অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দক্ষিণ ছুদানৰ নাৰী

দক্ষিণ চুডানৰ নাৰীসকল হৈছে দক্ষিণ চুডানত বাস কৰা দক্ষিণ চুডানৰ মহিলা। ২০১১ চনৰ ৯ জুলাইত দক্ষিণ চুডানৰ স্বাধীনতাৰ পিছত এইসকল নাৰীয়ে অধিক ক্ষমতা লাভ কৰিছে যদিও বৈষম্যজনিত সমস্যাৰ সন্মুখীন নোহোৱাকৈ থকা নাই।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৫ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

দক্ষিণ চুডানৰ নাৰীসকল হৈছে দক্ষিণ চুডানত বাস কৰা দক্ষিণ চুডানৰ মহিলা। ২০১১ চনৰ ৯ জুলাইত দক্ষিণ চুডানৰ স্বাধীনতাৰ পিছত এইসকল নাৰীয়ে অধিক ক্ষমতা লাভ কৰিছে যদিও বৈষম্যজনিত সমস্যাৰ সন্মুখীন নোহোৱাকৈ থকা নাই। এই ঠাইৰ বহু মহিলাৰ স্বাস্থ্য, সম্পদ আৰু শিক্ষাৰ পৰ্যাপ্ত সুবিধা নাই।১২মহিলাসকলে প্ৰায়ে বৈষম্যৰ সন্মুখীন হ’লেও দক্ষিণ চুডানে আনুষ্ঠানিকভাৱে স্বাধীনতা ঘোষণা কৰাৰ পিছৰে পৰা কিছু পৰিৱৰ্তন দেখা পোৱা গৈছে। বিগত বছৰসমূহত এই বৈষম্যই ৰাষ্ট্ৰীয় পৰ্যায়ত মনোযোগ লাভ কৰিছে আৰু এই ঠাইত দৃষ্টিগোচৰ হোৱা বাল্যবিবাহৰ বিষয়টোৰ প্ৰতিও মানুহ অধিক আগ্ৰহী হৈ পৰিছে।১ ইয়াৰ লগতে দক্ষিণ চুডানত মাতৃৰ মৃত্যুৰ হাৰ অতি উচ্চ মাত্ৰালৈ গমন কৰা বিষয়টোৱেও সমধিক গুৰুত্ব পাবলৈ আৰম্ভ কৰিছে। দক্ষিণ চুদানত প্ৰতি এক লাখ জীৱিত শিশুৰ বিপৰীতে মাতৃৰ মৃত্যুৰ হাৰ ৭৮৯ গৰাকী৷ এই হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক।৩

বৰ্তমান দক্ষিণ চুডানৰ মুঠ জনসংখ্যা ১২,৯১৯,০৫৩ জন।৪ বিগত বছৰসমূহত পুৰুষৰ জনসংখ্যাই মহিলাৰ জনসংখ্যাক অতিক্ৰম কৰিছে।৪২০১৮ চনত মহিলাৰ জনসংখ্যা আছিল ৬,৪৪৪,৩২৯ আৰু পুৰুষৰ জনসংখ্যা আছিল ৬,৪৭৪,৭২০। দক্ষিণ চুডানৰ মহিলাসকল দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪২ শতাংশ। ৫

+লিংগ অনুসৰি মুঠ জনসংখ্যা৪বৰ্ষমহিলাপুৰুষ
২০০০৩,৩৩৭,৬৬৮৩,৩৬২,৯৯৮
২০০৫৪,০৪৫,৭৯৮৪,০৬৩,০৭২
২০১০৫,০৩২,২৫১৫,০৩৪,৯৪৫
২০১৫৫,৯৫০,০৬৯৫,৯৩২,০৫৮
২০২০৬,৮২৪,২৫৩৬,৭৮৫,৭৪৯

