অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ

দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ (ইংৰাজী: The Five Lesbian Brothers) হৈছে এক আমেৰিকান থিয়েটাৰ কোম্পানী যিয়ে লেচবিয়ান আৰু নাৰীবাদী বিষয়ৰ নাটক আৰু সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকৰ কৰ্মৰাজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো চহৰত প্ৰদৰ্শিত হৈছে আৰু তেওঁলোকে কেইবাটাও উদ্যোগিক বঁটা লাভ কৰিছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ (ইংৰাজী ভাষা: The Five Lesbian Brothers) হৈছে এক আমেৰিকান থিয়েটাৰ কোম্পানী যিয়ে লেচবিয়ান আৰু নাৰীবাদী বিষয়ৰ নাটক আৰু সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকৰ কৰ্মৰাজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো চহৰত প্ৰদৰ্শিত হৈছে আৰু তেওঁলোকে কেইবাটাও উদ্যোগিক বঁটা লাভ কৰিছে। সমালোচকসকলে তেওঁলোকৰ পৰিৱেশন শৈলীক "শিথিলভাৱে গঠিত" আৰু "আশ্চৰ্যজনক" বুলি বৰ্ণনা কৰিছে, যিটো সেই সময়ৰ থিয়েটাৰী পৰম্পৰাতকৈ ধাৰণা আৰু বিষয়বস্তুৰ প্ৰকাশৰ ওপৰতহে বেছি কেন্দ্ৰিত আছিল। তেওঁলোকৰ নাটকসমূহ দলটোৱে একেলগে সৃষ্টি কৰে, যিটো দল ম’ এঞ্জেলোছ, বেবছ ডেভি, ডমিনিক ডিব্বেল, পেগ হীলি আৰু লিজা ক্ৰনৰ দ্বাৰা গঠিত।১

ইতিহাস

দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছৰ আৰম্ভণি হৈছিল ১৯৮০ৰ দশকত। প্ৰথমে তেওঁলোকে মেনহাটানৰ ইষ্ট ভিলেজত থকা ডব্লিউঅ’ডব্লিউ কেফ’ত ব্যংগকাৰী হিচাপে পৰিৱেশন কৰিছিল আৰু তাৰ পিছত তাত ‘ভয়েজ টু লেচবছ’ নামৰ নাটকখন প্ৰযোজনা কৰিছিল। তেওঁলোকৰ পৰৱৰ্তী কামসমূহ আছিল লেচবিয়ান কু-সংস্কাৰৰ ওপৰত আধাৰিত ব্যংগ নাট ‘ব্ৰেভ স্মাইলছ’ আৰু লেচবিয়ান তথা নাৰীবাদীসকলৰ ব্যংগচিত্ৰক লৈ নিৰ্মিত নাটক ‘দ্য চেক্ৰেটাৰীজ’। এই দুয়োখন নাটকেই নিউয়ৰ্ক থিয়েটাৰ ৱৰ্কশ্বপত (NYTW) প্ৰযোজনা কৰা হৈছিল।১ ‘দ্য চেক্ৰেটাৰীজ’ নাটকখন দ্য নিউয়ৰ্ক টাইমছত পৰ্যালোচনা কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে দলটোৱে অধিক স্বীকৃতি লাভ কৰাৰ লগতে নাটকখন সফলভাৱে মঞ্চস্থ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ পৰৱৰ্তী প্ৰযোজনা ‘ব্ৰাইডছ অফ দ্য মুন’ আছিল পূৰ্বৰ তুলনাত অধিক ব্যয়বহুল আৰু ডাঙৰ প্ৰযোজনা, য’ত অধিক উন্নত ছেট আৰু সাজ-পোছাক ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে এই নাটকখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু ইয়াৰ কিছু সময়ৰ পিছতে দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছে পৰিৱেশন বন্ধ কৰি দিয়ে।১

২০০৫ চনত নিউয়ৰ্ক থিয়েটাৰ ৱৰ্কশ্বপৰ দ্বাৰা প্ৰযোজিত ‘ইডিপাছ এট পাম স্প্ৰিংছ’ নাটকৰ জৰিয়তে দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছে পুনৰ অভিনয়লৈ উভতি আহে।২ পূৰ্বৰ নাটকসমূহ কেৱল নাৰীবাদী আৰু লেচবিয়ান বিষয়ত আগ্ৰহী দৰ্শকৰ বাবে নিৰ্মাণ কৰা হৈছিল যদিও ‘ইডিপাছ এট পাম স্প্ৰিংছ’ নিউয়ৰ্কৰ মূলধাৰাৰ মধ্যবিত্ত দৰ্শকৰ মাজতো সফল হোৱা দেখা গৈছিল।১ দলটোৰ ব্যক্তিগত সদস্যসকলে পিছলৈ নিজা কেৰিয়াৰত সফলতা লাভ কৰিছে যদিও ২০০৫ চনৰ পিছত তেওঁলোকে কোম্পানী হিচাপে একেলগে কাম কৰা নাই।৩

প্ৰযোজিত কৰ্মৰাজি

নাটক

  • ব্ৰেভ স্মাইলছ: --এনাদাৰ লেচবিয়ান ট্ৰেজেডী। (২০০০)
  • ব্ৰাইডছ অফ দ্য মুন। (২০০০)
  • ইডিপাছ এট পাম স্প্ৰিংছ। (২০১০)
  • দ্য চেক্ৰেটাৰীজ। (২০০০)
  • ভয়েজ টু লেচবছ। (২০০০)

কিতাপ

  • দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ গাইড টু লাইফ: এ কালেকচন অফ হেল্পফুল হিণ্টছ এণ্ড ফেব্ৰিকেটেড ফেক্টছ ফৰ টুডেজ গে’ গাৰ্ল। (১৯৯৭)

তথ্যসূত্ৰ

  1. ↑ Dolan, Jill. (August 26, 2005). Review of Oedipus at Palm Springs. Journal of Lesbian and Gay Studies. Duke University Press. পৃ. 491–506
  2. ↑ Raymod, Gerard. (July 19, 2005). Five Lesbian Greeks. The Advocate. Regent Media. পৃ. 66
  3. ↑ Hughes, Holly; Tropicana, Carmelita; Dolan, Jill. (2015). Memories of the Revolution. University of Michigan Press. পৃ. 67. ISBN 978-0-472-06863-0

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য ফাইভ লেচবিয়ান ব্ৰাদাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৬৩২৪৩৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।