অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ছেনেগালৰ নাৰী

স্থানীয় ৰীতি-নীতি আৰু ধৰ্মৰ দ্বাৰা গঢ় লৈ উঠা ছেনেগালৰ মহিলাসকলৰ পৰম্পৰাগত সামাজিক মৰ্যাদা আছে। ২০০৫ চনৰ সমীক্ষা অনুসৰি ছেনেগালৰ ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ সকলো মহিলাৰ ভিতৰত মহিলাৰ যৌনাংগ বিকৃতিৰ (female genital mutilation) প্ৰাদুৰ্ভাৱৰ হাৰ ২৮%।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

স্থানীয় ৰীতি-নীতি আৰু ধৰ্মৰ দ্বাৰা গঢ় লৈ উঠা ছেনেগালৰ মহিলাসকলৰ পৰম্পৰাগত সামাজিক মৰ্যাদা আছে। ২০০৫ চনৰ সমীক্ষা অনুসৰি ছেনেগালৰ ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ সকলো মহিলাৰ ভিতৰত মহিলাৰ যৌনাংগ বিকৃতিৰ (female genital mutilation) প্ৰাদুৰ্ভাৱৰ হাৰ ২৮%।১

ইতিহাস

ছেনেগালৰ পৰম্পৰাগত শ্ৰম বিভাজনৰ ফলত মহিলাসকলে ঘৰুৱা কাম যেনে: ৰন্ধা-বঢ়া, চাফাই কৰা, শিশুৰ যত্ন লোৱাৰ দায়িত্ব লয়। ধানৰ দৰে সাধাৰণ শস্যৰ বাবে অপতৃণ চপোৱাকে ধৰি কৃষি কামৰ বৃহৎ অংশও তেওঁলোকৰ দায়িত্বতে। ৰাজনীতিৰ দৃশ্যপটত আগতে আভিজাত্যৰ নাৰী প্ৰভাৱশালী আছিল।

শেহতীয়া দশকবোৰত অৰ্থনৈতিক পৰিৱৰ্তন আৰু নগৰায়নৰ ফলত বহু যুৱকে ডাকাৰৰ দৰে চহৰলৈ প্ৰব্ৰজন কৰিছে। গাঁৱৰ বনজ সম্পদ পৰিচালনা আৰু বাজৰা তথা ধান কল চলোৱাৰ কামত গ্ৰাম্য মহিলাসকল ক্ৰমান্বয়ে জড়িত হৈ পৰিছে।[4] চৰকাৰৰ গ্ৰামোন্নয়ন সংস্থাই গাঁৱৰ মহিলাসকলক সংগঠিত কৰি উন্নয়ন প্ৰক্ৰিয়াত অধিক সক্ৰিয়ভাৱে জড়িত কৰাৰ লক্ষ্য ৰাখিছে। গাঁৱৰ স্বাস্থ্য সমিতি আৰু প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ পিছৰ কাৰ্যসূচীত মহিলাসকলে বিশিষ্ট ভূমিকা পালন কৰে। চহৰ অঞ্চলত ইছলামৰ ভিতৰত মহিলাৰ দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা থকাৰ পিছতো সাংস্কৃতিক পৰিৱৰ্তনৰ ফলত মহিলাসকলে কাৰ্যালয় আৰু খুচুৰা কেৰাণী, ঘৰুৱা শ্ৰমিক আৰু বস্ত্ৰ কল আৰু টুনা-কেনিং কাৰখানাত অদক্ষ শ্ৰমিক হিচাপে শ্ৰম বজাৰত প্ৰৱেশ কৰিছে।২

বেচৰকাৰী সংস্থাসমূহো মহিলাৰ অৰ্থনৈতিক সুযোগৰ প্ৰসাৰৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছে। মহিলা ব্যৱসায়ৰ বাবে ক্ষুদ্ৰ বিত্তীয় ঋণৰ ফলত বহুতৰে অৰ্থনৈতিক অৱস্থা উন্নত হৈছে।৩

