মুখ ও মুখোশ (অনু. মুখ আৰু মুখা) আছিল পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) নিৰ্মিত বাংলা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ সবাক চলচ্চিত্ৰ।১ ইকবাল ফিল্মছৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ পৰিচালক আছিল আব্দুল জব্বৰ খান। নুৰুজ্জামান (মৃত্যু ১৯৭৫) আছিল ইকবাল ফিল্মছৰ প্ৰতিষ্ঠাপক প্ৰযোজক।২ ১৯৫৬ চনৰ ৩ আগষ্ট তাৰিখে পূব পাকিস্তানৰ ঢাকা, চট্টগ্ৰাম, নাৰায়ণগঞ্জ, আৰু খুলনাত এই ছবিখনে মুক্তি লাভ কৰে।৩ অঞ্চলটোত নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি চাবলৈ দৰ্শক মুগ্ধ হোৱাত ছবিখন ব্যৱসায়িকভাৱে সফল হৈছিল। ছবিখনে ইয়াৰ প্ৰাৰম্ভিক দৌৰৰ সময়ত মুঠ ৪৮,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।৪
পৃষ্ঠভূমি

১৯২৮ চনত সুকুমাৰী (The Good Girl) শীৰ্ষক এখন ছবি নিৰ্মাণ কৰা হয়, যিখন ছবিয়ে এই অঞ্চলটোৰ প্ৰথমখন বাংলা চুটি ছবি বুলি দাবী কৰে।৫ লগতে ঢাকা নবাব পৰিয়ালেও ১৯৩১ চনত দ্য লাষ্ট কিছ শীৰ্ষক এখন নিৰ্বাক পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিছিল।৫ কিন্তু মুখ ও মুখোশ পূৰ্ব বংগ (পিছলৈ পূব পাকিস্তান আৰু তাৰ পিছত বাংলাদেশ) অঞ্চলত নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ সবাক চলচ্চিত্ৰত পৰিগণিত হয়।১
১৯৫০ চনৰ আৰম্ভণিতে পূবৰ পূৰ্ব বংগৰ চলচ্চিত্ৰ উদ্যোগ কাৰ্যতঃ নাছিল আৰু স্থানীয় চলচ্চিত্ৰগৃহত বেছিভাগেই লাহোৰৰ উৰ্দু ছবি, মুম্বাইৰ হিন্দী ছবি আৰু কলকাতাৰ বাংলা ছবি প্ৰদৰ্শিত হৈছিল। চলচ্চিত্ৰ নিৰ্মাণৰ আন্তঃগাঁথনি প্ৰতিষ্ঠা কৰিবলৈ ১৯৫৩ চনত ইষ্ট বেংগল ব্যুৰো অৱ ষ্টেটিষ্টিকছৰ তেতিয়াৰ পৰিচালক আব্দুছ ছাদেকে আয়োজন কৰা এখন বৈঠক অনুষ্ঠিত হয়।৬ বৈঠকত পশ্চিম পাকিস্তানৰ চলচ্চিত্ৰ বিতৰক ফাজলে দোছানীয়ে দাবী কৰে যে স্থানীয় জলবায়ু চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উপযোগী নহয়।৭ খানে তেওঁক প্ৰত্যাহ্বান জনাই এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ পৰিকল্পনা আৰম্ভ কৰে। তেওঁ কলকাতালৈ গৈ ছবিখনৰ কাহিনী বাছনি কৰিবলৈ ভাৰতীয় উল্লেখযোগ্য চিত্ৰনাট্যকাৰ মনি বসুৰ সৈতে আলোচনা কৰে। কলকাতা আৰু মুম্বাইৰ ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰা কিউ এম জামান (মৃত্যু ১৯৯৯) এই ভ্ৰমণত তেওঁৰ লগত গৈছিল।৮৫ খানে মূলতঃ কাজী নজৰুল ইছলাম বা জসীমউদ্দিনৰ সাহিত্যিক ৰচনাৰ পৰা ছবিখন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বসুৱে বাতৰি কাকতত প্ৰকাশিত ডকাইতিৰ সত্য কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ খানে ৰচনা কৰা নাটক ডাকাত (ডকাইত) আৰু পিছলৈ উপন্যাস বাছি লৈছিল। প্ৰথম ৩টা দৃশ্য বসুৱে নিজেই লিখিছিল। বাকীখিনি শেষ কৰি খানে ১৯৫৩ চনত ছবিখনৰ কাম আৰম্ভ কৰে।৯
