অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

চাৰ্ভিকেল কেন্সাৰ

চাৰ্ভিকেল কেন্সাৰ (cervical cancer) হৈছে চাৰ্ভিক্সত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। প্ৰথমাৱস্থাত কোনোধৰণৰ লক্ষণ পৰিলক্ষিত নহয় চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত ৯০ শতাংশতকৈও অধিক লোক হিউমেন পেপিল'মাভাইৰাছৰ দ্বাৰা সংক্ৰমিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চাৰ্ভিকেল কেন্সাৰ (cervical cancer) হৈছে চাৰ্ভিক্সত উৎপন্ন হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইয়াৰ কাৰণ হৈছে কোষৰ অস্বাভাৱিক বৃদ্ধি যি শৰীৰৰ আন অংশলৈ বিয়পি যাব পাৰে আৰু আক্ৰমণ কৰিব পাৰে।১ প্ৰথমাৱস্থাত কোনোধৰণৰ লক্ষণ পৰিলক্ষিত নহয় যদিও পাছলৈ অস্বাভাৱিক যোনিয় ৰক্তক্ষৰণ, শ্ৰোণিৰ বিষ বা যৌন সম্ভোগৰ সময়ছোৱাত হোৱা বিষ আদি লক্ষণে দেখা দিয়ে। যদিও যৌন সম্ভোগৰ পাছত হোৱা ৰক্তক্ষৰণ কোনো গুৰুতৰ সমস্যা নহয়, ই কেতিয়াবা চাৰ্ভিকেল কেন্সাৰৰ উপস্থিতিও সূচাব পাৰে।২

চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত ৯০ শতাংশতকৈও অধিক লোক হিউমেন পেপিল'মাভাইৰাছৰ দ্বাৰা সংক্ৰমিত। অৱশ্যে হিউমেন পেপিল'মাভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'লেও বেছিভাগ লোকৰ ক্ষেত্ৰত চাৰ্ভিকেল কেন্সাৰ বিকশিত নহয়।৩৪ অন্যান্য বিপদাশংকাৰ কাৰকসমূহ হৈছে ধপাত সেৱন, দুৰ্বল ৰোগ প্ৰতিৰোধ তন্ত্ৰ, জন্ম নিৰোধক বড়ি, কম বয়সতে যৌন সম্ভোগত লিপ্ত হোৱা, একাধিক যৌন সংগী ইত্যাদি।৫ আনুবংশিক কাৰকেও চাৰ্ভিকেল কেন্সাৰ বিকাশ হোৱাত অৰিহণা যোগায়।৬ চাৰ্ভিকেল কেন্সাৰৰ প্ৰায় ৯০% হৈছে স্কুৱামাউছ চেল কাৰ্চিন'মা, ১০% এডেন'কাৰ্চিন'মা আৰু অতি কম সংখ্যক অন্যান্য প্ৰকাৰৰ।৫ ৰোগ নিৰ্ণয়ৰ বাবে সাধাৰণতে চাৰ্ভিকেল স্ক্ৰিণিং কৰা হয় আৰু তাৰ পাছত বায়'প্সি। পৰৱৰ্তী সময়ত কেন্সাৰ অন্য অংশলৈ বিয়পিছে নে নাই তাৰ পৰীক্ষা কৰিবলৈ মেডিকেল ইমেজিং কৰা হয়।

HPV টীকাই অতি কমেও HPV টাইপ-১৬ আৰু টাইপ-১৮ ৰ পৰা সুৰক্ষা প্ৰদান কৰে আৰু ৯০% চাৰ্ভিকেল কেন্সাৰ ৰোধত অৰিহণা যোগায়।৭৮৯ যিহেতু টীকা লোৱাৰ পাছতো কৰ্কট ৰোগৰ আশংকা থাকে, নিৰ্দেশনাৱলীমতে নিয়মীয়াকৈ পেপ টেষ্ট কৰি থকাটো অতি প্ৰয়োজনীয়।৭ প্ৰতিৰোধৰ আন পদ্ধতিসমূহৰ ভিতৰত আছে একাধিক যৌন সংগীৰ পৰা বিৰত থকা আৰু যৌন সম্ভোগৰ সময়ত কণ্ডমৰ ব্যৱহাৰ।১০ পেপ টেষ্ট অথবা এচিটিক এচিডৰ সহায়ত কৰা চাৰ্ভিকেল কেন্সাৰ স্ক্ৰিণিঙৰ দ্বাৰা প্ৰিকেন্সাৰাছ পৰিৱৰ্তনসমূহ চিনাক্ত কৰিব পৰা যায় আৰু সঠিক সময়ত ইয়াক চিকিৎসা কৰিলে কৰ্কট ৰোগ বিকাশ হোৱাত বাধা প্ৰদান কৰিব পাৰি।১১ চিকিৎসাৰ ভিতৰত আছে শল্য চিকিৎসা, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি আৰু ইমিউন'থেৰাপি। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতত পাঁচ বছৰলৈ জীয়াই থকাৰ হাৰ ক্ৰমে ৬৮%১২ আৰু ৪৬%। অৱশ্যে ৰোগ চিনাক্তকৰণৰ সময়ৰ ওপৰত ইয়াৰ ফলাফলসমূহ নিৰ্ভৰ কৰে।৫ আগতীয়াকৈ ৰোগ চিনাক্ত কৰিব পাৰিলে জীয়াই থকাৰ হাৰ অলপ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

