ছোমালিয়াৰ নাৰী (Women in Somalia) ছোমালি সমাজৰ এক মূল অংশ। পৰিয়াল তথা সামাজিক গাঁথনিত তেওঁলোকৰ কিছুমান স্পষ্টভাৱে নিৰ্ধাৰিত আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে।১২ ইয়াৰ ভিতৰত ছমালিলেণ্ডৰ সোমালি মহিলাসকলো অন্তৰ্ভুক্ত। ছমালিলেণ্ড এখন স্বঘোষিত গণৰাজ্য আৰু আন্তৰ্জাতিকভাৱে ছোমালিয়াৰ স্বায়ত্তশাসিত অঞ্চল হিচাপে স্বীকৃত।৩
ছোমালিয়াৰ বেছিভাগ লোকেই মুছলমান।৪ছোমালিয়াৰ জনসংখ্যা বছৰি ১.৬৭% হাৰত হাৰত বৃদ্ধি পাইছে। ইয়াৰ জন্মৰ হাৰ প্ৰতি ১০০০ জন মানুহৰ বিপৰীতে ৪১.৪৫ জন। ২০১৩ চনত ছোমালিয়াৰ প্ৰতিগৰাকী মহিলাৰ মুঠ উৰ্বৰা হাৰ আছিল ৬.১৭, যিটো বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক।৫
স্থানীয় বাসিন্দাসকলৰ অধিকাংশই কম বয়সীয়া। গড় বয়স ১৭.৭ বছৰ। ৪৪.৩% জনসংখ্যা ০–১৪ বছৰৰ ভিতৰত, ৫৩.৫% লোক ১৫–৬৪ বছৰৰ ভিতৰত। মাত্ৰ ২.৩% লোকৰ বয়স ৬৫ বছৰ বা তাতকৈ অধিক। লিংগ অনুপাত মোটামুটিভাৱে সুষম। ক'বলৈ গ'লে মহিলা আৰু পুৰুষৰ সংখ্যা আনুপাতিকভাৱে সমান।৫
গৃহযুদ্ধৰ বাবে ১৯৭৫ চনৰ পৰা ছোমালিয়াৰ জনসংখ্যাৰ সঠিক পৰিসংখ্যা নিৰ্ণয় কৰাটো কঠিন হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ মতে, ২০১৪ চনলৈকে ছোমালিয়াৰ জনসংখ্যাৰ প্ৰায় আধাসংখ্যক মহিলা।৬
আফ্ৰিকাৰ আন দেশৰ তুলনাত ছোমালিয়াত শিক্ষাৰ মাত্ৰা কম আৰু শিশুৰ মৃত্যুৰ মাত্ৰা অধিক।
খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ শেষৰ ফালে ছোমালিয়াত বাস কৰা প্ৰায় সকলো লোকেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। কোৰানৰ অধীনত মহিলাৰ অধিকাৰৰ ভিতৰত জীৱন, শিক্ষা, সম্পত্তিৰ মালিকীস্বত্ব আৰু উত্তৰাধিকাৰীত্বৰ অধিকাৰৰ লগতে বিবাহৰ সন্মতি দিয়াৰ অধিকাৰ আৰু ভৱিষ্যত স্বামীৰ সৈতে বিবাহ চুক্তিৰ অধিকাৰ আদি অন্তৰ্ভুক্ত।৭ একে সময়তে ছোমালি সংস্কৃতিয়ে পৰম্পৰাগতভাৱে পিতৃতন্ত্ৰ হিচাপে কাম কৰি আহিছে, য’ত আৰ্থিক আৰু পাৰিবাৰিক সিদ্ধান্তৰ সৰহভাগ পুৰুষেই লৈছিল, আৰু ৰাজহুৱা ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰিছিল।

১৯৬০ চনত ছোমালিয়াই ঔপনিৱেশিক শক্তিৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত পুৰুষ আৰু মহিলা উভয়কে ভোটাধিকাৰ দিয়া হয়।৮ ইয়াৰ ফলত ১৯৭০ চনৰ পৰা আশীৰ দশকলৈকে জনজীৱনত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পায়। সেই সময়ছোৱাতে স্কুলত নামভৰ্তি, কৰ্মক্ষেত্ৰ, ৰাজনীতি আৰু সামৰিক বাহিনীত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছিল।৯ ১৯৭৫ চনৰ পৰিয়াল আইনখনে বিবাহ, বিবাহ বিচ্ছেদ তথা সম্পত্তিৰ উত্তৰাধিকাৰ আৰু বহুবিবাহৰ নিষিদ্ধকৰণৰ ক্ষেত্ৰত মহিলা আৰু পুৰুষক সমান অধিকাৰ প্ৰদান কৰে।১০ৰাষ্ট্ৰপতি ছিয়াদ বাৰে ১৯৪৮ চনত ইটালীৰ বাহিনীয়ে হত্যা কৰা ঔপনিৱেশিকতাবাদ বিৰোধী ছোমালি যুৱ লীগৰ মহিলা সদস্য হাও টাকোৰ স্মৃতিত ১৯৭৭ চনত সোমালি মহিলা গণতান্ত্ৰিক সংস্থা (SWDO) স্থাপনৰ সমৰ্থন কৰে।১০ বাৰে(Barre) সাম্ৰাজ্যই চৰকাৰৰ সৈতে মহিলাৰ সমন্বয় বৰ্তাই ৰাখিবলৈ SWDO স্থাপন কৰিছিল আৰু নেতৃত্বৰ ক্ষেত্ৰত মহিলাক নিযুক্তি দিছিল।১০১১
