নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী
৩৬ প্ৰবন্ধ
-
অয়িংকানসোলা আবায়োমি
ইয়ালোয়ে অয়িংকানছ'লা "অয়িংকান" আবায়োমি, লেডী আবায়োমি (৬ মাৰ্চ ১৮৯৭ – ১৯ মাৰ্চ ১৯৯০) এগৰাকী নাইজেৰিয়ান জাতীয়তাবাদী আৰু নাৰীবাদী আছিল। তেওঁ নাইজেৰিয়ান গাৰ্ল গাইডছৰ মুৰব্বী আৰু নাইজেৰিয়ান মহিলা পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল।
-
অলুফুংকে বাৰুৱা
অলুফুংকে বাৰুৱা (Olunfunke Baruwa) লিংগ, ৰাজহুৱা নীতি আৰু শাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাইজেৰিয়াৰ এগৰাকী লৈংগিক উন্নয়নৰ অনুশীলনকাৰী, নাৰীবাদী আৰু ৰাজহুৱা বক্তা।
-
অলুৱাচেউন অছ'ৱবি
অলুৱাছেউন অয়োডেজী অছ’ৱবি (Oluwaseun Osowobi) নাইজেৰিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক। ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সট তালিকাত অন্তৰ্ভুক্ত হোৱা দ্বিতীয়গৰাকী নাইজেৰিয়ান মহিলা আছিল, আৰু সেই একে বছৰৰ বাবে তেওঁ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপে…
-
আইশা বুহাৰী
আইছা হালিলু বুহাৰী (Aisha Halilu Buhari, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী পেছাদাৰী সৌন্দৰ্য্য থেৰাপিষ্ট যি ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে নাইজেৰিয়াৰ প্ৰথম মহিলা হিচাপে কৰ্মনিৰ্বাহ কৰিছিল।.
-
আইৱানোজ অডাফেন
আইৱানোছ অডাফেন (Aiwanose Odafen)নাইজেৰিয়াৰ এগৰাকী নাৰীবাদী লেখিকা৷ তেওঁ নাইজেৰিয়াৰ লাগোছত জন্মগ্ৰহণ কৰিছিল। ২০২২ চনত তেওঁৰ প্ৰথম উপন্যাস টুম'ৰ' আই বিকম এ ৱমেন আৰু ২০২৪ চনত দ্বিতীয়খন উপন্যাস উই ৱেৰ গাৰ্লছ ৱানছ প্ৰকাশিত হয়।নাইজেৰিয়ান তুৰ্কী আন্তঃৰাষ্ট্ৰীয় কলেজত পঢ়ি ২০০৯ চনত তেওঁ স্নাতক ডিগ্ৰী…
-
আবিছ’য়ে অজয়ী-আকিনফ’লাৰিন
আবিছ'য়ে আজয়ী-আকিনফোলাৰিন (Abisoye Ajayi-Akinfolarin,জন্ম-১৯ মে' ১৯৮৫) এগৰাকী উদ্যোগী আৰু মানৱ উন্নয়ন বিশেষজ্ঞ। তেখেত পাৰ্লছ আফ্ৰিকা ইউথ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, যিটো অলাভজনক সংস্থাই অৰ্থনৈতিক স্বাধীনতাৰ সামগ্ৰিক উদ্দেশ্যৰ বাবে প্ৰযুক্তিৰ দক্ষতা আৰু মেণ্টৰিঙৰ সুবিধা…
-
ইজিন আকুডো
ইজিনে আকুডো আনয়াওহা (Ezinne Akudo Anyaoha; জন্ম: ১৭ মে' ১৯৯০) এগৰাকী নাইজেৰিয়ান অধিবক্তা আৰু বিউটি কুইন৷
-
ইনি এডো
