জুলিয়া বেনছন (ইংৰাজী ভাষা: Julia Benson; জন্মতে এণ্ডাৰছন; জন্ম: ২৬ জুন, ১৯৭৯) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ষ্টাৰগেট ইউনিভাৰ্ছত ভেনেছা জেমছৰ চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
জুলিয়া এণ্ডাৰছনৰ জন্ম হৈছিল কানাডাৰ মনিটোবাৰ উইনিপেগত। তেওঁ ছয় বছৰ বয়সৰপৰাই বেলে (ballet), টেপ ডান্স আৰু জাজ ডান্সৰ প্ৰশিক্ষণ লৈছিল।১ ২০০১ চনত তেওঁ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ (ভেনকুভাৰ) পৰা থিয়েটাৰ আৰু মনোবিজ্ঞানত ডিগ্ৰী লাভ কৰে। তেওঁ নিউয়ৰ্ক চহৰৰ ডেভিদ মেমেটৰ আটলাণ্টিক থিয়েটাৰ কোম্পানীত এগৰাকী অভিনেত্ৰী হিচাপে প্ৰশিক্ষণ লৈছিল।
কেৰিয়াৰ
২০০৭ চনৰ চলচ্চিত্ৰ ৰোড টু ভিক্টৰীত বেনছনে আন্নাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন এগৰাকী ষ্ট্ৰিপাৰৰ বিষয়ে আছিল যিয়ে এজন ফুটবল খেলুৱৈৰ প্ৰেমত পৰে। এই চৰিত্ৰটোৰ বাবে তেওঁ ভেনকুভাৰৰ এটা ষ্ট্ৰিপ ক্লাবৰ এগৰাকী নৃত্যশিল্পীৰ ওচৰত প্ৰশিক্ষণ লৈছিল।১
ষ্টাৰগেট ইউনিভাৰ্ছৰ অভিনয় শিল্পীৰ দলটোৰ অংশ হোৱাৰ আগতে তেওঁ হাণ্টাৰ ৰাইলী (যিটো চৰিত্ৰ পিছলৈ হেইগ ছাদাৰলেণ্ডে কৰিছিল) আৰু এণ্ড্ৰিয়া পালমাৰ (ক্ৰিষ্টিনা শ্বিল্ড) চৰিত্ৰৰ বাবেও অডিচন দিছিল। অৱশেষত তেওঁ চেকেণ্ড লেফটেনেণ্ট ভেনেছা জেমছৰ সহযোগী চৰিত্ৰটো লাভ কৰে। চৰিত্ৰটোৰ বাবে নিজকে শাৰীৰিকভাৱে সক্ষম কৰি তুলিবলৈ অভিনেত্ৰীগৰাকীয়ে কিকবক্সিং কৰিবলৈ আৰম্ভ কৰিছিল।২ ২০০৯ চনৰপৰা ২০১১ চনলৈ বেনছনে বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ষ্টাৰগেট ইউনিভাৰ্ছৰ দুয়োটা ছিজনতে লেফটেনেণ্ট ভেনেছা জেমছৰ চৰিত্ৰত অভিনয় কৰিছিল। ধাৰাবাহিকখনৰ প্ৰথম ছিজনৰ "পেইন" নামৰ খণ্ডটোত কৰা অভিনয়ৰ বাবে তেওঁ ২০১০ চনত "ড্ৰামাটিক ছিৰিজত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী"ৰ লিঅ’ বঁটা লাভ কৰে।৩
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বছৰ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৫ | ক্ৰেজি লেট | ছাৰা জোনছ | হ্ৰস্ব ছবি |
| ২০০৭ | ৰোড টু ভিক্টৰী | আন্না | |
| ২০০৭ | জিৰো আৱাৰ | এলী | |
| ২০০৭ | নাম | ছাৰাৰ গাৰ্লফ্ৰেণ্ড | |
| ২০০৮ | ব্লণ্ড এণ্ড ব্লণ্ডাৰ | লাষ্ট ডান্সাৰ ইন লাইন | |
| ২০০৮ | ৰবিন, চ্চাক, এণ্ড চাৰ্লি | চাৰ্লি ছাদাৰলেণ্ড | হ্ৰস্ব ছবি |
| ২০০৯ | স্কট'ছ লেণ্ডছ | মেলিনা | হ্ৰস্ব ছবি |
| ২০০৯ | এভ্ৰিথিং'ছ কামিং আপ ৰোজি | কেথেৰিন | হ্ৰস্ব ছবি |
| ২০১২ | নাউ এণ্ড ফৰএভাৰ | লুচি ৰেড | হ্ৰস্ব ছবি |
| ২০১২ | ডেথ ডু আচ পাৰ্ট | কেনেডী | |
| ২০১৩ | কিড কেনাবিছ | জুলি মৰগান | |
| ২০১৩ | লিপ ৪ ইয়ৰ লাইফ | জুলিয়ানা | |
| ২০১৩ | দ্যাট বাৰ্নিং ফিলিং | জয়েচ | |
| ২০১৪ | ডেথ ডু আচ পাৰ্ট | কেনেডী জেমিছন | প্ৰযোজক, লেখিকা |
| ২০১৪ | ৱাট এন ইডিয়ট | জেকী | |
| ২০১৫ | ডেড ৰাইজিং: ৱাচটাৱাৰ | এমি | |
| ২০১৬ | ইণ্টাৰোগেশ্যন | ছাৰা ৱাৰ্ড | |
| ২০১৭ | মাই লিটল পনী: দ্য মুভি | অতিৰিক্ত কণ্ঠ | |
| ২০১৮ | টু অল দ্য বয়জ আই হেভ লাভড বিফ’ৰ | মিছ কাভিনস্কি | |
