অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ইউটেৰাইন কেন্সাৰ

ইউটেৰাইন কেন্সাৰ (Uterine cancer) হৈছে জৰায়ুৰ কলাৰ পৰা বিকশিত হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইউটেৰাইন কেন্সাৰক গৰ্ভাশয়ৰ কেন্সাৰ (Womb cancer) বুলিও কোৱা হয়। ইউটেৰাইন কেন্সাৰ দুই ধৰণৰ— এণ্ড'মেট্ৰিয়েল কেন্সাৰ আৰু ইউটেৰাইন চাৰক'মা।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২২ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইউটেৰাইন কেন্সাৰ (Uterine cancer) হৈছে জৰায়ুৰ কলাৰ পৰা বিকশিত হোৱা এবিধ কেন্সাৰ বা কৰ্কট ৰোগ। ইউটেৰাইন কেন্সাৰক গৰ্ভাশয়ৰ কেন্সাৰ (Womb cancer) বুলিও কোৱা হয়।১ ইউটেৰাইন কেন্সাৰ দুই ধৰণৰ— এণ্ড'মেট্ৰিয়েল কেন্সাৰ আৰু ইউটেৰাইন চাৰক'মা। এণ্ড'মেট্ৰিয়েল কেন্সাৰ জৰায়ুৰ আৱৰণৰ পৰা বিকশিত হয় আৰু ইউটেৰাইন চাৰক'মা জৰায়ুৰ মাংসপেশী বা সহযোগী কলাৰ পৰা গঠন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত আটাইবোৰ ইউটেৰাইন কেন্সাৰৰ প্ৰায় ৯০ শতাংশ‌ই এণ্ড'মেট্ৰিয়েল কেন্সাৰ।২ এণ্ড'মেট্ৰিয়েল কেন্সাৰৰ লক্ষণসমূহ হৈছে যোনিয় ৰক্তক্ষৰণৰ পৰিৱৰ্তন আৰু শ্ৰোণিৰ বিষ। আনহাতে ইউটেৰাইন কেন্সাৰৰ লক্ষণসমূহ হৈছে অগতানুগতিক যোনিয় ৰক্তক্ষৰণ আৰু যোনিত সৃষ্টি হোৱা পিণ্ড।

এণ্ড'মেট্ৰিয়েল কেন্সাৰৰ ক্ষেত্ৰত বিপদাশংকাসমূহ হৈছে মেদবহুলতা, মেটাবলিক ছিণ্ড্ৰ'ম, টাইপ ২ ডাইবেটিছ, প্ৰজেষ্টেৰণ অবিহনে ইষ্ট্ৰ'জেন থকা বড়িৰ ব্যৱহাৰ, টেম'ক্সিফেনৰ ব্যৱহাৰ, পলমকৈ হোৱা ৰজোনিবৃত্তি আৰু আনুবংশিক।৩ আনহাতে ইউটেৰাইন চাৰক'মাৰ ক্ষেত্ৰত বিপদাশংকাসমূহৰ ভিতৰত শ্ৰোণিত কৰা ৰেডিঅ'থেৰাপি অন্যতম। সাধাৰণতে এণ্ড'মেট্ৰিয়েল বায়'প্সিৰ সহায়ত এণ্ড'মেট্ৰিয়েল কেন্সাৰৰ ৰোগ নিৰ্ণয় কৰা হয়। আনহাতে ইউটেৰাইন চাৰক'মাৰ ক্ষেত্ৰত শ্ৰোণিৰ পৰীক্ষা, মেডিকেল ইমেজিং আৰু লক্ষণৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰা হয়।

এণ্ড'মেট্ৰিয়েল কেন্সাৰৰ পৰা প্ৰায়েই আৰোগ্য লাভ কৰিব পৰা যায় যদিও ইউটেৰাইন কেন্সাৰৰ পৰা আৰোগ্য লাভ কৰাটো অতি জটিল।১ চিকিৎসাৰ ভিতৰত আছে শল্য চিকিৎসা, ৰেডিঅ'থেৰাপি, কেম'থেৰাপি, হৰম'ন থেৰাপি আৰু টাৰ্গেটেড থেৰাপি। ৰোগ নিৰ্ণয়ৰ পাছত প্ৰায় ৮০% মহিলা পাঁচ বছৰতকৈ অধিক সময় জীয়াই থাকে।৪

