অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এঞ্জাম্বি এ এম্পুংগু

এঞ্জাম্বি এ এম্পুংগু (জাম্বি আৰু ঞ্জাম্বি ম্পুংগুও) কংগো আধ্যাত্মিকতাত পৰম্পৰাগত পৰম ঈশ্বৰ, চিৰন্তন আকাশ পিতৃ আৰু সূৰ্যৰ ঈশ্বৰ (অগ্নি)। তেওঁৰ মহিলা সমকক্ষ হৈছে আকাশ মাতৃ আৰু চন্দ্ৰৰ দেৱী এঞ্জাম্বিচি।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

এঞ্জাম্বি এ এম্পুংগু (জাম্বি আৰু ঞ্জাম্বি ম্পুংগুও) কংগো আধ্যাত্মিকতাত পৰম্পৰাগত পৰম ঈশ্বৰ, চিৰন্তন আকাশ পিতৃ আৰু সূৰ্যৰ ঈশ্বৰ (অগ্নি)।১ তেওঁৰ মহিলা সমকক্ষ হৈছে আকাশ মাতৃ আৰু চন্দ্ৰৰ দেৱী এঞ্জাম্বিচি। মধ্য আফ্ৰিকাৰ অন্যান্য বাণ্টু জনগোষ্ঠী যেনে চকৱে, আৰু এণ্ডংগো ৰাজ্যত এঞ্জাম্বি এম্পুংগুক কালুংগা, অগ্নি আৰু পৰিৱৰ্তনৰ দেৱতা বুলিও কোৱা হৈছিল। ইয়াৰ সৈতে বাকংগো ব্ৰহ্মাণ্ডবিজ্ঞানৰ কালুংগা নামৰ এটা উপাদানৰ সম্পৰ্ক থাকিব পাৰে। ইয়াক বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱৰ জন্ম দিয়া অগ্নিৰ স্ফুলিংগ হিচাপে দেখা গৈছিল।১ পৰ্তুগীজ উপনিবেশিকৰণৰ পিছত এঞ্জাম্বি এম্পুংগু খ্ৰীষ্টান ঈশ্বৰৰ সমাৰ্থক হৈ পৰে আৰু মূলতঃ সৃষ্টিকৰ্তা ঈশ্বৰ হিচাপে অস্তিত্ব লাভ কৰে।২

ইতিহাস

ষোড়শ শতিকাৰ আৰম্ভণিতে কংগো ৰাজ্য ভ্ৰমণ কৰা পৰ্তুগীজসকলে এঞ্জাম্বি এম্পুংগুক কংগো জনগোষ্ঠীৰ ঈশ্বৰৰ নাম হিচাপে লিপিবদ্ধ কৰিছিল।১২

ইউৰোপীয় মিছনেৰীসকলে কংগো বুদ্ধিজীৱীসকলৰ সৈতে (কংগোৰ ৰজা প্ৰথম আফন্সোকে ধৰি) ইউৰোপীয় খ্ৰীষ্টান ধৰ্মীয় ধাৰণাসমূহক কিকংগোলৈ ৰূপান্তৰিত কৰিবলৈ আগবাঢ়িল আৰু তেওঁলোকে ঈশ্বৰক প্ৰতিনিধিত্ব কৰিবলৈ এই নামটো বাছি লৈছিল। ১৫৪০ চনত জেচুইট মিছনেৰীসকলেও এই সম্পৰ্কৰ গ্ৰহণযোগ্যতা লক্ষ্য কৰিছিল আৰু সম্ভৱতঃ ১৫৫৭ চনত কিকোংগোত কাৰ্মেলাইটসকলে প্ৰস্তুত কৰা এতিয়া হেৰুৱা কেটেচিজমত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল।

