অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিভাজিত আকৰ্ষণ আৰ্হি

বিভাজিত আকৰ্ষণ আৰ্হি (ইংৰাজী: Split attraction model; চমুকৈ SAM) হ’ল মনোবিজ্ঞানৰ এক আৰ্হি যিয়ে এজন ব্যক্তিৰ ৰোমাণ্টিক আকৰ্ষণ আৰু যৌন আকৰ্ষণৰ মাজত পাৰ্থক্য দেখুৱায়, যাৰ ফলত এই দুই প্ৰকাৰৰ আকৰ্ষণ ইটোৰ পৰা সিটো পৃথক হ’ব পাৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৬১ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বিভাজিত আকৰ্ষণ আৰ্হি (ইংৰাজী ভাষা: Split attraction model; চমুকৈ SAM) হ’ল মনোবিজ্ঞানৰ এক আৰ্হি যিয়ে এজন ব্যক্তিৰ ৰোমাণ্টিক আকৰ্ষণ আৰু যৌন আকৰ্ষণৰ মাজত পাৰ্থক্য দেখুৱায়, যাৰ ফলত এই দুই প্ৰকাৰৰ আকৰ্ষণ ইটোৰ পৰা সিটো পৃথক হ’ব পাৰে।১২৩

ইতিহাস আৰু পৰিচয়

বিভাজিত আকৰ্ষণক বিবেচনা কৰা অভিমুখিতাৰ প্ৰথম লিপিবদ্ধ ধাৰণা ১৮৭৯ চনত জাৰ্মান ভাষা লেখক কাৰ্ল হাইনৰিখ উলৰিখছে আগবঢ়াইছিল। তেওঁ অ-বিষমকামী আকৰ্ষণৰ ওপৰত ১২খন গ্ৰন্থ প্ৰকাশ কৰিছিল। এই পুথিবোৰত উলৰিখছে আধুনিক LGBTQIA+ পৰিচয়ৰ সৈতে যথেষ্ট মিল থকা কেইবাটাও শ্ৰেণীবিভাজন আগবঢ়াইছিল। তেওঁৰ কামৰ ভিতৰত তেওঁ এনে কিছুমান লোকৰ বৰ্ণনা কৰিছিল যাৰ একে লিংগৰ লোকৰ প্ৰতি কোমল অনুভৱ থাকে, কিন্তু বিপৰীত লিংগৰ লোকৰ প্ৰতি 'প্ৰেমৰ' অনুভৱ থাকে— যাক বৰ্তমানৰ ভাষাত হেটেৰ’ৰোমাণ্টিক সমকামিতা (heteroromantic homosexual) বুলি ক’ব পৰা যায়। অৱশ্যে জটিলতাৰ বাবে উলৰিখছৰ এই আৰ্হিটো সেই সময়ত জনপ্ৰিয় হোৱা নাছিল।৪৫

যৌন আৰু ৰোমাণ্টিক আকৰ্ষণৰ পৃথকীকৰণৰ আন এটা উদাহৰণ ১৯৭৯ চনত মনোবিজ্ঞানী ডৰোথী টেনভৰ গ্ৰন্থ 'লাভ এণ্ড লিমিৰেন্স'ত পোৱা যায়। টেনভে 'লিমিৰেন্স'ক আকৰ্ষণৰ এনে এটা ৰূপ হিচাপে বৰ্ণনা কৰিছিল যাক কাৰোবাৰ প্ৰতি থকা তীব্ৰ মোহ (crush) বুলি ক’ব পাৰি। তেওঁ যৌনতাক ইয়াৰ এটা অংশ হিচাপে দেখিছিল যদিও স্বীকাৰ কৰিছিল যে ই ইয়াৰ মুখ্য কেন্দ্ৰবিন্দু নহয়।৬ "নন-লিমিৰেণ্ট" শব্দটোক কেতিয়াবাহে 'অৰোমাণ্টিক' ধাৰণাটোৰ পূৰ্বসূৰী বুলি গণ্য কৰা হয়।