ছেনেগালে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য নিৰ্মূলকৰণ চুক্তিৰ লগতে অতিৰিক্ত প্ৰট’কল অনুমোদন কৰে। ২০০৩ চনৰ আফ্ৰিকান ইউনিয়ন শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা আফ্ৰিকান চাৰ্টাৰ অৱ হিউমেন এণ্ড পিপলছ ৰাইটছৰ স্বাক্ষৰকাৰীও আছিল ছেনেগাল। কিন্তু ছেনেগালৰ নাৰীবাদীসকলে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ উপায় হিচাপে স্বাক্ষৰিত প্ৰট'কল, চুক্তি আৰু অন্যান্য গ্ৰন্থসমূহ বলবৎ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সমালোচনা কৰি আহিছে।৪

মহিলাৰ অধিকাৰ

ছেনেগালৰ মহিলাসকলে নিজৰ সামাজিক মৰ্যাদাৰ ক্ষেত্ৰত কেইবাটাও বৈষম্যৰ সন্মুখীন হয়। মহিলাৰ নিৰক্ষৰতাৰ হাৰ অধিক। আনুষ্ঠানিক শ্ৰমিক শক্তিৰ ১০%তকৈও কম তেওঁলোকে প্ৰতিনিধিত্ব কৰে। ২০০১ চনৰ সংবিধানে নিষিদ্ধ কৰা সত্ত্বেও কিছুমান গ্ৰাম্য অঞ্চলত মহিলাৰ যৌনাংগ বিকৃত কৰাটো এক স্থায়ী প্ৰথা।৫

ছেনেগালত মহিলাৰ যৌনাংগ বিকৃত কৰা দেখা যায়।[8] ২০০৫ চনৰ সমীক্ষা অনুসৰি ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰৰ সকলো মহিলাৰ ভিতৰত এফজিএমৰ(Female genital mutilation) প্ৰাদুৰ্ভাৱৰ হাৰ ২৮%।৬আঞ্চলিক প্ৰাদুৰ্ভাৱৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য দেখা যায়। দক্ষিণ ছেনেগালত (কোল্ডা অঞ্চলত ৯৪%) আৰু উত্তৰ-পূব ছেনেগালত (মাটাম অঞ্চলত ৯৩%) এফজিএমৰ প্ৰাদুৰ্ভাৱ বেছি।৭১১

আন অঞ্চলত এফজিএমৰ হাৰ কম: টাম্বাকাউণ্ডা (৮৬%), জিগুইঞ্চৰ (৬৯%), আৰু ডিউৰবেল আৰু লৌগা অঞ্চলত ৫%তকৈ কম। ছেনেগালত ৯৪% মুছলমান (এফজিএম ইছলামিক প্ৰথা নহয়) এফজিএমৰ প্ৰাদুৰ্ভাৱৰ হাৰ ধৰ্ম অনুসৰি ভিন্ন হয়: ২৯% মুছলমান, ১৬% এনিমিষ্ট আৰু ১১% খ্ৰীষ্টান মহিলাই এফজিএম কৰিছে।৮১

তথ্যসূত্ৰ

  1. ↑ Female Genital Mutilation in Senegal Federal Ministry of Economic Cooperation and Development, Germany (September 2011)
  2. ↑ Culture of Senegal
  3. ↑ (April 18, 2010). Senegal's women find a way out of poverty. Toronto Star
  4. ↑ Civil society, media women seek enforcement of texts on women's rights. Afrique en ligne
  5. ↑ Being a woman in Senegal
  6. ↑ "FGC Prevalence Rates Diagram", African Women's Health Center, Brigham and Women's Hospital, Harvard Medical School, accessed 7 September 2011
  7. ↑ FEMALE GENITAL MUTILATION/CUTTING: A Statistical Exploration UNICEF (2010); see Table 1C, page 34
  8. ↑ FEMALE GENITAL MUTILATION/CUTTING: A Statistical Exploration UNICEF (2010); see Table 1C, page 34

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেনেগালৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৪৯০৪ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।