অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুইয়াৰ পৰ্ণগ্ৰাফী

কুইয়াৰ পৰ্ণগ্ৰাফী (ইংৰাজী: Queer pornography)ত বিভিন্ন লিংগ পৰিচয় আৰু যৌন অভিমুখীতাৰ অভিনয়শিল্পীসকলক একেলগে কাম কৰা আৰু অনন্য ধৰণে ইচ্ছা তথা আনন্দৰ শৈলীসমূহ অন্বেষণ কৰা দেখুওৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৯১ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কুইয়াৰ পৰ্ণগ্ৰাফী (ইংৰাজী ভাষা: Queer pornography)ত বিভিন্ন লিংগ পৰিচয় আৰু যৌন অভিমুখিতাৰ অভিনয়শিল্পীসকলক একেলগে কাম কৰা আৰু অনন্য ধৰণে ইচ্ছা তথা আনন্দৰ শৈলীসমূহ অন্বেষণ কৰা দেখুওৱা হয়। এই পাৰস্পৰিক ক্ৰিয়াসম্মূহে যৌন সমল চিত্ৰিত কৰা আৰু অনুভৱ কৰাৰ পৰম্পৰাগত পদ্ধতিসমূহক প্ৰত্যাহ্বান জনোৱাৰ চেষ্টা কৰে।১ পণ্ডিত ইনগ্ৰিড ৰাইবাৰ্গে তেওঁৰ সংজ্ঞাত কুইয়াৰ পৰ্ণগ্ৰাফিৰ দুটা মুখ্য উদ্দেশ্য অন্তৰ্ভুক্ত কৰিছে— "লিংগ আৰু যৌন শ্ৰেণীসমূহক প্ৰশ্ন কৰা তথা সমস্যাযুক্ত কৰা আৰু যৌন উত্তেজনাৰ লক্ষ্য ৰখা।"২

কুইয়াৰ পৰ্ণই ইয়াৰ অভিনয়শিল্পীসকলৰ যৌন অভিমুখীতা, লিংগ পৰিচয় আৰু ইচ্ছাসমূহৰ প্ৰকৃত প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ কাম কৰে।৩ ই বিপৰীতকামী, গে’ বা লেচবিয়ান পৰ্ণগ্ৰাফীতকৈ পৃথক, কাৰণ কুইয়াৰ পৰ্ণত প্ৰায়ে পৰম্পৰাগত পৰ্ণগ্ৰাফী শ্ৰেণীৰ বাহিৰৰ অভিনয়শিল্পীসকলৰ অংশীদাৰিত্ব দেখা যায়।৩ পণ্ডিত ৰিচাৰ্ড ডায়াৰৰ মতে, গে’ পৰ্ণগ্ৰাফীও বিপৰীতকামী পৰ্ণৰ দৰেই এক পৰিস্থিতিত পৰে য’ত পুৰুষকেন্দ্ৰিক আনন্দৰ চিত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু প্ৰায়ে হোমনৰ্মেটিভ তথা পুৰুষসুলভ শৰীৰ আৰু আচৰণক মহিমান্বিত কৰা হয়। অন্তৰ্ভুক্তিমূলক দেখুৱাবলৈ গে’ পৰ্ণই পাৰ্থক্যসমূহক এক আচহুৱা ৰূপত দাঙি ধৰে।৪ কুইয়াৰ পৰ্ণগ্ৰাফীত অভিনয়শিল্পীৰ শৰীৰসমূহেই ইয়াক পৰ্ণগ্ৰাফীৰ অন্যান্য শ্ৰেণীৰ পৰা পৃথক কৰাৰ মূল কাৰক। উদৰণস্বৰূপে, এখন ডিভিডিত এটা দৃশ্যত এগৰাকী ট্ৰেন্সজেণ্ডাৰ লেচবিয়ানৰ সৈতে এগৰাকী চিচজেণ্ডাৰ ফেম-আইডেণ্টিফাইড কুইয়াৰ মহিলাক দেখা যাব পাৰে, আনহাতে পৰৱৰ্তী দৃশ্যটোত দুজন ট্ৰেন্সজেণ্ডাৰ কুইয়াৰ-আইডেণ্টিফাইড পুৰুষক দেখা যাব পাৰে।৩

