চলচ্চিত্ৰ
৯৭ প্ৰবন্ধ
-
থাপ্পড় (চলচ্চিত্ৰ)
থাপ্পড় (Thappad) হৈছে ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি অনুভ সিনহাৰ পৰিচালনা আৰু সহ-লেখক তাপসী পান্নু অভিনীত। ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰা এই ছবিখনে সমালোচক আৰু দৰ্শক উভয়ৰে ইতিবাচক সমালোচনা লাভ কৰে।
-
দমন (২০০১ চলচ্চিত্ৰ)
দমন: বৈবাহিক হিংসাৰ বলি'(Daman: A Victim of Marital Violence) ২০০১ চনত কল্পনা লাজমীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবিখনে ২০০১চনৰ ৪ মে'ত মুক্তি লাভ কৰে। ছবিখনত এগৰাকী প্ৰহাৰ কৰা পত্নীৰ কাহিনী অনুসৰণ কৰা হৈছে।
-
দাসী (১৯৮৮ চনৰ চলচ্চিত্ৰ)
দাসী হৈছে বি নাৰ্চিং ৰাৱে লিখা আৰু পৰিচালনা কৰা ১৯৮৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ নাট্য চলচ্চিত্ৰ আৰু এইখন চলচ্চিত্ৰত অৰ্চনাই দাসী কমলাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
দ্য আননোন ৱাৰ্ল্ড
দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।
-
দ্য গাইড (চলচ্চিত্ৰ)
দ্য গাইড (Поводир, পভদিৰ ) হৈছে ২০১৪ চনৰ ইউক্ৰেইনৰ নাটকীয় ছবি অলেছ ছানিনৰ পৰিচালনাত। ছবিখনত অভিনয় কৰিছে ষ্টেনিছলাভ বক্লান, এণ্টন গ্ৰীণ, জেফ বুৰেল, ইৰিনা ছানিনা, আৰু জামালা। ইয়াত ছোভিয়েত ইউক্ৰেইনৰ এটা অন্ধ চৰাইৰ গাইড হিচাপে কাম কৰা পিটাৰ শ্বেমৰক নামৰ এজন যুৱকৰ ওপৰত কেন্দ্ৰিত।
-
দ্য ষ্ট'ৰি অৱ পুপু
দ্য ষ্ট'ৰি অৱ পুপু (জাপানী: プープーの物語, পুপু নো মনোগাটাৰি) ১৯৯৮ চনৰ এটা জাপানী চলচ্চিত্ৰ যি কেন্সাকু ৱাটানাবে দ্বাৰা লিখিত আৰু পৰিচালিত। ছাকুৰা উয়েহাৰা আৰু ৰেইকো মাটছুও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
নীৰজা (চলচ্চিত্ৰ)
নীৰজা ( Neerja) হৈছে ২০১৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক থ্ৰিলাৰ ছবি ৰাম মাধৱানীৰ পৰিচালিত আৰু ছাইৱিন কোৱাড্ৰাছ আৰু সন্য়ুক্ত চাওলা শ্বেইখৰ ৰচনা। ফক্স ষ্টাৰ ষ্টুডিঅ’ৰ সমান্তৰালকৈ অতুল কাছবেকাৰৰ কোম্পানী ব্লিং আনপ্লাগেডে নিৰ্মাণ কৰিছিল।
-
পহেলী (২০০৫ চনৰ হিন্দী চলচ্চিত্ৰ)
{{Infobox film | name = পহেলী | image = Paheli film poster.jpeg | native_name = | caption = | director = অমল পালেকৰ | producer = গৌৰী খান | screenplay = সন্ধ্যা গোখলে | story = বিজয়দান দেঠা সন্ধ্যা গোখলে অমল পালেকৰ | based_on = {{based on|'"দুবিধা|বিজয়দান দেঠা}} | starring = শ্বাহৰুখ খান ৰাণী…
-
পেজ ৩ (চলচ্চিত্ৰ)
