চলচ্চিত্ৰ
৯৭ প্ৰবন্ধ
-
টান (২০১৪ চলচ্চিত্ৰ)
টান হৈছে ২০১৪ চনৰ ভাৰতীয় বাংলা চলচ্চিত্ৰ, ৰচনা আৰু পৰিচালনা কৰিছে মুকুল ৰয় চৌধুৰীয়ে। এই চলচ্চিত্ৰখন বেশ্যাৰ জীৱন আৰু মানৱ সৰবৰাহৰ ওপৰত আধাৰিত। বাংলাদেশৰ প্ৰখ্যাত কবি সাহিত্যিক আল মাহমুদৰ জলবেশ্যা নামৰ গল্প আধাৰত এইখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।
-
দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ)
দেৱদাস ১৯২৮ চনত মুক্তি পোৱা এখন বাংলা নিৰ্বাক চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মিত আৰু নৰেশ মিত্ৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন দেৱদাস উপন্যাসৰ প্ৰথমখন চলচ্চিত্ৰ অভিযোজন। পৰিচালক নৰেশ মিত্ৰয়ো এই ছবিখনত অভিনয় কৰিছিল। ইয়াৰ চিত্ৰগ্ৰহণকাৰী আছিল নীতিন বোস।
-
দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ)
দেৱদাস ১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ, যিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। প্ৰমথেশ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ছবিখনত দেৱদাসৰ চৰিত্ৰত ফণী শৰ্মা, চন্দ্ৰমুখীৰ চৰিত্ৰত মোহিনী, আৰু পাৰোৰ চৰিত্ৰত জুবেইদাই অভিনয় কৰিছিল। গীত সমূহ আছিল শমশাদ বেগম আৰু ভূপেন হাজৰিকাৰ।
-
দেৱদাস (২০১৩ চনৰ চলচ্চিত্ৰ)
দেৱদাস হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত বাংলাদেশী ৰোমান্টিক পিৰিয়ডৰ নাটক ছবি। ১৯১৭ চনত শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত হৈছে এইখন চলচ্চিত্ৰ।
-
দ্য নাইট অৱ দ্য হাণ্টাৰ (চলচ্চিত্ৰ)
দ্য নাইট অৱ দ্য হাণ্টাৰ (The Night of the Hunter) হৈছে ১৯৫৫ চনত আমেৰিকান ফিল্ম নোৱাৰ থ্ৰিলাৰ, চাৰ্লছ লাফটনৰ পৰিচালনাত নিৰ্মিত আৰু ৰবাৰ্ট মিচাম, শ্বেলী উইণ্টাৰছ আৰু লিলিয়ান গিছ অভিনীত চিনেমা। জেমছ ৰুফাছ এজিৰ চিত্ৰনাট্য ১৯৫৩ চনত ডেভিছ গ্ৰাবৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।
-
নাৰী দৃষ্টি
নাৰী দৃষ্টি (Female gaze) হৈছে নাৰীবাদী তত্ত্বৰ অন্তৰ্গত এটা শব্দ৷ বিশেষ শব্দটোৱে কোনো শিল্পকৰ্মৰ নাৰী দৰ্শক, চৰিত্ৰ বা পৰিচালকৰ দৃষ্টিভংগীক বুজায়, কিন্তু লিংগতকৈ অধিক এই শব্দটোৱে নাৰী জড়িত হৈ থকা বিষয়ক প্ৰতিনিধিত্ব কৰে। সেইবাবেই সকলো লিংগই নাৰী দৃষ্টিৰে ছবি সৃষ্টি কৰিব পাৰে।
-
নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব
নাৰীবাদী চলচ্চিত্ৰ তত্ত্ব (Feminist film theory) হৈছে দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰভাৱত নাৰীবাদী ৰাজনীতি আৰু নাৰীবাদী তত্ত্বৰ পৰা উদ্ভৱ হোৱা আৰু ১৯৭০ চনৰ আশে-পাশে আমেৰিকাত দৃষ্টিগোচৰ হোৱা এক তাত্ত্বিক চলচ্চিত্ৰ সমালোচনা।
-
মম (চলচ্চিত্ৰ)
মম (Mom) হৈছে ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ক্ৰাইম থ্ৰিলাৰ ছবি ৰবি উদ্যাৱাৰৰ পৰিচালনাত, যাৰ চিত্ৰনাট্য গিৰীশ কোহলীৰ। ছবিখনত শ্ৰীদেৱীয়ে এগৰাকী ভিজিলেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে পাৰ্টিত সতি-সন্ততিৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ পিছত প্ৰতিশোধ ল’বলৈ ওলাইছে।
