অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাৰীবাদ আৰু সমতা

নাৰীবাদ হৈছে লিংগৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতাৰ এটা তত্ত্ব, অৱশ্যে সমতা লাভৰ বাবে কোনবোৰ দাবী আৰু কোনবোৰ কৌশল অতি প্ৰয়োজনীয় আৰু ন্যায্য তাৰ ভিত্তিত নাৰীবাদী আন্দোলন আৰু মতাদৰ্শৰ মাজত কেতবোৰ পাৰ্থক্যৰ সৃষ্টি কৰা হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৪ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নাৰীবাদ হৈছে লিংগৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমতাৰ এটা তত্ত্ব,১ অৱশ্যে সমতা লাভৰ বাবে কোনবোৰ দাবী আৰু কোনবোৰ কৌশল অতি প্ৰয়োজনীয় আৰু ন্যায্য তাৰ ভিত্তিত নাৰীবাদী আন্দোলন আৰু মতাদৰ্শৰ মাজত কেতবোৰ পাৰ্থক্যৰ সৃষ্টি কৰা হৈছে।

সমতাক বেছিভাগ নাৰীবাদীয়ে সমৰ্থন কৰিলেও নাৰীবাদী আন্দোলনৰ প্ৰয়োজনীয় ফলাফল হিচাপে সাৰ্বজনীনভাৱে দেখা নাযায়, আনকি নাৰীবাদীসকলেও সেই সাৰ্বজনীনতাক সততে দেখা নাপায়। ২ তেওঁলোকৰ আধাৰ হ’ল একো নথকাতকৈ ক্ষমতাৰ কিছু অংশৰ কতৃত্ব লাভ থকাটো ভাল। এই ধাৰাবাহিকতাৰ আনটো মূৰত সংখ্যালঘু নাৰীবাদীয়ে যুক্তি দিছে যে মহিলাসকলে অন্ততঃ এখন মহিলা নেতৃত্বাধীন সমাজ আৰু সমান্তৰাল কিছুমান প্ৰতিষ্ঠান স্থাপন কৰিব লাগে।৩৪৫

ইতিহাসৰ কালছোৱাত একাধিকবাৰ নাৰীবাদ আৰু সমতাৰ ঢৌ আহিছিল। প্ৰকৃততে ১৮ শতিকাৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে এনে কিছুমান কাৰ্য্য দেখা পোৱা গৈছিল। পেচিফিক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা পৰিচালক মাৰ্থা ৰেম্পটনৰ মতে, "১৮৪৮ চনত চেনেকা ফল্ছ সন্মিলনীত আনুষ্ঠানিকভাৱে এই ঢৌ আৰম্ভ হৈছিল যেতিয়া তিনিশ পুৰুষ আৰু মহিলাই মহিলাৰ সমতাৰ কাৰ্যত একত্ৰিত হৈছিল।৬ "তথাপিও নাৰীবাদৰ ৰূপ আৰু সমতা ৰাজনৈতিক লক্ষ্যত উপনীত হৈছিল আৰু ১৯২০ চনৰ ১৮ আগষ্টত ই অনুমোদিত হৈছিল। ঊনৈশতম সংশোধনীয়ে সকলো আমেৰিকান মহিলাৰ ভোটাধিকাৰ নিশ্চিত কৰিছিল।"

নাৰীবাদীসকলৰ মাজত যিসকলে সমতাক অবাঞ্চিত বা অপ্ৰাসংগিক বুলি বিশ্বাস কৰে, তেওঁলোকে স্বাধীনতা বিচাৰে যদিও কিছুমানে পুৰুষৰ সমান মাত্ৰাৰ স্বাধীনতা লাভ কৰাটো সমতাৰ সন্ধানৰ সৈতে ৰিজাব বিচাৰে। এইদৰে সমতাক নাৰীবাদৰ কেন্দ্ৰবিন্দু বুলি দাবী কৰা ব্যক্তিসকলৰ সৈতে জড়িত কৰা হয়।৭

সংজ্ঞাৰ ক্ষেত্ৰত চুক্তি

টিলবাৰ্গ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়নৰ অধ্যক্ষ টিনেকে এম উইলেমচেনৰ মতে, "প্ৰতিজন নাৰীবাদীয়ে একমত হ'ব পৰা নাৰীবাদৰ সংজ্ঞা দিয়াটোও সম্ভৱ নহয়।" ৮ ব্ৰনৱিন উইণ্টাৰে বিশেষজ্ঞ আৰু অবিশেষজ্ঞৰ বাবে নাৰীবাদৰ সংজ্ঞা নিৰূপণৰ প্ৰতিৰোধক সমালোচনা কৰিছে, যিটো প্ৰতিৰোধ "ইমানেই ব্যাপক যে ই প্ৰধান নাৰীবাদী তাত্ত্বিক অৱস্থান যেন লাগে: ই এক প্ৰকাৰৰ 'অস্থিতি'।" ৯ অৱশ্যে এই সম্পৰ্কে নাৰীবাদী সাহিত্য আৰু আলোচনাত সংজ্ঞা আগবঢ়োৱা হৈছে।১০১১