পেজ ৩ ২০০৫ চনত মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালিত আৰু ববি পুষ্কৰ্ণা আৰু কবিতা পুষ্কৰ্ণৰ প্ৰযোজনাত মুম্বাই চহৰৰ সংস্কৃতি আৰু সংবাদ মাধ্যমৰ ওপৰত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি। ইয়াত অভিনয় কৰিছে কংকণা সেন শৰ্মা, অতুল কুলকাৰ্ণী, সন্ধ্যা মৃদুল, তাৰা শৰ্মা, অঞ্জু মহেন্দ্ৰু, আৰু বোমন ইৰাণীয়ে।
-
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা (PFFV) হৈছে অট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা এক বাৰ্ষিক পৰ্ণগ্ৰাফী চলচ্চিত্ৰ মহোৎসৱ। ইয়াৰ লক্ষ্য হৈছে অট্ৰিয়া আৰু তাৰ বাহিৰৰ নৱাগত কামোদ্দীপক চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থানীয় দৰ্শকৰ মাজত প্ৰসাৰিত কৰা। এই মহোৎসৱ পোনপ্ৰথমে ২০১৮ চনত অনুষ্ঠিত হৈছিল।
-
ফকিৰা (চলচ্চিত্ৰ)
ফকিৰা (Fakira) হৈছে এন.এন. ছিপি প্ৰযোজিত আৰু চি.পি. দীক্ষিত পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ অপৰাধমূলক একচনধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনত অভিনয় কৰিছে শশী কাপুৰ, শ্বাবানা আজমী, আছৰানী, অৰুণা ইৰাণী, ডেনি ডেনজংপা, অসিত সেন, ৰমেশ দেও আৰু মদন পুৰীয়ে। সংগীত ৰবীন্দ্ৰ জৈনৰ।
-
বিউটিফুল (২০২০ চনৰ চলচ্চিত্ৰ)
বিউটিফুল: এন অ'ড টু ৰংগীলা ২০২০ চনৰ ভাৰতীয় হিন্দী-ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ, যি অগস্ত্য মঞ্জুৱে পৰিচালনা কৰিছিল আৰু নৰেশ কুমাৰ টি.য়ে প্ৰযোজনা কৰিছিল। চলচ্চিত্ৰখনত নয়না গাংগুলী, কে. কে. বিনোজী, আৰু পাৰ্থ সূৰীয়ে মুখ্য ভূমিকা নিভাইছিল।
-
বিদুৰভাই (চলচ্চিত্ৰ)
ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
ব্লেক বাটাৰফ্লাই (২০১৩ চনৰ চলচ্চিত্ৰ)
ব্লেক বাটাৰফ্লাই হৈছে ৰাজপুত্ৰ ৰঞ্জিতৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন ছবি। মণিয়নপিল্লা ৰাজুৰ প্ৰযোজক ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন মুৰালী, মালবিকা নাইৰ, নিৰঞ্জ মননপিল্লা ৰাজু আৰু সমস্কৃত শ্বেনয়।
-
বৰ্ষা শিৱাকোটী
বৰ্ষা শিৱাকোটী (वर्षा सिवाकोटी) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ নেপালী চিনেমাত কাম কৰে৷ তাই প্ৰথম নেপালী চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় নাই নভন্নু ল ২ (২০১৪)ৰ যোগেদ। পশুপতি প্ৰসাদ (২০১৬), লপ্পন ছপ্পান (২০১৭) আৰু বীৰ বিক্ৰম ২ (২০১৯) ছবিতো অভিনয় কৰিছে।
-
ভানগড়
ভনগড় হ'ল দিলীপ সুদৰ পৰিচালনা তথা মায়ংক জৈন আৰু অজয় ৰায়ৰ সহ-প্ৰযোজনাত ২০১৪ চনত মুক্তি লাভ কৰা ভাৰতীয় ভয়ানক চলচ্চিত্ৰ (হোৰোৰ ফিল্ম)। এই ছবিখন নিৰ্মাণ হৈছে এছিয়াৰ আটাইতকৈ ভূতুনী ঠাই হিচাপে পৰিচিত ৰাজস্থানৰ ভংগড় দুৰ্গৰ আধাৰত।
