অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মৰিচাছৰ নাৰী

মৰিচাছৰ নাৰীয়ে (Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সমাজত নাৰীৰ ভূমিকা ২০ শতিকাত সলনি হৈছিল। ঐতিহাসিকভাৱে মৰিচাছ সংস্কৃতিয়ে পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি বজাই ৰাখিছিল, যিয়ে পৰিয়াল আৰু কৰ্মজীৱনকো সামৰি লৈছিল।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মৰিচাছৰ নাৰীয়ে (Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সমাজত নাৰীৰ ভূমিকা১ ২০ শতিকাত সলনি হৈছিল। ঐতিহাসিকভাৱে মৰিচাছ সংস্কৃতিয়ে পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি বজাই ৰাখিছিল, যিয়ে পৰিয়াল আৰু কৰ্মজীৱনকো সামৰি লৈছিল। মৰিচাছ চৰকাৰৰ দ্বাৰা গঠিত হোৱা 'এক্সপ'ৰ্ট প্ৰচেছিং জ'ন'ৰ বাবে কৰ্মশক্তিত মহিলাৰ অৱদান বিগত সময়ত বৃদ্ধি পাইছে।২এই পৰিৱৰ্তনৰ ফলত 'দ্বৈত-উপাৰ্জনকাৰী'ৰ উত্থান ঘটিছে আৰু একক মাতৃত্বকো উৰ্ধমুখীভাৱে প্ৰভাৱান্বিত কৰিছে।৩

২০০৮ চনত মৰিচাছে নিয়োগ অধিকাৰ আইন প্ৰতিষ্ঠা কৰিছিল। এই আইনখনে কৰ্মক্ষেত্ৰৰ ভিতৰত বৈষম্য নিষিদ্ধ কৰে আৰু সম মূল্যৰ কামৰ বাবে সমান পাৰিতোষিক নিৰ্ধাৰণ কৰে।৪ বৈবাহিক মৰ্যাদা যিয়েই নহওক কিয়, মহিলা আৰু পুৰুষ উভয়ৰে নিজৰ পেছা বাছি লোৱাৰ আইনী অধিকাৰ আছে। তেওঁলোকৰ বাবে এই অধিকাৰ দেৱানী সংহিতাত আৰু আইনৰ অধীনত ন্যস্ত কৰা হৈছে।৫

সংসদ

উত্তৰ-ঔপনিৱেশিক যুগত মৰিচাছৰ মহিলাসকলে ঔপনিৱেশিকতাৰ প্ৰভাৱ অনুভৱ কৰিছিল।৬ ১৯ শতিকাৰ মৰিচিয়ান আইন অনুসৰি মহিলাসকলক স্বামীৰ অবিচ্ছেদ্য সম্পত্তি হিচাপে গণ্য কৰিবলৈ কোৱা হৈছিল।৭ তাৰ পিছত চৰকাৰে উত্তৰাধিকাৰ আৰু প্ৰব্ৰজনৰ সৈতে জড়িত আইনসমূহ বাতিল কৰে।৮ ১৯৮৯ চনত চৰকাৰে মহিলাৰ সৈতে জড়িত বিষয়সমূহৰ বাবে প্ৰধান মন্ত্ৰালয়ত সম সুযোগপ্ৰাপ্ত বিষয়া নিযুক্তি দিয়ে। মহিলাৰ অধিকাৰ আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰতিবেদনে বৈষম্যৰ সৈতে জড়িত বিষয়সমূহৰ কিছু উন্নতিৰ ইংগিত দিয়ে।৯

সংসদৰ কিছুমান উন্নয়নৰ ভিতৰত আছে ৰাষ্ট্ৰপতি পদত (২০১৫ চনৰ পৰা ২০১৮ চনলৈ) শ্ৰীমতী আমিনা গুৰিব-ফাখিমক ৰাষ্ট্ৰপতি পদৰ বাবে উত্তৰণ ঘটোৱা,১০ আৰু ২০১৪ চনত শ্ৰীমতী মায়া হনুমানজীক প্ৰথমগৰাকী মহিলা বক্তাৰ পদত অধিষ্ঠিত কৰোৱা।১১