ছোমালিয়াত কবিতাৰ প্ৰভাৱ দীৰ্ঘদিনীয়া। কেইবাটাও সুবিকশিত ছোমালি পদ্য-ৰূপৰ ভিতৰত মহিলা-চালিত বুৰানবুৰৰ, গাবাই, জিফটো, গিয়াৰাৰ, উইগলো, বিয়েৰকেড, আফাৰেই আৰু গুৰাউও অন্তৰ্ভুক্ত। গবাই (মহাকাব্য) বেছিভাগেই পুৰুষে ৰচনা কৰা। ইয়াৰ দৈৰ্ঘ্য প্ৰায়ে ১০০ শাৰীতকৈও অধিক। যেতিয়া এজন যুৱ কবিয়ে এনে পদ্য ৰচনা কৰিবলৈ সক্ষম হয় তেতিয়া ইয়াক কাব্যিক প্ৰাপ্তিৰ চিন বুলি গণ্য কৰা হয় আৰু ই কবিতাৰ উচ্চাসন স্পৰ্শ কৰিছে বুলি বিবেচনা কৰা হয়।১২
ইছলাম ধৰ্মাৱলম্বী ছোমালি ছোৱালী আৰু মহিলাসকলে হিজাব পিন্ধে।১৩ ছোমালি ছোৱালী আৰু মহিলাৰ বাবে এইটোৱেই আটাইতকৈ পৰিচিত পোছাক।
ফেচ-টু-ফেচ আফ্ৰিকাই উদ্ধৃত কৰা এক সমীক্ষা অনুসৰি আফ্ৰিকাৰ ভিতৰত ছোমালিয়াৰ নাৰীসকলেই সবাতোকৈ ধুনীয়া।১৪
তথ্যসূত্ৰ
- ↑ [internationally Somaliland’s Quest for International Recognition and the HBM-SSC Factor]
- ↑ The Federal Republic of Somalia – Provisionalinternationally Constitution
- ↑ Hoehne, Markus. (2011). Political Orientations and Repertoires of Identification: State and Identity Formation in Northern Somalia
- ↑ (2005-12-01). Middle East Policy Council – Muslim Populations Worldwide. Mepc.org
- ↑ Somalia. The World Factbook. Central Intelligence Agency
- ↑ (2014). Population Estimation Survey 2014 for the 18 Pre-War Regions of Somalia. United Nations Population Fund, Somalia Country Office
- ↑ (2018). Women and Islam. The Oxford Dictionary of Islam: Oxford Studies Online
- ↑ Park, Daeyun. (2009). Somali Women. Lives in Conflict: Somali Women and Children
- ↑ (2002). Women's Rights in Islam and Somali Culture. UNICEF. পৃ. 6
- ↑ Mohamed, I.A. (2015). Somali women and the socialist state.. Journal of Georgetown University-Qatar Middle Eastern Studies Student Association
- ↑ (1994). RefWorld: Human Rights Brief: Women in Somalia. RefWorld. Canada: Immigration and Refugee Board of Canada
- ↑ Mohamed Diriye Abdullahi, Culture and Customs of Somalia, (Greenwood Press: 2001), p.75-76
- ↑ Abdullahi, Mohamed Diriye. (2001). Culture and Customs of Somalia. Greenwood Press. পৃ. 117–118
- ↑ (24 October 2014). Website Ranks African Countries with the Most Beautiful Women
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছোমালিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬৩০৮৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।