-
মুহাম্মদ: দ্য মেচেঞ্জাৰ অৱ গড
মুহাম্মদ: দ্য মেচেঞ্জাৰ অৱ গড (محمد رسول الله, Muhammad: The Massager of God) হৈছে ২০১৫ চনৰ ইৰাণী ইছলামি মহাকাব্যিক চলচ্চিত্ৰ, যাৰ পৰিচালক মজীদ মজীদী আৰু কাম্বুজিয়া পাৰ্টোভিৰ সৈতে সহযোগীভাৱে লিখা। ষষ্ঠ শতিকাৰ কাহিনীভাগ ইছলামিক নবী হজৰত মুহাম্মদৰ শৈশৱৰ ওপৰত আবদ্ধ।
-
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায়
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন চুটি ছবি যিখনৰ পৰিচালনা আৰু প্ৰযোজক আছিল ৰাম গোপাল বাৰ্মা ছবিখনত অভিনয় কৰিছে নয়না গাংগুলী, মকৰান্দ দেশপাণ্ডে আৰু দিব্যা জগদলেই। এই ছবিখনৰ জৰিয়তে চুটি ছবিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল ৰাম গোপাল বাৰ্মাই।
-
হনু মান
হনু মান (হনুমান নামেৰেও বিপণন কৰা হৈছে) হৈছে প্ৰশান্ত বৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ছুপাৰহিৰো চলচ্চিত্ৰ। প্ৰাইমশ্ব’ এণ্টাৰটেইনমেণ্টৰ অধীনত নিৰঞ্জন ৰেড্ডী কন্দগটলাই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
ৰোজা (চলচ্চিত্ৰ)
ৰোজা (Roja) হৈছে মণি ৰত্নমৰ দ্বাৰা পৰিচালিত আৰু সহ-লিখিত ১৯৯২ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত অৰবিন্দ স্বামী আৰু মধু (মধুবালা নামৰে খ্যাত)য়ে অভিনয় কৰিছে। ছবিখন কে. বালাচান্দেৰে তেওঁৰ কবিতালয় প্ৰডাকচনৰ অধীনত প্ৰযোজনা কৰিছিল আৰু জি. ভেংকটেশ্বৰনে বিতৰণ কৰিছিল।
-
আশ্চৰ্য ফাক ইট
আশ্চৰ্য ফাক ইট (Ascharya Fuck It) (চলচ্চিত্ৰখনৰ পোষ্টাৰত Ascharya F#*k It নামেৰে বিশ্লেষণ কৰা হৈছে।; ইয়াক আচাৰ্যচকিত বুলিও কোৱা হয়!) ছবিখনত প্ৰিয়ংকা বসু, বৈভৱ ৰাজ গুপ্তা, অংকিত ৰাজ, অনংশা বিশ্বাস আৰু সন্তোষ জুভেকাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
উই আৰ দ্য বেষ্ট!
উই আৰ দ্য বেষ্ট! (ছুইডিছ: Vi är bäst!) হ’ল লুকাছ মুডিছনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০১৩ চনৰ এখন ছুইডিছ নাট্যধৰ্মী চলচ্চিত্ৰ। এইখন তেওঁৰ পত্নী ক’ক’ মুডিছনৰ গ্ৰাফিক উপন্যাস নেভাৰ গুডনাইটৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
এ ডিফাৰেণ্ট ষ্ট'ৰী
এ ডিফাৰেণ্ট ষ্ট'ৰী ১৯৭৮ চনত পল এৰনৰ দ্বাৰা পৰিচালিত আৰু মেগ ফষ্টাৰ আৰু পেৰী কিঙে অভিনয় কৰা এখন আমেৰিকান চলচ্চিত্ৰ। লছ এঞ্জেলছত পৰিৱেশিত এই ছবিখনত এজন সমকামী পুৰুষ (কিং) আৰু এগৰাকী লেচবিয়ান (ফষ্টাৰ)ৰ কাহিনী কোৱা হৈছে যিসকল অস্থায়ী ঘৰুৱা সতীৰ্থ হৈ পৰে কিন্তু শেষত ইজনে সিজনৰ প্ৰেমত পৰে।
-
এঞ্জেলছ অৱ ছেক্স (চলচ্চিত্ৰ)
এঞ্জেলছ অৱ ছেক্স (El Sexo de los Ángeles) হৈছে জেভিয়াৰ ভিলাভাৰ্ডেৰ এখন স্পেনিছ ছবি য'ত আলভাৰো চাৰ্ভান্টেছ, আষ্ট্ৰিড বাৰ্গেছ-ফ্ৰিছবে আৰু ল'ৰেন্স গনজালেজে অভিনয় কৰিছে। ২০১২ চনত এইখন চলচ্চিত্ৰ মুক্তি লাভ কৰে। তাৰোপৰি ইয়াক কাটালন ভাষাতো ডাব কৰা হৈছে।
-
ওৰু নল্লা নাল পাথু সোলৰেন