'বিভাজিত আকৰ্ষণ আৰ্হি'ৰ আধুনিক ধাৰণাটো অযৌন (asexual) আৰু অৰোমাণ্টিক (aromantic) সম্প্ৰদায়ে নিজৰ পৰিচয়সমূহ সঠিকভাৱে বৰ্ণনা কৰিবলৈ উদ্ভাৱন কৰিছিল। এই শব্দটো সম্ভৱতঃ ২০১৫ চনৰ আশে-পাশে সৃষ্টি হৈছিল, যদিও ২০০৫ চনত অৰোমাণ্টিক শব্দটোৰ উৎপত্তিৰ পৰাই বিভাজিত আকৰ্ষণৰ ধাৰণাটো ব্যৱহাৰত আছিল।৭ এই আৰ্হিটোৱে মানুহক বুজাই দিয়াত সহায় কৰে যে তেওঁলোকে কেনেকৈ এটা আকৰ্ষণ অনুভৱ নকৰাকৈ আন এটা আকৰ্ষণৰ নিৰ্দিষ্ট দিশবোৰ অনুভৱ কৰিব পাৰে।

এই আৰ্হিটো ব্যৱহাৰ কৰি মানুহে প্ৰায়ে নিজৰ ৰোমাণ্টিক আৰু যৌন আকৰ্ষণ বুজাবলৈ দুটা শব্দ ব্যৱহাৰ কৰে; যেনে 'অৰোমাণ্টিক অযৌন' (যাক চমুকৈ অৰো-এচ বোলা হয়), 'পানৰোমাণ্টিক ডেমিচেক্সুৱেল' বা 'অৰোমাণ্টিক উভকামী'।১ যাৰ অভিমুখিতা যৌন আৰু ৰোমাণ্টিক— এই উভয় ক্ষেত্ৰতে একে নহয় তেওঁলোকক 'ভেৰিঅ'ৰিয়েণ্টেড' (varioriented) বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এজন হোম’ৰোমাণ্টিক উভকামী (homoromantic bisexual) ব্যক্তি 'ভেৰিঅ'ৰিয়েণ্টেড' হ’ব। আনহাতে যাৰ দুয়োটা আকৰ্ষণ একে তেওঁলোকক 'পেৰিঅ'ৰিয়েণ্টেড' (perioriented) বুলি কোৱা হয়।

গৱেষণা

মাইকেল পেৰামোৱে এক বহুস্তৰীয় আৰ্হিত যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ বাহিৰেও আকৰ্ষণৰ অন্যান্য ৰূপসমূহ অন্তৰ্ভুক্ত কৰাৰ বিষয়ে আলোচনা কৰিছে।
মাইকেল পেৰামোৱে এক বহুস্তৰীয় আৰ্হিত যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ বাহিৰেও আকৰ্ষণৰ অন্যান্য ৰূপসমূহ অন্তৰ্ভুক্ত কৰাৰ বিষয়ে আলোচনা কৰিছে।ছবি: MichaelParamo · CC BY-SA 2.0

ৰোমাণ্টিক অভিমুখিতা আৰু যৌন অভিমুখিতাৰ মাজত যে পাৰ্থক্য আছে, সেই ধাৰণাটোৰ ওপৰত এতিয়ালৈকে ব্যাপক গৱেষণা হোৱা নাই।৮ যৌন অভিমুখিতা আৰু পৰিচয়ৰ ওপৰত গৱেষণা কৰা আমেৰিকান মনোবিজ্ঞানী লিজা এম ডায়মণ্ডৰ মতে, এজন ব্যক্তিৰ ৰোমাণ্টিক অভিমুখিতা তেওঁৰ যৌন আকৰ্ষণতকৈ পৃথক হ’ব পাৰে।৯ যদিও ব্যক্তিসকলৰ মাজত যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ মাজৰ অমিলৰ ওপৰত গৱেষণা সীমিত, তথাপিও আকৰ্ষণৰ ক্ষেত্ৰত থকা তৰলতা (fluidity) আৰু বৈচিত্ৰ্যক ক্ৰমান্বয়ে স্বীকৃতি দিয়া হৈছে।১০১১