২০১৫ চনত গোটেই বিশ্বজুৰি প্ৰায় ৩.৮ মিলিয়ন মহিলা ইউটেৰাইন কেন্সাৰত আক্ৰান্ত হয় আৰু ইয়াৰ ফলত প্ৰায় ৯০,০০০ গৰাকী মহিলাৰ মৃত্যু হয়।৫ এণ্ড'মেট্ৰিয়েল কেন্সাৰ তুলনামূলকভাৱে সচৰাচৰ হয় যদিও ইউটেৰাইন চাৰক'মা অতি বিৰল।১ আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত কৰ্কট ৰোগীসকলৰ ৩.৫ শতাংশ‌ই ইউটেৰাইন কেন্সাৰত আক্ৰান্ত।৪ ইউটেৰাইন কেন্সাৰ সাধাৰণতে ৪৫ ৰ পৰা ৭৪ বছৰৰ বয়সীয়া মহিলাৰ ক্ষেত্ৰত হোৱা পৰিলক্ষিত হৈছে।৪

প্ৰকাৰ

ইউটেৰাইন কেন্সাৰ বা গৰ্ভাশয়ৰ কৰ্কট দুই ধৰণৰ যাৰ নাম হৈছে ক্ৰমে এণ্ড'মেট্ৰিয়েল কেন্সাৰ আৰু ইউটেৰাইন চাৰক'মা।

এণ্ড'মেট্ৰিয়েল কেন্সাৰ এণ্ড'মেট্ৰিয়ামৰ (জৰায়ুৰ অভ্যন্তৰীণ আৱৰণ) গ্ৰন্থিত থকা কোষৰ পৰা এণ্ড'মেট্ৰিয়েল কাৰ্চিন'মা বা এণ্ড'মেট্ৰিয়েল কেন্সাৰৰ উৎপত্তি হয়। এণ্ড'মেট্ৰিয়েল কেন্সাৰকো বিভিন্ন ভাগত ভাগ কৰিব পাৰি। ইয়াৰ ভিতৰত এণ্ড'মেট্ৰিঅ'ইড এডেন'কাৰ্চিন'মা, ইউটেৰাইন পেপিলাৰি ছিৰাউছ কাৰ্চিন'মা আৰু ইউটেৰাইন ক্লীয়াৰ-চেল কাৰ্চিন'মা অন্যতম। এণ্ড'মেট্ৰিঅ'‌ইড এডেন'কাৰ্চিন'মা অতি সাধাৰণ আৰু ইয়াক সহজে চিকিৎসা কৰিব পাৰি। আনহাতে ইউটেৰাইন পেপিলাৰি ছিৰাউছ কাৰ্চিন'মা আৰু ইউটেৰাইন ক্লীয়াৰ-চেল কাৰ্চিন'মা অতি আক্ৰমণাত্মক।৬

মেলিগনেণ্ট মিক্সড্ মুলাৰিয়ান টিউমাৰ বা ইউটেৰাইন কাৰ্চিন'চাৰক'মা হৈছে অতি বিৰল এণ্ড'মেট্ৰিয়েল টিউমাৰ যিয়ে গ্লেণ্ডুলাৰ (কাৰ্চিন'মাটাউছ) আৰু ষ্ট্ৰ'মেল (চাৰক'মাটাউছ) দুয়োবিধ বিভেদন দেখুৱায়।৬

ইউটেৰাইন চাৰক'মা জৰায়ুৰ পেশীৰ আৱৰণৰ (মায়'মেট্ৰিয়াম) পৰা লায়'মায়'চাৰক'মাৰ উৎপত্তি হয়। উল্লেখযোগ্য যে লিঅ'মায়'চাৰক'মা ইউটেৰাইন লিঅ'মায়'মাছৰ পৰা পৃথক। ইউটেৰাইন লিঅ'মায়'মাছ হৈছে জৰায়ুত হোৱা বিনাইন টিউমাৰ।৭

এণ্ড'মেট্ৰিয়ামৰ সংযোগী কলাৰ পৰা এণ্ড'মেট্ৰিয়েল ষ্ট্ৰ'মেল চাৰক'মাৰ উৎপত্তি হয় আৰু ই এণ্ড'মেট্ৰিয়েল কাৰ্চিন'মাৰ তুলনাত অতি কমকৈ হোৱা দেখা যায়।৭

তথ্যসূত্ৰ

  1. ↑ (1 January 1980). Uterine Cancer. National Cancer Institute
  2. ↑ (September 2018). Cancer Progress and Priorities: Uterine Cancer. Cancer Epidemiology, Biomarkers & Prevention. পৃ. 985–994
  3. ↑ Endometrial Cancer Risk Factors. www.cancer.org
  4. ↑ Uterine Cancer - Cancer Stat Facts. SEER
  5. ↑ Wang, Haidong; Naghavi, Mohsen; Allen, Christine. (October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015. Lancet. পৃ. 1459–1544
  6. ↑ What Is Endometrial Cancer?. www.cancer.org
  7. ↑ What Is Uterine Sarcoma?. www.cancer.org

সম্পৰ্কিত শ্ৰেণী

কৰ্কট ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউটেৰাইন কেন্সাৰ” প্ৰবন্ধৰ সংশোধন ৩১২৯২৯ (৫ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।