অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলাইনা হাফমেন

এলাইনা কালঞ্জ (ইংৰাজী: Alaina Huffman; এলাইনা হাফমেন নামেৰেও পৰিচিত; জন্ম: ১৭ এপ্ৰিল, ১৯৮০) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক পেইনকিলাৰ জেনৰ বাবে পৰিচিত, য’ত তেওঁ মৌৰিন বাৱাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এলাইনা কালঞ্জ (ইংৰাজী ভাষা: Alaina Huffman; এলাইনা হাফমেন নামেৰেও পৰিচিত; জন্ম: ১৭ এপ্ৰিল, ১৯৮০) এগৰাকী কানাডিয়ান চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ টেলিভিছন ধাৰাবাহিক পেইনকিলাৰ জেনৰ বাবে পৰিচিত, য’ত তেওঁ মৌৰিন বাৱাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ স্মলভিল ধাৰাবাহিকত ডাইনা লেন্স / ব্লেক কেনাৰী আৰু ষ্টাৰগেট ইউনিভাৰ্ছত লেফটেনেণ্ট তামৰা জোহানচেনৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত তেওঁ এজন নিয়মীয়া অভিনয় শিল্পী আছিল।১ তেওঁ আমেৰিকান ডাৰ্ক-ফেণ্টাছী ধাৰাবাহিক ছুপাৰনেচাৰেলত নাইট অৱ হেল 'এবাডন'ৰ চৰিত্ৰতো অভিনয় কৰিছিল।

জীৱনী

হাফমেনৰ জন্ম হৈছিল কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ভেনকুভাৰত। তেওঁ ক্ৰোৱেচিয়ান বংশোদ্ভূত। ১৩ বছৰ বয়সত তেওঁ ফক্স ফেমিলি চেনেলৰ এটা পাইলট খণ্ডৰ বাবে প্ৰথম অডিচন দিছিল, য’ত তেওঁক মুখ্য চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল। তাৰ পৰিৱৰ্তে এগৰাকী মডেলিং স্কাউটে হাফমেনক নিৰ্বাচিত কৰে আৰু পৰৱৰ্তী কেইবছৰমানৰ বাবে তেওঁ ইউৰোপ আৰু জাপানৰ হাই ফেশ্বন ৰানৱেত মডেলিং কৰিছিল।

যেতিয়া তেওঁৰ পিতৃ-মাতৃ টেক্সাছৰ ডালাচলৈ স্থানান্তৰিত হয়, তেতিয়া তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা আৰু কলেজত নামভৰ্তি কৰাৰ সুযোগ দেখে আৰু মডেলিং ত্যাগ কৰে। স্কুলত থকাৰ সময়তে তেওঁ ধাৰাবাহিকভাৱে কেইবাখনো স্বতন্ত্ৰ ছবিত অভিনয় কৰিছিল। অৱশেষত তেওঁ লছ এঞ্জেলচলৈ গুচি যায় আৰু তাত নিজৰ কেৰিয়াৰত অধিক টেলিভিছন ক্ৰেডিট যোগ কৰে।

এলাইনাৰ প্ৰাক্তন স্বামী জন হাফমেনৰ সৈতে চাৰিটা সন্তান আছে: পুত্ৰ এলিজাহ আৰু লিংকন, আৰু কন্যা হান্না আৰু চাৰ্লি-জেন। চাৰ্লি-জেনৰ গৰ্ভধাৰণৰ সময়ত তেওঁ ষ্টাৰগেট ইউনিভাৰ্ছৰ প্ৰথম ছিজনত অভিনয় কৰি আছিল, সেয়েহে গৰ্ভধাৰণৰ কথাটো ধাৰাবাহিকখনৰ কাহিনীৰ ভিতৰতে অন্তৰ্ভুক্ত কৰা হৈছিল।২

