অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুইয়াৰ তত্ত্ব

কুইয়াৰ তত্ত্ব (Queer Theory) হ'ল এটা সমালোচনাত্মক সামাজিক তত্ত্ব। ১৯৯০ ৰ দশকত Poststructuralist অৰ্থাৎ উত্তৰ গঠনবাদী ধাৰাৰ এটা সুঁতি হিচাপে এই তত্ত্বৰ বিকাশ ঘটে। সম্প্ৰতি এই তত্ত্বটোবে জ্ঞান চৰ্চাৰ বিভিন্ন বিভাগত প্ৰভাৱ বিস্তাৰ কৰিছে। কুইয়ৰ তত্ত্বৰ মূল বিষয় হ'ল— ছেক্স, লিংগ আৰু যৌনতা।

হালনাগাদ: ৩ মে’ ২০২৫ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কুইয়াৰ তত্ত্ব (Queer Theory) হ'ল এটা সমালোচনাত্মক সামাজিক তত্ত্ব। ১৯৯০ ৰ দশকত Poststructuralist অৰ্থাৎ উত্তৰ গঠনবাদী ধাৰাৰ এটা সুঁতি হিচাপে এই তত্ত্বৰ বিকাশ ঘটে। সম্প্ৰতি এই তত্ত্বটোবে জ্ঞান চৰ্চাৰ বিভিন্ন বিভাগত প্ৰভাৱ বিস্তাৰ কৰিছে। কুইয়ৰ তত্ত্বৰ মূল বিষয় হ'ল— ছেক্স, লিংগ আৰু যৌনতা।১

কুইয়ৰ তত্ত্বৰ মূলবস্তু হ'ল deconstruction অৰ্থাৎ বিনিৰ্মাণ। কুইয়ৰ তত্ত্বই ছেক্স, লিংগ আৰু যৌনতাৰ বিনিৰ্মাণৰ জৰিয়তে মানুহৰ পৰিচিতিবিলাক কোনো ধৰণে অন্তলীন বা আৱশ্যকীয় বস্তু নহয়, বৰং সিবিলাক সামাজিক নিৰ্মাণহে বুলি কৈছে।১

কুইয়ৰ তত্ত্ব এনে এক অধ্যয়ন যি মানুহৰ লিংগভিত্তিক পৰিচয়ক নতুনকৈ সংজ্ঞায়িত কৰে। কুইয়ৰ সম্প্ৰদায়ৰ লোকসকলো আমাৰ দৰে মানুহ। এওঁলোকো আমাৰ সমাজৰ অবিচ্ছিন্ন অংগ। কুইয়ৰ তত্ত্বই বিভিন্ন লিংগ চেতনাৰ ব্যক্তিৰ মাজত সম-সুবিধা আৰু সম অধিকাৰৰ বিষয়েও আলোচনা কৰে।১

উৎস

কুইয়ৰ (queer) শব্দটো ইংৰাজী শব্দ। সাধাৰণভাবে ইয়াৰ অৰ্থ হৈছে strange, odd, peculiar, unusual, Exentric ইত্যাদি। অৰ্থাৎ তেওঁলোক কিছু বিশেষ বা বিশেষতা সম্পন্ন।২

কুইয়ৰ চেতনাই সেইসকল লোকক প্ৰতিনিধিত্ব কৰে, যিসকল ল'ৰা-ছোৱালী, মতা-মাইকী, নাৰী-পুৰুষৰ সুনিৰ্দিষ্ট বিভাজনটোৰ অৰ্থাৎ এনে যুগ্ম বৈপৰীত্যৰ ধাৰণাটোৰ বাহিৰৰ কোনো শাৰীৰিক চেতনা বা স্থিতিকে 'স্বাভাৱিক' আৰু 'প্ৰাকৃতিক' বুলি ভাবে।৩

সহজ অৰ্থত যদি কোৱা হয় কুইয়ৰ শব্দটো এটা ছাতিৰ নিচিনা। যাৰ তলত বহু সংখ্যক ছেক্স আৰু লিংগতা সোমাই আছে। ইয়াত Lesbian (স্ত্ৰী সমকামী), Gay (পুৰুষ সমকামী), Bisexual (লিংগীয়/উভয়লিংগী), Transgender (ৰূপান্তৰকামী বা তৃতীয় লিংগ), Questioning, Intersex (মধ্যলিংগী), Assexual (অলৈংগিক), Polissexual (বহুলৈংগিক) আদি আছে। অৰ্থাৎ ইয়াত কুইয়ৰ শব্দই LGBTQIAP+ ৰ দৰে প্ৰতিনিধিত্ব কৰে। '+' চিহ্নটোৰে অন্যান্য সকলো লোকক সূচিত কৰে। গতিকে কুইয়ৰ শব্দটো এক ব্যাপক অৰ্থগভীৰ শব্দ। ৰাজনৈতিক তীব্ৰতা সূচিত কৰাৰ কাৰণে ১৯৯০ চনত এই শব্দ প্ৰয়োগ হৈছিল।১