ওৰু নল্লা নাল পাথু সোলৰেন (এটা শুভ দিনত জনাম) ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক'লা কমেডী চলচ্চিত্ৰ। ইয়াৰ লেখক আৰু পৰিচালক পি অৰুমুগা কুমাৰ। ছবিখনত অভিনয় কৰিছে বিজয় সেঠুপতি, গৌতম কাৰ্তিক, গায়ত্ৰী আৰু নিহাৰিকা কনিডেলাই৷ ভিজি চন্দ্ৰশেখৰ, ৰমেশ থিলাক, ডেনিয়েল এনি পোপ আৰু ৰাজকুমাৰে সহযোগী চৰিত্ৰত…
-
কানা (চলচ্চিত্ৰ)
কানা (Kanaa) হৈছে ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক্ৰীড়া নাটক ছবি, য'ত অভিনয় কৰিছে সত্যৰাজ, ঐশ্বৰ্য ৰাজেশ, শিৱকৰ্থিকেয়ান, আৰু দৰ্শন। ছবিখনৰ লেখক আৰু পৰিচালক অৰুণৰাজা কামৰাজে, তেওঁৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০১৮ চনৰ ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল।
-
কাশ্মীৰ কি কলি
কাশ্মীৰ কি কলি হৈছে শক্তি সমন্তৰ পৰিচালনাত ১৯৬৪ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। ছবিখনত অভিনয় কৰিছে শম্মী কাপুৰ, শৰ্মিলা ঠাকুৰ (তেওঁৰ প্ৰথম হিন্দী চলচ্চিত্ৰ চৰিত্ৰত), প্ৰাণ, ধুমল, নাজিৰ হুছেইন আৰু অনুপ কুমাৰ। সংগীত ৰচনা কৰিছিল অ’ পি নায়াৰে আৰু গীতৰ কথা লিখিছিল এছ.এইচ.
-
কিউ (২০১১ চলচ্চিত্ৰ)
কিউ হৈছে ২০১১ চনত লৰেণ্ট ব’নিকৰ পৰিচালনাত নিৰ্মিত এখন ফৰাচী কামুক থ্ৰিলাৰ ছবি। চলচ্চিত্ৰখন আমেৰিকাত ডিজায়াৰ নামেৰে মুক্তি লাভ কৰিছিল।
-
কিলোমিটাৰ ৩১
কিলোমিটাৰ ৩১ (ইংৰাজী: Kilómetro 31 বা km 31) হ’ল ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন মেক্সিকান অতিপ্ৰাকৃতিক ভৌতিক চলচ্চিত্ৰ। ইয়াৰ কাহিনী ৰচনা আৰু পৰিচালনা কৰিছে ৰিগোবেৰ্টো কাষ্টানেডাই। ছবিখন ক্ৰাইং উইমেনৰ কিংবদন্তি (La Llorona) আৰু ঘাইপথৰ ভূতৰ লোককথাৰ দ্বাৰা অনুপ্ৰাণিত।
-
কোট্টাই মৰিয়াম্মান
কোট্টাই মৰিয়াম্মান ২০০১ চনত ৰচিত আৰু পৰিচালিত তামিল ভাষাৰ হিন্দু ভক্তিমূলক চলচ্চিত্ৰ। ছবিখনত কৰণ আৰু দেৱাযানীৰ সৈতে ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ দেৱাই সংগীত নিৰ্মাণ কৰা ছবিখন ২০০১ চনৰ ডিচেম্বৰ মাহত মুক্তি পায়।
-
গোলাই চোৰ (চলচ্চিত্ৰ)
গোলাই চোৰ (Gulai Soor) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু ঝেং এণ্টাৰটেইনমেণ্টৰ যৌথ প্ৰযোজনাত নিৰ্মিত আৰু ৰক্তিম কমল বৰুৱাৰ দ্বাৰা নিৰ্দেশিত এখন বিদ্ৰুোপাত্মক কালভিত্তিক ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ৷ ছবিখনে ২০২৬ চনত ঘোষিত হোৱা…
-
চেলমা, লৰ্ড, চেলমা
চেলমা, লৰ্ড, চেলমা (Selma, Lord, Selma) হৈছে ১৯৯৯ চনৰ এখন আমেৰিকান টেলিভিছনৰ বাবে নিৰ্মিত জীৱনীমূলক নাট্যধৰ্মী চলচ্চিত্ৰ, যিখন ১৯৬৫ চনৰ মাৰ্চ মাহত আলাবামাৰ ছেলমাত সংঘটিত হোৱা সত্য ঘটনাসমূহৰ ওপৰত আধাৰিত। এই ঘটনাটো “ব্লাডি ছানডে” নামেৰে জনাজাত।
-
চেলিম–জাভেদ
চেলিম–জাভেদ (Salim-Javed) আছিল ভাৰতীয় চলচ্চিত্ৰ জগতত চিত্ৰনাট্য লিখাৰ এটি যুটি৷ এই যুটিটোৰ ব্যক্তি দুগৰাকী হৈছে চেলিম খান আৰু জাভেদ আখতাৰ৷ তেওঁলোকে মূলতঃ হিন্দী চিনেমাত কাম কৰিছিল।
-
ছো গেকিজোবান কেৰোৰো গানচো ২: শিনকাই নো প্ৰিন্সেস দে আৰিমাছু!