দক্ষিণ চুডানত বহু মহিলাৰ শিক্ষা আৰু স্বাস্থ্য সম্পদৰ ওপৰত ক্ষমতা আৰু সুযোগৰ অভাৱ। বিশ্ব বেংকৰ মতে দক্ষিণ চুডানৰ ৫১% জনসংখ্যাই দৰিদ্ৰ সীমাৰেখাৰ তলতে জীয়াই আছে।৬ পাছৰ জীৱনতো দক্ষিণ চুডানৰ বহু মহিলাক স্কুললৈ যোৱাৰ সুযোগ দিয়া নহয় যাতে তেওঁলোকে ঘৰতে থাকি পৰিয়ালক সহায় কৰিব পাৰে৷ ইয়াৰ ফলস্বৰূপে তেওঁলোক নিৰক্ষৰ।৭ শেহতীয়াকৈ অধিক শিশুক স্কুললৈ যাবলৈ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ দক্ষিণ চুডানৰ শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ছোৱালীৰ বাবে শিক্ষা ব্যৱস্থা গঢ়ি তুলিছে।৮শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপে বিদ্যালয়ত উপস্থিতি বৃদ্ধি কৰিছে যদিও এতিয়াও কিছুমান শিশু, বিশেষকৈ ছোৱালীয়ে পৰিয়ালে পঠিয়াব নোৱাৰাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে।৯২০০৬ চনৰ ঘৰুৱা স্বাস্থ্য সমীক্ষা অনুসৰি কোনোধৰণৰ শিক্ষা নথকা ৪৬% মহিলাই ১৮ বছৰৰ আগতে বিবাহপাশত আবদ্ধ হয়।২

দক্ষিণ চুডানৰ মহিলাসকলৰ বাবে বলপূৰ্বক বিবাহ আৰু বাল্যবিবাহ অতি সাধাৰণ আৰু ইয়াৰ ফলত এই অঞ্চলৰ বেছিভাগ মহিলাৰ জীৱনেই ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে।১০ বাল্যবিবাহক পৰিয়ালসমূহে হৃত অৰ্থনৈতিক সম্পদসমূহ উদ্ধাৰ কৰাৰ উপায় হিচাপে প্ৰায়ে ব্যৱহাৰ কৰে।১১ এগৰাকী মহিলাৰ পৰিয়ালে কন্যাৰ স্বামীৰ পৰা কইনাৰ মূল্য লাভ কৰাৰ বাবে পিতৃ-মাতৃয়ে নিজৰ ছোৱালীক অতি কম বয়সতে যিয়ে বেছিকৈ মূল্য দিয়ে, তেওঁৰ লগত বিয়া কৰাবলৈ আগ্ৰহী।১১ দক্ষিণ চুডানত ইমান কম সংখ্যক মহিলাই বিবাহ বিচ্ছেদ হোৱাৰ কাৰণৰ আঁৰতো কইনাৰ মূল্যই প্ৰধান কাৰক। বিবাহ বিচ্ছেদ হ'লে পত্নীৰ পৰিয়ালে স্বামীৰ পৰিয়ালক বিয়াৰ বাবে প্ৰথমতে দিয়া কইনাৰ মূল্য ঘূৰাই দিব লাগে।১১ কন্যাক সৰুতে বিয়া দিয়াৰ আন এটা কাৰণ হ’ল বৰ্হি-বৈবাহিক গৰ্ভধাৰণৰ ভয়। ইয়াৰ ফলত পৰিয়ালটো অসন্মানিত হয় আৰু ইয়াৰ ফলস্বৰূপে সোনকালেই কন্যাক বিয়া দিয়াৰ প্ৰৱণতাই গা কৰি উঠে৷১১ বাল্যবিবাহক বাধা দিয়া আইন আছে যদিও চৰকাৰে ইয়াক বলবৎ কৰিবলৈ কৰিবলগীয়া কামবোৰ কমকৈ কৰে, গতিকে মানুহেও এই নীতি-ৰীতি প্ৰায়ে মানি নচলে।১১

তথ্যসূত্ৰ

  1. ↑ Gender and Statebuilding in South Sudan. United States Institute of Peace
  2. ↑ Sudan Household Health Survey (SHHS) 2006 · The Republic of South Sudan. www.ssnbss.org
  3. ↑ Maternal mortality ratio (modeled estimate, per 100,000 live births) · Data. data.worldbank.org
  4. ↑ World Population Prospects – Population Division – United Nations. esa.un.org
  5. ↑ South Sudan Population (2016) – World Population Review. worldpopulationreview.com
  6. ↑ (2016-11-28). Gender relations and women's reproductive health in South Sudan. Global Health Action. পৃ. 33047
  7. ↑ Gender and Statebuilding in South Sudan. United States Institute of Peace
  8. ↑ Empowering Girls through Education · Ministry Of Education Science And Technology · South Sudan. www.moest.org
  9. ↑ Empowering Girls through Education · Ministry Of Education Science And Technology · South Sudan. www.moest.org
  10. ↑ (8 March 2017). Vulnerable to violence: Empowering women in South Sudan. UNVP Office in Geneva
  11. ↑ (2013-03-07). "This Old Man Can Feed Us, You Will Marry Him" · Child and Forced Marriage in South Sudan. Human Rights Watch

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ ছুদানৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৫০৩৮০৭ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।