অৰ্থ

L = Lesbian: যিসকল নাৰীয়ে শাৰীৰিক আৰু মানসিকভাবে নিজকে নাৰী বুলি ভাবে আৰু নাৰীৰ প্ৰতি আকৰ্ষিত হয়। তেওঁবিলাক এই সম্প্ৰদায়ৰ অন্তৰ্গত।৪

G = Gay: যিসকল পুৰুষে শাৰীৰিক আৰু মানসিকভাবে নিজকে পুৰুষ বুলিয়েই ভাবে কিন্তু পুৰুষৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকক Gay বা পুৰুষ সমকামী বুলি কোৱা হয়।৪

B = Bisexual: যিসকল পুৰুষ আৰু নাৰী অন্য পুৰুষ আৰু নাৰী দুয়োৰে প্ৰতি আকৰ্ষিত হয় তাকে Bisexual বা উভয়লিংগী বুলি কোৱা হয়।৪

T = Transgender: যদি কোনো ব্যক্তিয়ে জৈবিকভাবে লাভ কৰা লিংগ প্ৰকৃতিৰ লগত সামাজিক আৰু মানসিকভাবে সামঞ্জস্যপূৰ্ণ নহয় তেতিয়া তেওঁ জৈবিকভাবে পুৰুষ হোৱা সত্ত্বেও মানসিক দিশৰ পৰা নাৰী হোৱাৰ প্ৰত্যাশা আৰু আচৰণ ক্ৰিয়াশীল থাকে। এনে অৱস্থাত সেই ব্যক্তিয়ে সামাজিক দিশৰ পৰা পুৰুষ বা নাৰী কোনো এটা বিশেষ পৰিচিতি নাপায়। একেদৰে এজন ব্যক্তি জৈৱিকভাবে নাৰী হ'লেও পুৰুষ হোৱাৰ প্ৰত্যাশা পোষণ কৰে আৰু সেই অনুযায়ী আচৰণো পুৰুষসুলভ হয়। এনেদৰে শৰীৰ বৃত্তীয় আৰু অংগ সংস্থানগত বৈশিষ্ট্য সমন্বিত পুৰুষে যেতিয়া নিজকে নাৰীত্ব প্ৰদৰ্শন কৰিব বিচাৰে অথবা নাৰীয়ে যেতিয়া নিজকে পুৰুষত্ব প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়া তেওঁ ৰূপান্তৰকামী বা Transgender হিচাপে পৰিচয় লাভ কৰে। উচ্চতম ন্যায়্যালয়ৰ আদেশৰ ১৫ এপ্ৰিল, ২০১৫ চনত মানবীয় অধিকাৰ প্ৰদান কৰাৰ হেতু এই সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত লোকসকলক 'থাৰ্ড জেণ্ডাৰ' বা তৃতীয় লিংগ বুলি কোৱা হৈছে।

ট্ৰান্সজেণ্ডাৰ কেইবাপ্ৰকাৰৰো আছে। যেনে ট্ৰান্সছেক্সুয়েল মানে জন্ম লিংগতকৈ অন্য জেণ্ডাৰ আইডেণ্টিটী ৰখা। ট্ৰান্সছেক্সুয়েলসকলে ছেক্স বা জেণ্ডাৰ ৰিয়েছাইনমেন (Sexor Gender Reassignment) প্ৰক্ৰিয়াৰে নাৰী বা পুৰুষলৈ নিজৰ শৰীৰ পৰিৱৰ্তন কৰি লয়। ট্ৰান্সজেণ্ডাৰৰ অন্যান্য প্ৰকাৰসমূহ হ'ল— Drag Queens, Dragkings, Gender Queer, Androynius, Multigendered, Gender nonconforming. Third Gender, Twospirit people আদি। ইয়াৰ কিছুমানে নিজকে সম্পূৰ্ণ নাৰী বা সম্পূৰ্ণ পুৰুষ বুলি নাভাবে অৰ্থাৎ ইয়াৰ মাজত অৱস্থান কৰে। কিছুমানে পুৰুষ আৰু নাৰীৰ পৰা সম্পূৰ্ণ অন্য এক স্থানত অবস্থান কৰে।৪