| ২০২২ | হেল্ল’, গুডবাই, এণ্ড এভ্ৰিথিং ইন বিটুইন | ক্লাউডিয়া |
টেলিভিছন
| বছৰ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৩ | ট্ৰু কলিং | তাৰা | খণ্ড° "পাষ্ট টেন্স" |
| ২০০৫ | দ্য ডেড জ’ন | ক্ৰাইং গাৰ্ল | খণ্ড° "দ্য কালেক্টৰ" |
| ২০০৬ | দ্য এভিডেন্স | চেডি মেকএবী | খণ্ড° "ষ্ট্ৰিংগাৰ্ছ" |
| ২০০৬ | ষ্টাৰগেট আটলাণ্টিছ | উইলা | খণ্ড° "ইৰেজিষ্টিবল" |
| ২০০৭ | মাষ্টাৰ্ছ অৱ হৰৰ | এবে এডিছন | খণ্ড° "ৰাইট টু ডাই" |
| ২০০৭ | মাই নেইবাৰ'ছ কিপাৰ | মা | টেলিভিছন ছবি |
| ২০০৭ | ৰীপাৰ | গ্ল’ৰিয়া | খণ্ড° "অল মাইন" |
| ২০০৭ | ছুপাৰনেচাৰেল | বাৰৰ মহিলা | খণ্ড° "চিন চিটি" |
| ২০০৭ | উইছলাৰ | জেমছ | খণ্ড° "পেছন প্লেজ" |
| ২০০৭ | এলিয়েনছ ইন আমেৰিকা | ক্লাৰ্ক | খণ্ড° "চাৰ্চ" |
| ২০০৮ | পাষ্ট লাইজ | ছাৰা | টেলিভিছন ছবি |
| ২০০৮ | দ্য আনকোৱাইট | ক্ৰিষ্টিনা | টেলিভিছন ছবি |
| ২০০৮ | স্মলভিল | নাৰ্চ | খণ্ড° "আৰ্কটিক" |
| ২০০৯ | মিষ্টাৰ ট্ৰুপ মম | চিচি টাৰ্নাৰ | টেলিভিছন ছবি |
| ২০০৯ | হাৰ্পাৰ'ছ আইলেণ্ড | অফিচাৰ টাইৰা কোল্টাৰ | খণ্ড° "স্নেপ" |
| ২০০৯ | এছজিইউ ষ্টাৰগেট ইউনিভাৰ্ছ কিনো | ভেনেছা জেমছ | খণ্ড° "কাভাৰ্ড কিনো" |
| ২০০৯–১১ | ষ্টাৰগেট ইউনিভাৰ্ছ | লেফটেনেণ্ট ভেনেছা জেমছ | আবৰ্তক চৰিত্ৰ |
| ২০১০ | লাঁয়িং টু বি পাৰফেক্ট | জয় | টেলিভিছন ছবি |
| ২০১১ | চেটাৰ্ড | হোষ্টেছ | খণ্ড° "আনএয়াৰ্ড পাইলট" |
| ২০১১ | হিকাপছ | পেনেলোপী | খণ্ড° "ৱেলকাম বেক পটাৰ" |
| ২০১১ | আৰ. এল. ষ্টাইন'ছ দ্য হাণ্টিং আৱাৰ | মা | ২টা খণ্ড |
| ২০১১ | আৰ্থ'ছ ফাইনেল আৱাৰ্ছ | ক্লয় এণ্ডাৰছন | টেলিভিছন ছবি |
| ২০১২ | মিষ্টাৰ ইয়ং | বিয়াংকা বয়ড | খণ্ড° "মিষ্টাৰ চাই-ফাই" |
| ২০১৩ | চুপাকাব্ৰা ভাৰ্ছাচ দ্য আলামো | ট্ৰেচি | টেলিভিছন ছবি |
| ২০১৪–১৫ | চিডাৰ ক’ভ | জেৰী ড্ৰেক | ১২টা খণ্ড |
| ২০১৭ | এ ব্ৰাম্বল হাউচ ক্ৰীষ্টমাচ | মলী | টেলিভিছন ছবি |
| ২০১৮ | মেৰীইং ফাদাৰ ক্ৰীষ্টমাচ | ইলী হুইটক’ম্ব | টেলিভিছন ছবি |
| ২০১৮ | ৰিপ ৱাট ইউ চ’ | লিজি আলিছন | টেলিভিছন ছবি |
| ২০১৯ | দ্য অৰ্ডাৰ | প্ৰফেচৰ ৰবিন বেনছন | ৩টা খণ্ড |
| ২০১৯ | অৰোৰা টিগাৰ্ডেন মিষ্ট্ৰীজ | লিজি আলিছন | টেলিভিছন ছবি |
| ২০১৯ | বিএইছ৯০২১০ | ফিমেল এক্সিকিউটিভ | খণ্ড° "দ্য পিচ" |
| ২০২০ | লভ ইজ এ পিচ অৱ কেক | চুজেন কুপাৰ | টেলিভিছন ছবি |
| ২০২০ | চেটো ক্ৰীষ্টমাচ | কেট | টেলিভিছন ছবি |
| ২০২১ | চিজনড উইথ লভ | উইনোনা এপলগেট | টেলিভিছন ছবি |
তথ্যসূত্ৰ
- ↑ Jamie Steinberg. Julia Anderson on The Road to Victory. Starrymag.com
- ↑ GeekDad, 10 листопада 2010. GeekDad Interviews Julia Benson of Stargate: Universe. Архів з оригіналу за 21 грудня 2016. Перевірено 18 вересня 2024
- ↑ Leo Awards 2010 Winners by Name. Leo Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলিয়া বেনছন” প্ৰবন্ধৰ সংশোধন ৫৯৬৪৯৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।