মনোবিজ্ঞানী এঞ্জেলা এম চুবাৰ্ট আৰু মাৰ্ক পোপৰ দ্বাৰা সম্পাদিত ২০২২ চনৰ এখন গ্ৰন্থত মাইকেল পেৰামোৰ এটি প্ৰবন্ধৰ উদ্ধৃতি দি কোৱা হৈছে যে— যৌন আৰু ৰোমাণ্টিক আকৰ্ষণৰ বাহিৰেও নান্দনিক (aesthetic), আৱেগিক (emotional), বৌদ্ধিক (intellectual) আৰু সংবেদনশীল (sensual) আকৰ্ষণৰ দৰে অন্যান্য ৰূপসমূহকো আন্তঃব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত বিবেচনা কৰা উচিত। পেৰামোৱে যুক্তি দিছিল যে যেতিয়া আকৰ্ষণৰ বিভিন্ন ৰূপসমূহক কোনো উচ্চ-নীচ ক্ৰমত নাৰাখি সমানে চোৱা হয়, তেতিয়া ই মানুহক তেওঁলোকৰ সম্পৰ্কসমূহ নতুন ধৰণে কল্পনা কৰিবলৈ অনুপ্ৰাণিত কৰে।

২০২২ চনৰ এটা অধ্যয়নত দেখা গৈছে যে যদিও ৰোমাণ্টিক অভিমুখিতা আৰু যৌন অভিমুখিতাৰ মাজত কিছু মিল থাকে, তথাপিও এই দুয়োটা সম্পূৰ্ণ একে নহয়। ইয়াৰ পৰা বুজা যায় যে ৰোমাণ্টিক আৰু যৌন অভিমুখিতাৰ মাজত থকা বিভাজিত আকৰ্ষণৰ অভিজ্ঞতা অযৌন আৰু সযৌন (non-asexual) উভয়ৰে মাজত বিদ্যমান।১১

আৰু চাওক

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ (27 October 2018). explore the spectrum: guide to finding your ace community. glaad.org. GLAAD
  2. ↑ Split Attraction Model. Princeton Gender + Sexuality Resource Center
  3. ↑ Gender and Sexuality Terms. University of Nebraska LGBTQA+ Center
  4. ↑ (2020-04-06). Split Attraction Model (A Guide) · OptimistMinds
  5. ↑ Kennedy, Hubert. (2013-01-11). Karl Heinrich Ulrichs, First Theorist of Homosexuality. Science and Homosexualities. Routledge. পৃ. 33–52. ISBN 978-0-203-39025-2
  6. ↑ (2018-03-12). Case study: Is my current relationship bound to be unfulfilling because it is non-limerent? - Living with Limerence. livingwithlimerence.com
  7. ↑ (2 August 2019). Splitting Attraction: A History of Discussing Orientation
  8. ↑ Bogaert, Anthony F. (9 August 2012). Understanding Asexuality. Rowman & Littlefield Publishers. ISBN 978-1-4422-0099-9
  9. ↑ Diamond, Lisa M. (2003). What does sexual orientation orient? A biobehavioral model distinguishing romantic love and sexual desire.. Psychological Review. পৃ. 173–192
  10. ↑ Lund, Emily M.; Thomas, Katie B.; Sias, Christina M. (21 November 2016). Examining Concordant and Discordant Sexual and Romantic Attraction in American Adults: Implications for Counselors. Journal of LGBT Issues in Counseling. পৃ. 211–226
  11. ↑ Clark, Alyssa N.; Zimmerman, Corinne. (5 April 2022). Concordance Between Romantic Orientations and Sexual Attitudes: Comparing Allosexual and Asexual Adults. Archives of Sexual Behavior. পৃ. 2147–2157

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতাযৌন অভিমুখিতাএলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভাজিত আকৰ্ষণ আৰ্হি” প্ৰবন্ধৰ সংশোধন ৬৩২২২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।