অতি সাধাৰণ কৰ্কট ৰোগসমূহৰ ভিতৰত চাৰ্ভিকেল কেন্সাৰে পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিছে। ইয়াৰোপৰি কৰ্কট ৰোগত মৃত্যু হোৱা মহিলাৰ ক্ষেত্ৰত চাৰ্ভিকেল কেন্সাৰে কৰ্কট ৰোগৰ অতি সাধাৰণ কাৰণসমূহৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিছে।৩ ২০১২ চনত প্ৰায় ৫,২৮,০০০ লোক চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত হৈছিল আৰু প্ৰায় ২,৬৬,০০০ লোক ইয়াৰ বাবে মৃত্যুমুখত পৰিছিল।৩ ই কৰ্কট ৰোগত আক্ৰান্ত লোক আৰু মৃত্যু হোৱা লোকৰ প্ৰায় ৮%।১৩ চাৰ্ভিকেল কেন্সাৰৰ প্ৰায় ৭০% আৰু মৃত্যুৰ প্ৰায় ৯০% উন্নয়নশীল দেশসমূহত ঘটা পৰিলক্ষিত হৈছে।৩১৪ অনুন্নত দেশসমূহত কৰ্কট ৰোগত মৃত্যু হোৱা লোকসকলৰ বেছিভাগেই চাৰ্ভিকেল কেন্সাৰত আক্ৰান্ত।১১ উন্নত দেশসমূহত চাৰ্ভিকেল স্ক্ৰিণিঙৰ ব্যাপক ব্যৱহাৰে চাৰ্ভিকেল কেন্সাৰৰ হাৰ ভালেখিনি হ্ৰাস কৰিছে।১৫

চিকিৎসা সম্বন্ধীয় গৱেষণাত ব্যৱহৃত অতি জনপ্ৰিয় অমৰণশীল কোষ ৰেখা "HeLa" হেনৰিয়েট্টা লেক্স নামৰ মহিলা এগৰাকীৰ চাৰ্ভিকেল কেন্সাৰ কোষৰ পৰা বিকাশ সাধন কৰা হৈছিল।১৬

তথ্যসূত্ৰ

  1. ↑ (17 September 2007). Defining Cancer. National Cancer Institute
  2. ↑ (2014). Postcoital bleeding: a review on etiology, diagnosis, and management. Obstetrics and Gynecology International. পৃ. 192087
  3. ↑ (2014). World Cancer Report 2014. World Health Organization. পৃ. Chapter 5.12. ISBN 978-9283204299
  4. ↑ (December 2013). HPV and HPV-associated diseases. Infectious Disease Clinics of North America. পৃ. 765–78
  5. ↑ (14 March 2014). Cervical Cancer Treatment (PDQ®). National Cancer Institute
  6. ↑ (October 2021). Genomic risk factors for cervical cancer. Cancers. পৃ. 5137
  7. ↑ (29 December 2011). Human Papillomavirus (HPV) Vaccines. National Cancer Institute
  8. ↑ (10 December 2014). FDA approves Gardasil 9 for prevention of certain cancers caused by five additional types of HPV. U.S. Food and Drug Administration
  9. ↑ (2014). Control of HPV infection and related cancer through vaccination.. Recent Results in Cancer Research. পৃ. 149–71. ISBN 978-3-642-38964-1
  10. ↑ (27 February 2014). Cervical Cancer Prevention (PDQ®). National Cancer Institute
  11. ↑ World Health Organization. (February 2014). Fact sheet No. 297: Cancer
  12. ↑ (10 November 2014). SEER Stat Fact Sheets: Cervix Uteri Cancer. NCI. National Cancer Institute
  13. ↑ (2014). World Cancer Report 2014. World Health Organization. পৃ. Chapter 1.1. ISBN 978-9283204299
  14. ↑ Cervical cancer prevention and control saves lives in the Republic of Korea. World Health Organization
  15. ↑ (March 2000). Cervical cancer. American Family Physician. পৃ. 1369–76
  16. ↑ Jr, Charles E. Carraher. (2014). Carraher's polymer chemistry. Taylor & Francis. পৃ. 385. ISBN 9781466552036

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্ভিকেল কেন্সাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭০৫৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।