বিদেশীয়া বা বহৰা বহাৰ (Bidesiya) ভিখাৰী ঠাকুৰ ৰচিত এখন ভোজপুৰী ভাষা নাটক।১২৩ ভিখাৰী ঠাকুৰে নাৰী সবলীকৰণ, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ ওপৰত লিখা কেইবাখনো নাটকৰ ভিতৰত ই অন্যতম।৪ এই নাটকখন ইমানে জনপ্ৰিয় হৈছিল যে ই ভোজপুৰী অঞ্চলৰ লোকনাট্য শৈলীত পৰিণত হয়। কিছুমান পণ্ডিতেও ইয়াক সেই সময়ত ৰামায়ণৰ দৰেই জনপ্ৰিয় হৈছিল বুলি দাবী কৰিছে।৫
নাটকখনত ঊনবিংশ শতিকাৰ ভোজপুৰী সমাজৰ নাৰীৰ অৱস্থা, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ সমস্যা চিত্ৰিত কৰা হৈছে। ১৯১২ চনত এই নাটকখনৰ ৰচনা আৰু মঞ্চস্থ কৰা হয় আৰু ১৯১৭ চনত গ্ৰন্থ হিচাপে প্ৰকাশ পায়।৬
নামকৰণ
নাটকখন প্ৰথমে কলয়ুগ বহাৰ আৰু পিছত বহৰা বহাৰ নামেৰে প্ৰকাশ পাইছিল। কিন্তু নাটকখনৰ মূল চৰিত্ৰটোৰ নাম বিদেশীয়া হোৱা বাবে নাটকখন বিদেশীয়া নামেৰে বিখ্যাত হয়গৈ।৭
কাহিনীৰ সাৰাংশ
নাটকখনৰ আৰম্ভণিতে বিদেশীয়াই তেওঁৰ পত্নী প্যাৰী সুন্দৰীৰ ওচৰত জীৱিকাৰ বাবে গাঁও এৰি কলিকতালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ঘৈণীয়েকে তেওঁক বাধা দিয়ে। কিন্তু তেওঁ হকাবাধা নশুনি কলকাতালৈ গুচি যায়। কলকাতালৈ যোৱাৰ পিছত তেওঁ বহু বছৰ ঘৰলৈ উভতি নাহে আৰু প্যাৰীয়ে তেওঁৰ বাবে অপেক্ষা কৰি ৰয়।৮
এদিন এজন যাত্ৰী বাতহিয়াই গাঁৱৰ মাজেৰে গৈ আছিল। প্যাৰী সুন্দৰীয়ে তেওঁক বিদেশীয়ালৈ তেওঁৰ খবৰ কঢ়িয়াই নিবলৈ অনুৰোধ কৰে। বাতহিয়াই কলিকতা গৈ দেখে যে ইতিমধ্যে বিদেশীয়াই চাল’নী নামৰ এগৰাকী মহিলাক বিয়া কৰাইছে। বাতহীয়াই তাক প্যাৰীৰ অৱস্থাটোৰ বিষয়ে কয় যে বছৰ বছৰ ধৰি প্যাৰীয়ে তেওঁৰ বাবে কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছে। বিদেশীয়াই নিজৰ ভুলটো উপলব্ধি কৰি ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। চাল’নীয়ে তেওঁক নাযাবলৈ কয় যদিও তেওঁ ঘৰলৈ উভতি যায়। ঘৰলৈ গৈ দুৱাৰত টোকৰ মাৰে। প্যাৰীয়ে ভয় খাই কোন বুলি সোধে। বিদেশীয়াক দেখি প্যাৰী অচেতন হৈ পৰে। ইফালে চাল’নীও পিছে পিছে আহি বিদেশীয়াৰ গাঁও পায়। অৱশেষত প্যাৰীয়েও চাল’নীক সতিনী বুলি গ্ৰহণ কৰে।৯
চৰিত্ৰ
- বিদেশীয়া- মুখ্য চৰিত্ৰ, যিয়ে জীৱিকাৰ বাবে কলকাতালৈ যায় আৰু তাতেই পুনৰ্বিবাহ কৰায়
- প্যাৰী সুন্দৰী- বিদেশীৰ পত্নী
- বাতহিয়া- ভ্ৰমণকাৰী
- চাল’নি- বিদেশীয়াৰ দ্বিতীয় পত্নী
- দেৱৰ- বিদেশীয়াৰ ভায়েক
- দোস্ত- বিদেশীয়াৰ বন্ধু
- অন্য চৰিত্ৰ- দুটা শিশু, এজন গাওঁলীয়া মানুহ
- লব্বৰ- তেওঁলোকক ভাৰতীয় শাস্ত্ৰীয় নাটত বিদুষক বুলি কোৱা হয়। দৰ্শকক হুহৱাৱলৈ তেওঁলোক সাধাৰণতে নাটৰ মাজত প্ৰবেশ কৰে।