এই কুইয়াৰ পৰ্ণগ্ৰাফীৰ শৈলীটো আপেক্ষিকভাৱে নতুন আৰু ইয়াক পিংক এণ্ড হোৱাইট প্ৰডাকচনছ, ট্ৰাবল ফিল্মছ, ৰিয়েল কুইয়াৰ প্ৰডাকচনছ আদিৰ দৰে এডাল্ট ফিল্ম কোম্পানীসমূহে জনপ্ৰিয় তথা বিতৰণ কৰিছে। যদিও পৰ্ণ কেৱল চলচ্চিত্ৰতে সীমাবদ্ধ নহয় আৰু ই বিভিন্ন মাধ্যমত (যেনে লিখিত কুইয়াৰ পৰ্ণগ্ৰাফী) থাকিব পাৰে, বৰ্তমান উৎপাদিত কুইয়াৰ পৰ্ণ বেছিভাগেই ভিডিঅ’ ৰূপত পোৱা যায়।

শ্বাইন লুইছ হিউষ্টন, চেলচী প’ আৰু এপ্ৰিল ফ্লৰেছৰ দৰে কিছুমান প্ৰখ্যাত কুইয়াৰ প্ৰযোজকে পৰ্ণ উদ্যোগৰ ভিতৰত চলি থকা ফিল্মিং পদ্ধতিসমূহক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰে। সাধাৰণতে পৰ্ণ উদ্যোগত প্ৰযোজক আৰু পৰিচালকৰ হাতত প্ৰতিটো দৃশ্য কেনেকৈ পৰিৱেশন কৰা হ’ব, কাৰ কাৰ ছেটত দেখুওৱা হ’ব আৰু জনপ্ৰিয়তাৰ ভিত্তিত অভিনয়শিল্পীৰ দৰমহাৰ পাৰ্থক্য নিৰ্ধাৰণ কৰাৰ দৰে বিষয়ত সৰ্বাধিক নিয়ন্ত্ৰণ থাকে।৫ কুইয়াৰ পৰ্ণগ্ৰাফীয়ে এই পদ্ধতিসমূহৰ বিৰোধিতা কৰে। ইয়াত দৃশ্যসমূহ নিৰ্মাণ কৰোঁতে অভিনয়শিল্পীসকলক সক্ৰিয়ভাৱে জড়িত কৰা হয়, যাৰ ফলত এয়া এক উলম্ব স্তৰীভূত ব্যৱস্থাৰ পৰিৱৰ্তে এক অনুভূতিশীল সহযোগিতা হিচাপে গঢ় লৈ উঠে।৬৭

কুইয়াৰ পৰ্ণতো বীৰ্যপাতক উদযাপন কৰা হয়, কিন্তু ইয়াত কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। মূলধাৰাৰ উদ্যোগৰ দৰে অভিনয়শিল্পীয়ে এনে "মানি শ্বট" প্ৰদান কৰাৰ বাবে কোনো অতিৰিক্ত বিত্তীয় বোনাছ লাভ নকৰে। পৰিচালকসকলে অভিনয়শিল্পীসকলক কেৱল তেতিয়াহে অৰ্গাজম কৰিবলৈ উৎসাহিত কৰে যদিহে অভিনয়শিল্পীজনে তেনে অনুভৱ কৰে। যিহেতু পৰম্পৰাগত পৰ্ণত মানি শ্বটটো কেমেৰাৰ দৃশ্যমানতাৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে ই লিংগৰ বাহ্যিক বীৰ্যপাতক চৰম পৰিণতি হিচাপে দেখুওৱাত গুৰুত্ব দিয়ে। ই পুৰুষকেন্দ্ৰিক দৃষ্টিভংগী আৰু পুৰুষাংগৰ শক্তি তথা আনন্দৰ এক প্ৰতিনিধিত্বমূলক উদাহৰণক প্ৰতিফলিত কৰে।৮ কুইয়াৰ পৰ্ণই এনে লিংগকেন্দ্ৰিক চৰম পৰিণতি আৰু পৰ্ণগ্ৰাফি প্ৰযোজনাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।

