মেষ্টেক্টমী (Mastectomy) হৈছে এটা বা দুয়োটা স্তন অস্ত্ৰোপচাৰৰ দ্বাৰা আংশিকভাৱে বা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ চিকিৎসাৰ পদ্ধতি। সাধাৰণতে স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে মেষ্টেক্টমী কৰা হয়।১ কিছুমান ক্ষেত্ৰত স্তন কেন্সাৰৰ অধিক আশংকা থকা বুলি বিশ্বাস কৰা মহিলাসকলে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপেও এই অস্ত্ৰোপচাৰ কৰে।১ নতুবা কিছুমান মহিলাই লামপেক্টমী নমৰ এটা পদ্ধতি বাছি লয়, যিটো অপাৰেচনত টিউমাৰ থকা স্তনৰ কলা আৰু চাৰিওফালৰ সুস্থ কলাৰ এটা প্ৰান্ত আঁতৰাই স্তন সংৰক্ষণ কৰা হয়।
মাষ্টেক্টোমি কৰাৰ সিদ্ধান্ত বিভিন্ন কাৰকৰ ওপৰত আধাৰিত, যাৰ ভিতৰত আছে স্তনৰ আকাৰ, স্তনকৰ্কটৰোগৰ জৈৱিক আক্ৰমণাত্মকতা, এডজুভেণ্ট বিকিৰণৰ (ৰেডিয়েসন) উপলব্ধতা, আৰু লুম্পেক্টমি আৰু/বা বিকিৰণৰ পিছত টিউমাৰৰ পুনৰাবৃত্তিৰ সম্ভাৱনাৰ উচ্চ হাৰ।
মেষ্টেক্টমীৰ ইংগিত
স্তন কেন্সাৰ স্তন কেন্সাৰ ৰোগীসকলক স্তন সংৰক্ষণ কৌশল বৃদ্ধি পোৱাৰ পিছতো, কিছুমানৰ বাবে পৰম্পৰাগত মেষ্টেক্টমী পদ্ধতি প্ৰাযোজ্য হয়। যিবোৰ ক্ষেত্ৰত এজনক মাষ্টেক্টোমিৰ প্ৰয়োজন হয় তলত দিয়া হʼল-
- যিসকল মহিলাই ইতিমধ্যে আক্ৰান্ত স্তনলৈ ৰেডিয়’থেৰাপী গ্ৰহণ কৰিছে
- একেটা স্তনত ২ বা তাতকৈ অধিক কেন্সাৰ অধিক দূৰত্বৰ বাবে ১টা অস্ত্ৰোপচাৰৰ দ্বাৰা ছিদ্ৰ কৰি আঁতৰাব নোৱাৰি
- যিসকল মহিলাৰ প্ৰাৰম্ভিক লাম্পেক্টমীৰ লগতে একাধিকবাৰ অস্ত্ৰোপচাৰৰ ফলত কেন্সাৰ সম্পূৰ্ণৰূপে আঁতৰোৱা হোৱা নাই
- গৰ্ভৱতী মহিলা যিসকলক গৰ্ভৱতী অৱস্থাত ৰেডিয়চনৰ প্ৰয়োজন হয় (শিশুৰ ক্ষতিৰ আশংকা)
- ৫ চে.মি.তকৈ ডাঙৰ টিউমাৰ থকা মহিলাসকলৰ যি নিওএডজুভেণ্ট কেমোথেৰাপিৰ দ্বাৰা বৰ বেছি সংকুচিত নহয়
- স্তনৰ আকাৰৰ তুলনাত ডাঙৰ কেন্সাৰ ৰোগী
অন্যান্য ব্যৱহাৰ
মেষ্টেক্টমীৰ কেন্সাৰ নোহোৱা চিকিৎসাতো ব্যৱহাৰ হয় যেনে প্লাষ্টিক চাৰ্জাৰী বা কচমেটিক বা পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ। গাইনেকোমাষ্টিয়াত ভোগা পুৰুষ ৰোগী মেষ্টেক্টমীৰ বাবে যোগ্য হ’ব পাৰে, কিন্তু নূন্যতম আক্ৰমণাত্মক অস্ত্ৰোপচাৰ কৌশলো আছে। ২৩ হিজৰা পুৰুষে লিংগ নিশ্চিত কৰা অস্ত্ৰোপচাৰ হিচাপেও মেষ্টেক্টমী কৰা দেখা যায়।৪৫
পাৰ্শ্বক্ৰিয়া
অস্ত্ৰোপচাৰৰ পিছৰ বিষ আৰু বুকু আৰু/বা স্তন(সমূহ)ৰ আকৃতিৰ স্পষ্ট পৰিৱৰ্তনৰ বাহিৰেও, মেষ্টেক্টমীৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়াসমূহৰ ভিতৰত ঘাঁ, ছিদ্ৰৰ স্থান হিচাপে দাগযুক্ত কলা, হ্ৰস্বম্যাদী ফুলা, ফেণ্টম স্তন বিষ (স্তন বা আঁতৰোৱা কলাত বিষ), ঘাঁৰ সংক্ৰমণ বা ৰক্তক্ষৰণ, হেমাট'মা (ঘাঁত তেজ জমা হোৱা), আৰু চেৰ'মা (ঘাঁত স্বচ্ছ তৰল পদাৰ্থ জমা হোৱা)। যদি লিম্ফ ন’ডবোৰো আঁতৰাই পেলোৱা হয় তেন্তে অতিৰিক্ত পাৰ্শ্বক্ৰিয়া যেনে লিম্ফেডিমা (লিম্ফ ন’ডবোৰ ফুলা) হ’ব পাৰে।৬স্তন কেন্সাৰ অস্ত্ৰোপচাৰৰ পিছত অন্যান্য অংগৰ সমস্যা যেনে কান্ধ আৰু বাহুৰ বিষ, দুৰ্বলতা আৰু গতিবিধি নিষিদ্ধ হোৱা আদি পাৰ্শ্বক্ৰিয়া দেখা যায়।৭ ব্ৰিটেইনৰ এক গৱেষণাৰ মতে অস্ত্ৰোপচাৰৰ পিছত ব্যায়ামৰ কাৰ্যসূচীয়ে এই অংগৰ বষৰ সমস্যা হ্ৰাস কৰিব পাৰে।৮৯