সমতা

সাহিত্যৰ বহু অংশই নাৰীবাদক নাৰীৰ সম অধিকাৰ বা লিংগৰ মাজত সমতাৰ বিষয়ে সংজ্ঞায়িত কৰিছে। নাৰীবাদে কেৱল লিংগৰ মাজত সমতাক প্ৰভাৱিত কৰাই নহয়, জাতিৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাইছিল। আমেৰিকাৰ সমাজৰ ভিতৰত নাৰী আৰু লেচবিয়ান সমতাৰ সন্ধানত চিকানা নাৰীবাদ আন্দোলন ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰে। ই লিংগ কু-সংস্কাৰৰ ভূমিকাক প্ৰত্যাহ্বান জনাইছিল। ১২১৩১৪

তথ্যসূত্ৰ

  1. ↑ Merriam-Webster dictionary, as accessed April 1, 2018, entry feminism, sense 1
  2. ↑ citing Snitow, Ann, Retrenchment vs. Transformation: The Politics of the Anti-Pornography Movement, in Caught Looking: Feminism, Pornography and Censorship (N.Y.: Caught Looking, 1986), pp. 11–12
  3. ↑ Andrea Dworkin: "Take No Prisoners", in The Guardian, May 13, 2000, as accessed September 6, 2010
  4. ↑ Spender, Dale, For the Record: The Making and Meaning of Feminist Knowledge (London: The Women's Press, 1985 ), p. 151 (on institutions) but see p. 214 (antibureaucratic)
  5. ↑ Chesler, Phyllis, Women and Madness (Garden City, N.Y.: Doubleday, 1972 ), pp. 298-299
  6. ↑ (2015-10-25). Four Waves of Feminism. Pacific University
  7. ↑ Gilman, Charlotte Perkins, What is "Feminism?", in The Sunday Herald, Sep. 3, 1916, [§] Magazine, p. [7] [of §], of The Boston Herald (Boston, Mass.)
  8. ↑ Willemsen, Tineke M., Feminism and Utopias: An Introduction, in Lenning, Alkeline van, Marrie Bekker, & Ine Vanwesenbeeck, eds., Feminist Utopias: In a Postmodern Era (Tilburg Univ. Press, 1997 ), p. 5
  9. ↑ Winter, Bronwyn, Who Counts (or Doesn't Count) What as Feminist Theory?: An Exercise in Dictionary Use, in Feminist Theory, vol. 1, no. 1 (April 2000), as accessed April 5, 2012 (possibly via different URL), p. 106 (internal single quotation marks so in original) (DOI 10.1177/14647000022229092)
  10. ↑ What Is Feminism?. IWDA
  11. ↑ Mitchell. Pat. What's the definition of feminism? 12 talks that explain it to you.
  12. ↑ Sources: *Ruiz, Vicki L. (1998). From Out of the Shadows: Mexican Women in Twentieth-century America. Oxford University Press. পৃ. 99–101. ISBN 978-0-19-513099-7 *Humm, Maggie. (1990). The Dictionary of Feminist Theory. Ohio State University Press. পৃ. 251. ISBN 978-0-8142-0507-5 *Cornell, Drucilla. (1998). At the Heart of Freedom: Feminism, Sex, and Equality. Princeton University Press. পৃ. X. ISBN 978-0-6910-2896-5 *Messer-Davidow, Ellen. (2002). Disciplining Feminism: From Social Activism to Academic Discourse. Duke University Press. ISBN 978-0-8223-2843-8 *Harding, Sandra. (2003). The Feminist Standpoint Theory Reader: Intellectual and Political Controversies. Routledge. ISBN
  13. ↑ Sources: *Phillips, Melanie. (2004). The Ascent of Woman. Little, Brown. ISBN 978-0-3491-1660-0 *Wheeler, Marjorie Spruill. (1995). One Woman One Vote: Rediscovering the Woman Suffrage Movement. New Sage Press. ISBN 978-0-9391-6526-1 *Stevens, Doris. (1995). Jailed for freedom: American women win the vote. New Sage Press. ISBN 978-0-9391-6525-4 *>Freeman, Jo. (1975). The Politics of Women's Liberation: A Case Study of an Emerging Social Movement and Its Relation to the Policy Process. Addison-Wesley Longman Limited. ISBN 978-0-5822-8009-0 *Modleski, Tania. (1991). Feminism Without Women: Culture and Criticism in a "postfeminist" Age.
  14. ↑ Sources: *Kimmel, Michael. (1993). Men Doing Feminism. Routledge. পৃ. 57–68 *DuBois, Ellen Carol. (1999). Feminism and suffrage: the emergence of an independent women's movement in America, 1848–1869. Cornell University Press. ISBN 0801486416 *Smith, Harold Eugene. (1990). British Feminism in the Twentieth Century. University of Massachusetts Press. ISBN 0870237055 *Whitney, Sharon. (1984). The Equal Rights Amendment: The History and the Movement. F. Watts. ISBN 0531047687 *Voet, Maria Christine Bernadetta. (1998). Feminism and Citizenship. SAGE. ISBN 0761958606 *Buechler, Steven M. (1990). [https://archive.org/details/womensmovementsi0000b

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদ আৰু সমতা” প্ৰবন্ধৰ সংশোধন ৬৩১৯৩৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।