জেনিফাৰ ৰবাৰ্টছন (ইংৰাজী ভাষা: Jennifer Robertson; জন্ম: ২৪ নৱেম্বৰ, ১৯৭১)১ এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু ধেমেলীয়া অভিনেতা। তেওঁ চিবিচি চিটকম ছিটছ ক্ৰীক (২০১৫–২০২০) ত জচেলিন ছিটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। এই অভিনয়ৰ বাবে তেওঁ এটা স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটা লাভ কৰাৰ লগতে চাৰিটা কানাডিয়ান স্ক্ৰীণ এৱাৰ্ডৰ মনোনয়ন লাভ কৰিছিল।
তেওঁ আন বহুতো অনুষ্ঠানত অভিনয় কৰিছে, যাৰ ভিতৰত আছে চিবিচি কমেডী ধাৰাবাহিক দিছ আৱাৰ হেজ ২২ মিনিটছ (২০০৩–২০০৪), চিটিভি স্কেটচ কমেডী ধাৰাবাহিক কমেডী ইনক (২০০৩–২০১০), ডিজনী চেনেলৰ ফেণ্টাচী ছবি টুইচেছ (২০০৫), ফেমিলী চেনেলৰ কিশোৰ চিটকম উইংগিন ইট (২০১০–২০১২) আৰু নেটফ্লিক্স ধাৰাবাহিক জিনি এণ্ড জৰ্জিয়া (২০২১–বৰ্তমান)।
প্ৰাৰম্ভিক জীৱন
ৰবাৰ্টছনৰ জন্ম কানাডাত হৈছিল।২ তেওঁ কমেডী যুটী ডাবল এক্সপ্ৰজাৰৰ অন্যতম সদস্য বব ৰবাৰ্টছনৰ কন্যা।৩ ব্ৰিটিছ কলম্বিয়াৰ ভ্যানকুভাৰত ডাঙৰ-দীঘল হোৱা জেনিফাৰৰ পেট্ৰিক নামৰ এজন ভাতৃ আছে।৪৩
কৰ্মজীৱন
ৰবাৰ্টছনে ১৯৯৮ চনত স্কেটচ কমেডী ধাৰাবাহিক স্কেটচকমৰ এটা খণ্ডৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ টুইচ ইন এ লাইফটাইম (২০০১), পইণ্ট ব্ল্যাংক (২০০২),৫ দ্য গেভিন ক্ৰফৰ্ড শ্ব (২০০২), আৰু দ্য চন কুলেন শ্ব (২০০৩) আদিকে ধৰি বিভিন্ন টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে।৬
দিছ আৱাৰ হেজ ২২ মিনিটছ (২০০৩–২০০৪) আৰু কমেডী ইনক (২০০৩–২০১০) নামৰ কমেডী ধাৰাবাহিকখন লিখা আৰু অভিনয় কৰাৰ বাবে তেওঁ অধিক স্বীকৃতি লাভ কৰে।৭
২০০৪ চনত ৰবাৰ্টছনে টেলিভিছন ছবি টু ডাই ৪ৰ কাহিনী লিখাৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০০৫ চনত তেওঁ ডিজনী চেনেলৰ টেলিভিছন ছবি টুইচেছত অভিনয় কৰে।৮৯ ইয়াৰ পিছত তেওঁ আমেৰিকাৰ আন আন টেলিভিছন ছবি যেনে নাইটছ অৱ দ্য চাউথ ব্ৰংকছ (২০০৫) আৰু ৰিলেটিভ কেঅ’চ (২০০৬) ত অভিনয় কৰে। তেওঁ ফক্স নিউজ চেনেলৰ চুটি কমেডী ধাৰাবাহিক দ্য ১/২ আৱাৰ নিউজ আৱাৰ (২০০৭) ত নিউজ এংকৰ জেনিফাৰ লাঞ্জ হিচাপে অভিনয় কৰিছিল।১০
ৰবাৰ্টছনে ডিজনী চেনেলৰ চিটকম হান্না মণ্টানা (২০০৭) ত এগৰাকী বিৰক্ত বিমান সেৱিকা হিচাপে অতিথি শিল্পীৰ ভূমিকা পালন কৰিছিল আৰু কিশোৰ কমেডী ধাৰাবাহিক ছিক্সটিনত ত্ৰিছাৰ চৰিত্ৰত কণ্ঠদান কৰিছিল। তেওঁ ফেমিলী চেনেলৰ কিশোৰ চিটকম উইংগিন ইটত এঞ্জেলা মণ্টক্লেয়াৰ হিচাপে অভিনয় কৰিছিল, যিটো ২০১০ চনৰ এপ্ৰিলৰপৰা ২০১২ চনৰ মে' মাহলৈ সম্প্ৰচাৰিত হৈছিল। তেওঁ কিশোৰ ড্ৰামা ধাৰাবাহিক ডগ্ৰাছী: দ্য নেক্সট জেনেৰেচন (২০১০–২০১১) ৰ দশম ছিজনত চিচি গোল্ডছৱৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনৰপৰা ২০১৪ চনলৈ তেওঁ এইচজিটিভিৰ ৰিয়েলিটি প্ৰতিযোগিতা ধাৰাবাহিক কানাডাজ হেণ্ডিমেন চেলেঞ্জত আঁত ধৰিছিল।১১
চিবিচি চিটকম ছিটছ ক্ৰীক (২০১৫–২০২০) ত মেয়ৰৰ পত্নী জচেলিন ছিটৰ চৰিত্ৰত অভিনয় কৰি ৰবাৰ্টছনে অধিক প্ৰশংসা লাভ কৰে।১২১৩ এই ধাৰাবাহিকখনত তেওঁৰ অভিনয়ৰ বাবে তেওঁ স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটাৰ মনোনয়ন লাভ কৰাৰ লগতে চাৰিবাৰকৈ শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ কানাডিয়ান স্ক্ৰীণ এৱাৰ্ডৰ মনোনয়ন লাভ কৰে।১৪১৫১৬১৭