-
ভাৰতীয় মনোৰঞ্জনত যৌনতা
ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছনত, যৌনতাৰ চিত্ৰণ সম্পৰ্কে নিষেধাজ্ঞা কমি আহিছে। কিন্তু নগৰীয়া উচ্চ শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰি বলীউডৰ বহু ছবিত বেছিভাগ ভাৰতীয়ই যৌনতাৰ প্ৰকৃত মূল্যবোধৰ চিত্ৰণ দাঙি ধৰা কমেই পৰিলক্ষিত হয়।
-
মনোবৈজ্ঞানিক হ'ৰৰ
মনোবৈজ্ঞানিক হ'ৰৰ (Psychological horror) হৈছে হ'ৰৰ (আতংকধৰ্মিতা) আৰু মনস্তাত্তিক কল্পকাহিনীৰ এটা উপশ্ৰেণী। এইধৰণৰ শ্ৰেণীত মানসিক, আৱেগিক, মনোবৈজ্ঞানিক স্থিতিটোক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু তাৰ জৰিয়তে দৰ্শক-পাঠকক আতংকিত, বিৰক্ত আৰু অসহজ কৰিবলৈ প্ৰয়াস কৰা হয়।
-
মহুৰত শ্বট
মহুৰত শ্বট বা মুহুৰ্তম শ্বট (Muhurat shot)) হ'ল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত চিনেমা এখনৰ শ্বুটিং আৰম্ভ কৰাৰ মুহূৰ্তৰ প্ৰধান ফটোগ্ৰাফীৰ আৰম্ভণিৰ চিন স্বৰূপ ছবিৰ প্ৰথম শ্বট (বা টেক)। প্ৰথম শ্বট (বা টেক) লোৱাৰ আগতে পূজা (ধৰ্মীয় অনুষ্ঠান) কৰা হয়। মুহুৰ্তম ঋগবেদৰ শব্দ আৰু ইয়াৰ অৰ্থ হৈছে মুহূৰ্ত।
-
মা বেটী
মা বেটী হ'ল ১৯৮৬ চনৰ ভাৰতীয় পাৰিবাৰিক নাট্য চলচ্চিত্ৰ। বলীউডৰ এইখন চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশী কাপুৰ, শৰ্মিলা ঠাকুৰ, তনুজা আৰু মীনাক্ষী শেশাদ্ৰীয়ে।
-
মায়া (২০০১ চনৰ চলচ্চিত্ৰ)
মায়া হৈছে ২০০১ চনৰ হিন্দী চলচ্চিত্ৰ, যাক দিগ্বিজয় সিঙে পৰিচালনা কৰিছিল। নিত্যা শেট্টী, মিতা বশিষ্ঠ, অনন্ত নাগ আৰু নিখিল য়াদৱে মুখ্য ভূমিকাত অভিনয় কৰিছিল।
-
মীনা (চলচ্চিত্ৰ)
মীনা হ'ল ভাৰতত যৌন সৰবৰাহৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ। ২০১৪ চনৰ ২৬ জুনত নিউয়ৰ্ক চহৰত এইখন চলচ্চিত্ৰৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ২০ মিনিট ১৪ ছেকেণ্ড। এই ছবিখনৰ যোগেদি লুচি লিউ, কলিন কে গ্ৰে, আৰু মেগান ৰেনীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
মুখ ও মুখোশ
মুখ ও মুখোশ (অনু. মুখ আৰু মুখা) আছিল পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) নিৰ্মিত বাংলা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ সবাক চলচ্চিত্ৰ। ইকবাল ফিল্মছৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ পৰিচালক আছিল আব্দুল জব্বৰ খান। নুৰুজ্জামান (মৃত্যু ১৯৭৫) আছিল ইকবাল ফিল্মছৰ প্ৰতিষ্ঠাপক প্ৰযোজক।
-