Q = Questioning: এওঁলোকে নিজৰ যৌন আৰু লিংগ পৰিচয় সন্দৰ্ভত প্ৰশ্নবোধকৰ মাজত অৱস্থান কৰে। অৰ্থাৎ এই সম্প্ৰদায়ৰ লোকসকলে নিজৰ যৌন অভিমুখ বা লিংগ পৰিচয় অন্বেষণ প্ৰক্ৰিয়াতে সন্দেহবোধকৰ মাজত থাকে।৪

I= Intersex: জন্মৰ পৰাই এওঁলোকৰ লিংগ চিনাক্ত কৰিব পৰা নাযায়। এওঁলোকৰ নাৰীৰ অণ্ডাশয় আৰু পুৰুষৰ বৃষণ (Tester) দুয়োটাই আছে। এনেকুৱা মানুহক Intersex বুলি কোৱা হয়।৪

A = Assexual: যাৰ কোনো প্ৰকাৰৰ লৈংগিক ইচ্ছা নাই তেওঁলোকক Assexual শ্ৰেণীত ধৰা হয়।৪

P = Polissexual: যিসকল শাৰীৰিক, মানসিক বা আবেগিকভাবে সকলো মানুহৰ প্ৰতি আকৰ্ষিত হয়। এওঁলোকে লিংগ বা লিংগ পৰিচয়হীনভাবে আন্তঃলিংগ বা non binary বা যিকোনো ঠাইত থকা যিকোনো লোকৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। এইসকল লোক উভয়লিংগীৰ পৰা পৃথক এওঁলোকক Polissexual বা Pansexual শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়।৪

ইয়াৰ উপৰি আৰু অন্যান্য বহুতো লিংগ আৰু যৌনতাক সূচিত কৰা শব্দ নিৰ্মাণ হৈয়েই আছে। সেয়েহে LGBTQIAP+ চিহ্নৰে ইয়াক সূচিত কৰা হৈছে। কুইয়ৰ তত্ত্বই এই সকলো মানুহৰ বিষয়ে অধ্যয়ন কৰে। সহজ অৰ্থত LGBT মানুহৰ অধ্যয়নৰ যোগেদি যি তত্ত্বই মানুহৰ লিংগভিত্তিক পৰিচয়ক নতুনকৈ সংজ্ঞায়িত কৰে, সিয়েই কুইয়ৰ তত্ত্ব।৪

কাৰ্ল হুইটিংটনে কুইয়ৰ শব্দটোৱে নীতিগত বা আধিপত্যশীল চিন্তাধাৰাৰ বিৰুদ্ধে এক প্ৰকাৰৰ অবস্থান৫ বুজাইছে বুলি কৈছে। চেডগ্‌ৱিকৰ মতে কুইয়ৰ শব্দটোৱে সূচায় "... the open mess of possibilities, gaps and overlaps, dissonances and resonances, Lapses and excesses of meaning when the constituent elements of anyone's gender, of anyone's sexualit, aren't made (or can't be made) to signify mondithically"৬

তথ্যসূত্ৰ

  1. ↑ স্বপ্নমজ্যোতি কলিতা | সাম্প্ৰতিক অসমীয়া কবিতাত কুইয়ৰ চেতনা: এক আলোকপাত
  2. ↑ সমপ্ৰেমৰ ৰূপৰেখা, দেৱজিৎ সাহা, বাণী প্ৰকাশঃ ২০২৩
  3. ↑ সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব, জুৰি দত্ত, পূৰ্বায়ন প্ৰকাশ, ২০২২
  4. ↑ স্বপ্নমজ্যোতি কলিতা | অসমীয়া কবিতাত কুইয়ৰ চেতনা (জোনমণি দাসৰ 'সমকামী সূৰ্য' আৰু ময়ুৰী ডেকাৰ 'আন্ধাৰ কোঠালিৰ দুৱাৰ ভাঙি'ৰ আধাৰত)
  5. ↑ Karl Whittington, 'Mediaeval': 'Queer' in the studies in iconography, vol: 33, 2012, pp157-168
  6. ↑ Tendencies, Eve Kosofsky Sedwiek, London: Routledge, 1994

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইয়াৰ তত্ত্ব” প্ৰবন্ধৰ সংশোধন ৫০৫৪১১ (৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।