অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ট্ৰেন্সনিষ্ট্ৰিয়াৰ নাৰী

ট্ৰেন্সনিষ্ট্ৰিয়াৰ মহিলাসকল (Women in Transnistria) হৈছে ট্ৰেন্সনিষ্ট্ৰিয়াত বাস কৰা বা তাৰ পৰা অহা মহিলা (ট্ৰেন্সনিষ্ট্ৰিয়া বুলিও বানানটো লিখা হ'ব পাৰে; আৰু ইয়াক প্ৰিডনেষ্ট্ৰ'ভিয়ান মল্ডাভিয়ান ৰিপাব্লিক বুলিও কোৱা হয়, আৰু সংক্ষিপ্তভাৱে কোৱা হয় পিএমআৰ)।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ট্ৰেন্সনিষ্ট্ৰিয়াৰ মহিলাসকল (Women in Transnistria) হৈছে ট্ৰেন্সনিষ্ট্ৰিয়াত বাস কৰা বা তাৰ পৰা অহা মহিলা (ট্ৰেন্সনিষ্ট্ৰিয়া বুলিও বানানটো লিখা হ'ব পাৰে; আৰু ইয়াক প্ৰিডনেষ্ট্ৰ'ভিয়ান মল্ডাভিয়ান ৰিপাব্লিক বুলিও কোৱা হয়, আৰু সংক্ষিপ্তভাৱে কোৱা হয় পিএমআৰ)।

জনসংখ্যা

২০০৪ চনত কৰা লোকপিয়লৰ ভিত্তিত জানিব পৰা গৈছে যে ৫৫৫,০০০ লোকৰ ভিতৰত ৫৪% সদস্য মহিলাৰে গঠিত৷ ইয়াৰে ২১% মহিলাৰ বয়স ৬০ বছৰতকৈ ঊৰ্দ্ধত।১

কৰ্মসংস্থান

২০০৪ চনত কৰা লোকপিয়লৰ ভিত্তিত ৩৭% মহিলাই কৰ্মসংস্থাপন লাভ কৰিছে৷ আনহাতে ১৯% মহিলা আছিল নিবনুৱা। অৱসৰপ্ৰাপ্ত মহিলাৰ সংখ্যা ৩৫%।১

শিক্ষা

২০০৪ চনৰ লোকপিয়ল অনুসৰি ট্ৰেন্সনিষ্ট্ৰিয়াৰ জনসংখ্যাৰ ৫০.১% "পেছাদাৰী আৰু উচ্চ শিক্ষা" ক্ষেত্ৰৰ ছাত্ৰ আছিল। ১৫.৯% মহিলাই উচ্চ শিক্ষা লাভ কৰিছে যদিও কিছুমানে হয়তো শিক্ষানুষ্ঠানত উচ্চ শিক্ষা সম্পূৰ্ণ কৰা নাই। ৩১.৫% মহিলাই পেছাদাৰী পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। ৩১.৭% মহিলাই মাধ্যমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল। ইয়াৰে ৮.৪ গৰাকীয়ে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিল।১

ৰাজনীতিত নাৰী

যদিও ট্ৰেন্সনিষ্ট্ৰিয়া এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সীমিত স্বীকৃতি পোৱা দেশ, আৰু যদিও ফ্ৰিডম ইন দ্য ৱৰ্ল্ড ২০১২ চনত বৰ্ণনা কৰিছিল যে "[w]omen are underrepresented in most positions of authority", বৰ্তমানৰ ট্ৰেন্সনিষ্ট্ৰিয়ান চৰকাৰত ৮ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ অন্তৰ্ভুক্ত। ট্ৰেন্সনিষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰী (টাটিয়ানা টুৰান্সকায়া) আৰু ৪ জনৰ ভিতৰত ৩ গৰাকী উপ-প্ৰধানমন্ত্ৰীয়ে মহিলা (নাটালিয়া নিকিফ’ৰ’ভা, নীনা ষ্টানস্কি আৰু মাইজা পাৰ্নাছ)। ট্ৰেন্সনিষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি প্ৰশাসনত মহিলাক ব্যাপকভাৱে উপস্থাপন কৰা হয়৷ উদাহৰণ দিবলৈ গ'লে প্ৰশাসনৰ মুৰব্বী (নাডেজ্ডা বাৰানোভা)২ আৰু ৫ জন ৰাষ্ট্ৰপতিৰ উপদেষ্টা (আলয়না ক্লাইউছ, নাডেজ্ডা জাবলটস্কায়া, নাটালিয়া গাৰ্বাৰ, আন্না ইয়ানচুক আৰু গালিনা ছাণ্ডুছা)৩ ৰ কথা ক'ব পাৰি।