কলা-কুশলী
- ইনাম আহমেদ
- আমিনুল হক৫
- জাহৰত আৰা
- আব্দুল জব্বৰ খান
- কাজী খালিক
- পূৰ্ণিমা সেনগুপ্ত১০
- পিয়াৰী বেগম১১
- ছাইফুদ্দিন আহমেদ৫
- আবুল খাইৰ
- সোনা মিঞা১২
- বিলকিছ বাৰী৫
- আলী মনছুৰ৫
- ৰফিক৫
- নুৰুল আনম খান৫
- গোলাম মোস্তফা
উৎপাদন
খানে মনি বসুক লগ কৰিবলৈ কলকাতালৈ যোৱাৰ সময়ত কিউ এম জামানৰ গুৰু ফটোগ্ৰাফাৰ মুৰাৰী মোহনক লগ পায়, যিয়ে খানক এটা পুৰণি ফিল্ম কেমেৰা কিনিবলৈ পৰামৰ্শ দিয়ে।৫ এটা সাধাৰণ ফিলিপছ টেপ ৰেকৰ্ডাৰৰ দ্বাৰা ছবিখনৰ শব্দ গ্ৰহণ কৰা হৈছিল।৫
১৯৫৩ চনৰ ডিচেম্বৰ মাহত কালিগঞ্জত ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল।১৩
মইনুল ইছলামে শব্দৰ ডিজাইনৰ কাম কৰিছিল, আৰু পোষ্টাৰখন তৈয়াৰ কৰিছিল সুভাষ দত্তই, যি পিছলৈ এজন উল্লেখযোগ্য পৰিচালক হৈ পৰিছিল।৫ কিউ এম জামানে চিনেমাটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল।৮ শ্যাম বাবু আছিল মেক আপ আৰ্টিষ্ট।১৪
ইফালে ছবিখনৰ গীত কেনেকুৱা হ’ব আৰু কোনে গীতবোৰ লিখিব সেই লৈ ছবিখনৰ পৰিচালকজন অলপ চিন্তিত হৈ পৰিল। তাৰ পাছত হঠাৎ বন্ধু মিষ্টাৰ এম, এ, গাফুৰ (ছাৰাথী)ক এই ছবিখনৰ গীত লিখিবলৈ অনুৰোধ কৰিলে। মিষ্টাৰ ছাৰাথীয়েও এই সুযোগ গ্ৰহণ কৰিলে। সকলো গীতৰ কথা লিখিছে এম এ গাফুৰ (শ্বাৰথী)। ছবিখনৰ গীত দুটাৰ প্লেবেক গায়ক আছিল আব্দুল আলিম আৰু মেহবুবা ৰহমান। কিন্তু আব্দুল আলিমৰ গীতটো হেৰাই গৈছে, কিয়নো ছবিখনৰ সেই অংশৰ ছবিখন সম্পূৰ্ণৰূপে অৱনতি ঘটিছে। মেহবুবাই চিনেমাখনৰ আনটো গীত গাইছিল - মনেৰ বনী দোলা লাগে হাছলো দোখিন হাৱা। সমৰ দাস সংগীত পৰিচালক আৰু ভীৰ আলী তেওঁৰ সহকাৰী আছিল।১৩
ছবিখনৰ উৎপাদন শেষ কৰিবলৈ দুবছৰতকৈও অধিক সময় লাগিছিল।১৩ এই উদ্যোগৰ প্ৰযোজক আছিল কালিম উদ্দিন দুদু মিঞা (অভিনেতা আলমগীৰৰ পিতৃ) আৰু ইকবাল ফিল্মছৰ নুৰুজ্জামান।১৩
কোনো স্থানীয় চলচ্চিত্ৰ নিৰ্মাণ ষ্টুডিঅ’ৰ অনুপস্থিতিত ছবিখনৰ নেগেটিভবোৰ উন্নয়নৰ বাবে লাহোৰলৈ লৈ যাব লগা হৈছিল।৭
মুক্তি
১৯৫৩ চনৰ ডিচেম্বৰ মাহত ছবি নিৰ্মাণ আৰম্ভ হ’লেও ১৯৫৪ চনৰ ৬ আগষ্টত ঢাকাৰ হোটেল শ্বাহবাগ (বৰ্তমান বন্ধ)ত উদ্বোধনী অনুষ্ঠান (মহৰৎ) অনুষ্ঠিত হৈছিল।১৫ ইয়াৰ উদ্বোধন কৰে পূব বংগৰ তদানীন্তন ৰাজ্যপাল ইস্কান্দৰ মিৰ্জাই।১৩
১৯৫৬ চনৰ ৩ আগষ্টত সদৰঘাটৰ ৰূপমহল চিনেমা হলত (বৰ্তমান বন্ধ) ছবিখন মুক্তি পায়। মুক্তিৰ অনুষ্ঠান উদ্বোধন কৰে পূব পাকিস্তানৰ তদানীন্তন ৰাজ্যপাল১৬ এ কে ফজলুল হকে। ছবিখনৰ আন তিনিটা প্ৰিন্ট চট্টগ্ৰামৰ নীৰালা, নাৰায়ণগঞ্জৰ ডাইমণ্ড আৰু খুলনাৰ উল্লাছিনী চিনেমা হলত প্ৰদৰ্শিত হয়।৫
