্শন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত প্ৰয়োগ কৰিব লাগে। বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতত নাৰীৰ অপ্ৰতিনিধিত্বৰ বিৰুদ্ধে যুঁজিবলৈ নাৰীবাদী দাৰ্শনিক দৃষ্টিভংগীৰে সংস্কাৰ ৰূপায়ণ কৰা উচিত।১১ গৱেষণা আৰু বিশ্লেষণত নাৰীবাদী দৃষ্টিভংগী ৰূপায়ণ কৰি বিজ্ঞানত লিংগ পক্ষপাতিত্বৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে কিছুসংখ্যকে অৱশ্যে এনেদৰেও কৈছে যে ছোৱালীক শিক্ষা সংস্কাৰৰ জৰিয়তে STEMৰ যিকোনো শাখাত অধ্যয়ন কৰিবলৈ উৎসাহ যোগালে বৈজ্ঞানিক গৱেষণাত থকা লৈংগিক পক্ষপাতিত্বলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব৷১১

তথ্যসূত্ৰ

  1. ↑ Richardson, Sarah S. (2010). Feminist philosophy of science: history, contributions, and challenges. Synthese. পৃ. 337–362
  2. ↑ (2002). The Blackwell guide to the philosophy of science. Blackwell. ISBN 978-0631221074
  3. ↑ Schiebinger, Londa. (July 2000). Has Feminism Changed Science?. Signs: Journal of Women in Culture and Society. পৃ. 1171–1175
  4. ↑ History of Women's Participation in Clinical Research · Office of Research on Women's Health. orwh.od.nih.gov
  5. ↑ Stimpson, Catharine R.; Burstyn, Joan N. (1978). Editorial. Signs. পৃ. 1–3
  6. ↑ Searle, John R. (1993). Rationality and Realism, What Is at Stake?. Daedalus. পৃ. 55–83
  7. ↑ Crasnow, Sharon. (2013). Feminist Philosophy of Science: Values and Objectivity. Philosophy Compass. পৃ. 413–423
  8. ↑ Wylie, Alison. (2012). Feminist Philosophy of Science: Standpoint Matters. Proceedings and Addresses of the American Philosophical Association. পৃ. 47–76
  9. ↑ Anderson, Elizabeth. (2000-08-09). Feminist Epistemology and Philosophy of Science
  10. ↑ Martin, Emily. (1991). The Egg and the Sperm: How Science Has Constructed a Romance Based on Stereotypical Male-Female Roles. Signs. পৃ. 485–501
  11. ↑ Howes, Elaine V. (2002). Connecting girls and science: Constructivism, feminism, and science education reform. Teachers College Press

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী তত্ত্বনাৰীবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞানৰ নাৰীবাদী দৰ্শন” প্ৰবন্ধৰ সংশোধন ৬৩১১৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।