২০২০ চনত ৰবাৰ্টছন নেটফ্লিক্সৰ ড্ৰামা ধাৰাবাহিক জিনি এণ্ড জৰ্জিয়াত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।১৮ তেওঁ ধাৰাবাহিকখনৰ আটাইকেইটা খণ্ডতে এলেন বেকাৰৰ চৰিত্ৰত অভিনয় কৰিছে,১৯ যিটো ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল। এই ধাৰাবাহিকখনে নেটফ্লিক্সত ৫২ নিযুততকৈ অধিক দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।২০ পৰৱৰ্তী সময়ত ইয়াক দ্বিতীয় ছিজনৰ বাবে নবীকৰণ কৰা হয়। এই চৰিত্ৰটোৰ বাবে ৰবাৰ্টছনে সাংকেতিক ভাষা শিকিবলগীয়া হৈছিল।২১
ব্যক্তিগত জীৱন
ৰবাৰ্টছনৰ পূৰ্বৰ বিবাহৰফালৰপৰা এটি সন্তান (এগৰাকী কন্যা) আছে। ২০১০ চনত তেওঁৰ জন্ম হৈছিল।৪২২
তথ্যসূত্ৰ
- ↑ (26 November 2016). This is 45. #palmspringsbirthday. Jennifer Robertson verified ইনষ্টাগ্ৰাম account
- ↑ Jennifer Robertson. CBC
- ↑ Woo, Andrea. (10 April 2017). Double Exposure star Bob Robertson was a gifted mimic, political satirist. The Globe and Mail
- ↑ Furminger, Sabrina. (12 February 2015). Vancouver actress is hot Schitt. Vancouver Courier
- ↑ Jennifer Robertson bio at www.cbc.ca media center
- ↑ The Seán Cullen Show at radiotimes.com
- ↑ Interview: Jennifer Robertson, No. 1 with a (Nutri)Bullet by Greg David at tv-eh.com
- ↑ Twitches (2005) Cast & Credits at www2.bfi.org.uk
- ↑ Twitches brief synopsis & cast list at www.tvmaze.com
- ↑ "Jennifer Lange (Jenn Robertson)" The 1/2 Hour News Hour review by Barry Garron at hollywoodreporter.com
- ↑ Jenn Robertson. HGTV
- ↑ (12 February 2015). Vancouver actress is hot Schitt. Vancouver Is Awesome
- ↑ Murphy, Eryn. (2020-04-16). Jennifer Robertson on Playing Jocelyn in 'Schitt's Creek' and the Series Finale. Showbiz Cheat Sheet
- ↑ Lewis, Hilary; McClintock, Pamela; Nordyke, Kimberly. (2021-04-05). SAG Awards: 'Trial of the Chicago 7,' 'The Crown,' 'Schitt's Creek' Win Best Ensemble Categories. The Hollywood Reporter
- ↑ Furdyk, Brent. (2019-03-27). The Winners: Canadian Screen Awards Presented For Creative Fiction Storytelling. ET Canada
- ↑ Cichowski, Heather. (18 February 2020). 2020 Canadian Screen Awards: 'Schitt's Creek' dominates with 26 nominations. ca.hellomagazine.com
- ↑ (2021-03-30). Jennifer Robertson. Academy.ca
- ↑ Murphy, Eryn. (16 April 2020). Jennifer Robertson on Playing Jocelyn in 'Schitt's Creek' and the Series Finale. Showbiz Cheat Sheet
- ↑ Griffiths, Emmy. (2021-03-25). Ginny and Georgia: did you spot Schitt's Creek actress on show?. HOLA
- ↑ White, Peter. (2021-04-19). 'Ginny & Georgia' Renewed For Season 2 At Netflix After Season 1 Watched By 52M Subscribers. Deadline
- ↑ Sarrubba, Stefania. (2021-03-01). 'Schitt's Creek' Star Jennifer Robertson Talks Learning Sign Language For 'Ginny & Georgia'. TheThings
- ↑ (April 13, 2021). 11 years ago this human being came into the world... Jennifer Robertson verified ইনষ্টাগ্ৰাম account
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনিফাৰ ৰবাৰ্টছন” প্ৰবন্ধৰ সংশোধন ৫৯৪৫১৪ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।