ইতিহাস
লক্ষণযুক্ত সংক্ৰমণ আঁতৰোৱাৰ বাবে স্তনৰ অস্ত্ৰোপচাৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ পৰাই এডউইন স্মিথৰ পেপিৰাছত নথিভুক্ত কৰা দেখা যায়।১০ প্ৰাৰম্ভিক পৰ্যায়ত স্তন টিউমাৰ জ্বলাই (ক’টেৰাইজ) দিয়া হৈছিল।১১ যদিও ১২৯৬ চনলৈকে বৰ্ণনা কৰা হোৱা নাছিল, তথাপিও প্ৰথম শতিকাৰ সময়ছোৱাত আলেকজেণ্ড্ৰিয়াৰ লিঅ’নাইডে টিউমাৰ সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছিল।আন অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে টিউমাৰটো সম্পূৰ্ণৰূপে আঁতৰাব পাৰিলেহে ক’টেৰাইজেচনৰ পৰামৰ্শ দিছিল; অন্যথা অস্ত্ৰোপচাৰ এৰাই চলাটো বাঞ্ছনীয় বুলি কোৱা হৈছিল। ১৩৬৩ চনত ডিচাউলিকে পোষকতা কৰে স্তন কেন্সাৰৰ ৰক্ষণশীল চিকিৎসা।১২
তথ্যসূত্ৰ
- ↑ Mastectomy · Lumpectomy · Breast Cancer · MedlinePlus
- ↑ (September 2007). Gynecomastia: review. Pediatr Endocrinol Rev. পৃ. 489–99
- ↑ (December 2016). Surgical Management of Gynecomastia: Subcutaneous Mastectomy and Liposuction. Aesthetic Plast Surg. পৃ. 877–884
- ↑ (June 2021). Tips and Tricks in Gender-Affirming Mastectomy. Plast Reconstr Surg. পৃ. 1288–1296
- ↑ (September 2019). Mastectomy in female-to-male transgender patients: A single-center 24-year retrospective analysis. Arch Plast Surg. পৃ. 433–440
- ↑ (2021-08-08). Mastectomy. www.hopkinsmedicine.org
- ↑ Lee, Teresa S.; Kilbreath, Sharon L.; Refshauge, Kathryn M. (26 September 2007). Prognosis of the upper limb following surgery and radiation for breast cancer. Breast Cancer Research and Treatment. পৃ. 19–37
- ↑ (2022-09-26). Exercise programme improves arm function and pain after breast cancer surgery. NIHR Evidence. National Institute for Health and Care Research
- ↑ Bruce, Julie; Mazuquin, Bruno; Mistry, Pankaj. (February 2022). Exercise to prevent shoulder problems after breast cancer surgery: the PROSPER RCT. Health Technology Assessment. পৃ. 1–124
- ↑ Loukas, M., Tubbs, R. S., Mirzayan, N., Shirak, M., Steinberg, A., & Shoja, M. M. (2011). The history of mastectomy. The American Surgeon, 77(5), 566-571
- ↑ Iavazzo, Cr; Trompoukis, C; Siempos, Ii. (January 2009). The breast: from Ancient Greek myths to Hippocrates and Galen. Reproductive BioMedicine Online. পৃ. 51–54
- ↑ Loukas, M., Tubbs, R. S., Mirzayan, N., Shirak, M., Steinberg, A., & Shoja, M. M. (2011). The history of mastectomy. The American Surgeon, 77(5), 566-571
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেষ্টেক্টমী” প্ৰবন্ধৰ সংশোধন ৪৯৫১৪৮ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।