অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেট্টী আবাহ

বেট্টী আবাহ (Betty Abah; জন্ম: ৬ মাৰ্চ, ১৯৭৪) এগৰাকী নাইজেৰিয়ান সাংবাদিক, লেখিকা আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। তেখেত লাগোছ ৰাজ্যত অৱস্থিত কন্যা-শিশুৰ অধিকাৰ আৰু উন্নয়নৰ অলাভজনক সংস্থা CEE HOPE ৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বেট্টী আবাহ (Betty Abah; জন্ম: ৬ মাৰ্চ, ১৯৭৪) এগৰাকী নাইজেৰিয়ান সাংবাদিক, লেখিকা আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। তেখেত লাগোছ ৰাজ্যত অৱস্থিত কন্যা-শিশুৰ অধিকাৰ আৰু উন্নয়নৰ অলাভজনক সংস্থা CEE HOPE ৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা১২৩

প্ৰাথমিক জীৱন আৰু শিক্ষা

বেট্টী আবাহে নাইজেৰিয়াৰ মিডল বেল্ট অঞ্চলৰ বেনুৱে ৰাজ্যৰ অটুকপোত জন্মগ্ৰহণ কৰিছিল। ১৯৯৯ চনত কালাবাৰ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু সাহিত্য অধ্যয়নত ডিগ্ৰী আৰু ২০১২ চনত লাগোছ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪

তেওঁ এনভাইৰনমেণ্টেল ৰাইটছ একচন/ফ্ৰেণ্ডছ অৱ দ্য আৰ্থ নাইজেৰিয়াৰ সৈতে কাম কৰিছিল, য’ত তেওঁ মহিলাৰ প্ৰচাৰ ডেস্কৰ নেতৃত্ব দিছিল আৰু সমগ্ৰ নাইজাৰ ডেল্টা আৰু আফ্ৰিকান উপ-অঞ্চলত মহিলাৰ পৰিৱেশ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰকল্পসমূহৰ সমন্বয় কৰিছিল। আবাহৰ সাংবাদিকতাৰ কাম আৰু তাৰ পিছৰ সক্ৰিয়তাৰ জৰিয়তে তেওঁ কেইবাটাও স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।৫

সক্ৰিয়তা

আবাহ মানৱ অধিকাৰ উলংঘাৰ কেইবাটাও গোচৰৰ প্ৰতিবাদত জড়িত হৈ পৰিছে। ইয়াৰে কিছুমানৰ ভিতৰত উত্তৰ-পূব নাইজেৰিয়াত বকো হাৰাম সন্ত্ৰাসবাদীয়ে অপহৰণ কৰা চিবক ছোৱালীক মুকলি কৰি দিয়াৰ অভিযান, নাইজাৰ ডেল্টা মহিলাৰ পৰিৱেশ অধিকাৰৰ বাবে অভিযান, লাগোছৰ এজিগবোত এটা ভিজিলেণ্ট গোটৰ সদস্যই তিনিগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰ, এছ অৰুৰুক অপহৰণ কৰাৰ গোচৰ আদি।৬ ২০১৯ চনত লাগোছত অনুষ্ঠিত হোৱা ঋতুস্ৰাৱ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱসৰ অনুষ্ঠানত আবাহে মহিলা আৰু ছোৱালীক চেনিটেৰী পেড বিনামূলীয়াকৈ বিতৰণ কৰাৰ পোষকতা কৰিছিল৷ তেওঁ যুক্তি দিছিল যে যিহেতু চৰকাৰে যৌনতাৰ বাবে বিনামূলীয়া কণ্ডম দিয়ে, সেয়েহে আৰ্ত মহিলা আৰু ছোৱালীসকলৰ বাবেও চেনিটেৰী পেড উপলব্ধ কৰা উচিত।৭

বছৰ বছৰ ধৰি তেওঁ কেইবাটাও সামাজিক ন্যায়ৰ কামত নিজকে উৎসৰ্গা কৰিছে, বিশেষকৈ #BringBackOurGirls, Ese Oruru, #JusticeForEjigbo3, আৰু #JusticeForOchanya উল্লেখনীয়। ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁ ওচেনিয়াক কেন্দ্ৰ কৰি চলি থকা অভূতপূৰ্ব অভিযানৰ নথিভুক্ত কৰি তেওঁ এখন কিতাপ সম্পাদনা কৰে। বিশেষকৈ লাগোছৰ এটা সুপৰিচিত মাছমৰীয়া সম্প্ৰদায় মাকোকোত অনানুষ্ঠানিক সম্প্ৰদায়ৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক জড়িতকৰণ আৰু বিকাশৰ ক্ষেত্ৰত তেওঁৰ কামক অসংখ্য স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু তথ্যচিত্ৰত প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰিও CEE-HOPE-এ ওগুন, মালভূমি, কাডুনা, ইবোনি, বেনুয়ে, আৰু অন্যান্য ৰাজ্যসমূহলৈ নিজৰ কাৰ্য্যকলাপ সম্প্ৰসাৰিত কৰিছে।৫

তথ্যসূত্ৰ

  1. ↑ (August 27, 2019). Betty Abah. Front Line Defenders
  2. ↑ (August 27, 2019). Betty Abah. Front Line Defenders
  3. ↑ spokepr. (2018-05-18). Betty Abah. Rise Up
  4. ↑ (June 26, 2020). Betty Abah. CAPPA – Corporate Accountability and Public Participation Africa
  5. ↑ Betty - Board - CAPPA - Corporate Accountability and Public Participation Africa
  6. ↑ A word is enough for the wise! Interview with Betty Abah, Environmental Rights Action – Enanga
  7. ↑ (June 6, 2019). 'Since govt gives free condoms for sex, why not free pads for girls' – child rights activist. Vanguard News

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেট্টী আবাহ” প্ৰবন্ধৰ সংশোধন ৪৯১৫৯৭ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।