অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বেইজিং পপ উৎসৱ

বেইজিং পপ উৎসৱ হৈছে ২০০৫ চনৰ পৰা প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত চীনৰ বেইজিং চহৰৰ চাওয়াং পাৰ্কত অনুষ্ঠিত হোৱা এটা ৰক সংগীতৰ উৎসৱ। ইয়াত চীনৰ লগতে বিদেশী ৰক বেণ্ডসমূহেও অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বেইজিং পপ উৎসৱ হৈছে ২০০৫ চনৰ পৰা প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত চীনৰ বেইজিং চহৰৰ চাওয়াং পাৰ্কত অনুষ্ঠিত হোৱা এটা ৰক সংগীত সংগীতৰ উৎসৱ।১ ইয়াত চীনৰ লগতে বিদেশী ৰক বেণ্ডসমূহেও অংশগ্ৰহণ কৰিছিল। চীনৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা অনুমতি লাভ কৰা ই আছিল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সংগীত উৎসৱ, যাৰ বাবে ইয়াক চীনৰ পৰ্যটন আৰু সংগীত ইতিহাসৰ এক অগ্ৰগামী পদক্ষেপ বুলি গণ্য কৰা হয়।

হংকঙৰ নিবাসী তথা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ স্নাতক জেছন মেগনাছে এই উৎসৱৰ প্ৰতিষ্ঠা কৰিছিল।২

২০০৫ চনৰ প্ৰথমটো উৎসৱত ইয়ান ব্ৰাউন, কমন, ডেৰিক মে', টাং ডাইনেষ্টি আদিকে ধৰি বহুতো শিল্পীয়ে অংশ লৈছিল।

২০০৬ চনৰ উৎসৱত চেবাষ্টিয়ান বাখ, প্লেচিবো, ছুপাৰগ্ৰাছ আৰু এটা বাৰ্টন স্ন'বৰ্ডিং মঞ্চৰ শুভাৰম্ভ কৰা হয়। সেইবাৰ ৪খন ভিন্ন মঞ্চত ৮০টাতকেইও অধিক সংগীত কাৰ্যসূচী পৰিৱেশন কৰা হৈছিল আৰু প্ৰায় ২০,০০০ দৰ্শকে ইয়াত অংশ লৈছিল।

২০০৭ চনৰ উৎসৱত অংশ লোৱা উল্লেখযোগ্য শিল্পীসকলৰ ভিতৰত আছিল নাইন ইঞ্চ নেইলচ, মাৰ্কি ৰেম'ন, নিউয়ৰ্ক ডলচ, পাব্লিক এনেমি, চুই জিয়ান, ব্ৰেইন ফেইলাৰ, ৰা:ইন আৰু ৱান জিয়াঅ'লি। ইয়াত চুই জিয়ানৰ প্ৰদৰ্শনীয়ে সংবাদ মাধ্যমৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল, কাৰণ এক দশকতকৈও অধিক সময়ৰ ভিতৰত এইটোৱেই আছিল তেওঁৰ প্ৰথম ডাঙৰ মুকলি আকাশৰ তলৰ সংগীতানুষ্ঠান। এই উৎসৱত প্ৰায় ৩০,০০০ দৰ্শক উপস্থিত আছিল।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ho, Wai-Chung. (2018). Culture, Music Education, and the Chinese Dream in Mainland China. Springer Nature. পৃ. 205. ISBN 978-981-10-7532-2
  2. ↑ Spiegel, Peter. (2007-09-05). Beijing Pop Festival (gently) rocks People's Republic. The Seattle Times
  3. ↑ Freeman, Will. (2007-01-27). Want To Crack China? Get Sponsored. Insiders Say Ticket Revenue Alone Isn't Enough. Billboard. পৃ. 13

সম্পৰ্কিত শ্ৰেণী

চীনৰ উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেইজিং পপ উৎসৱ” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৫৯ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।