অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যৌন বৈচিত্ৰ্য

যৌন বৈচিত্ৰ্য (ইংৰাজী: Sexual diversity) বা লিংগ আৰু যৌন বৈচিত্ৰ্য (ইংৰাজী: Gender and sexual diversity; চমুকৈ GSD) বুলিলে যৌন বৈশিষ্ট্য, যৌন অভিমুখিতা আৰু লিংগ পৰিচয়ৰ সকলো বৈচিত্ৰ্যক বুজায়। এই বহুত্ব গঠন কৰা প্ৰতিটো পৰিচয়, আচৰণ বা বৈশিষ্ট্যক পৃথকে উল্লেখ নকৰাকৈয়ে এই ধাৰণাটোৱে সকলোকে সামৰি লয়।

হালনাগাদ: ১৮ মাৰ্চ ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

যৌন বৈচিত্ৰ্য (ইংৰাজী ভাষা: Sexual diversity) বা লিংগ আৰু যৌন বৈচিত্ৰ্য (ইংৰাজী ভাষা: Gender and sexual diversity; চমুকৈ GSD) বুলিলে যৌন বৈশিষ্ট্য, যৌন অভিমুখিতা আৰু লিংগ (জৈৱিক) পৰিচয়ৰ সকলো বৈচিত্ৰ্যক বুজায়। এই বহুত্ব গঠন কৰা প্ৰতিটো পৰিচয়, আচৰণ বা বৈশিষ্ট্যক পৃথকে উল্লেখ নকৰাকৈয়ে এই ধাৰণাটোৱে সকলোকে সামৰি লয়।১২৩৪

অৱলোকন

পাশ্চাত্য জগতত সাধাৰণতে যৌন অভিমুখিতা (বিষমকামী, সমকামী আৰু উভকামী), লিংগ পৰিচয় (ৰূপান্তৰিত লিংগ আৰু চিচজেণ্ডাৰ) আৰু সংশ্লিষ্ট সংখ্যালঘুসকলক (আন্তঃলিংগ) বুজাবলৈ সৰল শ্ৰেণীবিভাজন ব্যৱহাৰ কৰা হয়। এইসমূহক LGBTQ বা LGBTQIA+ (লেচবিয়ান, গে’, উভকামী, অযৌন, ৰূপান্তৰিত লিংগ আৰু কেতিয়াবা আন্তঃলিংগ ব্যক্তি) আদি সংক্ষিপ্ত শব্দৰ অধীনত একত্ৰিত কৰা হয়; অৱশ্যে অন্যান্য সংস্কৃতিৰ যৌন আৰু লিংগ ব্যৱস্থা বুজাৰ বেলেগ বেলেগ উপায় আছে।৫৬৭ যোৱা কেইটামান দশকত কিছুমান যৌনতত্ত্ব (sexology) সম্পৰ্কীয় তত্ত্বৰ সৃষ্টি হৈছে, যেনে কিনছে স্কেল আৰু কুইয়াৰ থিয়ৰী। এই তত্ত্বসমূহৰ মতে কেৱল উক্ত শ্ৰেণীবিভাজনসমূহ মানুহৰ আৰু আনকি অন্যান্য প্ৰাণী প্ৰজাতিৰ যৌন জটিলতা বৰ্ণনা কৰিবলৈ যথেষ্ট নহয়।৮

উদাহৰণস্বৰূপে, কিছুমান মানুহে বিষমকামী আৰু উভকামীৰ মাজৰ এক মধ্যৱৰ্তী যৌন অভিমুখিতা (হেটেৰ’ফ্লেক্সিবল) বা সমকামী আৰু উভকামীৰ মাজৰ (হ’ম’ফ্লেক্সিবল) অভিমুখিতা অনুভৱ কৰিব পাৰে। ই সময়ৰ লগে লগে সলনিও হ’ব পাৰে (যৌন তৰলতা), বা কেৱল পুৰুষ আৰু মহিলাৰ প্ৰতিয়েই নহয়, বৰঞ্চ লিংগৰ সমগ্ৰ বৰ্ণালীৰ প্ৰতি থকা আকৰ্ষণকো সামৰি ল’ব পাৰে (সৰ্বকামী)।৯ অৰ্থাৎ উভকামিতাৰ ভিতৰতে এক বিশাল বৈচিত্ৰ্য আৰু পছন্দ থাকে যিবোৰ একচেটিয়া বিষমকামিতাৰ পৰা সম্পূৰ্ণ সমকামতালৈ ভিন্ন হ’ব পাৰে (কিনছে স্কেল)।১০

