অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কস্তুৰী মৃগ

কস্তুৰী মৃগ (Mask Deer) শিং নথকা এবিধ সৰু আকৃতিৰ হৰিণ৷ এই জাতৰ মৃগৰ মতা মৃগবোৰৰ নাভিৰ ওচৰত হোৱা এটা টেমুনাত বিখ্যাত সুগন্ধি দ্ৰব্য ’’কস্তুৰী’’ৰ সৃষ্টি হয়৷ সেয়ে ইয়াক “কস্তুৰী মৃগ’’ বোলে৷ কস্তুৰী মৃগৰ বৈজ্ঞানিক নাম "Moschus moschiferus"৷ এইবিধ জন্তু ছাইবেৰিয়াৰ পৰা হিমালয় পৰ্বতৰ বিভিন্ন অঞ্চলত…

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

কস্তুৰী মৃগ (Mask Deer) শিং নথকা এবিধ সৰু আকৃতিৰ হৰিণ৷ এই জাতৰ মৃগৰ মতা মৃগবোৰৰ নাভিৰ ওচৰত হোৱা এটা টেমুনাত বিখ্যাত সুগন্ধি দ্ৰব্য ’’কস্তুৰী’’ৰ সৃষ্টি হয়৷ সেয়ে ইয়াক “কস্তুৰী মৃগ’’ বোলে৷ কস্তুৰী মৃগৰ বৈজ্ঞানিক নাম "Moschus moschiferus"৷১ এইবিধ জন্তু ছাইবেৰিয়াৰ পৰা হিমালয় পৰ্বতৰ বিভিন্ন অঞ্চলত পোৱা যায়৷২

বিৱৰণ

পূৰ্ণবয়স্ক এটা কস্তুৰী মৃগ ওখই ৬০ ছেণ্টিমিটাৰ, দীঘলে ৯০ ছেণ্টিমিটাৰ আৰু ইহঁতৰ ওজন হয়গৈ প্ৰায় ১০ কিল’গ্ৰাম৷ গাবোৰ ডাঠ মুগা আৰু সোণালী বৰণৰ নোমেৰে আৱৰা৷ কিছুমানৰ পেটৰ তলফালে বগা ফুট ফুট থাকে৷ কাণদুখন থিয়৷ থুঁতৰিত ৭-১০ ছে:মি: আকাৰৰ দুটা দাঁত বাহিৰৰ ফালে থাকে, এই দাঁত দুটাৰ গুৰি অংশ ঢিলা বাবে দুটা পহুৰ মাজৰ যুঁজ-বাগৰ বা তেনে আঘাত পালেই দাঁত দুটা ভাগি থাকে৷ মুখৰ আগদাঁত কেইটা বটালিৰ দৰে চোকা৷ নেজ বৰ চুটি আৰু নেজৰ মূৰত সামান্য একোছা নোম থাকে৷ নেজডাল তপিনাৰ ফাঁকত নোমৰ মাজত লুকাই থাকে৷ আগ ঠেং দুটাৰ তুলনাত পিছঠেং দুটা শকত আৰু দীঘল৷ মতা মৃগবোৰৰ পেটৰ তলফালে নাভিৰ ওচৰত এটা টেমুনা থাকে৷ কেতিয়াবা নেজৰ ওচৰতো সৰু আকৃতিৰ টেমুনা থকা দেখা যায়৷ এই টেমুনাবোৰ সুগন্ধিযুক্ত৷৩

বাসস্থান

চীন দেশৰ পৰা হিমালয়ৰ কাশ্মীৰলৈকে কস্তুৰী মৃগ পোৱা যায়৷ পাৰ্বত্য অঞ্চলৰ ২৬০০ মিটাৰৰ পৰা ৪৫০০ মিটাৰ উচ্চতালৈ ইহঁত থাকে৷ ছাইবেৰিয়া, ছাখালিন, কোৰিয়া আদিতো কস্তুৰী মৃগ পোৱা যায়৷ পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰায় ৭টা প্ৰজাতিৰ কস্তুৰী মৃগ পোৱা যায়৷ তাৰ ভিতৰত কাশ্মীৰৰ পৰা অৰুণাচললৈ পোৱা কস্তুৰী মৃগৰ সংখ্যাই বেছি৷৩

খাদ্য

প্ৰায়েই অকলশৰীয়াকৈ থকা এই মৃগই ৰাতিহে চৰিবলৈ ওলায়৷ দিনটো ই জোপোহা বা ফুটুকানিৰ মাজত সোমাই থাকে৷ ইহঁতৰ প্ৰধান খাদ্য ঘাঁহ, বন, শেলাই, লাইকেন, ঘচৰ ফল আৰু ফুল আদি৷ অকলশৰীয়াকৈ থাকি ভাল পোৱা এই মৃগ জানুৱাৰী ফেব্ৰুৱাৰীত যোৰ পাতে আৰু জুন-জুলাই মাহত এটা বা কেতিয়াবা দুটা পোৱালি জগায়৷৩

কস্তুৰী

পূৰ্ণ বয়স্ক মতা কস্তুৰী মৃগৰ নাভিদেশত পোৱা টেমুনাটোৱেই মহামূল্যবান সুগন্ধিত কস্তুৰী৷৪ ইয়াৰ বাবেই মৃগটো বধ কৰা হয় আৰু পেটৰ টেমুনাটো উলিয়াই শুকাই ব্যৱহাৰ কৰে৷ কেঁচা কস্তুৰীৰ গোন্ধ কম৷ শুকান কস্তুৰীৰ গোন্ধ অতি তীব্ৰ৷ ইয়াৰ সোৱাদ তিতা৷ কস্তুৰীবোৰত ৰেজিন, চৰ্বী, প্ৰ’টিন আৰু পানী থাকে৷ গুণাগুণৰ প্ৰতি লক্ষ্য কৰি কস্তুৰীক পাঁচভাগত ভাগ কৰা হৈছে,- টনকিন (Tonquin), কাৰবাডাইন(Carbadine), ইউনানী (Yunnani), অসমীয়া (Assamese) আৰু নেপালী(Nepalese).৩

লুপ্তপ্ৰায় এইবিধ জীৱৰ সংৰক্ষণৰ বাবে ১৯৭২ চনৰ “বন্যপ্ৰাণী সুৰক্ষা আইন’’ৰ দ্বাৰা এই জন্তুবিধ বধ কৰা আৰু কস্তুৰী আমদানী ৰপ্তানী কৰা সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ Moschus (musk deer) Classification. Animal Diversity Web. University of Michigan Museum of Zoology
  2. ↑ mask deer (mammal). https://www.britannica.com/animal/musk-deer
  3. ↑ দত্ত, আনন্দ চন্দ্ৰ. (২০১৩). কস্তুৰী মৃগ. প্ৰান্তিক
  4. ↑ কস্তুৰী

সম্পৰ্কিত শ্ৰেণী

তৃণভোজী প্ৰাণীস্তন্যপায়ী প্ৰাণীপহু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কস্তুৰী মৃগ” প্ৰবন্ধৰ সংশোধন ৪৯৪২৪২ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।