ইউৰোপীয় উপনিবেশিকৰণৰ পূৰ্বে এঞ্জাম্বি এম্পুংগু আৰু তেওঁৰ মহিলা সমকক্ষ এঞ্জাম্বিচিক "শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ" হিচাপে ধৰা হৈছিল যিসকলে সকলোতে একেলগে অস্তিত্ব লাভ কৰিছিল আৰু সকলো বস্তুকে প্ৰাণ দিছিল।২ এঞ্জাম্বি এম্পুংগু আছিল "সাৰ্বভৌম প্ৰভু", সূৰ্য্য (জুই) আৰু পৰিৱৰ্তনৰ ঈশ্বৰ।৩ বিশ্বাস কৰা হৈছিল যে, এঞ্জাম্বি, এম্পুংগু/এঞ্জাম্বিচিয়ে বিশ্বব্ৰহ্মাণ্ড, আধ্যাত্মিক জগত (Ku Mpémba) আৰু ভৌতিক জগত (Ku Nseke) সৃষ্টি কৰিছিল। "মহান আত্মা" উপাধিটোৱে যিটো বুজাইছে তাৰ বিপৰীতে এঞ্জাম্বি এম্পুংগু/এঞ্জাম্বিচি আৰু কংগো জনসাধাৰণৰ আধ্যাত্মিক স্বভাৱৰ অস্তিত্ব একেশ্বৰবাদী আব্ৰাহামী ধৰ্মসমূহৰ (ইহুদী ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম) সৰ্বশক্তিমান ঈশ্বৰৰ দৰে একে স্তৰৰ পৰিসীমাৰ অধীনত নাছিল। কংগো আধ্যাত্মিকতাৰ ভিতৰৰ সকলো আত্মাক সমানে তাৎপৰ্যপূৰ্ণ বুলি বিশ্বাস কৰা হৈছিল আৰু দুয়োখন জগততে প্ৰত্যেকৰে নিজস্ব উদ্দেশ্য আছিল।.২

পৰ্তুগীজসকলে কেথলিক ধৰ্ম প্ৰৱৰ্তন কৰাৰ পিছত খ্ৰীষ্টান ধৰ্ম আৰু তেওঁলোকৰ পৰম্পৰাগত আফ্ৰিকান ধৰ্মৰ মাজত সংযোগ সৃষ্টি কৰি মধ্য আফ্ৰিকানসকলক ধৰ্মান্তৰিত কৰাৰ ব্যাপক প্ৰচেষ্টা চলিছিল। ডংগো ৰাজ্যৰ ম্বুণ্ডুৰ দৰে জাতি-জনগোষ্ঠীৰ বাবে ই বহুলাংশে ব্যৰ্থ হ’লেও পৰ্তুগীজসকলে কংগো ৰাজ্যৰ বহু বাকংগোক বুজাবলৈ সক্ষম হৈছিল যে এঞ্জাম্বি এম্পুংগু খ্ৰীষ্টান ঈশ্বৰ আৰু আন আত্মাবোৰ ঈশ্বৰৰ বশৱৰ্তী স্বৰ্গদূতৰ সৈতে মিল আছে। এই কাৰ্য্যই কেৱল বাকংগো জনসাধাৰণক খ্ৰীষ্টান ধৰ্মলৈ সহজে ৰূপান্তৰিত কৰাৰ পথ মুকলি কৰাই নহয়, ই বাকংগো আধ্যাত্মিকতাত এক স্তৰবৃত্তৰ সৃষ্টি কৰিছিল যিয়ে ঞ্জামবিচি, চিম্বি আৰু এঙ্কিছিৰ দৰে আন আত্মাক "ক্ষুদ্ৰ আত্মা"লৈ হ্ৰাস কৰিছিল যাৰ আধ্যাত্মিক বিষয়ত বিশেষ মতামত নাছিল।.২

কিকংগোৰ এটা আপ্তবাক্য হ’ল, "কু টম্বি এঞ্জামবি কো, কাদি কা কেনা য়ে নিতু কো।" ইয়াৰ অৰ্থ হৈছে, "ঈশ্বৰক বিচাৰিব নালাগে, তেওঁৰ শৰীৰ নাই।"১

তথ্যসূত্ৰ

  1. ↑ Asante, Molefi; Mazama, Ama. (2009). Encyclopedia of African Religion, Volume 1. ISBN 9781412936361
  2. ↑ Brown, Ras Michael. (2012). African-Atlantic Cultures and the South Carolina Lowcountry. Cambridge University Press. পৃ. 26, 27, 90–102, 106–110, 119–121, 123. ISBN 978-1-107-66882-9
  3. ↑ Asante, Molefi Kete; Mazama, Ama. (2009). Encyclopedia of African Religion. SAGE Publications. পৃ. 120–124, 165–166, 361. ISBN 978-1412936361

সম্পৰ্কিত শ্ৰেণী

ধৰ্মদেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এঞ্জাম্বি এ এম্পুংগু” প্ৰবন্ধৰ সংশোধন ৪৯১১৩৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।