অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইণ্ডোনেছিয়ান দেৱী সকল

ইণ্ডোনেছিয়ান দেৱী সকলৰ লগত হিন্দু দেৱী সকলৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায়। হিন্দু দেৱীৰ ক্ষেত্ৰত নামৰ পিছত দেৱী শব্দ যুক্ত কৰা হয়, আনহাতে ইণ্ডোনেছিয়ান দেৱীৰ ক্ষেত্ৰত নামৰ আগত দেৱী শব্দ যুক্ত কৰা হয়।

হালনাগাদ: ১ এপ্ৰিল ২০২৫ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ইণ্ডোনেছিয়ান দেৱী সকলৰ লগত হিন্দু দেৱী সকলৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায়। হিন্দু দেৱীৰ ক্ষেত্ৰত নামৰ পিছত দেৱী শব্দ যুক্ত কৰা হয়, আনহাতে ইণ্ডোনেছিয়ান দেৱীৰ ক্ষেত্ৰত নামৰ আগত দেৱী শব্দ যুক্ত কৰা হয়। হিন্দু দেৱীৰ ইংৰাজী লিপ্যন্তৰ Devi, আনহাতে ইণ্ডোনেছিয়ান দেৱীৰ ইংৰাজী লিপ্যন্তৰ হিচাপে Dewi লিখা হয়। ইণ্ডোনেছিয়ান দেৱী বুলি ক'লে ইণ্ডোনেছিয়াৰ জাভা, বালি, লম্বক আদি দ্বীপৰ ইণ্ডোনেছিয়ান, জাভানীজ, বালিনীজ আৰু সুন্দানীজ হিন্দুসকলে বিশ্বাস কৰা পৌৰাণিক চৰিত্ৰক বুজায়।

ছিলেৱে নাজাৰাটা

ছিলেৱে নাজাৰাটা হ'ল ইণ্ডোনেছিয়াৰ নিয়াছ দ্বীপৰ চন্দ্ৰ দেৱীৰ নাম। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ জীৱনৰ প্ৰতীক। গ্ৰীক পৌৰাণিক কাহিনীৰ দেৱী হেৰাৰ সৈতে ছিলেৱে নাজাৰাটাক আৰু হেৰাৰ স্বামী শক্তিশালী দেৱতা জিউছৰ সৈতে ছিলেৱে নাজাৰাটাৰ স্বামী লংৱালংগী দেৱতাক তুলনা কৰা হয়।

দেৱী দনু

দেৱী দনু হৈছে বালি দ্বীপৰ হিন্দুসকলৰ জলদেৱী, যিয়ে তেওঁলোকৰ বিশ্বাস-ব্যৱস্থাক আগমা তীৰ্তা বা পানীৰ বিশ্বাস-ব্যৱস্থা বুলি কয়। বালিৰ পৰম্পৰাৰ দুজন পৰম দেৱতাৰ ভিতৰত তেওঁ অন্যতম।

বালিৰ ব্ৰতন হিন্দু মন্দিৰত দেৱী দনুৰ মূৰ্তি৷
বালিৰ ব্ৰতন হিন্দু মন্দিৰত দেৱী দনুৰ মূৰ্তি৷ছবি: CEphoto, Uwe Aranas · CC BY-SA 3.0

আৰু চাওক

দেৱী ৰতি

দেৱী ৰতি হ'ল জাভা আৰু বালিত পূজা কৰা চন্দ্ৰ দেৱী। তেওঁৰ সৌন্দৰ্য্য আৰু কৃপাৰ বাবে তেওঁ সুপৰিচিত। তেওঁৰ মিথটো চন্দ্ৰ গ্ৰহণৰ সৈতে জড়িত৷

আৰু চাওক

দেৱী লঞ্জাৰ

দেৱী লঞ্জাৰ হৈছে ইণ্ডোনেছিয়াৰ সাগৰৰ দেৱী। তেওঁ মধ্য জাভাৰ পেকালোংগান চহৰৰ জনপ্ৰিয় দেৱী৷ "লাঞ্জাৰ" শব্দৰ অৰ্থ হ'ল বিবাহ বিচ্ছেদ হোৱা আৰু সন্তান নথকা মহিলা।১২

আৰু চাওক

দেৱী শ্ৰী

দেৱী শ্ৰী বা শ্ৰীদেৱী হৈছে জাভা, সুন্দানি আৰু বালি দ্বীপৰ ধান আৰু উৰ্বৰতাৰ হিন্দু দেৱী। তেওঁক এতিয়াও ইণ্ডোনেছিয়াৰ জাভা, বালি আৰু লম্বক দ্বীপত বহুলভাৱে পূজা কৰা হয়।৩ বিষ্ণুৰ শক্তি (পত্নী) হিন্দু দেৱী লক্ষ্মীৰ সৈতে তেওঁক তুলনা কৰা হয়।৪

Dewi Sri Lakshmi Ancient Java in Sonobudoyo.jpg
ছবি: Gunawan Kartapranata · CC BY-SA 4.0

ন্যাই ৰোৰো কিদুল

ন্যাই ৰোৰো কিদুল বা নী ৰৰো কিদুল ইণ্ডোনেছিয়ান লোককথাৰ এটা অতিপ্ৰাকৃতিক সত্তা। চুণ্ডানিজ আৰু জাভানীজ পৌৰাণিক কাহিনীত তেওঁ দক্ষিণ সাগৰৰ ৰাণী আৰু শাসক৷

সুনন অম্বু

সুনন অম্বু বা বটাৰী সুনন অম্বু হ'ল চুণ্ডানিজ (সুন্দনী)সকলৰ বিশ্বাস অনুসৰি এগৰাকী মাতৃ দেৱী আৰু তেওঁ কাহ্যাংগনত বাস কৰে। তেওঁক প্ৰায়ে এনে এগৰাকী মাতৃ হিচাপে চিত্ৰিত কৰা হয় যিয়ে চুণ্ডানিজ পৌৰাণিক কাহিনীত গৃহভূমি আৰু সকলো সন্মানীয় মৰ্ত্যলোকৰ যত্ন লয়।

তথ্যসূত্ৰ

  1. ↑ Muhammad Sholikhin. "Kanjeng Ratu Kidul dalam perspektif Islam Jawa", hal. 114-116. Yogyakarta: Penerbit NARASI
  2. ↑ Asa, Rahmah; Doni. Aisah pergi ke istana Dewi Lanjar. Lazuardi Putra Pertiwi
  3. ↑ Agus Dermawan T. (2021-09-25). Menjumpai Dewi Sri pada Hari Tani. kompas.id
  4. ↑ Muhammad, Fikri. (24 August 2021). Dewi Sri, Sosok Perempuan Sebagai Penjaga Kemakmuran Alam Semesta. National Geographic Indonesia

সম্পৰ্কিত শ্ৰেণী

দেৱ-দেৱীদেৱীইণ্ডোনেছিয়ান দেৱীলোকগাথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডোনেছিয়ান দেৱী সকল” প্ৰবন্ধৰ সংশোধন ৫০১০৮২ (১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।