কানাডিয়ান চলচ্চিত্ৰ অভিনেত্ৰী
১৬ প্ৰবন্ধ
-
ক'বি স্মল্ডাৰ্ছ
জেক'বা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ (জন্ম ৩ এপ্ৰিল, ১৯৮২) এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। টেলিভিজন চিৰিজ "হাউ আই মে'ট ইয়'ৰ মাদাৰ"-ৰ ৰবিন চাৰ্বাচ্ছ্স্কি আৰু মাৰ্ভেল জগতৰ মাৰিয়া হিল চৰিত্ৰৰ বাবে তেওঁ জনাজাত।
-
এঞ্জেলা চাং
এঞ্জেলা চাং ছাও-হান (ইংৰাজী: Angela Zhang Shao-han; জন্ম: ১৯ জানুৱাৰী ১৯৮২), যাক এঞ্জেলা চাং নামেৰেও জনা যায়, এগৰাকী টাইৱানী আৰু কানাডীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। চাঙে টাইৱানী টেলিভিছন ধাৰাবাহিক মাই এমভিপি ভেলেণ্টাইন (২০০২) আৰু এট ডলফিন বে (২০০৩)ৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।
-
এনী মাৰ্ফী
এন ফ্ৰান্সেছ মাৰ্ফী (ইংৰাজী: Annie Murphy; জন্ম: ১৯ ডিচেম্বৰ, ১৯৮৬) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ধাৰাবাহিক ছিটছ ক্ৰীক (২০১৫–২০২০) ত এলেক্সিস ৰোজৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে।
-
এলাইনা হাফমেন
এলাইনা কালঞ্জ (ইংৰাজী: Alaina Huffman; এলাইনা হাফমেন নামেৰেও পৰিচিত; জন্ম: ১৭ এপ্ৰিল, ১৯৮০) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক পেইনকিলাৰ জেনৰ বাবে পৰিচিত, য’ত তেওঁ মৌৰিন বাৱাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
এলিছ লেভেস্ক
এলিছ মেৰী লেভেস্ক (জন্ম: ১০ ছেপ্টেম্বৰ, ১৯৮৫) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ছিফি অৰিজিনেল ছিৰিজ ষ্টাৰগেট ইউনিভাৰ্ছত ক্লয় আৰ্মষ্ট্ৰং আৰু দ্য চিডব্লিউ ধাৰাবাহিক দ্য অৰিজিনেলছত জেনেভিভৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বেছিকৈ পৰিচিত।
-
এৰিকা ডিউৰেন্স
এৰিকা ডিউৰেন্স (ইংৰাজী: Erica Durance; জন্ম: ২১ জুন, ১৯৭৮) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ছুপাৰহিৰো টেলিভিছন ধাৰাবাহিক স্মলভিলত (২০০৪–২০১১) লুইচ লেনৰ চৰিত্ৰত আৰু মেডিকেল ড্ৰামা ধাৰাবাহিক ছেভিং হোপত (২০১২–২০১৭) ড° এ্যালেক্স ৰিডৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
কেথেৰিন অ’হাৰা
কেথেৰিন এনি অ’হাৰা (জন্ম: ৪ মাৰ্চ, ১৯৫৪ – ৩০ জানুৱাৰী, ২০২৬) এগৰাকী কানাডিয়ান আৰু আমেৰিকান অভিনেত্ৰী তথা ধেমেলীয়া শিল্পী আছিল, যাৰ কৰ্মজীৱন ৫০ বছৰতকৈও অধিক সময়জুৰি বিস্তৃত আছিল।
-
গেব্ৰিয়েল ৰোজ (অভিনেত্ৰী)
গেব্ৰিয়েল ৰোজ (জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৫৪) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী।
-
চেনে গ্ৰাইমছ-বীচ
চেনে ছোনিয়া গ্ৰাইমছ-বীচ (জন্ম: ২৪ অক্টোবৰ, ১৯৮৯), যাক পূৰ্বে আৰু বৰ্তমানেও সাধাৰণতে চেনে গ্ৰাইমছ নামেৰে জনা যায়, এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ টিভি ধাৰাবাহিক ৯০২১০-ত এনী উইলছনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ছাৰা কাৰ্টাৰ
ছাৰা ছাংগুইন কাৰ্টাৰ (জন্ম: ৩০ অক্টোবৰ, ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু পৰিচালক। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০৪–২০০৫) আলিচিয়া বেকাৰ, ছাৰ্কত (২০০৬–২০০৮) মেডেলিন পো আৰু টিএনটিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ফলিং স্কাইজত (২০১১–২০১৫) মেগী মে’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
জুলিয়া বেনছন
জুলিয়া বেনছন (ইংৰাজী: Julia Benson; জন্মতে এণ্ডাৰছন; জন্ম: ২৬ জুন, ১৯৭৯) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ষ্টাৰগেট ইউনিভাৰ্ছত ভেনেছা জেমছৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
জেনিফাৰ ৰবাৰ্টছন
জেনিফাৰ ৰবাৰ্টছন (ইংৰাজী: Jennifer Robertson; জন্ম: ২৪ নৱেম্বৰ, ১৯৭১) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু ধেমেলীয়া অভিনেতা। তেওঁ চিবিচি চিটকম ছিটছ ক্ৰীক (২০১৫–২০২০) ত জচেলিন ছিটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
জোৱান কেলী
জোৱান এম. কেলী (জন্ম: ২২ ডিচেম্বৰ, ১৯৭৮) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ গয়িং দ্য ডিষ্টেন্সৰ দৰে চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিক ৱেৰহাউচ ১৩-ত আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ এজেণ্ট মাইকা বেৰিংৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
টেইলৰ হিক্সন
টেইলৰ ডেলানে হিক্সন (জন্ম ১১ ডিচেম্বৰ ১৯৯৭) হৈছে এজন কানাডিয়ান অভিনেত্ৰী, যি কেল’না, ব্ৰিটিছ কলম্বিয়াত ডাঙৰ-দীঘল হৈছে। ব্লেকৱে চলচ্চিত্ৰত এটা সৰু ভূমিকাৰ পিছত, হিক্সনে ২০১৬ চনৰ ছবি ডেডপুল-ত এটা ভূমিকা লাভ কৰে।
-
ল'ৰা ভাণ্ডাৰভৰ্ট
ল’ৰা ডায়েন ভাণ্ডাৰভৰ্ট (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৮৪) ইয়াৰ উপৰি তেওঁ চিটিভিৰ টিন ড্ৰামা ধাৰাবাহিক ইনষ্টেণ্ট ষ্টাৰত চেডি হেৰিছন, ছিফিৰ অতিপ্ৰাকৃতিক ড্ৰামা ধাৰাবাহিক হেভেনত আৰ্লা ক’গান আৰু দ্য চিডব্লিউৰ ধাৰাবাহিক স্মলভিলত কাৰা জোৰ-এল (ছুপাৰগাৰ্ল) চৰিত্ৰৰ বাবে জনাজাত।
-
ৰিজা ছাণ্টোষ
ৰিজা ৰাকুৱেল ছাণ্টোষ (ইংৰাজী: Riza Raquel Santos; জন্ম: ৩১ আগষ্ট ১৯৮৬) এগৰাকী কানাডিয়ান প্ৰাক্তন অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। বৰ্তমান তেওঁ কেলগেৰীত মুখ্য কাৰ্যালয় থকা এটা প্ৰযুক্তি প্ৰতিষ্ঠান 'আৰ্গাইল ফক্স ইনক'ৰ উপ-সভাপতি।