ইনিঅবং এডো একিম(Iniobong Edo Ekim; জন্ম: ২৩ এপ্ৰিল ১৯৮২) আকোৱা ইবোম ৰাজ্যৰ এগৰাকী প্ৰবীণ নাইজেৰিয়ান অভিনেত্ৰী। ২০০০ চনত ইনি ইডোৱে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু এতিয়ালৈকে তেওঁ ২০০ খনতকৈও অধিক চিনেমাত অভিনয় কৰিছে৷ ২০১৩ চনত ইনি এডো মিছ ব্লেক আফ্ৰিকা ইউ কে পেজেণ্ট হিচাপে বিবেচিত হয়৷ তেওঁ…
-
ইবিজোক ফাব'ৰ'ড
ইবিজোক ফাব'ৰ'ড (Ibijoke Faborode) নাইজেৰিয়াৰ অ-লাভজনক ElectHER ৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।
-
এবিঅ'ডান এছিয়েট
এবিঅ'ডুন এছিয়েট (Abiodun Essiet; জন্ম:-৩ জানুৱাৰী ১৯৮৬) এগৰাকী নাইজেৰিয়ান নাৰ্ছ, লিংগ কৰ্মী, সম্প্ৰদায় উন্নয়ন কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা টিনুবুৰ জ্যেষ্ঠ বিশেষ সহায়িকা হিচাপে সম্প্ৰদায় সংঘবদ্ধকৰণৰ দিশত কৰ্মৰত৷
-
এলিজাবেথ আডেকোগবে
চিফ এলিজাবেথ আডেকোগবে (Elizabeth Adekogbe, ১৯১৯ – ১৯৬৮) এগৰাকী নাইজেৰিয়ান জাতীয়তাবাদী, ৰাজনীতিবিদ, মহিলা অধিকাৰৰ নেত্ৰী আছিল। ইবাডানস্থিত নাইজেৰিয়াৰ মহিলা আন্দোলনৰ তেওঁ নেত্ৰী আছিল।
-
এষ্টাৰ ইজেৱেৰে
এষ্টাৰ ইজেৱেৰে (Esther Ijewere) কানাডাত থকা নাইজেৰিয়ান সংবাদ মাধ্যম আৰু যোগাযোগ বিশেষজ্ঞ, লেখিকা, মহিলা আৰু শিশুৰ অধিকাৰৰ সমৰ্থক। ইয়াৰ উপৰিও তেওঁ দ্য গাৰ্ডিয়ানৰ স্তম্ভলেখক আৰু বিভিন্ন পটভূমিৰ মহিলাসকলক সবলীকৰণ আৰু উদযাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ সংস্থা উইমেন অৱ ৰুবিজৰ চিইঅ’ হিচাপেও কাম কৰে।
-
এষ্টাৰ ইবাংগা
এষ্টাৰ ইবাংগা (Esther Ibanga; জন্ম: ৩১ মাৰ্চ ১৯৬১) এগৰাকী নাইজেৰিয়ান পেষ্টৰ আৰু "Women Without Walls Initiative" ৰ প্ৰতিষ্ঠাপক। নাইজেৰিয়াৰ জোছত বিভিন্ন জাতি আৰু ধৰ্মৰ লোকৰ মাজত শান্তি প্ৰচাৰৰ বাবে তেওঁ ৩২ সংখ্যক নিৱানো শান্তি বঁটা লাভ কৰে৷
-
ওছাছু এডোবৰ
ওছাছু এডোবৰ (Osasu Edobor) (পূৰ্বতে অছাছু পল-আজিনো নামেৰে জনাজাত) এগৰাকী নাইজেৰিয়ান লিংগ সমৰ্থক আৰু থিংক হেল্প ৰিষ্ট'ৰৰ (THR) মিডিয়া আৰু নিৰাপদ বাতাৱৰণ পদক্ষেপৰ প্ৰতিষ্ঠাপক।তেওঁ এগৰাকী অনুজ্ঞাপত্ৰপ্ৰাপ্ত মানসিক স্বাস্থ্যৰ প্ৰাথমিক চিকিৎসক, সমনীয়া শিক্ষাবিদ প্ৰশিক্ষক আৰু পৰামৰ্শদাতা।
-
ওলাওলুৱা আবাগুন
ওলাওলুৱা আবাগুন (Olaoluwa Abagun) এগৰাকী নাইজেৰিয়াৰ অধিবক্তা, নাৰীবাদী আৰু এগৰাকী কিশোৰী অধিকাৰৰ অধিবক্তা, যিয়ে আফ্ৰিকান কিশোৰীৰ এক গতিশীল প্ৰজন্মক প্ৰভাৱিত কৰিছে।
-
চিফ টেমিটোপে অজয়ী