উত্তৰাধিকাৰ
২০২২ চনৰ আগষ্ট মাহত ছবিখনত ব্যৱহৃত মূল চিত্ৰনাট্য, পৰ্দাৰ আঁৰৰ স্থিৰচিত্ৰ আৰু এটা পিয়ানো আনুষ্ঠানিকভাৱে বাংলাদেশ ফিল্ম আৰ্কাইভ (বিএফএ)ক গতাই দিয়ে ইকবাল ফিল্মছৰ মালিক নুৰুজ্জামানৰ কন্যা জেচমিন জামানে।২ পিয়ানোৰ সহায়ত সুৰকাৰ সমৰ দাসে ছবিখনৰ স্কোৰ লিখিছিল।২ ১৮৮১ চনৰ পৰা ১৮৯২ চনৰ ভিতৰত জে জে হপকিনছন পিয়ানো কোম্পানীয়ে নিৰ্মাণ কৰা পিয়ানোটো নুৰুজ্জামানে নাৰায়ণগঞ্জৰ ঢকেশ্বৰী কটন মিলছৰ তেতিয়াৰ পৰিচালন সঞ্চালক এজন ব্ৰিটিছৰ পৰা ক্ৰয় কৰিছিল।২
তথ্য উৎস
ফুটনোটউদ্ধৃতিসমূহ
তথ্যসূত্ৰ
- ↑ Fayeka Zabeen Siddiqua. (2015-11-06). Talking about our first Talkie. The Daily Star
- ↑ (2022-08-13). Piano, script of ‘Mukh O Mukhosh’ handed over to BD Film Archive. The New Nation
- ↑ (2016-08-03). Celebrating 60 years of - Mukh O Mukhosh. The Daily Star
- ↑ Mukh O Mukhosh. Pakistani films
- ↑ (2021-08-02). Historical Mukh O Mukhosh: Commencement of Bangladeshi Cinema (url=https://www.tbsnews.net/glitz/historical -mukh-o-mukhosh-commencement -bangladeshi-cinema-282388. The Business Standard
- ↑ (2023-05-31). পিয়াৰী বেগম কেনেকৈ হ’ল ‘মুখ ও মুখোশ’ চিনেমাখনৰ নায়িকা. Prothomalo
- ↑ Waheed, Karim. (12 August 2005). Celebrating 50 years of our cinema: Remembering Mukh O Mukhosh and Abdul Jabbar Khan. The Daily Star
- ↑ Death anniv of QM Zaman today. The New Nation
- ↑ Onusurjo, Nabeel. (June 19, 2017). মুখ ও মুখোশ. The Daily Ittefaq
- ↑ (8 October 2017). Jashim's commemoration is today. newsg24.com
- ↑ (2016-08-04). Mukh O Mukhosh artistes to appear on talk show today. New Age
- ↑ Rehana Jolly: An actress of 400 movies. The New Nation
- ↑ Shazu, Shah Alam. (2021-08-03). Looking back at “Mukh O Mukhosh”, our first ever feature film. The Daily Star
- ↑ Make-up artist MM Jasim. The New Nation
- ↑ (2023-05-30). Pyari Begum, star of Bangladesh’s first feature film, dies at 87. The Daily Star
- ↑ ১৯৫৫ চনৰ ১৪ অক্টোবৰত পূৰ্ব বংগ অঞ্চলৰ নাম পূব পাকিস্তান ৰখা হয় যিটো এই ছবিখনৰ নিৰ্মাণৰ সময়তে সংঘটিত হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুখ ও মুখোশ” প্ৰবন্ধৰ সংশোধন ৫৪৯৫৩৯ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।