অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ছিয়েৰা লিয়নৰ নাৰী

ছিয়েৰা লিয়ন, আনুষ্ঠানিকভাৱে ছিয়েৰা লিয়ন ৰিপাব্লিক, পশ্চিম আফ্ৰিকাৰ এখন সাংবিধানিক গণৰাজ্য। ১৭৯২ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ছিয়েৰা লিয়নৰ মহিলাসকলে জাতিটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুতৰ প্ৰভাৱ পেলাইছে।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ছিয়েৰা লিয়ন, আনুষ্ঠানিকভাৱে ছিয়েৰা লিয়ন ৰিপাব্লিক, পশ্চিম আফ্ৰিকাৰ এখন সাংবিধানিক গণৰাজ্য।১ ১৭৯২ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ছিয়েৰা লিয়নৰ মহিলাসকলে জাতিটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুতৰ প্ৰভাৱ পেলাইছে।

ছিয়েৰা লিয়নৰ মহিলাসকলে চৰম লিংগ বৈষম্যৰ সন্মুখীন হয়।২তেওঁলোকে উচ্চ মাত্ৰাৰ দৰিদ্ৰতা, হিংসা আৰু বৰ্জনৰ সন্মুখীন হয়।২ তথাপিও তেওঁলোকে শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছে, কিছুমান যেনে: হান্না বেংকা-ককাৰে তেওঁৰ অৱদানৰ বাবে মূৰ্তি স্থাপন কৰি সন্মানিত হৈছে৩ আৰু লতি হাইড-ফৰ্ষ্টাৰ, প্ৰথম মহিলা ফৌৰা বে কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ছিয়েৰা লিয়ন বিশ্ববিদ্যালয়ে নাগৰিক আইন বিভাগৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে।৪

গৃহযুদ্ধৰ সময়ত(১৯৯১–২০০২) অনুমান কৰা হৈছে যে ৩৩% মানৱ অধিকাৰ উলংঘা মহিলাৰ বিৰুদ্ধে সংঘটিত হৈছিল।

সত্য আৰু মিলন আয়োগৰ এক প্ৰতিবেদনত কোৱা হৈছে যে হাজাৰ হাজাৰ মহিলা আৰু ছোৱালীক ঘৰৰ পৰা অপহৰণ কৰা হৈছিল আৰু তেওঁলোক ধৰ্ষণ তথা বলপূৰ্বক গৰ্ভধাৰণকে ধৰি শাৰীৰিক, যৌন আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছিল।৫তেওঁলোকৰ বহুতেই দাসত্ব আৰু বলপূৰ্বক নৃশংসতাৰ বলি হোৱাৰ বিপৰীতে আন কিছুমানক ড্ৰাগছ, নিৰ্যাতন আৰু হত্যা কৰা হৈছিল।৫

ছিয়েৰা লিয়নৰ যিসকল মহিলা আৰু ছোৱালীয়ে বলপূৰ্বক গৰ্ভধাৰণ সহ্য কৰিছিল আৰু তেওঁলোকৰ নিৰ্যাতনকাৰীৰ দ্বাৰা সন্তান জন্ম দিছিল, সেইসকলে সামাজিক বিচ্ছিন্নতাকে ধৰি গুৰুতৰ সামাজিক পৰিণতিৰ সন্মুখীন হৈছিল।৬

গৃহযুদ্ধৰ সময়ত কেইবাগৰাকীও মহিলা আৰু ছোৱালী ৰিভেল্যুচনেৰী ইউনাইটেড ফ্ৰণ্ট (RUF)ৰ সৈনিক হৈছিল।৬

যুদ্ধৰ সময়ত মহিলাসকলে সংগঠিত এটা গোটে ছিয়েৰা লিয়ন মহিলা শান্তিৰ বাবে আন্দোলন প্ৰতিষ্ঠা কৰে আৰু শান্তিপূৰ্ণ প্ৰতিবাদ ব্যৱহাৰ কৰি যুদ্ধংদেহী দলসমূহৰ মাজত শান্তিৰ মধ্যস্থতা কৰাৰ চেষ্টা কৰে।৭৮