ট্ৰেন্সনিষ্ট্ৰিয়াৰ চহৰ আৰু জিলা (ৰিয়ান)ৰ ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হিচাপে মহিলাসকলৰ মাজত কিছু পৰিমাণে কম প্ৰতিনিধিত্ব প্ৰত্যক্ষ কৰা হয় ৷কেৱল ৰাইবনিছা জিলাৰ নেতৃত্বত এগৰাকী মহিলা থাকে৷ কিন্তু ৰাজ্য প্ৰশাসনৰ উপ-মূৰব্বীৰ পদত ব্যাপকভাৱে উপস্থাপন কৰা হয়। বৰ্তমান টিৰাছপল প্ৰশাসনত ৫ গৰাকীৰ ভিতৰত ২ গৰাকী৪ডেপুটি, বেণ্ডেৰী প্ৰশাসনত ২ গৰাকীৰ ভিতৰত ২ গৰাকী৫, ৰিবনিছা প্ৰশাসনত ৩ গৰাকীৰ ভিতৰত ২ গৰাকী৬, ডুবাছাৰী প্ৰশাসনত ৩ গৰাকীৰ ভিতৰত ২ গৰাকী৭ গৰাকী, ৩ গৰাকীৰ ভিতৰত ২ গৰাকী৮

মানৱ সৰবৰাহ

নাবালককে ধৰি ট্ৰেন্সনিষ্ট্ৰিয়াৰ কিছুমান মহিলা ঘৰুৱা হিংসা, মানৱ সৰবৰাহ আৰু বেশ্যাবৃত্তিৰ বলি হৈছে,৯ যিবোৰ দেশৰ তিনিটা প্ৰধান সমস্যা। বেছিভাগ সময়তে সৰবৰাহ কৰা ট্ৰেন্সনিষ্ট্ৰিয়ান মহিলা আৰু ছোৱালীক তুৰস্ক আৰু সংযুক্ত আৰব আমিৰশ্বাহীলৈ অনা হয়।১০

তথ্যসূত্ৰ

  1. ↑ Women's vulnerability to HIV/AIDS in Transnistria Sociological Research Report 2011 (with link to English and Russian versions)
  2. ↑ Official biography of the Head of Presidential Administration of the Pridnestrovian Moldavian Republic. president.gospmr.org
  3. ↑ Advisors of the President of the Pridnestrovian Moldavian Republic
  4. ↑ Official site of the State Administration of the Tiraspol City and of the Dnestrovsk City of the Pridnestrovian Moldavian Republic
  5. ↑ Official site of the State Administration of the Bendery City of the Pridnestrovian Moldavian Republic
  6. ↑ Official site of the State Administration of the Rybnitsa raion and the Rybnitsa City of the Pridnestrovian Moldavian Republic
  7. ↑ Official site of the State Administration of the Dubossary raion and the Dubossary City of the Pridnestrovian Moldavian Republic. www.dubossary.ru
  8. ↑ Official site of the State Administration of the Grigoriopol raion and the Grigoriopol City of the Pridnestrovian Moldavian Republic. grig-admin.ucoz.org
  9. ↑ Transnistria, Freedom in the World 2012, freedomhouse.org
  10. ↑ Trafficking in Persons, A HUMAN SECURITY PERSPECTIVE ON TRANSNISTRIA REASSESSING THE SITUATION WITHIN THE “BLACK HOLE OF EUROPE”, Revue de la Sécurité Humaine/ Human Security Journal – Issue 3 – February 2007, pp. 18-19

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰেন্সনিষ্ট্ৰিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৪৬৯৩ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।