মধ্য আফ্ৰিকাৰ ভূমি আৱদ্ধ দেশ চাদৰ মহিলা (Women in Chad) প্ৰধানকৈ গ্ৰাম্যভিত্তিক অৰ্থনীতিৰ মূল ভেটি আৰু তেওঁলোকৰ সংখ্যা পুৰুষতকৈ বেছি।১চাড এখন বৈচিত্ৰ্যময় আৰু সমৃদ্ধিশালী সাংস্কৃতিক পদ্ধতিৰে গঠিত দেশ৷ মহিলাৰ দ্বাৰা বিচাৰকাৰ্য সম্পাদিত হোৱা পুৰুষৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰু দীৰ্ঘদিন ধৰি গোপনে ৰখা চুলিৰ সামগ্ৰী ইয়াত দৃষ্টিগোচৰ হয়।২৩সাধাৰণ জনসংখ্যাৰ মাজত তেওঁলোকৰ সংখ্যা থকাৰ পাছতো চৰকাৰী পদত মহিলাৰ সংখ্যা অতি কম৷ পৰিণতিস্বৰূপে চাদৰ লিংগ-সমতা বাস্তৱ হোৱাৰ পৰা বহু দূৰৈত। বিশ্ব বেংকে চাডক লিংগ সমতাৰ ক্ষেত্ৰত আফ্ৰিকাৰ তৃতীয় আটাইতকৈ বেয়া দেশ হিচাপে ৰেটিং দিছে।৪ ইয়াৰ উপৰি, চাদত উচ্চশিক্ষা লাভ কৰা মহিলা কম৷
চাদৰ মহিলাসকল বৈষম্য আৰু হিংসাৰ সন্মুখীন হয়। মহিলাৰ যৌনাংগ বিকৃত কৰাটো কাৰিকৰীভাৱে অবৈধ হ'লেও এতিয়াও সেয়া বহুলভাৱে প্ৰচলিত।৫ন্যায়-বহিৰ্ভূত হত্যা, প্ৰহাৰ, নিৰ্যাতন আৰু ধৰ্ষণ আৰু অন্যান্য নিৰ্যাতনৰ দৰে ঘটনা নিৰাপত্তা বাহিনীৰ দ্বাৰা "প্ৰায় সম্পূৰ্ণ" শাস্তিহীনতাৰে সংঘটিত হৈছিল।৬৭৮
চৰকাৰৰ এই প্ৰচেষ্টা সত্ত্বেও স্বাধীনতাৰ প্ৰথম দশকৰ শেষত সামগ্ৰিকভাৱে শিক্ষাৰ স্তৰ নিম্নগামী হৈয়েই থাকিল। ১৯৭১ চনত পোন্ধৰ বছৰৰ ঊৰ্দ্ধৰ প্ৰায় ৯৯ শতাংশ মহিলাই ফৰাচী পঢ়িব, লিখিব বা ক’ব নোৱাৰিলে, যিটো সেই সময়ত একমাত্ৰ চৰকাৰী জাতীয় ভাষা আছিল৷ আৰবী ভাষাত সাক্ষৰতা ৭.৮ শতাংশ। ১৯৮২ চনত সামগ্ৰিকভাৱে সাক্ষৰতাৰ হাৰ প্ৰায় ১৫ শতাংশ আছিল।৯
স্বাধীনতাৰ পিছৰে পৰা কিছুমান গুৰুত্বপূৰ্ণ সমস্যাই চাদৰ শিক্ষাৰ বিকাশত বাধাৰ সৃষ্টি কৰিছে। শিক্ষাৰ বাবে বিত্তীয় সাহায্য অতি সীমিত হৈ আহিছে। সীমিত সুবিধা আৰু কৰ্মীসকলেও শিক্ষা ব্যৱস্থাৰ বাবে পৰ্যাপ্ত শিক্ষা প্ৰদান কৰাত অসুবিধাৰ সৃষ্টি কৰিছে। অইন এটা আনুষংগিক গুৰুতৰ সমস্যা হৈছে; কিছুমান শ্ৰেণীত ১০০ জনলৈকে ছাত্ৰ-ছাত্ৰী থাকে যদিও তেওঁলোকৰ বহুতেই পুনৰাবৃত্তিকাৰী। স্বাধীনতাৰ ঠিক পৰৱৰ্তী বছৰসমূহত বহু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অৰ্হতা আছিল মাত্ৰ প্ৰান্তীয়। মাধ্যমিক পৰ্যায়ত পৰিস্থিতি অধিক বেয়া আছিল।৯
২০০৪ চনত পঞ্চমৰ পৰা চৌধ্য বছৰ বয়সৰ ৩৯.৬ শতাংশ শিশুৱে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ছোৱালীৰ শিক্ষাৰ সুযোগ সীমিত আৰু তাৰ মূল কাৰণ সাংস্কৃতিক পৰম্পৰা বুলি ঠাৱৰ কৰিব পাৰি৷ মূলতঃ আগতীয়া বিবাহৰ বাবেই মাধ্যমিক বিদ্যালয়ত ল’ৰাতকৈ কমসংখ্যক ছোৱালীয়ে নামভৰ্তি কৰে। ১৯৯৯ চনত প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰা ৫৪.০ শতাংশ শিশু পঞ্চম শ্ৰেণীত উপনীত হয়।১০
