কেঙ্গেৰু ( kangaroo ) ১৬২৯ চনত অষ্ট্ৰেলিয়া (মহাদেশ)ত প্ৰথম কেঙ্গেৰু দেখিছিল ফ্ৰান্সেছ পিলছিয়েৰ নামৰ এজন পতুৰ্গীজ লোকে৷ কেঙ্গেৰুৰ বিচিত্ৰ চেহেৰা আৰু সিঁহতৰ বিচিত্ৰ গতিবিধিৰ বাবে পৃথিৱীৰ ভিতৰতে এবিধ অন্যতম আকৰ্ষণীয় প্ৰাণী৷ কেঙ্গেৰুৰ পৰিয়ালৰ ভিতৰত ৰঙা কেঙ্গেৰুবোৰ সকলোতকৈ ডাঙৰ৷ ইহঁতৰ উচ্চতা প্ৰায় ২মিটাৰ (৬.৫ ফুট)৷ ইহঁত এবিধ তৃণভোজী প্ৰাণী৷ দিনত সূৰ্যৰ প্ৰখৰ তাপৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে কেঙ্গেৰুবোৰে বৃক্ষৰ তলত বিচৰণ কৰি ফুৰে৷ <ref name="গ্ৰন্থ ১" ১
বাসস্থান
কেঙ্গেৰুৰ বাসস্থান অষ্ট্ৰেলিয়া (মহাদেশ)৷ অষ্ট্ৰেলিয়াৰ 'ছাভানা অৰণ্য' কেঙ্গেৰুৰ বিচৰণভূমিৰূপে বিশ্ব বিখ্যাত৷ কেঙ্গেৰুৱে বসবাস কৰাৰ বাবে নিজাকৈ কোনো আশ্ৰয়স্থল বা বাঁহ সাজি নলয়৷
আকৃতি
কেঙ্গেৰুৰ মূৰটো সৰু৷ সন্মুখৰ ভৰি দুটাও সৰু৷ হাত নে ভৰি ধৰিবই নোৱাৰি৷ পিছফালৰ ভৰি দুটা ঠিক ইয়াৰ ওলোটা৷ যেনে দীঘল তেনে কঠিন৷ কেঙ্গেৰুৰ অংগ-প্ৰতংগৰ ভিতৰত আটাইতকৈ দীঘল হ'ল তাৰ নেজ৷ সেই নেজৰ ওপৰত ভৰ দি পিছফালৰ ভৰিৰ সহায়ত কেঙ্গেৰুৱে জঁপিয়াই জঁপিয়াই যায়৷ কেঙ্গেৰুৱে একোটা জাপত ১০-১২ ফুট জঁপিয়াব পাৰে৷ কেঙ্গেৰুবোৰ দীঘে প্ৰায় ৭ফুট হয়৷ মাইকী কেঙ্গেৰুৰ পেটৰ তলৰ ফালে এটা মোনা থাকে৷ সেই মোনাৰ ভিতৰত পোৱালিবোৰ ভৰাই থয়৷ মাইকী কেঙ্গেৰুবোৰ মতা কেঙ্গেৰুতকৈ চাপৰ আৰু ক্ষীণ হয়৷
প্ৰজনন
কেঙ্গেৰুৱে সাধাৰণতে বছৰেকত একোটাকৈ পোৱালি জন্ম দিয়ে৷ প্ৰজননৰ সময়ত সংগী বাছনিক লৈ কেঙ্গেৰুবোৰৰ নিজৰ ভিতৰতে যুঁজ-বাগৰ লাগে৷ নেজ আৰু আগ ঠেঙেৰে ইহঁতৰ এতাই আনটোক আক্ৰমণ কৰে৷ দুবছৰত ভৰি দিয়াৰ পাছতে মতা কেঙ্গেৰুবোৰে মাইকী কেঙ্গেৰুৰ সংগ লোৱা আৰম্ভ কৰে৷ পোৱালি জন্ম হোৱাৰ পাছত প্ৰায় ছমাহ কাললৈকে পোৱালোবোৰ মাকৰ পেটত থকা মোনাৰ ভিতৰত সোমাই ঘূৰা-ফুৰা কৰি ফুৰে৷

তথ্যসূত্ৰ
- ↑ (২০০৬). বিচিত্ৰ প্ৰাণী কেঙ্গেৰু. (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ. পৃ. পৃষ্ঠা ২১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেঙ্গেৰু” প্ৰবন্ধৰ সংশোধন ১৮৩৪০১ (২৪ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।