চলচ্চিত্ৰপঞ্জী

বছৰনামচৰিত্ৰটোকা
২০০১ইনডেফিনিটলিচেৰী
২০০১পেণ্ডুলামটেৰী ৱাইচ
২০০২ডছনছ ক্ৰীকৰিনাখণ্ড° "গেৰিলা ফিল্মমেকিং"
২০০২চাৰ্ভিং চাৰাস্পা ৰিচিপচনিষ্ট
২০০৩স্ক্ৰীন ড’ৰ জিয়াছশ্যাৰন বিউড্ৰি
২০০৩ষ্টিলমেৰী
২০০৩কুৱাইট ডেচপাৰেশ্যনহেলেন কেলোৱে
২০০৩ট্ৰু কলিংপেজ চাউণ্ডাৰ্ছখণ্ড° "হাণ্টেড"
২০০৩দ্য অ’চিইভেটখণ্ড° "দ্য কাউণ্টডাউন"
২০০৪নাইট ডন ডেমহিলা
২০০৪উইথ ইটমাফিয়া গাৰ্লফ্ৰেণ্ড
২০০৪দ্য গানমেনলৰি চিমছ
২০০৪মেডিকেল ইনভেষ্টিগেশ্যনএষ্টেলাখণ্ড° "এস্কেপ"
২০০৫ষ্টেণ্ডিং ষ্টিলমাৰিয়া
২০০৬ডগ লাভাৰ্ছ চিম্ফনীছুজান
২০০৭পেইনকিলাৰ জেনমৌৰিন বাৱাৰ্ছ
২০০৭এনচিআইএছডানা আৰনেটখণ্ড° "লিপ অৱ ফেইথ"
২০০৭–২০১১স্মলভিলডাইনা লেন্স / ব্লেক কেনাৰী৬টা খণ্ড
২০০৮জেক হাণ্টাৰ এণ্ড দ্য লষ্ট ট্ৰেজাৰ অৱ উগাৰিটলেনা হালষ্ট্ৰমটিভি মিনি-চিৰিজ
২০০৮চিএছআই: এনৱাইলৰি উইনষ্টনখণ্ড° "দ্য বক্স"
২০০৮চিএছআই: মায়ামিকেচাণ্ড্ৰা গ্ৰেখণ্ড° "ৰেজিং কেনিবল"
২০০৮এন আমেৰিকান কেৰলচেলিব্ৰিটি #১
২০০৯ব্ৰ’কেন আগষ্টআগষ্ট কিং
২০০৯লাচেছফক্স চাৰ্লিজ থেৰন
২০০৯–২০১১ষ্টাৰগেট ইউনিভাৰ্ছলেফটেনেণ্ট তামৰা জোহানচেননিয়মীয়া শিল্পী
২০১১আল্ফাছছাৰা নেলছনখণ্ড° "বিল এণ্ড গেৰী'ছ এক্সেলেণ্ট এডভেঞ্চাৰ"
২০১২এনচিআইএছ: লছ এঞ্জেলছচেৰেনা মিলাৰখণ্ড° "নেইবাৰহুড ৱাচ"
২০১৩–২০১৪ছুপাৰনেচাৰেলএবাডন/জোচি ছেণ্ডছ৮টা খণ্ড
২০১৬এম্বাৰ এলাৰ্টএম্বাৰ
২০১৮দ্য পাৰফেকশ্যনপালোমা
২০২০দ্য ১০০নিকিআবৰ্তক চৰিত্ৰ৩ (৮টা খণ্ড)
২০২১মিছিং টুইনজেনি মাৰ্কহাম
২০২২–২০২৩ৰিভাৰডেলটুৱাইলা টুইষ্টআবৰ্তক চৰিত্ৰ
২০২৪ৱাল্টজিং উইথ ব্ৰাণ্ডোডানা

তথ্যসূত্ৰ

  1. ↑ 165: Alaina Huffman, "Tamara Johansen" in Stargate Universe (Interview)
  2. ↑ Huffman, Alaina. (December 20, 2011). @karenford1 Dec 15. A boy named Lincoln. @AlainaHuffman
  3. ↑ Boucher, Geoff. (September 19, 2019). 'The 100': Alaina Huffman Joins Cast For Finale Season On The CW. Deadline Hollywood

সম্পৰ্কিত শ্ৰেণী

কানাডিয়ান চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলাইনা হাফমেন” প্ৰবন্ধৰ সংশোধন ৫৯৬৪৮২ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।