অনুষ্ঠান

২০১৬ চনত লিংগ সমতা মন্ত্ৰালয়ে কোকাকোলাৰ এটা বিজ্ঞাপন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় যিটো লিংগ পৰামৰ্শদাতাৰ অভিযোগৰ বাবে "যৌনতাবাদী" বুলি গণ্য কৰা হৈছিল।১২ ২০১৮ চনৰ মাৰ্চ মাহত মহিলাসকলে নিজৰ প্ৰয়োজন আৰু আকাংক্ষাৰ কথা প্ৰকাশ কৰাৰ মঞ্চ হিচাপে ৰাষ্ট্ৰীয় মহিলা পৰিষদ গঠনৰ বাবে এখন নতুন আইন গঠন কৰা হয়।১৩ মহিলাৰ বিৰুদ্ধে হিংসা, নাৰী সৰবৰাহ, যৌনতা, প্ৰজনন, স্বাস্থ্যৰ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ দৰে বিষয়সমূহৰ সমাধানৰ বাবে ২০১৮ চনৰ মে’ মাহত ইউৰোপীয় সংঘৰ সৈতে লিংগ কাৰ্য্য পৰিকল্পনাৰ ওপৰত যৌথ নিৰীক্ষণ কাঠামো চুক্তি স্বাক্ষৰ কৰা হয়।১৩

উন্নয়নৰ সূচকাংক

অৰ্থনৈতিক

মৰিচাছত পোন্ধৰ বছৰতকৈ অধিক বয়সপ্ৰাপ্ত মহিলাৰ নিবনুৱাৰ হাৰ ১০%।১৪জ্যেষ্ঠ পদবীত থকা মহিলাসকল যেনে: জ্যেষ্ঠ মুখ্য কাৰ্যবাহী, স্থায়ী সচিব আৰু উপ-স্থায়ী সচিবৰ হাৰ ২০০১ চনৰ ২৩%ৰ পৰা ২০১৬ চনৰ ৪০%লৈ বৃদ্ধি পাইছে।১৫ ২০১৮ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনে ভাৰতীয় ৰিম এছ’চিয়েশ্যনৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত কৰ্ম পৰিকল্পনাৰ উপৰিও মহিলাৰ অৰ্থনৈতিক সৱলীকৰণৰ সম্বন্ধে এক ঘোষণাপত্ৰ প্ৰস্তুত কৰিছিল যাতে মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ ইয়াৰ ফলত সমৃদ্ধ হয়।১৩

শিক্ষা

২০১১ চনত প্ৰাথমিক খণ্ডৰ পৰা মাধ্যমিক খণ্ডলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ভিতৰত ল'ৰাৰ অনুপাত আছিল ৭৯% আৰু ছোৱালীৰ অনুপাত আছিল ৮৪%।১৬

লিংগ

২০১৩ চনত মৰিচাছৰ লিংগ অসমতা সূচকাংক আছিল ০.৩৭৫।১৭ মিছেছ জিৱা-ডাউৰেয়াউৰ মতে, মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত মৰিচাছ সঠিকভাৱে আগবাঢ়িছে বুলি উল্লেখ কৰা হৈছে।১৩

তথ্যসূত্ৰ

  1. ↑ Successful women in Mauritius
  2. ↑ (2010). Mauritius Women in Culture, Business, & Travel. World Trade Press. পৃ. 1
  3. ↑ Blin, Myriam. (June 2008). Export-Oriented Policies, Women's Work Burden and Human Development in Mauritius. Journal of Southern African Studies. পৃ. 239–253
  4. ↑ (2019). Mauritius. OECD DEVELOPMENT CENTRE
  5. ↑ (2019). Mauritius
  6. ↑ Vlcek, William. (2019-01-02). The Mauritian Paradox: Fifty Years of Development, Diversity and Democracy. The Round Table. পৃ. 104–106
  7. ↑ Ramtohul, Ramola. (2020-07-30). Women in Mauritius. Oxford Research Encyclopedia of African History. ISBN 9780190277734
  8. ↑ Gokulsing, Deepa. (2014). Gender, education and labour market: evidence from Mauritius. International Journal of Sociology and Social Policy. পৃ. 609–633
  9. ↑ Calder, Angus. (2003). A man for all cultures: the careers of learie constantine. Culture, Sport, Society. পৃ. 19–42
  10. ↑ Dr. Ameenah Gurib-Fakim
  11. ↑ H.e. Santi Bai Hanoomanjee
  12. ↑ (11 February 2017). Mauritius Is Known For Encouraging Women To Work At Higher Positions. International Television Network
  13. ↑ OHCHR · Committee on the Elimination of Discrimination against Women reviews the report of Mauritius. www.ohchr.org
  14. ↑ UN Women. (2020). Mauritius. UN Women - Women Count
  15. ↑ Statistics Mauritius. Mauritius Government
  16. ↑ DefiMedia. (2016). Pub de Coca-Cola: le ministère de l'Égalité des genres fait marche arrière. Le Defi Media Group
  17. ↑ UNDP. (2020). Gender Inequality Index. UNITED NATIONS DEVELOPMENT PROGRAMME -Human Development Reports

সম্পৰ্কিত শ্ৰেণী

মৰিছাছদেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিচাছৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬২২৪১৫ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।