কুইয়াৰ পৰ্ণগ্ৰাফীৰ ওপৰত আলোচনা

২০০০ চনৰ পৰাই কুইয়াৰ পৰ্ণগ্ৰাফীয়ে শৈক্ষিক মনোযোগ আকৰ্ষণ কৰি আহিছে।৯১০১১ কুইয়াৰ পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত এটা প্ৰত্যাহ্বান হ’ল যে কুইয়াৰ পৰ্ণ বুলি চিহ্নিত কিছুমান ছবিত এনে কিছুমান দৃশ্য থাকিব পাৰে যিবোৰ যিকোনো বিপৰীতকামী মূলধাৰাৰ পৰ্ণগ্ৰাফিক ছবিৰ অংশ হ’ব পাৰে। ই শিক্ষাবিদ নিলছ ভ্যান ডুৰ্ণৰ ‘পৰ্ণস্ক্ৰিপ্ট’ ধাৰণাটো অনুসৰণ কৰে, যিয়ে বিপৰীতকামী পাৰ্থক্যক কামোদ্দীপক কৰি তোলে আৰু পুৰুষৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়ে।১২ উদাহৰণস্বৰূপে, ৰিয়েল কুইয়াৰ প্ৰডাকচনৰ ‘ফ্লুইড’ ছবিখনৰ এটা দৃশ্যত আধিপত্য আৰু বশ্যতাৰ উপাদানৰ সৈতে তিনিজনীয়া যৌন সম্পৰ্ক (threesome), যোনি আৰু পায়ু পথৰ তীব্ৰ প্ৰৱেশ আৰু পুৰুষৰ বাহ্যিক বীৰ্যপাত দেখুওৱা হৈছে। ছবিখনত পৰ্ণগ্ৰাফিক পৰম্পৰাৰ অনুসৰণ অনুমানযোগ্য আৰু ধাৰাবাহিক। অৱশ্যে, বিষমকামী বা হেটেৰোনৰ্মেটিভ পৰ্ণগ্ৰাফীৰ দৰে দেখা পোৱা কুইয়াৰ পৰ্ণক গভীৰভাৱে পৰীক্ষা কৰিলে বেছিভাগ পৰম্পৰাগত পৰ্ণগ্ৰাফীৰ ভিতৰত থকা লিংগ নিৰ্মাণক উদঙাই দিবলৈ ব্যৱহৃত এক বিশেষ ধৰণৰ পেৰডী বা ব্যংগাত্মক ৰূপ প্ৰকাশ পায়।১৩ এই প্ৰক্ৰিয়াই শিক্ষাবিদ জুডিথ বাটলাৰে তত্ত্ব আগবঢ়োৱা ‘ধ্বংসাত্মক পুনৰাবৃত্তি’ (subversive repetition) আৰ্হিৰ এটা কুইয়াৰ সংস্কৰণ সৃষ্টি কৰে। অনুকৰণৰ জৰিয়তে এনে এক দিশৰ প্ৰতি বিশেষ দৃষ্টি আকৰ্ষণ কৰিলে ইয়াৰ গঠন ভংগ কৰাত সহায় কৰে। গতিকে, কুইয়াৰ পৰ্ণগ্ৰাফীয়ে পৰ্ণগ্ৰাফিক নীতি-নিয়মসমূহক অনুকৰণ কৰিয়েই সেইবোৰক খণ্ডিত কৰিব পাৰে।১১৩

তদুপৰি, কুইয়াৰ পৰ্ণগ্ৰাফীয়ে ট্ৰেন্সজেণ্ডাৰ পুৰুষক চিত্ৰিত কৰাৰ সময়ত লিংগ চিনাক্তকৰণৰ অনুকৰণমূলক প্ৰক্ৰিয়াটো স্পষ্টকৈ প্ৰকাশ কৰে। অন্যান্য ধৰণৰ পৰ্ণগ্ৰাফীত চিত্ৰিত কৰা ট্ৰেন্স মহিলাৰ তুলনাত নাৰীবাদী আৰু কুইয়াৰ পৰ্ণগ্ৰাফীত ট্ৰেন্স পুৰুষসকলক উল্লেখনীয়ভাৱে দেখা পোৱা যায়।১৩