যৌন বৈচিত্ৰ্যৰ ভিতৰত আন্তঃলিংগ ব্যক্তি অৰ্থাৎ মহিলা আৰু পুৰুষৰ মাজৰ বিবিধ মধ্যৱৰ্তী বৈশিষ্ট্য লৈ জন্ম গ্ৰহণ কৰা লোকসকল অন্তৰ্ভুক্ত।১১ ইয়াৰ উপৰিও ৰূপান্তৰিত লিংগ, লিংগ-তৰল (genderfluid) ব্যক্তি আদিও ইয়াত অন্তৰ্ভুক্ত।১২৯

শেষত, যৌন বৈচিত্ৰ্যৰ ভিতৰত অযৌন ব্যক্তি অৰ্থাৎ যৌন কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ অনুভৱ নকৰা লোকসকল আৰু যিসকলে নিজৰ পৰিচয়ক কোনো নিৰ্দিষ্ট শব্দৰে সংজ্ঞা দিব নোৱাৰে বুলি গণ্য কৰে (যেনে কুইয়াৰ ব্যক্তি) তেওঁলোককো সামৰি লোৱা হয়।

সামাজিকভাৱে যৌন বৈচিত্ৰ্যক মানৱ অধিকাৰৰ পৰিকাঠামোৰ ভিতৰত থাকি ভিন্ন হোৱাৰ স্বত্ব আৰু সমান অধিকাৰ, স্বাধীনতা তথা সুযোগৰ স্বীকৃতি হিচাপে দাবী কৰা হয়। বহু দেশত গৌৰৱ যাত্ৰা বা প্ৰাইড পেৰেডৰ জৰিয়তে যৌন বৈচিত্ৰ্যক প্ৰদৰ্শন কৰা হয়।১৩

তথ্যসূত্ৰ

  1. ↑ Sexual and gender diversity. Rutgers. For sexual and reproductive health and rights
  2. ↑ Diversidade Sexual e a Cidadania LGBT. Governo do Estado de São Paulo. Secretaria da Justiça e da Defesa da Cidadania. 2014
  3. ↑ Meyer, Elizabeth J. (2010). Gender and Sexual Diversity in Schools. Springer Science & Business Media. ISBN 978-90-481-8558-0
  4. ↑ FAQ on health and sexual diversity: The basics. World Health Organization. 2016
  5. ↑ Kalra, G; Gupta, S; Bhugra, D. (2010). Sexual variation in India: A view from the west. Indian J Psychiatry. পৃ. S264–8
  6. ↑ Epprecht, Marc; Nyeck, S. N. (2013). Sexual Diversity in Africa: Politics, Theory, and Citizenship. McGill-Queen's University Press. ISBN 978-07735-4187-0
  7. ↑ Gender diversity in Indonesia: Sexuality, Islam and queer selves. 2010
  8. ↑ (2008). Sexual Diversity in the Animal Kingdom
  9. ↑ Stitt, Alex. (2020). ACT For Gender Identity: The Comprehensive Guide. Jessica Kingsley Publishers. ISBN 978-1785927997
  10. ↑ Beyond Heterosexual, Bisexual, and Homosexual: A Diversity in Sexual Identity Expression. Archives of Sexual Behavior. 2016
  11. ↑ (2010). Un cuerpo, mil sexos: intersexualidades. Topia. ISBN 978-987-1185-42-9
  12. ↑ Theorizing Gender Diversity: Current trans, future directions. University of Huddersfield. 2013
  13. ↑ Pride Weekend events celebrate gender and sexual diversity in Oxford. The Daily Mississippian. 17 may 2017

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতাযৌন অভিমুখিতাএলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌন বৈচিত্ৰ্য” প্ৰবন্ধৰ সংশোধন ৫৯০০৮১ (১৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।