চাডত প্ৰথম বিবাহৰ সময়ত মহিলাৰ গড় বয়স ১৬ বছৰ৷ কিন্তু বিশেষজ্ঞসকলৰ মতে গড় বয়স অধিক কম হোৱাৰ সম্ভাৱনা আছে।১১১২ পৰম্পৰাগতভাৱে চাডত ছোৱালীক উৰ্বৰ বয়সত ভৰি দিলেই মহিলা হিচাপে গণ্য কৰা হয়, আৰু লগে লগে নিজ নিজ সম্প্ৰদায়ৰ স্নাতকসকলৰ সৈতে তেওঁলোকক বিবাহৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয়। ২০১৩ চনৰ বিশ্ব প্ৰজনন প্ৰতিবেদন অনুসৰি চাডত প্ৰথম গৰ্ভাৱস্থাৰ সময়ত মহিলাৰ গড় বয়স আছিল ১৮.২ বছৰ৷ কিন্তু এই সংখ্যাৰ গড় বয়সো সামান্য কম হোৱাৰ আশা কৰা হৈছে।১১১২বিবাহক প্ৰসাৰিত কৰাৰ গাঁথনি ধৰ্মীয় সংগঠনসমূহে স্থায়ী কৰি ৰাখিছে; কাৰণ জনসংখ্যাৰ ৭৩%তকৈও অধিক জনসমষ্টি কেথলিক বা মুছলমান।১৩ বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ (জনমূৰি) হোৱাৰ পিছতো চাড পঞ্চম সৰ্বাধিক প্ৰজনন/জন্মৰ হাৰত আছে৷ পৰিসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে ৫.৮টা শিশুৰ জন্ম হয়।১১
তথ্যসূত্ৰ
- ↑ Rural Poverty in Chad. Rural poverty portal. International fund for agricultural development
- ↑ Long natural hair secret from Chad in Africa: CHEBE POWDER
- ↑ (2016-10-18). Chad's all-male beauty pageant: the Gerewol festival. CN Traveller
- ↑ Gender gap index in Sub-Saharan Africa 2021. Statista
- ↑ Chad (2007) Freedom House. Retrieved 4 September 2007
- ↑ "Chad" Country Reports on Human Rights Practices 2006. United States Department of State. Retrieved 4 September 2007
- ↑ Chad: Events of 2006 Human Rights Watch. Retrieved 4 September 2007
- ↑ Annual Report: Chad Amnesty International. Retrieved 4 September 2007
- ↑ Chad country study. This article incorporates text from this source, which is in the ৰাজহুৱা ক্ষেত্ৰ.
- ↑ "Chad". 2005 Findings on the Worst Forms of Child Labor . Bureau of International Labor Affairs, U.S. Department of Labor (2006). This article incorporates text from this source, which is in the ৰাজহুৱা ক্ষেত্ৰ.
- ↑ Total Fertility Rate 2022. worldpopulationreview.com
- ↑ United Nations, Department of Economic and Social Affairs, Population Division (2013). World Fertility Report (Report). United Nations publication. p. Table A.1. Retrieved 01 April 2022
- ↑ Danawi, Hadi, PhD. (2016). Maternal Mortality in Chad. International Journal of Childbirth Education. পৃ. 21–25
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাদৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮০৭৯৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।