ছান মেৰিনোৰ নাৰী (Women of San Marino) ৰ জৰিয়তে সাধাৰণতে ইউৰোপীয় মহিলাকে বুজোৱা হয়, যিসকল মহিলাই ছান মেৰিনো ৰিপাব্লিকত বাস কৰে অথবা তেওঁলোক ইয়াৰ পৰা আহিছে। বৰ্তমান ছান মেৰিনোত পুৰুষৰ সৈতে প্ৰায় সকলো সামাজিক আৰু ৰাজনৈতিক অধিকাৰেই সামাৰিনিজ মহিলাসকলৰ লগত বিভক্ত।১পৰম্পৰা অনুসৰি চতুৰ্থ শতিকাৰ আৰম্ভণিতে ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ওচৰৰ ৰিমিনি চহৰৰ পৰা পলায়ন কৰা আদিম খ্ৰীষ্টান চেণ্ট মেৰিনাছে ছান মেৰিনো দেশখন প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ আগমনৰ কিছু সময়ৰ পিছতে ছান মেৰিনো চহৰ প্ৰতিষ্ঠা কৰা হয়। ১৯ শতিকাৰ শেষৰ ফালে নিৰ্মাণ কৰা পালাজ্জো পাব্লিকোৰ ব্যাপক সংস্কাৰ কৰা হয় আৰু ১৯৯৬ চনত এই সংস্কাৰকৰণ সমাপ্ত হয়। ছান মেৰিনো চহৰত উদ্যোগৰ সংখ্যা বৰ বেছি নহয়। ইয়াৰ মূল অৰ্থনৈতিক ভিত্তি হৈছে পৰ্যটন।২
ছান মেৰিনোত ২০১৭ চনলৈকে ১৫–১৯ বছৰ বয়সৰ প্ৰতি ১০০০ মহিলাৰ ভিতৰত কিশোৰ-কিশোৰীৰ জন্মৰ হাৰ ১.৪। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে সংসদৰ ৩৩.৩% আসন মহিলাৰ হাতত আছিল। ২০২০ চনৰ ডিচেম্বৰ মাহলৈকে লিংগ দৃষ্টিকোণৰ পৰা SDGসমূহ(বহনক্ষম উন্নয়নৰ লক্ষ্য, Sustainable Development Goals) নিৰীক্ষণ কৰিবলৈ প্ৰয়োজনীয় সূচকসমূহৰ মাত্ৰ ১১.৪%হে উপলব্ধ আছিল। মহিলাৰ বিৰুদ্ধে হিংসা, বিনা বেতনে যত্ন আৰু ঘৰুৱা কাম আৰু শ্ৰম বজাৰৰ মূল সূচকসমূহ, যেনে লিংগৰ দৰমহাৰ ব্যৱধানৰ ক্ষেত্ৰত ব্যৱধান আছিল। ইয়াৰ উপৰিও লিংগ আৰু দৰিদ্ৰতা, শাৰীৰিক আৰু যৌন নিৰ্যাতন, মহিলাৰ সম্পত্তিৰ সুবিধা (ভূমিকে ধৰি), আৰু লিংগ আৰু পৰিৱেশৰ দৰে বহু ক্ষেত্ৰত – পুনৰ নিৰীক্ষণৰ বাবে তুলনামূলক পদ্ধতিৰ অভাৱ। এই লিংগ তথ্যৰ ব্যৱধানসমূহ বন্ধ কৰাটো ছান মেৰিনোত লিংগ সম্পৰ্কীয় এছডিজি প্ৰতিশ্ৰুতিসমূহ লাভৰ বাবে অতি প্ৰয়োজনীয়।৩
ৰাজনৈতিক অধিকাৰ
১৯৫৭ চনত ফাট্টি ডি ৰ’ভেৰেটা নামেৰে জনাজাত সাংবিধানিক সংকটৰ পিছত ছান মেৰিনোত মহিলাৰ ভোটাধিকাৰ প্ৰৱৰ্তন কৰা হয়। ১৯৬০ চনত ছামাৰিন মহিলাসকলে ভোটাধিকাৰ লাভ কৰে। ১৯৭৩ চনত তেওঁলোকে ৰাজনৈতিক পদবী গ্ৰহণ কৰাৰ অধিকাৰ লাভ কৰে।[৪১
নাগৰিকত্বৰ অধিকাৰ
একবিংশ শতিকাৰ আগতে নাগৰিকত্ব আইনত মহিলাৰ বিৰুদ্ধে যথেষ্ট বৈষম্য আছিল। ১৯৮২ চনৰ গণভোটত ছান মেৰিনোৰ মহিলাসকলে পুৰুষ বিদেশীক বিয়া কৰালে তেওঁলোকৰ ছামাৰিনীয়া নাগৰিকত্ব বৰ্তাই ৰখাৰ অধিকাৰ লাভ কৰা নাছিল (১৯,০০০ ছামাৰিনজ ভোটাৰে ১৯২৮ চনৰ আইনখন বিলুপ্ত নকৰিবলৈ ভোট দিছিল যিয়ে ছামাৰিনজ মহিলাসকলক বিদেশীক বিয়া কৰালে ছামাৰিনজ নাগৰিকত্বৰ সীমা বাতিল কৰা হৈছিল)৷ ছামাৰিনৰ নাগৰিকত্ব হেৰুৱাৰ ফলত মহিলাসকলে ছান মেৰিনো ৰিপাব্লিকত ভোটদান, কাম কৰা, সম্পত্তিৰ মালিকীস্বত্ব, বাস কৰা আৰু সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ অধিকাৰো হেৰুৱাই পেলায়।৫ এই আইনবোৰ পিছলৈ সলনি কৰা হ’ল৷ ২০০০ চনত সংসদে পূৰ্বৰ নাগৰিকত্ব আইন বিলুপ্ত কৰি নতুন নাগৰিকত্ব আইন প্ৰণয়ন কৰে, যাৰ অধীনত বিদেশীক বিয়া কৰাই দিয়া মহিলাই স্বামী বা সন্তানলৈ নাগৰিকত্ব প্ৰেৰণ কৰিব নোৱাৰে৷৬
নাৰীৰ ওপৰত হোৱা হিংসা
ছান মেৰিনোৱে ২০০৮ চনৰ ২০ জুন তাৰিখে মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধ আৰু দমন আৰু লিংগ হিংসাৰ আইন নং ৯৭ গৃহীত কৰে।৭
তথ্যসূত্ৰ
- ↑ Arnold, M. Cameron. San Marino. Advameg, Inc
- ↑ San Marino. Britannica
- ↑ San Marino. United Nations
- ↑ A World Chronology of the Recognition of Women's Rights to Vote and to Stand for Election
- ↑ edited by Anne Shutt, CS Monitor Correspondents. (27 July 1982). Women lose ballot battle in republic of San Marino. The Christian Science Monitor
- ↑ United States Department of State
- ↑ Segreteria Esteri
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছান মেৰিনোৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৫২৭৪৯ (৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।