দশৰথ মাঝি ( ১৯৩৪ ১ – ১৭ আগষ্ট, ২০০৭২), (মাউন্টেইন মেন হিচাপে বিখ্যাত)৩ বিহাৰৰ গয়াৰ সমীপৰ গেহলুৰ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল৷১৪ সুদীৰ্ঘ ২২ বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটো তেওঁ পাহাৰৰ মাজেৰে বাট কাটি ১৫ কি মি ত পৰিণত কৰিলে৷৫
আগকথা
১৯৫৯ চনত দশৰথৰ পত্নীৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল৷ ৭০ কি মি দূৰত থকা চহৰলৈ যাতায়তৰ সূচল ব্যৱস্থা নথকাৰ বাবেই পত্নীৰ মৃত্যু হোৱাত দশৰথে সেই পথত থকা পাহাৰটো কাটি এটা চমু পথ উলিওৱাৰ পণ কৰিলে আৰু অকলে কেৱল এটা হাতুৰী আৰু বটালী লৈ সুদীৰ্ঘ ২২ বছৰ জোৰা কামৰ অন্তত ৫৫ কিঃমিঃ দৈঘ্যৰ পথটো মাথো ১৫ কিঃ মিঃ ত পৰিণত কৰিলে যাতে গাঁৱৰ অন্য সকলে তেওঁৰ দৰেই ভুগিব লগা নহয়৷১
কৰ্ম
দশৰথ মাঝিয়ে ধানবাদৰ কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাজে মাজে তেওঁ ঘৰলৈ আহে আৰু এটা পথ নিৰ্মাণৰ বাবে ১১০ মিটাৰ দীঘল, ৭.৭ মিটাৰ গভীৰ আৰু ৯.১ মিটাৰ বহল গেহল'ৰ পাহাৰটোৰ শিল কাটে৷৬ তেওঁ কৈছিল, "মই যেতিয়া শিল কটা আৰম্ভ কৰিছিলো, মানুহে মোক পাগল বুলি কৈছিল, কিন্তু মই মনোবল হেৰুওৱা নাছিলো৷" সুদীৰ্ঘ ২২ বছৰৰ অন্তত (১৯৬০-১৯৮২) তেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫ কিলো মিটাৰৰ পৰা ১৫ কিলো মিটাৰ কৰি তেওঁ সমগ্ৰ গেহলুৰৰ গাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷২৭ মাঝিয়ে লগতে কৈছিল, "যদিও বহুত লোকে মোৰ এই কামক উপলুঙা কৰিছিল, বহুতো গাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সঁজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷"৮৯''
মৃত্যু
২০০৭ চনৰ ১৭ আগষ্টত ৭৩ বছৰ বয়সত মাঝিৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত মাঝি গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত হৈ এইমচ,নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল৷১০ তেওঁক বিহাৰ চৰকাৰে ৰাজ্যিক সন্মানেৰে অন্তিম সন্মান জনায়৷
সন্মান
বিহাৰ চৰকাৰে ২০০৬ চনত মাউন্টেইন মেন হিচাপে খ্যাত মাঝিৰ নাম পদ্মশ্ৰী বটাৰ প্ৰস্তাব কৰিছিল৷ ১১ সেই সময়ৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মাঝিৰ নামত গেহলুৰৰ পৰা এটা ৩ কিলো মিটাৰ দৈঘ্যৰ ৰাস্তা নিৰ্মান কৰা তথা গাওঁখনত তেওঁৰ নামত এখন চিকিৎসালয় খোলাৰ প্ৰস্তাব দিছিল৷
জনপ্ৰিয় মাধ্যমত
২০১২ চনৰ জুলাইত চলচ্চিত্ৰ পৰিচালক কেটান মেহতা (Ketan Mehta)ই দশৰথ মাঝিৰ জীৱনৰ আধাৰত মাঝি (Manjhi) নামৰ এখন চলচ্চিত্ৰৰ কথা ঘোষণা কৰে৷ এই চলচ্চিত্ৰখনে ২০১৫ চনৰ ২১ আগষ্টত মুক্তি লাভ কৰে৷ মৃত্যুশয্যাৰ পৰাই দশৰথ মাঝিয়ে তেওঁৰ জীৱনৰ আধাৰত এই চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে বুলি জনা যায়৷ ১২ নৱাজুদ্দিন চিদ্দিকি (Nawazuddin Siddiqui) -য়ে মাঝি আৰু ৰাধিকা আপ্টেই তেওঁৰ পত্নী ফাল্গুণী দেৱীৰ ভূমিকাত অৱতীৰ্ণ হ’ব৷ ১৩
আমিৰ খান দূৰদৰ্শন ধাৰাবাহিক সত্যমেয় জয়তেৰ দ্বিতীয় ভাগত ২০১৪ ৰ মাৰ্চ মাহত প্ৰচাৰিত খণ্ডটো দশৰথ মাঝিৰ নামত উৎসৰ্গা কৰা হয়৷১৪১৫
বাহ্যিক সংযোগ
- — location of the passage carved by Dashrath Manjhi through the Gehlour Hills rock formation.
- Google Maps link
তথ্যসূত্ৰ
- ↑ (24 May 1997). Love's labour brings down hill. The Indian Express
- ↑ (17 August 2007). Mountain man Dashrath Manjhi dies in Delhi. Hindustan Times
- ↑ Society. (28 September 2007). The Mountain Man. The Viewspaper
- ↑ (1 July 2012). The man who made way for progress. The Indian Express
- ↑ Dashrath Manjhi, rock star and film muse
- ↑ Location of cut-through:
- ↑ (23 July 2007). CM visits ailing Dashrath Manjhi. The Times of India
- ↑ Man in India Carved 360 feet
- ↑ (22 April 2014). How A Man Built A Road on the Mountain Without Support. Be A Light to the World
- ↑ santosh, singh. the man who made way for progress
- ↑ Dashrath Manjhi
- ↑ Never underestimate the power of one
- ↑ (16 August 2002). Nawazuddin to play lead in Ketan Mehta's Mountain Man. বলিউড হাংগামা
- ↑ Dasrath Manjhi's family awaits Aamir Khan to tell his glorious Tale. news.biharprabha.com
- ↑ Kumar, Ruchir. I am trying to be like Manjhi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দশৰথ মাঝি” প্ৰবন্ধৰ সংশোধন ৬২২১৪৫ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।