
আতিৰা, আক্ষৰিক অৰ্থত "আমাৰ মাতৃ" বা "আই";১ আমেৰিকাৰ থলুৱা পৱনী জনজাতীয় সংস্কৃতিত পৃথিৱী দেৱীক (অন্যৰ লগতে) দিয়া উপাধি।২
আতিৰা আছিল সৃষ্টিকৰ্তা দেৱতা তিৰাৱাৰ পত্নী। তেওঁৰ পাৰ্থিৱ ৰূপ হৈছে মাকৈ, যিটোৰে পৃথিৱী মাতৃয়ে পৃথিৱীৰ মানুহক দিয়া জীৱনৰ প্ৰতীক।৩৪
উত্তৰ আমেৰিকাৰ পৱনীসকলৰ আধ্যাত্মিক বিশ্বাসত আতিৰাৰ উল্লেখযোগ্য স্থান আছে। তেওঁলোকে তেওঁক পৃথিৱী মাতৃ হিচাপে শ্ৰদ্ধা কৰে। মানুহক লালন-পালন কৰা আৰু সুৰক্ষা দিয়া গুণৰ বাবে সন্মানিত আতিৰা পৃথিৱীৰ পৰা উদ্ভৱ হোৱা জীৱৰ জীৱনৰ মূল মৰ্মটোৰ প্ৰতীক। পৱনী জনগোষ্ঠীৰ জনসাধাৰণে সচেতনভাৱে কৃষি কৰ্মতকৈ চিকাৰক বেছি অগ্ৰাধিকাৰ দিছিল। তেওঁলোকৰ মতে কৃষিৰ কাৰ্যত ব্যৱহৃত কৰ্ম, বিশেষকৈ হাল বোৱা কাৰ্যই তেওঁৰ পৱিত্ৰ স্বভাৱক অসন্মান কৰে আৰু প্ৰাকৃতিক জগতৰ ভাৰসাম্য বিঘ্নিত কৰে। বৰঞ্চ পথাৰ আৰু অৰণ্যৰ প্ৰাকৃতিকভাৱে পোৱা বয়-বস্তুৰ পৰাই জীৱিকা আহৰণ কৰি মাটিৰ লগত মিলাপ্ৰীতিৰে জীৱন নিৰ্বাহ কৰাটো শ্ৰেষ্ঠ আৰু তেওঁলোকে তেনেকৈ আতিৰাক সন্মান জনাইছিল। আতিৰাক সকলো জীৱনৰ পবিত্ৰ মাতৃ বুলি গণ্য কৰা হয়, তেওঁৰ প্ৰভাৱ আটাইতকৈ গভীৰভাৱে অনুভৱ হয় সজীৱতা আৰু বৃদ্ধিৰ সৈতে বিকশিত হৈ উঠা কোনেও স্পৰ্শ নকৰা প্ৰাকৃতিক দৃশ্যপটত।২
হাকো নামৰ অনুষ্ঠানত আতিৰা দেৱীক শ্ৰদ্ধা জনোৱা হৈছিল।৫৬ এই অনুষ্ঠানত আকাশক প্ৰতিনিধিত্ব কৰিবলৈ নীলা ৰং কৰা মাকৈৰ কাণ আৰু আতিৰাৰ প্ৰতীক হিচাপে ডাৱৰক প্ৰতিনিধিত্ব কৰিবলৈ ইয়াত সংলগ্ন বগা পাখি ব্যৱহাৰ কৰা হৈছিল।৭৮
তেওঁৰ কন্যা আছিল উটি হিয়াটা, যিয়ে পৱনী জনগোষ্ঠীৰ মানুহক কৃষি কৰ্মত ব্যৱহৃত সঁজুলি বনোৱা আৰু খাদ্য খেতি কৰিবলৈ শিকাইছিল।৯
উত্তৰাধিকাৰ
১৬৩৬৯৩ আতিৰা, সম্পূৰ্ণৰূপে পৃথিৱীৰ ভিতৰত কক্ষপথ থকা বুলি জনা প্ৰথমটো গ্ৰহাণু (আৰু নিজেই আতিৰা গ্ৰহাণুৰ শ্ৰেণীৰ নামকৰণ কৰা) আতিৰাৰ নামেৰে নামকৰণ কৰা হৈছে।১০
শুক্ৰৰ ওপৰত থকা আতিৰা মন্স নামৰ পৰ্বতটোৰ নাম আতিৰাৰ নামেৰে ৰখা হৈছে।১১
জুডি চিকাগোৰ দ্য ডিনাৰ পাৰ্টিৰ হেৰিটেজ ফ্ল'ৰত তালিকাভুক্ত মহিলাসকলৰ ভিতৰত আতিৰাক অন্তৰ্ভুক্ত কৰা হৈছে।১২
তথ্যসূত্ৰ
- ↑ Douglas Parks & Lula Pratt, A Dictionary of Skiri Pawnee, University of Nebraska Press, 2008
- ↑ Auset, Brandi. (2009-01-01). The Goddess Guide: Exploring the Attributes and Correspondences of the Divine Feminine. Llewellyn Worldwide. ISBN 9780738715513
- ↑ Monaghan, Patricia. (2009-12-18). Encyclopedia of Goddesses and Heroines. ABC-CLIO. ISBN 9780313349904
- ↑ Alexander, Hartley B. (1912). A Pawnee Mystery (Illustrated). The Open Court
- ↑ Fletcher, Alice C. (2006). The Hako: A Pawnee Ceremony. Kessinger Publishing, LLC
- ↑ Fletcher, Alice Cunningham. The Hako: a Pawnee ceremony. www.ebooksread.com
- ↑ Monaghan
- ↑ The Open Court magazine, July 1912, page 385 A Pawnee Mystery by Hartley B. Alexander
- ↑ Monaghan, Patricia. (2009-12-31). Encyclopedia of Goddesses and Heroines By Patricia Monaghan page 534. ISBN 9780313349904
- ↑ JPL Small-Body Database Browser. ssd.jpl.nasa.gov
- ↑ Greeley, Ronald; Batson, Raymond. (2001-11-29). The Compact NASA Atlas of the Solar System. Cambridge University Press. ISBN 9780521806336
- ↑ Brooklyn Museum: Atira. www.brooklynmuseum.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আতিৰা” প্ৰবন্ধৰ সংশোধন ৫৯৩২১৯ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।