আমিনা টেমিটোপে অজয়ী (Chief Temitope Ajayi) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাইজেৰিয়ান ব্যৱসায়িক পৰামৰ্শদাতা যি এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত একাউণ্টেণ্ট, এগৰাকী সামাজিক উদ্যোগী আৰু এগৰাকী সমাজ কৰ্মী।
-
ছিমি জনছন
ছিমিছালা ওলায়েমি অনিবুৱে জনছন(১৯২৯ – ২০০০Simisola Olayemi Onibuwe Johnson) এগৰাকী নাইজেৰিয়ান দন্ত চিকিৎসক আৰু মহিলাৰ অধিবক্তা আছিল যিয়ে দেশৰ দ্বিতীয় গণৰাজ্যৰ সময়ত সামাজিক উন্নয়ন আৰু সংস্কৃতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জয় ইছি বেৱাজী
জয় ইছি বেৱাজী (Joy Isi Bewaji; জন্ম: ৮ জুন, ১৯৭৭) এগৰাকী নাইজেৰিয়ান ৰচনাকাৰ, চিত্ৰনাট্যকাৰ, নাট্যকাৰ, নতুন সংবাদ মাধ্যমৰ উদ্যোগী আৰু সামাজিক পৰিক্ৰমা কৰ্মী। তেওঁৰ লেখা আৰু নাটকসমূহ সাংস্কৃতিক অনুপযুক্ততা আৰু ধৰ্মীয় বিজুতিৰ ওপৰত কেন্দ্ৰিত হৈ আহিছে।
-
জানেট অ'কালা
জেনেট অ'কালা(Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।
-
জুলি অক'
জুলিয়ানা (জুলি) ওমনুকপন ওমোইফো অক (Juliana (Julie) Omonukpon Omoifo Okoh, জন্ম-উবিয়াজা, ৫ আগষ্ট ১৯৪৭) এগৰাকী নাইজেৰিয়ান নাট্যকাৰ, শিক্ষাবিদ আৰু নাৰীবাদী কৰ্মী যি ২০০৪ চনৰ পৰা ২০১৭ চনলৈকে প'ৰ্ট হাৰক'ৰ্ট বিশ্ববিদ্যালয়ৰ নাট্য তত্ত্বৰ অধ্যাপিকা আছিল৷ সমাজৰ নাৰী সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা…
-
জেনেভিভ নাজি
জেনেভিভ নাজি (Genevieve Nnaji জন্ম ৩ মে' ১৯৭৯) এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক৷ ২০০৫ চনত তেওঁ মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে আফ্ৰিকা মুভি একাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়।
-
জো ওকেই-অডুমাকিন
জোচেফিন অবিয়াজুলু অকেই-অডুমাকিন (Joe Okei-Odumakin; জন্ম: ৪ জুলাই ১৯৬৬) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী। তেওঁ মানৱ অধিকাৰ সংগঠন, ৱমেন এৰাইজ ফৰ চেঞ্জ ইনিচিয়েটিভ আৰু কেম্পেইন ফৰ ডেম’ক্ৰেচিৰ সভানেত্ৰী।
-
টানিমোও অগুনলেচি
টানিমোও অগুনলেচি (Tanimowo Ogunlesi, ১৯০৮–২০০২) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী আৰু মহিলা উন্নয়ন লীগৰ নেত্ৰী আছিল। তেওঁ নিজৰ যুগৰ অন্যতম আগশাৰীৰ মহিলা কৰ্মী আছিল আৰু দেশৰ আগশাৰীৰ নাৰী অধিকাৰ সংগঠন মহিলা সমিতিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
