অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এৰিকা ডিউৰেন্স

এৰিকা ডিউৰেন্স (ইংৰাজী: Erica Durance; জন্ম: ২১ জুন, ১৯৭৮) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ছুপাৰহিৰো টেলিভিছন ধাৰাবাহিক স্মলভিলত (২০০৪–২০১১) লুইচ লেনৰ চৰিত্ৰত আৰু মেডিকেল ড্ৰামা ধাৰাবাহিক ছেভিং হোপত (২০১২–২০১৭) ড° এ্যালেক্স ৰিডৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এৰিকা ডিউৰেন্স (ইংৰাজী ভাষা: Erica Durance; জন্ম: ২১ জুন, ১৯৭৮১) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ ছুপাৰহিৰো টেলিভিছন ধাৰাবাহিক স্মলভিলত (২০০৪–২০১১) লুইচ লেনৰ চৰিত্ৰত আৰু মেডিকেল ড্ৰামা ধাৰাবাহিক ছেভিং হোপত (২০১২–২০১৭) ড° এ্যালেক্স ৰিডৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰ উপৰিও তেওঁ দ্য আনটোল্ড (২০০২), দ্য বাটাৰফ্লাই ইফেক্ট ২ (২০০৬), ফাইনেল ভাৰ্ডিক্ট (২০০৯) আৰু পেইনকিলাৰ্ছ (২০১৫) আদিৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

ডিউৰেন্সৰ জন্ম হৈছিল কেলগেৰীত। পিতৃ-মাতৃ গেইল আৰু জোৱেল ডিউৰেন্সৰ সন্তান এৰিকাই তেওঁৰ ককায়েক আৰু ভগ্নীৰ সৈতে কানাডাৰ এলবাৰ্টাৰ থ্ৰী হিলছৰ এটা টাৰ্কী ফাৰ্মত ডাঙৰ-দীঘল হৈছিল।১ ১৯৯৯ চনত ডিউৰেন্সে পেচাদাৰী অভিনয়ৰ প্ৰতি থকা আগ্ৰহ পূৰণ কৰিবলৈ আৰু ইয়েলটাউন এক্টৰ্ছ লেবত অধ্যয়ন কৰিবলৈ ভেনকুভাৰলৈ গুচি আহে।২৩

কৰ্মজীৱন

ডিউৰেন্সে নেপথ্যৰ কামেৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ কোকানি বিয়েৰৰ বিজ্ঞাপনত অভিনয় কৰিছিল।১ তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে, যাৰ ভিতৰত আছে এন্ড্ৰোমেডা, ষ্টাৰগেট এছজি-১, চাৰ্লি'ছ এঞ্জেলছ, হেৰী'ছ ল আৰু প্ৰাইভেট আইজ।৪৫

২০০৪ চনত ডিউৰেন্সে টেলিভিছন ধাৰাবাহিক স্মলভিলত লুইচ লেনৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়, যিটো তেওঁৰ কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট আছিল।৬ সেই সময়ত ডিউৰেন্সে অংশকালীনভাৱে অভিনয় কৰি আছিল আৰু নেপথ্য অভিনেতাৰ এজেণ্ট তথা টিভি ধাৰাবাহিকৰ বাবে ফটো ডাবল বুকিং কৰা কামত নিয়োজিত আছিল। আনকি তেওঁ অভিনয় ত্যাগ কৰাৰ কথাও ভাবিছিল।৭ ডিউৰেন্সে কৈছিল, "মই মোৰ জীৱনৰ এনে এটা পৰ্যায়ত আছিলোঁ য'ত মই এই ব্যৱসায়টোক লৈ অলপ হতাশ হৈ পৰিছিলোঁ। মোৰ মেনেজাৰেহে মোক এই চৰিত্ৰটোৰ অডিচন দিবলৈ মান্তি কৰাইছিল।"৮ প্ৰযোজক কেলী চাউডাৰ্ছে কয় যে ডিউৰেন্সৰ কাষ্টিং টেপটো চোৱাৰ পিছতেই তেওঁলোকে বুজি পাইছিল যে ধাৰাবাহিকখনৰ বাবে তেৱেঁই লুইচ। ডিউৰেন্সে চতুৰ্থ ছিজনত কিশোৰী লুইচ হিচাপে অভিনয় কৰিছিল আৰু পঞ্চম ছিজনৰ পৰা তেওঁ ধাৰাবাহিকখনৰ নিয়মীয়া সদস্য হৈ পৰে।৬ তেওঁ সাতটা ছিজন ধৰি এই চৰিত্ৰটোত অভিনয় কৰিছিল।

