অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

শাৰী কৰ্কট ৰোগ

শাৰী কৰ্কট ৰোগ (ইংৰাজী: Sari cancer) শাৰী পিন্ধা মহিলাৰ কঁকালৰ ৰেখাত হোৱা এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগ৷ কঁকালত টানকৈ শাৰী পিন্ধাৰ বাবে হোৱা অহৰহ খচখচনি নাইবা জ্বলনৰ ফলত উদ্ভৱ হোৱা এই কৰ্কট ৰোগৰ ফলত ছালৰ তৰপ এৰাই যায় আৰু ছালৰ ৰং সলনি হ’ব পাৰে।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শাৰী কৰ্কট ৰোগ (ইংৰাজী: Sari cancer) শাৰী পিন্ধা মহিলাৰ কঁকালৰ ৰেখাত হোৱা এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগ৷ কঁকালত টানকৈ শাৰী পিন্ধাৰ বাবে হোৱা অহৰহ খচখচনি নাইবা জ্বলনৰ ফলত উদ্ভৱ হোৱা এই কৰ্কট ৰোগৰ ফলত ছালৰ তৰপ এৰাই যায় আৰু ছালৰ ৰং সলনি হ’ব পাৰে। ই এক বিৰল প্ৰকাৰৰ কৰ্কট ৰোগ আৰু ভাৰত উপমহাদেশত ইয়াক হোৱা দেখা গৈছে, য'ত ছোৱালী আৰু মহিলাসকলে সাধাৰণতে গোটেই জীৱন শাৰী পিন্ধি কটায়।১ ইয়াৰ সৈতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ছালৰ যত্ন নোলোৱাৰ বেছি সম্পৰ্ক আছে৷ এই ৰোগৰ লগত দীৰ্ঘদিনীয়া প্ৰদাহ জড়িত হৈ থাকে।

লক্ষণ

শাৰী কেন্সাৰৰ প্ৰধান লক্ষণসমূহ হ’ল কঁকালৰ ৰেখাত ছালৰ তৰপ এৰাই যোৱা আৰু ৰং সলনি হোৱাৰ লগতে অহৰহ হোৱা বিৰক্তি; লাহে লাহে বহু বছৰৰ ভিতৰত এই লক্ষণবোৰ দীৰ্ঘম্যাদী হৈ পৰে। ব্যক্তিজনৰ ঘাঁ নিৰাময় নোহোৱা বা বৰণহীন বা অধিক ডাঠ বৰণৰ বহল আঁচ বা কঁকালৰ ৰেখাত বৰ্ধিত ঘাঁ হ’ব পাৰে। ঘাঁৰ পৰা দুৰ্গন্ধৰ সৈতে ছিৰ’ছ নিঃসৰণ (পনীয়া ৰস বা পূঁজ) ওলাব পাৰে।

কাৰণ

শাৰী ভাৰত উপমহাদেশৰ সাধাৰণ মহিলাৰ প্ৰধান সাজ-পোছাক। ই কপাহ, ৰেচম, নাইলন বা কৃত্ৰিম আঁহ আদি বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা এক প্ৰকাৰৰ দীঘলীয়া (সাধাৰণতে ৫.৫ মিটাৰ বা ১৮ ফুট) কাপোৰৰ টুকুৰা। শাৰী সাধাৰণতে পেটিকোটৰ ওপৰত পিন্ধা হয় আৰু এই পেটিকোটটো কঁকালৰ চাৰিওফালে ডাঠ কপাহী ৰছীৰে টানকৈ বান্ধি থোৱা হয়। গৰম আৰু আৰ্দ্ৰ জলবায়ুত গোটেই দিনটো কঁকালত পিন্ধি থকা হয়। কঁকালটো প্ৰায়ে ধূলি আৰু ঘামত লেতেৰা হৈ থাকে আৰু সঠিকভাৱে চাফা নকৰাকৈয়ে থাকে। ইয়াৰ ফলত কঁকালৰ ওপৰত ৰং সলনি হয় আৰু পাতলকৈ ছাল ছিগি যায়। ইয়াৰ ফলত দীৰ্ঘদিনীয়া খচখচনি বা বিৰক্তি হয় আৰু লাহে লাহে কঁকালৰ ৰেখাৰ ছালত মাৰাত্মক ৰোগ হ’ব পাৰে।২