কুইয়াৰ পৰ্ণগ্ৰাফীৰ চলচ্চিত্ৰসমূহে ‘অস্বাভাৱিক’ যৌনতাক অধিক দৃশ্যমান কৰি তোলাৰ লগতে সেইবোৰক স্বাভাৱিককৰণ কৰাৰ প্ৰক্ৰিয়া এটাও আৰম্ভ কৰে। গতিকে, নতুন কোনো ধৰণৰ নীতি-নিয়ম সৃষ্টি হোৱাটো এৰাবলৈ কুইয়াৰ পৰ্ণগ্ৰাফীয়ে নিৰন্তৰভাৱে লিংগ ব্যৱস্থাৰ সীমাত ৰৈ কাম কৰে। উদাহৰণস্বৰূপে, যেতিয়া কুইয়াৰ পৰ্ণগ্ৰাফীত ষ্ট্ৰেপ-অন ডিলড’ দেখা গৈছিল, তেতিয়া দৰ্শকৰ বাবে সেয়া আচল পুৰুষাংগ নে ডিলড’ সেয়া ধৰা পেলোৱাটো কঠিন আছিল, কিন্তু লাহে লাহে এয়া এক সাধাৰণ দৃশ্য হৈ পৰিল। যদিও এই ষ্ট্ৰেপ-অন ডিলড’বোৰে প্ৰথম অৱস্থাত লিংগ আৰু যৌনতাৰ বিষয়ে চিন্তা কৰাৰ নতুন উপায় আগবঢ়াইছিল, কিন্তু সেইবোৰৰ সৰ্বব্যাপী ব্যৱহাৰে তেওঁলোকৰ বৈপ্লৱিক শক্তি হেৰুৱাই পেলোৱাৰ আশংকা সৃষ্টি কৰিছিল।২১৩

পণ্ডিত চাৰাহ শ্বাছচেকে লিখাৰ দৰে, “যদি বিপৰীতকামী পৰ্ণগ্ৰাফীয়ে শ্ৰেণী, বয়স, নৃগোষ্ঠীয়তা, যৌনতা বা লিংগৰ দৰে স্পষ্টকৈ সংজ্ঞায়িত পৰিচয়সমূহৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে কুইয়াৰ চলচ্চিত্ৰসমূহে এই পৰিচয়সমূহৰ অন্তৰালত থকা উচ্চ পৰ্যায়ৰ শৈলীটোক প্ৰকাশ কৰাৰ প্ৰৱণতা দেখুৱায়”।১৩

তথ্যসূত্ৰ

  1. ↑ Koller, Veronika. (2015-01-01). The subversive potential of queer pornography: A systemic-functional analysis of a written online text. Journal of Language and Sexuality. পৃ. 254–271
  2. ↑ Ingrid, Ryberg. (2012-01-01). Imagining Safe Space: The Politics of Queer, Feminist and Lesbian Pornography
  3. ↑ Seise, Cherie. (April 2010). Fucking Utopia: Queer Porn and Queer Liberation. Sprinkle: A Journal of Sexual Diversity Studies. পৃ. 19–29
  4. ↑ Dyer, Richard. (1999). The Columbia Reader: On lesbians and gay men in media, society, and politics. Columbia University Press. পৃ. 479–485
  5. ↑ McKee, Alan. (2016-04-02). Pornography as a creative industry: challenging the exceptionalist approach to pornography. Porn Studies. পৃ. 107–119
  6. ↑ Wright, Cody. (2015-10-20). The underside of the porn industry. Golden Gate Xpress
  7. ↑ Dowling, Dar. (2015-06-18). Shine Louise Houston & Jiz Lee: Crowdfunding Queer Porn Their Way.…. Huffington Post
  8. ↑ Linda, Williams. (1999-04-27). Hard core: power, pleasure, and the "frenzy of the visible". University of California Press. ISBN 978-0520219434
  9. ↑ (14 June 2009). Superfreaky: Queerness, Feminism, and Aesthetics in Queer Pornography · Pink & White Productions. pinkwhite.biz
  10. ↑ Tristan., Taormino. (2013-01-01). The feminist porn book: the politics of producing pleasure. The Feminist Press. ISBN 9781558618183
  11. ↑ Feona., Attwood. (2010-01-01). Porn.com: making sense of online pornography. Peter Lang. ISBN 9781433102073
  12. ↑ van Doorn, Niels. (2010-11-01). Keeping it Real: User-Generated Pornography, Gender Reification, and Visual Pleasure. Convergence. পৃ. 411–430
  13. ↑ Schaschek, Sarah. (2013-12-05). Pornography and seriality: the culture of producing pleasure. Palgrave Macmillan US. ISBN 9781137363121

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিপৰ্ণগ্ৰাফি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইয়াৰ পৰ্ণগ্ৰাফী” প্ৰবন্ধৰ সংশোধন ৬৩১৪৩৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।