২০১২ চনত ডিউৰেন্সে চিটিভিৰ মেডিকেল ড্ৰামা ধাৰাবাহিক ছেভিং হোপত মুখ্য চাৰ্জিকেল ড° এ্যালেক্স ৰিডৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।৯ তেওঁ এই ধাৰাবাহিকখনৰ এগৰাকী প্ৰযোজকো আছিল আৰু চতুৰ্থ ছিজনৰ এটা খণ্ড পৰিচালনাও কৰিছিল।১০ ২০১৭ চনত এই ধাৰাবাহিকখনৰ সামৰণি পৰে।১০

ডিউৰেন্সে ছুপাৰগাৰ্ল টেলিভিছন ধাৰাবাহিকত কাৰাৰ ক্ৰিপ্টোনিয়ান মাতৃ এলুৰা জোৰ-এলৰ চৰিত্ৰত অভিনয় কৰিছিল।১১ ২০১৯ চনত ডিউৰেন্স আৰু তেওঁৰ স্মলভিলৰ সহ-অভিনেতা টম ৱেলিংয়ে এৰোভাৰ্ছ ক্ৰছঅভাৰ ইভেণ্ট "ক্ৰাইছিছ অন ইনফিনিট আৰ্থছ"ৰ বেটৱমেনৰ খণ্ডত লুইচ আৰু ক্লাৰ্কৰ চৰিত্ৰত পুনৰ অভিনয় কৰে।১২

তথ্যসূত্ৰ

  1. ↑ Erica Durance Biography. TV Guide
  2. ↑ (August 13, 2017). Erica Durance
  3. ↑ Erica Durance Biography. Buddy TV
  4. ↑ MITOVICH, MATT WEBB. (October 13, 2011). Erica Durance Previews Her Date With Charlie's Angels (Plus, Smallville Finale Scoop…?). TV Line
  5. ↑ Abrams, Natalie. (December 29, 2011). First Look: Smallville's Erica Durance Suits Up as Wonder Woman on Harry's Law. TV Guide
  6. ↑ Keck, William. (September 21, 2004). On 'Smallville,' two Lois Lanes intersect. USA Today
  7. ↑ Couch, Aaron. (2021-10-15). "We Had Freedom to Change the Mythology:" An Oral History of 'Smallville'. The Hollywood Reporter
  8. ↑ Mitovich, Matt Webb. (May 12, 2021). SEARCHING HIGH AND LOIS. TV Line
  9. ↑ RADISH, CHRISTINA. (June 5, 2012). Erica Durance Talks Medical Drama SAVING HOPE and Why It Brought Her Back to TV After SMALLVILLE. Collider
  10. ↑ Volmers, Eric. (March 10, 2017). Calgary native Erica Durance reflects on five years on Saving Hope at Hope Zion Hospital. Calgary Herald
  11. ↑ Goldberg, Lesley. (July 7, 2017). ‘Supergirl’ Shake-Up: Erica Durance Replacing Laura Benanti. The Hollywood Reporter
  12. ↑ Agard, Chancellor. (November 21, 2019). Erica Durance on the 'bizarre' Smallville reunion in 'Crisis on Infinite Earths'. EW

সম্পৰ্কিত শ্ৰেণী

কানাডিয়ান চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰিকা ডিউৰেন্স” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।