ব্যৱস্থাপনা

শাৰী কৰ্কট ৰোগ নিৰ্ণয় নিশ্চিত কৰিবলৈ এক্সাইচন বায়’প্সি কৰিব লাগে। বহু ক্ষেত্ৰত ছালৰ গ্ৰাফ্টিংৰ সহায়ত স্থানীয় এক্সাইজেচনক উপযুক্ত চিকিৎসা বুলি গণ্য কৰা হয়।১ পেটিকোট পিন্ধাৰ বিভিন্ন ধৰণৰ কৌশলে শাৰী কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এনে কিছুমান কৌশল হ’ল-

  • পেটিকোটটো ঢিলা কৰি পিন্ধা
  • সাধাৰণ ৰছীৰ দৰে পেটিকোটৰ ৰছীডাল বহল ৰছীলৈ সলনি কৰা যিয়ে সেই ঠাইৰ ওপৰত চাপ কমায়
  • পেটিকোটটো কঁকালত যিটো স্তৰত বান্ধি থোৱা হয়, সেইটো অহৰহ সলনি কৰি থকা৷

ইতিহাস

১৯৪৫ চনত চিকিৎসক খানোলকাৰ আৰু সূৰ্য্যবাইয়ে ছালত গাঢ় বৰণ ধৰা আৰু ডাঠ দাগ থকা এবিধ নতুন ধৰণৰ ছালৰ কৰ্কট ৰোগৰ বৰ্ণনা কৰিছিল যিবোৰ মাৰাত্মক ঘালৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা দেখা গৈছিল। তেওঁলোকে ইয়াক "ধুতি কেন্সাৰ" বুলি অভিহিত কৰিছিল,৩ ধুতি ভাৰতৰ পৰম্পৰাগত পুৰুষৰ সাজ-পোছাক আৰু শাৰীৰ দৰেই কঁকালত মেৰিয়াই পিন্ধা হয়। "শাৰী কেন্সাৰ" শব্দটো প্ৰথমে ভাৰতৰ বম্বে হস্পিতেলৰ চিকিৎসক ডা° এ. এছ. পেটেলৰ নেতৃত্বত এটা চিকিৎসকৰ দলে বোম্বে হস্পিতেল জাৰ্ণেলত (Bombay Hospital Journal) ব্যৱহাৰ কৰিছিল৷ শাৰী পিন্ধা ভাৰতীয় মহিলাৰ কঁকালত হোৱা এই ছালৰ সমস্যাটো ইয়াৰ আগতেও আন একাংশ গৱেষকে চিনাক্ত কৰিছিল। এই ধৰণৰ কৰ্কট ৰোগ ১৮২৮ চনত জিন-নিকোলাছ মাৰ্জোলিনে বৰ্ণনা কৰা দীৰ্ঘদিনীয়া ঘাঁৰ মাৰাত্মক অৱক্ষয় মাৰ্জোলিনৰ আলচাৰৰ সৈতে জড়িত।

তথ্যসূত্ৰ

  1. ↑ Mathai, Kamini. (30 January 2012). Sari cancer poses threat to women: Doctors. Times of India
  2. ↑ (November 2011). Waist cancer: report of two cases. J Indian Med Assoc. পৃ. 829, 831
  3. ↑ (22 September 2015). Dhoti cancer: a waistline skin cancer with review of literature

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগমহিলাৰ স্বাস্থ্যবিধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰী কৰ্কট ৰোগ” প্ৰবন্ধৰ সংশোধন ৫৮৫৪১৬ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।