ছিয়েৰা লিয়নৰ মহিলাসকলৰ প্ৰজনন অধিকাৰ অতি সীমিত।৯২০০৭ চনলৈকে মহিলা আৰু ছোৱালীক তেওঁলোকৰ সন্মতি অবিহনে তেওঁলোকৰ পৰিয়ালে বিবাহপাশত আবদ্ধ কৰিব পাৰিছিল।[33]

ছিয়েৰা লিয়নত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক।১০১১

ছিয়েৰা লিয়নৰ ১৬% প্ৰাপ্তবয়স্ক মহিলা আৰু ৭.৮% কিশোৰী ছোৱালীয়ে গৰ্ভনিৰোধক ব্যৱহাৰ কৰে।১১১২

২০১৩ চনত ছিয়েৰা লিয়নত কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ বিশ্বৰ ভিতৰতে ৭ম স্থানত আছিল।৯ ২০–২৪ বছৰ বয়সৰ ৩৮% ছিয়েৰা লিয়নী মহিলাই ১৮ বছৰ বয়সৰ আগতেই প্ৰথম সন্তান জন্ম দিছিল।১১১৩ কিশোৰী গৰ্ভাৱস্থা ছিয়েৰা লিয়নৰ উচ্চ মাতৃৰ মৃত্যুৰ হাৰত এটা প্ৰধান অৰিহণা যোগোৱা কাৰক৷ কিশোৰী মাতৃসকলৰ শিশুৰ বিচনাত মৃত্যুৰ ৪০%-৬০% আশংকা থাকে। ২০ বছৰৰ ঊৰ্দ্ধৰ মাতৃৰ পৰা জন্ম হোৱা শিশুতকৈ কিশোৰী মাতৃৰ পৰা জন্ম হোৱা শিশুৰ মৃত্যু বা জন্মৰ কিছু সময়ৰ পিছতে মৃত্যুৰ সম্ভাৱনা ৫০% বেছি।১১

তথ্যসূত্ৰ

  1. ↑ Nill, Susanne. (2011). Can Security Sector Reform Contribute to the Reduction of Gender-Based Violence?. GRIN. পৃ. 54. ISBN 978-3640917655
  2. ↑ Castillejo, Clare. (June 2009). Women's Political Participation and Influence in Sierra Leone
  3. ↑ Hafkin, Nancy Jane. (1976). Women in Africa: Studies in Social and Economic Change. Stanford University Press. পৃ. 218. ISBN 978-0804710114
  4. ↑ Fyle, Magbaily C. (2005). Historical Dictionary of Sierra Leone. Scarecrow. পৃ. 71. ISBN 978-0810853393
  5. ↑ Secco, Allessandra Dal. (2007). Gendered Peace: Women's Struggles for Post-War Justice and Reconciliation. Routledge. পৃ. 81–82. ISBN 978-0415956482
  6. ↑ MacKenzie, Megan H. (2012). Female Soldiers in Sierra Leone: Sex, Security, and Post-Conflict Development. muse.jhu.edu. ISBN 9780814771259
  7. ↑ Barnes, K. (2012). Women, Peace and Security: Translating Policy into Practice. Routledge. পৃ. 126. ISBN 978-0415532495
  8. ↑ Brewer, John D. (2012). Peace Processes: A Sociological Approach. Polity. পৃ. 87. ISBN 978-0745647760
  9. ↑ Edilberto Loaiza and, Mengjia Liang. (2013). Adolescent Pregnancy: A Review of the Evidence
  10. ↑ Rubio-Marin, Ruth. (2006). What Happened to the Women?: Gender and Reparations for Human Rights Violations. Social Science Research Council. পৃ. 249. ISBN 978-0979077203
  11. ↑ Mitchell, Hannah. (2017-07-20). Sierra Leone: teenage girls are dying from unsafe abortions and risky pregnancies. The Guardian
  12. ↑ Emmanuella Kallon, Timothy Kenney &. (2017). Sierra Leone News: UN Population Fund kicks off Family Planning Week
  13. ↑ UNICEF, Report. (2014). Statistical Profile on Female Genital Mutilation. unicef.org

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিয়েৰা লিয়নৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬৩২৭৬৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।