থেলমা একিয়ৰ
থেলমা আৰিমিবি একিয়ৰ (Thelma Ekiyor) এগৰাকী নাইজেৰিয়ান অধিবক্তা, সামাজিক উদ্যোগী আৰু ইমপেক্ট বিনিয়োগকাৰী যি বহু সংস্থাৰ ভিতৰত কৰ্তৃত্বশীল পদত কাৰ্যনিৰ্বাহ কৰি আহিছে।একিয়ৰে মূলতঃ মহিলা উদ্যোগীসকলৰ ওপৰত বিনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিছে।
-
ফুনমিলায়ো ৰেনছমে-কুটি
ফুনমিলায়ো ৰেনছমে-কুটি (Funmilayo Ransome-Kuti, ২৫ অক্টোবৰ ১৯০০ – ১৩ এপ্ৰিল ১৯৭৮), ফুনমিলায়ো আনিকুলাপো-কুটি নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী নাইজেৰিয়ান শিক্ষাবিদ, ৰাজনৈতিক প্ৰচাৰক, ভোটাধিকাৰী আৰু মহিলা অধিকাৰ কৰ্মী আছিল।
-
ফ্লোৰেন্স অ'জৰ
ফ্লোৰেন্স অ'জৰ (জন্ম ১৯৮০) নাইজেৰিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু ব্যৱসায়ী, আৰু ব্ৰিং বেক আৱাৰ গাৰ্লছ আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক। তেওঁক "সংকল্পবদ্ধ নাৰীবাদী" বুলি কোৱা হৈছে।
-
বিবি বাকাৰে-ইউছুফ
বিবি বাকাৰে-ইউছুফ (Bibi Bakare-Yusuf, জন্ম: ১৯৭০) নাইজেৰিয়াৰ লাগোছৰ এজন নাইজেৰিয়ান শিক্ষাবিদ, লেখক আৰু সম্পাদক। ২০০৬ চনত জেৰেমি ৱেইটৰ সৈতে প্ৰকাশন কোম্পানী কাছাভা ৰিপাব্লিক প্ৰেছৰ সহযোগী প্ৰকাশন গোষ্ঠী প্ৰতিষ্ঠা কৰে।
-
বুকোলা অৰিঅ'লা
বুকোলা অৰিঅ'লা (Bukola Oriola; জন্ম: ১৯৭৬) এগৰাকী নাইজেৰিয়ান-আমেৰিকান সাংবাদিক। তেওঁৰ ঘৰ মিনেছ'টাৰ আনোকা কাউন্টিত, আৰু তেওঁৰ এজন পুত্ৰ চেমুৱেল জেকবছ। তেওঁ ছবছৰ সাংবাদিক হিচাপে নাইজেৰিয়াত শিক্ষাৰ বাতৰি পৰিৱেশন কৰিছিল আৰু সেই দেশত থাকিও তেওঁ নাইজেৰিয়াত শিক্ষাৰ বাতৰি পৰিৱেশন কৰিছিল।
-
বেট্টী আবাহ
বেট্টী আবাহ (Betty Abah; জন্ম: ৬ মাৰ্চ, ১৯৭৪) এগৰাকী নাইজেৰিয়ান সাংবাদিক, লেখিকা আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। তেখেত লাগোছ ৰাজ্যত অৱস্থিত কন্যা-শিশুৰ অধিকাৰ আৰু উন্নয়নৰ অলাভজনক সংস্থা CEE HOPE ৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা
-
মাৰ্গাৰেট একপো
মুখ্য মাৰ্গাৰেট একপো (Chief Margaret Ekpo,২৭ জুলাই ১৯১৪ – ২১ ছেপ্টেম্বৰ ২০০৬) এগৰাকী নাইজেৰিয়ান মহিলা অধিকাৰ কৰ্মী আৰু সামাজিক সংগঠক আছিল যি দেশৰ প্ৰথম গণৰাজ্যৰ এগৰাকী অগ্ৰণী মহিলা ৰাজনীতিবিদ আৰু পৰম্পৰাগত নাইজেৰিয়ান মহিলা কৰ্মীসকলৰ এটা শ্ৰেণীৰ আগশাৰীৰ সদস্য আছিল, যিসকলে সদস্যৰ বহুতেই জাতিগত…