জনপ্ৰিয়তা আৰু প্ৰভাৱ
নাটকখন উত্তৰ ভাৰতীয় ৰাজ্য, যেনে বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগত জনপ্ৰিয় হৈছিল।১০ এনে জনপ্ৰিয়তাৰ বাবেই ই ভোজপুৰী লোকনাট্যৰ পৰ্যায়লৈ উত্তৰণ হৈছিল।১১ বিদেশীয়া প্ৰতি বছৰে নন্দিকাৰ ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱত মঞ্চস্থ হয়।১২ হিন্দী নাটকত বিদেশীয়াৰ লোকনাট্য শৈলীৰ অভিযোজন কৰা হৈছে। হৰিকেশ মুলুক আৰু মাটি গাড়ী শীৰ্ষক নাটকে বিদেশীয়াৰ শৈলী ব্যৱহাৰ কৰি প্ৰভূত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।১৩ কানাড়া নাটক ৰূপসেনাও বিদেশীয়াৰ আধাৰত ৰচিত।১৪
তথ্যসূত্ৰ
- ↑ Brandon, James R.; Banham, Martin. (1997-01-28). The Cambridge Guide to Asian Theatre. Cambridge University Press. ISBN 978-0-521-58822-5
- ↑ Brandon, James R.; Banham, Martin. (1997-01-28). The Cambridge Guide to Asian Theatre. Cambridge University Press. ISBN 978-0-521-58822-5
- ↑ (1982). Journal of South Asian Literature. Asian Studies Center, Michigan State University
- ↑ Singh, Dhananjay. (September 2018). The Image of Women in Folk-Traditions of Migration. Journal of Migration Affairs. পৃ. 55
- ↑ Yang, Anand A. (2021). The Limited Raj: Agrarian Relations in Colonial India, Saran District, 1793-1920. Univ of California Press. ISBN 9780520369108
- ↑ Narayan, Badri. Culture and Emotional Economy of Migration. Taylor and Francis. পৃ. 74
- ↑ Bhikhari Thakur: Bhojpuri Ke Bharatendu. Aashu Prakashan
- ↑ Singh, Dhananjay. (September 2018). The Image of Women in Folk-Traditions of Migration. Journal of Migration Affairs. পৃ. 41
- ↑ Upadhyay, Krishnadev. (1972). Bhojpuri Sahitya ka Itihas. Bharatiya lok Sanskriti Shodh Sansthan. পৃ. 343
- ↑ Kumar, Ashutosh. (2017). Coolies of the Empire. Cambridge University Press. পৃ. 240. ISBN 978-1107147959
- ↑ Narayan, Badri. (3 November 2016). Culture and Emotional Economy of Migration. পৃ. 74–75. ISBN 978-1315448039
- ↑ Nandikaar
- ↑ Narayan, Badri. Culture and Emotional Economy of Migration. পৃ. 77
- ↑ (1986). The Tradition of Kannada Theatre. IBH Prakashana
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদেশীয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৫৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।