মুঞ্জ্যা (চলচ্চিত্ৰ)
মুঞ্জ্যা (Munjya) হৈছে আদিত্য সৰ্পোতদাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হ'ৰ'ৰ ছবি। এই ছবিখনত শৰ্ৱৰী, অভয় ভাৰ্মা, সত্যৰাজ আৰু মোনা সিং অভিনয় কৰিছে। শিৰোনাম চৰিত্ৰটো সম্পূৰ্ণৰূপে চিজিআই ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল।
-
মুনেল (চলচ্চিত্ৰ)
মুনেল (மணல்) হৈছে ২০২৩ চনৰ শ্ৰীলংকাৰ তামিল ভাষাৰ নাট্য ছবি, যাৰ ৰচনা, পৰিচালক আৰু প্ৰযোজক আছিল বিছাকেছা চন্দ্ৰশেকাৰম। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰটাৰডেমত প্ৰদৰ্শিত হোৱা ছবিখন সমালোচকৰ ইতিবাচক সমালোচনাৰ বাবে মুকলি হয়। ২০২৩ চনৰ ৩ নৱেম্বৰত শ্ৰীলংকাত চলচ্চিত্ৰখনে থিয়েটাৰত মুক্তি লাভ কৰে।
-
সাৱিত্ৰী (২০১৬ চলচ্চিত্ৰ)
সাৱিত্ৰী হ'ল পৱন সাদিনেনীৰ দ্বাৰা পৰিচালিত আৰু নাৰা ৰোহিত আৰু নন্দিতা ৰাজে মুখ্য চৰিত্ৰত অভিনয় কৰা ২০১৬ চনৰ তেলেগু একচন ৰোমান্টিক-কমেডী চলচ্চিত্ৰ। এয়া সাৱিত্ৰী আৰু সত্যবান ভাৰতীয় লোককথাৰ আধুনিক অভিযোজন। ২০১৫ চনৰ ২৭ জুনত হায়দৰাবাদত এই ছবিখন উন্মোচন কৰা হৈছিল।
-
সুন্দৰপুৰ কেঅছ (চলচ্চিত্ৰ)
সুন্দৰপুৰ কেঅছ (Sundarpur Chaos) হৈছে ২০২৪ চনৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা, ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা লিখিত-পৰিচালিত আৰু সম্পাদিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
স্ত্ৰী ২
স্ত্ৰী ২: সৰকাটে কা আতংক ( Stree 2: Sarkate Ka Terror) হৈছে ২০২৪ চনত নিৰ্মিত অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হৰৰ ছবি, নীৰেন ভাটৰ দ্বাৰা লিখা আৰু মেডক ফিল্মছ আৰু জিঅ' ষ্টুডিঅ'ৰ যৌথ প্ৰযোজনা। ই মেডক হৰৰ কমেডী ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি আৰু স্ত্ৰী (২০১৮)ৰ ছিকুৱেল হিচাপে কাম কৰে।
-
হনুমান পাতাল বিজয়
হনুমান পাতাল বিজয় (হিন্দী: हनुमान पाताल विजय) ১৯৫১ চনত হোমী ৱাডিয়াই তেওঁৰ বসন্ত পিকচাৰ্ছ জৰিয়তে ভাৰতীয় পৌৰাণিক কাহিনীৰ ভিত্তিত পৰিচালনা কৰা এখন হিন্দী ছবি। এই ভক্তিমূলক ছবিখনত মীনা কুমাৰীয়ে অভিনয় কৰিছিল আৰু এছ. এন. ত্ৰিপাঠীয়ে হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
হেট ষ্ট'ৰী
হেট ষ্ট'ৰী হৈছে ২০১২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ কামুক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আৰু প্ৰযোজক বিক্ৰম ভাট। ইয়াত নিখিল দ্বিবেদী, গুলশান দেৱৈয়া, পাওলি দাম আদিয়ে অভিনয় কৰিছে আৰু ছবিখন ২০ এপ্ৰিল ২০১২ তাৰিখে মুক্তি পাইছিল।