ছো গেকিজোবান কেৰোৰো গানচো ২: শিনকাই নো প্ৰিন্সেস দে আৰিমাছু! '(জাপানী: 超劇場版 ケロロ軍曹2 深海のプリンセスであります!; ৰোমান লিপিৰে: Chō Gekijōban Keroro Gunsō 2: Shinkai no Princess de Arimasu!; ইংৰাজী: Sergeant Keroro Movie 2: The Deep Sea Princess; অসমীয়া অৰ্থ: চাৰ্জেণ্ট কেৰোৰো চলচ্চিত্ৰ ২: গভীৰ সাগৰৰ ৰাজকুমাৰী)…
-
জুৰাছিক পাৰ্ক (চলচ্চিত্ৰ)
জুৰাছিক পাৰ্ক (Jurassic Park) হৈছে ১৯৯৩ চনত ক্ৰাইটনৰ ১৯৯০ চনৰ উপন্যাসৰ আধাৰত নিৰ্মিত ষ্টিভেন স্পিলবাৰ্গৰ দ্বাৰা পৰিচালিত আৰু মাইকেল ক্ৰাইটন আৰু ডেভিদ ক’পে লিখা এখন আমেৰিকান কল্পবিজ্ঞানধৰ্মী থ্ৰিলাৰ ছবি।
-
টেৰেছা
টেৰেছা হৈছে ২০২৫ চনৰ ফিলিপাইনছৰ ফিলিপাইনছৰ নাটকীয় চুটি ছবি। ছবিখনৰ পৰিচালক পাউলো জেভিয়াৰ আৰু মুখ্য অভিনেত্ৰী ইলিয়া ইলানো। ষ্টেট অৱ ইউথ মেনিলাৰ টেৰেছা চুটি ছবি প্ৰকল্পটো আন্তৰ্জাতিক শিশু শান্তি বঁটাৰদ্বাৰা ইয়াৰ থিম ফাণ্ড প্ৰজেক্ট ইনিচিয়েটিভৰ জৰিয়তে নিৰ্বাচিত কৰা হয় আৰু পুঁজিৰ ব্যৱস্থা কৰা হয়।
-
ডামিনী (চলচ্চিত্ৰ)
ডামিনী ( Damini) হৈছে ১৯৯৩ চনত ৰাজকুমাৰ সন্তোষীৰ পৰিচালনা আৰু সহ-লেখকত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাটক ছবি। ইয়াত ঋষি কাপুৰ, ছানী দেওল আৰু অমৰীশ পুৰীৰ সৈতে টাইটেল ৰ’লত অভিনয় কৰিছে মীনাক্ষী শেষাদ্ৰীয়ে। আমিৰ খানে বিশেষভাৱে উপস্থিত হয়।
-
ডেঞ্জাৰাছ (২০২২ চনৰ চলচ্চিত্ৰ)
ডেঞ্জাৰাছ ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, যি ৰাম গোপাল বৰ্মাই পৰিচালনা কৰিছে আৰু নট্টি কুমাৰে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনত নয়না গাংগুলী, অপ্সৰা ৰাণী, আৰু ৰাজপাল য়াদৱ মুখ্য ভূমিকাত আছে।